পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. নৱবৰ্ষৰ প্ৰথম দিনটোতে সম্প্ৰীতি আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰি সংঘৰ্ষপীড়িত আশ্ৰয় শিবিৰৰ ৰোগাক্ৰান্ত আদিবাসী মহিলাক বড়ো যুৱকে ৰক্তদান কৰাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাত স্থান। কালি ডিৱাই-৩৬৫ চেনেলৰ সৌজন্যত সাংবাদিক আৰু শিল্পীৰ দলেও গৈ শিবিৰ সমূহত সম্প্ৰীতিৰ গীত পৰিবেশন কৰে। বিভিন্ন সামাজিক সংগঠন, সংবাদ গোষ্ঠী আদিয়েও শিবিৰ সমূহত সাহাৰ্য সামগ্ৰী বিতৰণৰ কাম অব্যাহত ৰাখিছে।

২. অহা বছৰত ৬৫হাজাৰ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি নৱবৰ্ষৰ উপহাৰ ৰূপে প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। নতুন নতুন আঁচনিৰ কথা কোৱাৰ উপৰিও প্ৰতিখন জিলাতে দুগৰাকীকৈ উপায়ুক্ত নিযুক্তি দিয়াৰ লগতে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয় সমূহক মিনি সচিবালয়ৰ ৰূপত গঢ়ি তোলা হব বুলিও তেখেতে ঘোষণা কৰে। অহা ফেব্ৰুৱাৰী মাহৰ পৰা ২৫০০ সেৱা কেন্দ্ৰ স্থাপন কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কামো জোৰদাৰ কৰি তোলা হব বুলি মুখ্যমন্ত্ৰীয়ে কইনাধৰাত অনুষ্ঠিত এখন সংবাদমেলত সদৰী কৰে।

৩. দিচাংমুখৰ প্ৰকৃতিৰ মনোমোহা পৰিবেশত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দিচাং ব্ৰহ্মপুত্ৰ উসৱ। গুৱাহাটীত জীৱন ইনিচিয়েটিভৰ উদ্যোগত লুইতৰ বালিচৰত অনুষ্ঠিত হৈছে জীৱন চিলা উসৱ। গুৱাহাটীৰ নিকটবৰ্তী ৰজাপাৰস্থ চান্দডুবিটো চান্দডুবি মহোসৱ চলি থকা বুলি জানিব পৰা গৈছে।

৪. মিছামাৰী, জীয়াভৰলী আশ্ৰয় শিবিৰৰ পৰা প্ৰায় ১৬০০টা পৰিয়াল নিজ নিজ গাঁৱলৈ উভতি যোৱাৰ সুখবৰ প্ৰকাশ পাইছে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকায়ো নিজৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত শান্তি-সম্প্ৰীতি স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছে তথা ৰাইজৰ কাষত থিয় দিয়াৰ বাতৰি পোৱা গৈছে। শেহতীয়া নৰ-সংহাৰ আৰু সংঘৰ্ষৰ দুৰ্গত সকলক প্ৰয়োজনীয় ন্যায়িক সাহাৰ্য প্ৰদান কৰিব বুলিও অসম ৰাজ্যিক আইন সেৱাই ঘোষণা কৰিছে।

৫. গুৱাহাটীৰ পানবজাৰস্থিত আৰক্ষী নিৱেশত আয়োজিত এক অনুষ্ঠানত কালি গুৱাহাটী আৰক্ষী আয়ুক্তালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। জ্যেষ্ঠ আৰক্ষী বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে প্ৰথমজনা আয়ুক্ত ৰূপে কালি দ্বায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ বৰ্ধিত জনসংখ্যা আৰু অপৰাধমূলক ঘটনালৈ চাই তিনিখন আৰক্ষী জিলাৰ জৰিয়তে পুলিচ প্ৰশাসন চলোৱাৰ ব্যৱস্থা কালিৰে পৰা কাৰ্যকৰী কৰা হৈছে।

