মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনে বিচৰা পৰিৱৰ্তনবোৰ
মানসী গোস্বামী

এটা বছৰ শেষ হৈ নতুন এটাত ভৰি থোৱাটোৱে মোক খুউৱ অধিক উদ্বেলিত এইকাৰণেই নকৰে যে সময়ৰ স’তে যেতিয়ালৈকে আমাৰ মানসিকতা তথা সামগ্ৰিক সমাজব্যৱস্থাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈ বছৰৰ অহা-যোৱাবোৰ কেৱল এক গতানুগতিক প্ৰক্ৰিয়া হৈয়ে ৰ’ব । বছৰৰ পাছত বছৰ আমাৰ দেশ আৰু ৰাজ্যত অন্যায়, দূৰ্নীতি, হত্যা-হিংসা-সাম্প্ৰদায়িকতা, সন্ত্ৰাস, ধৰ্ষণ এইবোৰ বাঢ়ি আছে, যিবোৰে মোক সততে অস্থিৰ কৰি ৰাখে। 

গতিকে ২০১৫ত ৰাজ্য তথা দেশত মই আশা কৰা পৰিৱৰ্তনবোৰৰ কেইটামান হ’ল – মানুহৰ মাজৰ পৰা অজ্ঞানতা-অন্ধবিশ্বাস-কুসংস্কাৰৰ কৰাল সম্পূৰ্ণকৈ নহ’লেও অধিকাংশ আঁতৰ হওক, ডাইনী সন্দেহত কৰা হত্যা বা নিৰ্যাতনৰ ঘটনা এইটো বছৰত এটাও নহওক, অন্ধবিশ্বাসক বিজ্ঞানৰ নামত বিক্ৰী কৰাৰ সকলো কাৰচাজি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হওক ; দেশৰ চুকে-কোণে থকা প্ৰতিটো শিশুৱে পেট ভৰাই দুসাজ আহাৰ ভালদৰে খাবলৈ পোৱাৰ বাবে দেশৰ চৰকাৰে এক কাৰ্যকৰী ব্যৱস্থা নিশ্চিত কৰক ; দূৰ্নীতিৰ নিৰ্মূলকৰণৰ বাবে ফলপ্ৰসূ তথা সক্ষম এক ব্যৱস্থাৰ দৃঢ় ৰূপায়ন হওক, ধৰ্ষণৰ দৰে অমানৱীয় অপৰাধৰ অপৰাধীৰ শাস্তিৰ প্ৰক্ৰিয়া দ্ৰুত আৰু কোনো সুৰুঙাহীন হওক; প্ৰাকৃতিক সম্পদৰ ব্যক্তিগতকৰণ তথা ব্যৱসায়িক অপব্যৱহাৰৰ ঠাইত সুপৰিকল্পিত পৰিচালনাৰ ব্যৱস্থা হওক, ৰাজনীতি-বিপ্লৱৰ নামত নিৰীহ মানুহৰ আলাই-আথানি, ধন-জন হানি হোৱাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহওক, বিপ্লৱ-প্ৰতিবাদৰ নামত চলা নৈৰাজ্যৰ অৱসান হওক। সৰ্বোপৰি সমাজৰ সকলো লোকে সমান ভাৱে নিজা অধিকাৰবোৰ লাভ কৰাৰ বাট মুকলি হওক।

অন্যহাতে ব্যক্তিগত পৰিকল্পনা বুলিবলৈ হ’লে – শিশু-কিশোৰৰ উপযোগীকৈ দুখন বিজ্ঞান তথা পৰিৱেশ বিষয়ক কিতাপৰ কাম আৰম্ভ কৰিছিলোঁ ২০১৪ চনত, সেই দুখন বাস্তৱায়িত কৰাৰ পৰিকল্পনা আছে। লগতে শিশু-কিশোৰৰ মাজত বিজ্ঞান শিক্ষাৰ বহুল প্ৰসাৰৰ বাবে ব্যক্তিগত পৰ্য্যায়ত, নিজা অঞ্চলত হ’লেও কৰি থকা চালুকীয়া কামখিনি অধিক বহল কৰাৰ পৰিকল্পনা আছে। তদুপৰি বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে লিখা-মেলাৰ কামখিনি অধিক কৰি তোলাৰ লগতে ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ প্ৰাদূৰ্ভাৱ থকা অঞ্চলত বিভিন্ন আলোচনা-নাটক আদিৰ মাধ্যমেৰে সজাগতা বঢ়োৱাৰ এক প্ৰচেষ্টা আৰম্ভ কৰাৰ মন আছে; কাৰোবাৰ সহযোগ পালে সেইটো কাম হাতত ল’ম ।

---------------------
লেখিকা বৰ্তমান অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদত প্ৰকল্প বিজ্ঞানী হিচাপে কৰ্মৰত। কৰ্মসূত্ৰে শিশু-কিশোৰৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত নিয়োজিত হৈ থকাৰ লগতে পৰিৱেশ তথা বিজ্ঞান বিষয়ক লিখা-মেলাৰ কামত জড়িত । লেখিকাই বিগত সংখ্যাৰ www.xahitya.org ৰ সম্পাদনাৰ গুৰু-দ্বায়িত্বও সফলতাৰে পালন কৰিছে।

No comments:

Post a Comment