পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This


আজিৰ ভাল খবৰবোৰ
১) সেউজীয়া চাহৰ জয়যাত্ৰাৰ পিছত অসমত সম্প্ৰতি 'বেঙুনীয়া চাহ'ৰ ব্যৱসায়িক উৎপাদনৰ সম্ভাৱনা উজ্জল হৈছে। বেঙুনীয়া চাহৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে একমাত্ৰ আফ্ৰিকাৰ দেশ কেনিয়াই। দেহৰ বাবে প্ৰয়োজনীয় 'এন্টি- অক্সিডেণ্ট প্ৰচুৰ মাত্ৰাত আছে এই 'পাৰ্পল- টি'ত। দৃষ্টি শক্তি বৃদ্ধি কৰাৰ লগতে বেঙুনীয়া চাহে দেহৰ কলেষ্ট'ৰল আৰু ডায়েবেটিছ নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে।তাৰো পৰি, সাধাৰণ চাহত থকাৰ দৰে নিচাযুক্ত কেফেইন আৰু কেটেকিনছ কম পৰিমাণে আছে এই 'পাৰপল টি'ত। টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ প্ৰদীপ বৰুৱাই জনোৱা মতে কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ পাহাৰ পোৱা গৈছে বেঙুনীয়া চাহ গছৰ অস্তিত্ব। তেখেতৰ মতে অসমৰ মাটি এই ঔষধীয় বেঙুনীয়া চাহপাত উৎপাদনৰ বাবে উপযোগী। (উৎস- অসমীয়া প্ৰতিদিন) 

২) মুম্বাই বিশ্ববিদ্যালয়ত অনুষ্ঠিত ১০২তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰে যে বৈজ্ঞানিক গৱেষণা আৰু অনুসন্ধানমূলক ক্ষেত্ৰৰ সকলোবোৰ জড়তা দূৰ কৰ হ'ব। তেখেতে লগতে কয় যে কেন্দ্ৰৰ প্ৰত্যেক মন্ত্ৰালয়ে একোজনকৈ বিজ্ঞান আৰু প্ৰযুক্তি বিষয়া নিযুক্তি দিব। প্ৰত্যেক মন্ত্ৰালয়ে নিজ-নিজ বাজেটৰ বাবে আবন্টিত ধনৰ এটা অংশ বিজ্ঞান আৰু প্ৰযুক্তি গৱেষণামূলক কামৰ বাবে ধাৰ্য কৰিব। এই প্ৰক্ৰিয়াটো তদাৰক কৰাই হ'ব বিজ্ঞান আৰু প্ৰযুক্তি বিষয়া গৰাকীৰ মুখ্য কাম। (উৎস- PM Office Bulletin)

৩) অহা ৮ৰ পৰা ১২ জানুৱাৰীলৈ গুৱাহাটীত অনুস্থিত হ'ব ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। প্ৰথম বাৰৰ বাবে জে.এন.ইউ, দিল্লী বিশ্ববিদ্যালয়, আই.আই.টি. কে আদি কৰি দেশৰ শিক্ষানুষ্ঠানৰ পৰা ৫০০০ যুৱক-যুৱতী ভাগ ল'ব এই মহোৎসৱত। (উৎস- সকলোবোৰ কাকত) 

৪) ২০১৫ৰ শেষৰ দিশে চাফ গেমছ অনুস্থিত হ'ব গুৱাহাটীত অহা । ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোনোৱালে জানিবলৈ দিয়া মতে ভাৰতীয় অলিম্পিক সংস্থাই ইতিমধ্যে দক্ষিণ এছীয়া ক্ৰীড়া সমাৰোহখন গুৱাহাটীত অনুস্থিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। আফগানিস্তান, বাংলাদেশ, মালদ্বীপ,নেপাল, ভূটান, শ্ৰীলংকা, পাকিস্তান আৰু ভাৰত। (উৎস- সকলোবোৰ কাকত) 

