গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
দ্য চিক্ৰেটঃ আকৰ্ষণ তত্ব আৰু কিছু চিন্তা
বৃতুল শৰ্মা
মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে বিভিন্ন সময়ত নতুন নতুন দাৰ্শনিক চিন্তাই সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাত তেনে আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হোৱা এটা বিষয় হʼল “আকৰ্ষণ তত্ব”। আকৰ্ষণ তত্বক পৃথিৱীৰ লগত চিনাকী কৰাই দিছিল ৰোন্দা বায়ৰ্ণ(Rhonda Byrne) নামৰ অষ্ট্ৰেলীয়ান লেখিকাই তেখেতৰ “দ্য-চিক্ৰেট(The Secret)” নামৰ কিতাপখনৰ জড়িয়তে।

ৰোন্দা বায়ৰ্ণে জন্মলাভ কৰিছিল অষ্ট্ৰেলীয়াৰ মেলবʼৰ্ণ নামৰ ঠাইত ১৯৪৫ চনত। তেও লেখিকা হোৱাৰ উপৰিও অষ্ট্ৰেলীয়াৰ দূৰদৰ্শনৰ অনুষ্ঠান পৰিচালক হিচাপেও কাম কৰিছিল। দ্য চিক্ৰেট কিতাপখনৰ উপৰিও একে শিৰোনামাতে অষ্ট্ৰেলীয়াৰ দূৰদৰ্শনত এটা অনুষ্ঠান প্ৰচাৰিত হৈছিল আৰু তাৰ বিষয়বস্তুও আছিল “আকৰ্ষণ তত্ব”। এই দূৰদৰ্শন অনুষ্ঠানটোৰো পৰিচালনা বায়ৰ্ণেই কৰিছিল। দূৰদৰ্শন অনুষ্ঠানটো কিতাপখনতকৈ সাতমাহ আগতে প্ৰকাশ পাইছিল। অনুষ্ঠানটোত কেইজনমান চিন্তাবিদৰ মতামত আৰু নিজৰ অভিজ্ঞতাৰ বৰ্ণনাৰ মাজেৰে আকৰ্ষণ তত্ব দৰ্শকক বুজাবলৈ চেষ্টা কৰা হৈছে। অকল চিন্তাবিদ সকলৰ কথোপকথন আৰু সাক্ষাৎকাৰৰ উপৰিও তাত কিছু নাটকীয় দৃশ্য অভিনয়ৰ মাজেৰে কথাবোৰ দৰ্শকৰ বোধগম্য কৰি তুলিব খোজা হৈছে।

“দ্য চিক্ৰেট”ৰ সাফল্যৰ বিষয়ে
মুক্তিৰ লগে লগেই দ্য-চিক্ৰেটে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে। ২০০৬ চনত প্ৰকাশিত দ্য-চিক্ৰেট ২০০৭ চনৰ ভিতৰতে বিশ্বৰ চল্লিশটা ভাষালৈ অনূদিত হয় আৰু বিশ্বজুৰি এক কৌটি নব্বৈ লাখ কপি বিক্ৰি হৈ যায়। দ্য চিক্ৰেটে সাফল্য, সমাদৰ আৰু খ্যাতি লাভ কৰাৰ লগে লগে বায়ৰ্ণো সমগ্ৰ বিশ্বতে খ্যাত হৈ পৰিল। দ্য চিক্ৰেট দূৰদৰ্শন অনুষ্ঠানটোৰ বাজেট আছিল পঁয়ত্ৰিশ লাখ আমেৰিকান দলাৰ। তাৰ বিপৰীত ইয়াৰ উপাৰ্জন হʼল ৬,৫৬,১৭,১০৪ আমেৰিকান দলাৰ যিটো বাজেটতকৈ ঊনৈশগুণে অধিক।