৬. কেন্দ্ৰীয় পুঁজিৰ সদব্যৱহাৰৰ লক্ষ্যৰে অনাগত বৰ্ষত অসমৰ জলসম্পদ বিভাগে কেইবাটাও বৃহ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। ব্ৰহ্মপুত্ৰ, ৰঙানদী, ডিক্ৰং. চিমেন আদি নদীৰ মাথাউৰি নিৰ্মাণৰ কাম অত্যাধুনিক প্ৰযুক্তিৰে কৰা হব আৰু জানুৱাৰী মাহৰ পৰাই কামৰ আবণ্টন দিয়া হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৭. অসম লেখিকা সমাৰোহ সমিতি আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যোৱা ২৮ ডিচেম্বৰত কটন কলেজৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত গোৱালপৰীয়া লোকগীত বিষয়ত সাহিত্য অকাডেমিৰ এখনি মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়। গংগা শংকৰ পাণ্ডেই সঞ্চালনা কৰা প্ৰথম অধিবেশনত সমল ব্যক্তিৰূপে অমিতাভ ৰঞ্জন কানু, প্ৰতিমা নিয়োগী আৰু উপেন ৰাভা হাচাকামে অংশ লয়। বিনীতা দত্তৰ সঞ্চালনাত হোৱা দ্বিতীয় অধিবেশনত অনিল শইকীয়া আৰু গীতা সৰকাৰে অংশ লয়। আলোচনাচক্ৰই গোৱালপৰীয়া লোকগীতৰ ক্ষেত্ৰলৈ প্ৰতিমা পাণ্ডে বৰুৱাৰ অৰিহণাক শ্ৰদ্ধাৰো সোঁৱৰে।

৮. প্ৰবীণ নাট্যকাৰ কৰুণা ডেকা আৰু যুৱ নাট্যকাৰ তথা আকাশবাণীৰ প্ৰচাৰণ কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসলৈ আগবঢ়োৱা হৈছে ২০১৪ বৰ্ষৰ বসন্ত শইকীয়া নাট্য বঁটা। বসন্ত শইকীয়া ন্যাসে এই বঁটা প্ৰতি দুবছৰৰ মূৰে মূৰে ৰাজ্যৰ দক্ষ নাট্যকাৰলৈ এই বঁটা আগবঢ়াব। এই বৰ্ষৰ বঁটা অহা ৮জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত অনুষ্ঠানত প্ৰদান কৰা হব।

৯. লখিমপুৰৰ নতুন সুৰ প্ৰকাশনে এই বৰ্ষৰ “সাহিত্যজ্যোতি বঁটা” কবি নীলিম কুমাৰলৈ আগবঢ়াইছে। নৱ-প্ৰজন্মৰ লেখকলৈ আগবঢ়োৱা “কথা বৈভৱ বঁটা” আগবঢ়োৱা হৈছে লেখক, সমালোচক ডঃ অৰবিন্দ ৰাজখোৱালৈ। অহা এপ্ৰিল মাহত এই বঁটা সমূহ প্ৰদান কৰা হব।

১০. এই নতুন বছৰত ভাৰতত থকা কোম্পানী সমূহত প্ৰায় দহ লাখ নতুন চাকৰি সৃষ্টিৰ সম্ভাৱনা প্ৰকাশ পাইছে। এই বৰ্ষত বেতন বৃদ্ধিৰ হাৰো চল্লিশ শতাংশ পৰ্যন্ত হব পাৰে বুলি এটা নিয়োগ বিষয়ক ৱেবচাইটৰ সমীক্ষাত প্ৰকাশ পাইছে। এইবৰ্ষটোত তথ্য-প্ৰযুক্তিৰ বজাৰখন ১২.৩ শতাংশ বৃদ্ধি পাই ১.৭লাখ কোটি টকাত উপনীত হব বুলিও আশাপ্ৰদ সম্ভাৱনা প্ৰকাশ পাইছে।

No comments:

Post a Comment