৫) খুৱ কম সময়তে ৰাজ্যৰ বৌদ্ধিক মহলত চৰ্চিত হৈছে অলিম্পিয়া প্ৰকাশন গোষ্ঠী আৰু ইয়াৰ অতি কম বয়সীয়া স্বত্বাধিকাৰী চিৰঞ্জীৱ শৰ্মা। প্ৰকাশন গোষ্ঠীটোৰ জন্মৰ দুই বছৰৰ ভিতৰতেই ১৭খন ব্যতিক্ৰমী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সপ্তদশ সংখ্যক গ্ৰন্থখনত স্থান পাইছে বুৰঞ্জীৰ গৰ্ভত লুপ্ত হ'বলৈ ধৰা আহোমৰ ৰাজত্বকালৰ সময়ৰে ১৭৭ বিধ বিভিন্ন পুৰণি খেল-ধেমালিৰ ইতিহাস। অলিম্পিয়া প্ৰকাশনৰ ইতিমধ্যে প্ৰকাশিত ১৭খন গ্ৰন্থৰ ভিতৰত ৮খনেই খেল বিষয়ক। (উৎস- অসমীয়া প্ৰতিদিন) 

৬) 'তিছ মাৰ খান' নাটকেৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত শুভাৰম্ভ হৈছে চতুৰ্থ ৰাষ্টীয় শিশু নাট্য সমাৰোহ। গুৱাহাটীস্থিত শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিশিষ্ট নাট্যকাৰ তথা সমাৰোহৰ সভাপতি মাননীয় অৰুণ শৰ্মা দেৱে। (উৎস- অসমীয়া প্ৰতিদিন) 

৭) গোলাঘাট জিলাৰ কমাৰগাওঁৰ আঞ্চলিক সাংবাদিক সংস্থাই ২০১৫ চনৰ বাবে সাহিত্যিক মহেন্দ্ৰ নাথ হাজৰিকা বঁটা কমাৰগাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ বনগাঁও নিবাসী শোভন চন্দ্ৰ শইকীয়াক প্ৰদান কৰে। (উৎস- আমাৰ অসম)

৮) একত্ৰিশজন কিশোৰ-কিশোৰীয়ে ইংৰাজীলৈ অনুবাদ কৰা 'বুঢ়ী আইৰ সাধু' পাঠক সমাজে আদৰি লোৱাৰ পিছত অকণি সাহিত্য সভাই আগন্তুক সাহিত্য সভাৰ কলিয়াবৰ অধিবেশনতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অনবদ্য সৃষ্টি- সাধুকথাৰ পুথি- 'জুনুকা'ৰ ইংৰাজী অনুবাদ পাঠকৰ হাতত তুলি দিব। (উৎস- দৈনিক অসম) 

৯) সৰ্থেবাৰীৰ তীৰ্থ লোচন তামুলী, ধুবুৰীৰ কাছেমা খাতুন আৰু নগাওঁৰ অকনিমাই দেৱীলৈ আগবঢ়োৱা হৈছে অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা সন্মিলনী জ্যেষ্ঠ সতীৰ্থ সন্মান। অহা ৮জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া অধিবেশনত এই সন্মান ৰাজহুৱাভাবে প্ৰদান কৰা হ'ব। (উৎস-আমাৰ অসম) 

১০) মৰাণ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সমাজকৰ্মী বিনোদ ফুকনৰ স্মৃতিত প্ৰৱৰ্তন কৰা সাংবাদিকতা বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছে 'জনসাধাৰণ' কাকতৰ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াই। (উৎস- আমাৰ অসম) 