দ্য চিক্ৰেট আৰু আকৰ্ষণ তত্বৰ সাৰমৰ্ম্ম
আগতে কেতিয়াও দ্য চিক্ৰেত কিতাপখনৰ নাম নুশুনা মানুহে প্ৰথম বাৰৰ বাবে ইয়াৰ সাফল্য আৰু জনপ্ৰিয়তাৰ কথা গম পালে নিশ্চয়কৈ জানিবলৈ মন যাব কিতাপ খনত এনেকুৱা কি কথা লিখা আছে যাৰবাবে ই ইমান জনপ্ৰিয় হৈ পৰিল। দ্য-চিক্ৰেটত, আকৰ্ষণ তত্ব কি আৰু ইয়াৰ সহায়েৰে জীৱনত কেনেদৰে সফল হব পাৰি শিকাবলৈ যত্ন কৰা হৈছে। কিতাপখনত দাবী কৰা মতে, আকৰ্ষণ তত্ব হʼল প্ৰকৃতিৰ এটা নিয়ম। সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ড, কিছুমান ধৰা-বন্ধা নিয়মৰ মাজেৰে চলে। তাৰে কিছু সংখ্যক নিয়ম মানুহে আৱিষ্কাৰ কৰিছে। কিন্তু ভালেসংখ্যক আৱিষ্কৃত নোহোৱাকৈও আছে। সেই নিয়মবোৰ প্ৰত্যেকটো অণু পৰমাণুৰ পৰা আৰম্ভ কৰি গ্ৰহ নক্ষত্ৰলৈকে সকলোৰে বাবে একেধৰণে প্ৰযোজ্য। জীৱিত অথবা নিৰ্জীৱ সকলোৰে ওপৰত এই নিয়মবোৰে একেধৰণে ক্ৰিয়া কৰে। এয়া প্ৰকৃতিৰ নিয়ম।

আইজাক নিউটনে আবিস্কাৰ কৰা মাধ্যাকৰ্ষণেই হওক বা আইনষ্টাইনে আবিস্কাৰ কৰা আপেক্ষিকতাবাদেই হওক; এই সকলোবোৰ বিশ্বব্ৰহ্মাণ্ডৰ একো একোটা নিয়ম আৰু তাৰ প্ৰযোজ্যতাত কোনো হীন-ডেঢ়ি নাই। দ্য চিক্ৰেটত উল্লেখ কৰা আকৰ্ষণ তত্বও প্ৰকৃতিৰ তেনেকুৱাই এটা নিয়ম বুলি দাবী কৰা হৈছে। ইয়াক আমি কিছু পৰিমাণে চুম্বকীয় আকৰ্ষণ বা মাধ্যাকৰ্ষণৰ লগত ৰিজাব পাৰো। এই তত্ব মতে আমাৰ মনটোৰে আমি যিহৰে কথা ভাবো তাকেই আমি নিজৰ ফালে আকৰ্ষণ কৰো। আমি যদি ভাল কথা ভাবো, সুখ শান্তি, ঐশ্বৰ্য্যৰ কথা ভাবো তেনেহলে এই সকলোবোৰ আমাৰ ফালে আকৰ্ষিত হব। আনহাতে ঘৃণা, খং ৰাগ বিতৃষ্ণা ইত্যাদিৰ কথা ভাবিলে সেইবোৰেই আমাৰ ফালে আকৰ্ষিত হব। কথাখিনি ভাবিলে খুব আচৰিত লাগে কিন্তু কিতাপখনত এইখিনি কথা ইমান সুন্দৰকৈ লিখা আছে যে পঢ়িলেই প্ৰত্যয় যাবলৈ বাধ্য।

আকৰ্ষণ তত্বৰ বিষয়ে কিতাপখনত লিখা মতে, আকৰ্ষণ তত্বই মানুহৰ অজানিতে সকলো সময়তে কাম কৰি আছে। আমি মনেৰে কোনো এটা বস্তুৰ কথা ভবাৰ লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ মহাজাগতিক শক্তিয়ে সেই বস্তুটো আমালৈ পঠিওৱাৰ যো-জা কৰে। সেই একেটা বস্তুৰ কথা আমি এবাৰ, দুবাৰ বাৰম্বাৰ ভাবি থাকিলে এসময়ত মহাজাগতিক শক্তিৰ সহায়ত সেই বস্তুটো আমাৰ হাতত পৰহি। ইয়াত পৰিস্থিতি ভেদে সময়সীমাৰ তাৰতম্য হব পাৰে। গতিকে এই নিয়মৰ যোগেদি আমি জীৱনত যি বিচাৰো তাকেই পাব পাৰো। সুখ, শান্তি, প্ৰচুৰ ঐশ্বৰ্য্য-বিভূতি, সফলতা, শিক্ষা, মৰম চেনেহ যৌৱন ইত্যাদি ইত্যাদি সকলো। আমি মাত্ৰ বিশ্বব্ৰহ্মাণ্ডৰ মহাজাগতিক শক্তিৰ ওচৰত আমাৰ দৰকাৰখিনি বা আমাৰ আকাংখ্যাবোৰ নিবেদন কৰিব লাগে। তাৰ পিচত মহাজাগতিক শক্তিয়ে আমাৰ অজানিতে বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান সালসলনি ঘটাই আমালৈ সেই বস্তুবোৰ দি পঠিয়াব।

ধৰা হʼল মই শিক্ষা লাভ কৰি নিবনুৱা হৈ বহি আছো। মোক এটা চাকৰি লাগে। চাকৰিও এলা-পেচা নহয়; অতি কমেও বছৰি দহলাখমান টকা দৰমহা পোৱা চাকৰি লাগে। যদি মই আকৰ্ষণ তত্ব ব্যৱহাৰ কৰি চাকৰি এটা হাচিল কৰিব খোজো তেন্তে মোৰ প্ৰথম কাম হʼব বিশ্বব্ৰহ্মাণ্ডৰ মহাজাগতিক শক্তিক জনোৱা, যে “মোক এটা বছৰি দহ লাখ টকা দৰমহা পোৱা চাকৰি লাগে”। বচ তাৰ পিচত আপোনাৰ কৰণীয় হব মাত্ৰ সুবিধাৰ বাবে অপেক্ষাৰত হৈ ৰোৱা আৰু যেতিয়াই আপোনাৰ ওচৰলৈ কোনো সুবিধা আহে, তেতিয়াই অলপো সময় নষ্ট নকৰাকৈ তাক আকোৱালি লোৱা। মহাজাগতিক শক্তিক নিজৰ দৰকাৰখিনি জনোৱাৰ কোনো ধৰা বন্ধা নিয়ম নাই। অকল মনে প্ৰাণে কোনো এটা বস্তু বিচাৰিলেই হʼল। লগতে সেই বস্তুটো হাচিল হোৱাৰ পৰা লাভ কৰিব পৰা সাম্ভাব্য সুখানুভূতিও অনুভৱ কৰিব লাগে। এনে এটা মানসিক স্থিতি গঢ়ি তুলিব লাগে যেন সেই বহু প্ৰত্যাশিত বস্তুটো ইতিমধ্যে আপুনি হাচিল কৰিছেই।

কথাখিনি শুনাত কোনো আধ্যাত্মিক গুৰুৰ ভাষণ যেন লাগিব পাৰে কিন্তু দ্য চিক্ৰেটত ইয়াকেই লিখিছে আৰু তাতকৈয়ো আচৰিত কথা হʼল এই কথাবোৰ সঁচা ঘটনাৰ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা হৈছে । আনকি কিতাপখন প্ৰকাশ পোৱাৰ পিচত বহুতো মানুহে সেইখন পঢ়ি আকৰ্ষণ তত্বক নিজৰ ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰিছে আৰু চমকপ্ৰদ ফলাফল লাভ কৰিছে । অৱশ্যে কিতাপখনত উনুকিয়াই থোৱা মতে, আকৰ্ষণ তত্ব ব্যৱহাৰিক জীৱনত কামত লগাবলৈ হলে কেইটামান কথাত গুৰুত্ব দিব লাগে । সেইকেইটা হʼল –