১১) অসম নাট্য সন্মিলনৰ ৫৩তম অধিৱেশন অধিৱেশনখন ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুস্থিত হ'ব ত্যাগ ক্ষেত্ৰ, উত্তৰ লখিমপুৰত অনুস্থিত হ'ব। উক্ত অধিবেশনতেই সাহিত্য সংস্কৃতিৰ অনুৰাগী তথা দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদ 'ডা৹ তৰণীকান্ত ৰয়' সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সঞ্চালক তথা ভাৰতৰ বিখ্যাত নাট্য পৰিচালক অধ্যাপক ৱামন কেন্দ্ৰেলৈ। উক্ত অধিৱেশনতেই 'মহেন্দ্ৰ বৰঠাকুৰ বঁটা' আগবঢ়োৱা হ'ব বিখ্যাত অভিনেত্ৰী সীমা বিশ্বাসলৈ। উক্ত অনুষ্ঠানতে অসম নাট্য সন্মিলনী বঁটা প্ৰদান কৰা হ'ব ৰত্ন ওজাক, 'ব্ৰজনাথ শৰ্মা বঁটা; দিয়া হ'ব ৰতন লহকৰক আৰু 'মোহন ভাৱৰীয়া বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নাট পৰিচালক ৰমনী বৰ্মনক। (উৎস- আমাৰ অসম)

১২) ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰৰ জীৱনক লৈ বিশ্বৰ প্ৰথমখন উপন্যাস অসমীয়া ভাষাত প্ৰকাশ পালে নীলিম আকাশ কাশ্যপৰ কলমত। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰকাশ পোৱা তেণ্ডুলকাৰৰ আত্মজীৱনীখনে সমগ্ৰ বিশ্বত বিতৰ্কৰ সৃষ্টি কৰিছিল। যোৱাকালি গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত উপন্যাসখন উন্মোচন কৰে অসমৰ জীয়ৰী তথা বিখ্যাত ভোজপুৰী গায়িকা কল্পনা পাটোৱাৰীয়ে। (উৎস- আজিৰ দৈনিক বাতৰি)

১৩) মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘোষণা- অসমত স্থাপন কৰা হ'ব 'ইউনিভাৰ্ছ ষ্টাডিজ ইনষ্টিটিউট'। মহাকাশ তথা জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়ন তথা গৱেষণাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে এই প্ৰতিষ্ঠানটি স্থাপন কৰিব। অসম তথা সমগ্ৰ দেশৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে এই অনুষ্ঠানত মহাকাশ তথা জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা কৰিব পাৰিব। (উৎস- আজিৰ দৈনিক বাতৰি)

১৪) আজি গুৱাহাটীত উন্মোচিত হৈছে "উৎপল-ধনজিত কেলেণ্ডাৰ"ৰ সপ্তম সংস্কৰণৰ। অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মক এই বৰ্ষত ব্যতিক্ৰমী কেলেণ্ডাৰখনে তুলি ধৰিছে। উল্লেখ্য যে, বিগত বৰ্ষত এই কেলেণ্ডাৰত উজলাই তোলা হৈছিল অসমৰ বীৰঙ্গনা তথা ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিয়া বীৰুবালা ৰাভাক। এই প্ৰশসংনীয় প্ৰচেষ্টাৰ আঁৰৰ ব্যক্তি বিশিষ্ট লেখক, সমালোচক, ছবি নিৰ্মাতা উৎপল দত্ত আৰু গ্ৰাফিকচ শিল্পী ধনজিত দাসক ব্যতিক্ৰমী উদ্যমৰ বাবে সচেতন ৰাইজে জনাইছে আন্তৰিক অভিনন্দন।

১৫) নলবাৰীত অনুষ্ঠিত হ’ল “আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্কত সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰ। আলোচনাত অংশগ্ৰহণ কৰি, ৰাইজৰ সহযোগ অবিহনে আৰক্ষীয়ে অপৰাধ দূৰ কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰিলে যুটীয়া আৰক্ষী আয়ুক্ত এন এফ হকে।

                                                                                আজিৰ সংখ্যাৰ ভাল খবৰ যুগুতালেঃ ৰূপাংকৰ চৌধুৰীয়ে।

No comments:

Post a Comment