১) আকৰ্ষণ তত্বই, আমি কোনো বস্তু বিচাৰিছো নে বিচৰা নাই তালৈ সঁহাৰি নজনায়। ই মাত্ৰ বুজি পায় আমাৰ মনটোৰ ভিতৰত কি চলি আছে। উদাহৰণ স্বৰূপে, ধৰা হʼল মই অফিচলৈ গৈ আছো আৰু ৰাষ্টাতে ট্ৰেফিক জামত  পৰি ৰʼব লগা হʼল। ট্ৰেফিক জামৰ প্ৰতি বিতৃষ্ণাই মোৰ মনত ঠাই লৈছে। একে সময়তে অতিপাত গৰমৰ বাবে মোৰ খুব পিয়াহ লাগিছে। গতিকে মোৰ মনত এই মুহূৰ্তত দুটা কথাই চলি আছে। এটা হʼল ট্ৰেফিক জাম আৰু আনটো পানীৰ পিয়াহ। গতিকে মহাজাগতিক শক্তিয়ে দুয়োটা বস্তুকে মোলৈ দি পঠিয়াব।

তাৰমানে মই আৰু বেছি সময় ট্ৰেফিক যামত ৰৈ থাকিম আৰু পিয়াহত চটফটাই থাকিম। ইয়াত মহাজাগতিক শক্তিয়ে মই কোনটো বস্তু “পাব” বিচাৰিছো আৰু কোনটোৰ পৰা “আঁতৰিব” বিচাৰিছো সেইটো বিশ্লেষণ কৰি নাচায়। মাত্ৰ মোৰ মনত যি চলি আছে তাকেই মোলৈ দি পঠিয়াব। সেইগতিকে অকল আকৰ্ষণ তত্ব জনাটোৱেই পৰ্য্যাপ্ত নহয়। ইয়াক ব্যৱহাৰ কৰিবলৈও শিকিব লাগে। মনৰ চিন্তাবোৰ খুব সাৱধানে বাচি লব লাগে। নহলে আকৰ্ষণ তত্বই ওলোটা ফলহে দেখুৱাব।

ওপৰৰ উদাহৰণটোত মোৰ মনটোত ট্ৰেফিক যামৰ সলনি অফিচলৈ গৈ পাই সময়মতে কামত হাত দিয়া কথা ভাবি থাকিলে হয়টো ট্ৰেফিক যাম সোনকালে ভাঙিব পাৰে। আনহাতে মোৰ মনটো বিতৃষ্ণাৰেও ভৰি আছিল। গতিকে গোটেই দিনটো হয়টো মোৰ লগত এনেকুৱা ঘটনা বেছিকৈ ঘটাৰ সম্ভাৱনা অধিক যʼত মোৰ মনটো বিতৃষ্ণাৰেই ভৰি থাকিব। অৰ্থাৎ মই বিতৃষ্ণা আকৰ্ষণ কৰিছো। গতিকে বিতৃষ্ণাৰ সলনি উৎফুল্লিত হৈ ঠাকিলে হয়টো দিনটোৰ বাবেই উৎফুল্লই লগ নেৰে। ইয়াৰ উপৰিও পিয়াহৰ সলনি পানীৰ কথা ভাবিলে হয়টো গাড়ীৰ পৰা ননমাকৈয়ে খোৱাপানী যোগাৰ হৈ যাব পাৰে। অৱশ্যে এয়া এক উদাহৰণহে। যিহেতু আমি কোনো এটা বস্তু বিচৰাৰ পৰা সঁচাকৈ পোৱালৈকে গোটেই প্ৰক্ৰিয়াটোত অলপ সময় লাগে, গতিকে দৈনন্দিন জীৱনত ই সিমান ফলপ্ৰসূ নহব পাৰে। কিন্তু জীৱনৰ চূড়ান্ত লক্ষ্য সিদ্ধিত ই সহায়ক হব বুলি আশা কৰিব পাৰি।

২) আকৰ্ষণ তত্ব ব্যৱহাৰ কৰাৰ আগতে বিশ্বাস কৰিব লাগিব। বিশ্বাস নাথাকিলে আকৰ্ষণ তত্বই একো ফল নেদেখুৱায়। ইয়াৰ কাৰণ হʼল আমি বিচৰা কোনো বস্তু একে দিনাই বা কেইঘন্টামানৰ ভিতৰতে আমাৰ ওচৰত হাজিৰ নহয় । ইয়াত অলপ সময় লাগে। কিমান সময় লাগিব সেইটো নিৰ্ভৰ কৰিব আমাৰ ইচ্ছাৰ প্ৰাবল্য তথা অন্যান্য বহুতো কাৰকৰ ওপৰত। কিন্তু তথাপিও কিছু সময় লাগিবই। কোনো এটা বস্তুৰ কথা ভবাৰ লগে লগে মহাজাগতিক শক্তিয়ে সেই বস্তুটো আমালৈ পঠিয়াবলৈ যো-জা কৰে। কিন্তু অলপ সময় অপেক্ষা কৰাৰ লগে লগে যদি আমাৰ মনত সন্দেহে বাহ লয় তেন্তে সেই সন্দিহান ভাবটোৱেও মহাজাগতিক শক্তিলৈ এটা ঋণাত্মক ইংগিত পঠিয়ায় আৰু মহাজাগতিক শক্তিয়ে সেই বিয়োগাত্মক সংকেতৰ মতে কাম কৰে আৰু বস্তুটো কোনোপধ্যে আমালৈ নাহে। সাধাৰণ উদাহৰণেৰে কবলৈ গʼলে, - ধৰা হʼল মই ৰেষ্টুৰেন্ট এখনত সোমাই ৱেইটাৰ এজনক পৰঠা আৰু চাহৰ অৰ্ডাৰ দিলো। অৰ্ডাৰ পোৱাৰ লগে লগেই ৱেইটাৰজনে যো-জা কৰাত লাগিল। কিন্তু খোৱা বস্তু আহি পোৱাৰ আগতেই মই ৱেইটাৰজনক মাতি আনি আগৰ অৰ্ডাৰটো(পৰঠা আৰু চাহ) নালাগে বুলি কলো। ঠিক তেনেকুৱাই।

৩) স্পষ্টবাদিতা আন এটা খুব দৰকাৰী উপাদান। অকল কোনো এটা বস্তু বিচাৰিলেই নহব। ইয়াক স্পষ্টভাৱে সাংখ্যিক ৰূপত উপস্থাপন কৰিব লাগিব। ওপৰত কৈ অহাৰ দৰে যদি মোক চাকৰি লাগে তেন্তে কেনেকুৱা চাকৰি, কিমান দৰমহাৰ চাকৰি ইত্যাদি স্পষ্টতা থাকিব লাগিব। বহুতেই হয়তো বিচাৰিব পাৰে “মোক সুখ লাগে”। কিন্তু “সুখ”ৰ সংজ্ঞাটো তেনেই আপেক্ষিক। গতিকে অকল “সুখ” লাগে বুলি মনেৰে ভাবিলেই সুখী হৈ নুঠে।

সংক্ষেপে এয়াই আকৰ্ষণ তত্ব আৰু “দ্য চিক্ৰেট” নামৰ বিশ্ববিখ্যাত কিতাপ খনৰ কথা। আকৰ্ষণ তত্ব সঁচা নে মিছা সেয়া পৰীক্ষা কৰি চোৱাৰ কোনো উপায় নাই। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ই আমাৰ মনটোৰ ক্ৰিয়া কলাপৰ লগত জড়িত। গতিকে ইয়াক বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰে প্ৰমাণ কৰি চোৱাৰ উপায় নাই। দ্য চিক্ৰেট নামৰ দূৰদৰ্শন অনুষ্ঠানটোত পিচে আকৰ্ষণ তত্বক এটা সম্পূৰ্ণ বৈজ্ঞানিক ধাৰণা বুলি দাবী কৰা হৈছে এইবুলি - “ ... ... ... It is pure science.”। সঁচাই হওক বা মিছা। কিন্তু কোনো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈয়ে ই অতি কম সময়ৰ ভিতৰতে ইমান বিখ্যাত হৈ পৰাৰ কাৰণ আছে।

আচলতে আমাৰ চাৰিওফালে ঘটি থকা বেচিভাগ ঘটনাতেই আমাৰ একো নিয়ন্ত্ৰণ নাই। আমি অকল নিজৰ কাম কাজ আৰু লগতে আমাৰ চৌপাশৰ পৰিস্থিতিৰ খুব সৰু অংশ এটা কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰো। কিন্তু দিনে নিশাই দেখি থকা ঘটনা প্ৰবাহত এনে বহুতো ঘটনা আমৰ চকুত পৰে যিবোৰ হয়তো আমি বেলেগ ধৰণে হোৱাটো বিচাৰো । কিন্তু মনেৰে বিচাৰোতেই ক্ষান্ত হৈ ৰব লগা হয়; কামে কাজে চৰিতাৰ্থ কৰিব নোৱাৰো । এনেদৰে দিনে প্ৰতিদিনে আমাৰ চৌপাশৰ ঘটনা প্ৰবাহে সকীয়াই দি যায় আমাৰ ক্ষুদ্ৰতাৰ বিষয়ে, আমাৰ অসহায় অৱস্থাৰ বিষয়ে । যুগ যুগ ধৰি চলি থকা এনে মনস্তাত্তিক প্ৰক্ৰিয়াৰ ফলত মানুহৰ অৱচেতন মনত সেই অসহায় প্ৰবৃত্তিটো নিগাজি হৈ বাঁহ বান্ধে । কিন্তু অৱচেতন মনত সদায় চলিয়েই থাকে তাৰ পৰা মুক্তিৰ চেষ্টা আৰু সাম্ভাব্য পৰিকল্পনা । আৰু যেতিয়াই কোনো অৱলম্বনৰ সহায়েৰে সেই অসহায় অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় চকুৰ আগত ভাহি উঠে, সকলোৱে অন্ধ ভাৱে অনুসৰণ সেই উপায়টোক।

আকৰ্ষণ তত্ব তেনেকুৱাই এটা উপায় আৰু সেইবাবেই সহস্ৰ মানুহ ইয়াৰ অনুগামী হৈ পৰে খুব কম সময়ৰ ভিতৰতে। আশাত বন্দী মানৱ জীৱন । যেতিয়াই মানুহে অনন্ত সুখ শান্তি ঐশ্বৰ্য্যৰ চাবিকাঠী ইমান সহজ উপায় হিচাপে হাতৰ মুঠিতে পায় তেতিয়া জীৱনৰ সীমাহীন আশা পূৰণ হোৱাৰ সম্ভাৱনা চকুৰ আগত ভাহি উঠে; তেতিয়া সেই সম্ভাৱনাৰ ফালে ঢাপলি নেমেলাকৈ থকাটো অসম্ভৱ । দ্য-চিক্ৰেটে মানুহক তেনেকুৱাই এটা সপোন দেখুৱায় । তাত দাবী কৰা আকৰ্ষণ তত্ব কিমান প্ৰভাৱশালী বা সঁচাকৈ তেনে কোনো তত্ব আছে নে নাই সেই সকলোবোৰ অনিশ্চয়তা অতিক্ৰম কৰি একবিংশ শতিকাৰ কোটি কৌটি মানুহে প্ৰথম দৰ্শনতেই বিনা প্ৰশ্নে, বিনা দ্বিধাই অনুসৰণ কৰাত লাগিল আকৰ্ষণ তত্বক । এয়াই জীৱনৰ মাদকতা । এয়াই ক্ষুদ্ৰতাৰ পৰা পৰিত্ৰাণ পোৱাৰ হেপাহ ।

আমি মনেৰে যি ভাবো সেয়া হবই । ভাল ভাবিলে ভাল আৰু বেয়া ভাবিলে বেয়া । সেইবাবেই যুগ যুগান্তৰ ধৰি মানুহক সু-চিন্তাৰ প্ৰতি ধাৱিত হবলৈ উপদেশ দি থকা হৈছে । ধনাত্মক চিন্তাই জীৱন সুখময় কৰি তোলে । ই আমাৰ সকলোৰে জ্ঞাত । আকৰ্ষণ তত্বত এইখিনি কথাকেই এটা সূত্ৰ বা তত্বৰ ৰূপত সজাই-পৰাই উপস্থাপন কৰাৰ নিচিনা অনুভৱ হয়।

মোৰ ব্যক্তিগত ধাৰণাঃ
আকৰ্ষণ তত্বৰ কথাখিনি আখৰে আখৰে এটা তত্ব হিচাপে মানি নললেও ইয়াৰ সাৰমৰ্ম্মখিনিৰ সৈতে মই একমত। মই অন্তঃকৰণেৰে বিশ্বাস কৰো যে, মানুহৰ সুখ দুখ ইত্যাদি বাহ্যিক ঘটনাৰ ওপৰত যিমানখিনি নিৰ্ভৰ কৰে নিজৰ মনটোৰ ওপৰত তাতকৈ বহু বেছি পৰিমাণে নিৰ্ভৰ কৰে। মনৰ ভিতৰত ঘৃণা বিতৃষ্ণা ইত্যাদি আবেগ থাকিলে বাহিৰত আমাক ঐশ্বৰ্য্যই যিমানেই আগুৰি নাৰাখক কিয় আমি সুখী হব নোৱাৰো। আমি মনেৰে ধনাত্মক চিন্তা কৰিলে বা সকলো কথাৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী ৰাখিলে ব্যৱহাৰিক জীৱ্নতো সকলো কামৰ ফলাফল আশাপ্ৰদ হব। আনহাতে মনেৰে ঋণাত্মক চিন্তা কৰিলে প্ৰচুৰ সম্ভাৱ্নাময় পৰিস্থিতিয়েও নিৰাশাজনক ফলাফল দেখুওৱাব।

আকৰ্ষণ তত্বও ওপৰোক্ত কথাখিনিৰ লগত সমভাবাপন্ন যেন অনুভৱ হয়। আকৰ্ষণ তত্বই ইয়াতকৈ এখোজ আগুৱাই গৈ ইয়াকো কৈছে যে অকল সুখ, শান্তিয়েই নহয় আনকি ঐশ্বৰ্য্য-বিভূতি, বৈষয়িক সম্পত্তি, সফলতা, শিক্ষা, মৰম চেনেহ যৌৱন ইত্যাদি সকলো বস্তুৱেই আমাৰ মনটোৰ ওপৰতেই নিৰ্ভৰ কৰে। আকাংক্ষা হʼল পাবলৈ ইচ্ছা। আনহাতে বিশ্বাস হʼল আশা কৰা মতে পাম বুলি ভবা মানসিক স্থিতি। গতিকে ইয়াত “আকাংক্ষা” আৰু “বিশ্বাস” এই দুটা উপাদান লগ হৈ ধনাত্মক চিন্তাৰ উদ্ৰেক কৰে। আমি আশা কৰা মতে ঘটনাবোৰ ঘটিব নে নাই সেইটো মহাজাগতিক শক্তিয়ে কৰে নে আন কোনো শক্তিয়ে কৰে সেইটো বিষয়ত সন্দেহৰ অৱকাশ আছে। কিন্তু আশাবাদী মানুহেই যে সফলতাৰ জখলাত সোনকালে উঠে সেয়া দোহাৰাৰ দৰকাৰ নাই।
------------------------- 
লেখকৰ ঠিকনাঃ ধনশিৰী হাউচ, এন-আৰ-এল নগৰাঞ্চল, পোঃ – এন-আৰ-পি কমপ্লেক্স, নুমলীগড়, জিলা - গোলাঘাট, অসম – ৭৮৫৬৯৯, (মোবাইল: ৯৪৩৫১৫৪০৯৫), (ই-মেইল: britul@live.in)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages