ৰাজনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতি

ৰাজনীতি

Share This
বাওঁপন্থী বতৰাঃ ক'লা ধন, দ্বৈত ভাবুকি ইত্যাদি
(১)
ক’লা ধনৰ প্ৰসংগত
ভুৱা প্ৰতিশ্ৰুতি আৰু মিছা সপোন বিক্ৰী কি শাসনলৈ অহা বুলি নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি(চিপিএম) দলৰ মুখপত্ৰ “পিপলচ ডেমক্ৰেচী”য়ে।

এই মুখপত্ৰই মোদী চৰকাৰে বিদেশৰ পৰা ক’লা ধন উভতাই আনি সঁচাকৈ দেশৰ মানুহৰ কল্যাণ সাধন কৰিব বুলি বিক্ৰী কৰা সপোনটোকো লৈ প্ৰশ্ন তুলিছে। যিখন উচ্চতম ন্যায়ালয়ে যোৱা পাঁচটা বছৰ ধৰি বিদেশত ক’লাধন বিষয়ক বিভিন্ন গোচৰৰ শুনানি গ্ৰহণ কৰি আহিছে, সেই ন্যায়ালয়ে এই বিষয়টোত অধিক তথ্য জমা দিবলৈ দিয়া বিষয়টোত মাত্ৰ তিনিটা নাম উল্লেখ কৰাৰ কথাই তেওঁলোকৰ আচল মানসিকতা প্ৰকাশ কৰা বুলিও উল্লেখ কৰিছে। ইউ.পি.এ-২ চৰকাৰে ৰাজহুৱা কৰা সেই একে তিনিটা নামকে দাখিল কৰি এই সপোন বিক্ৰী কৰা নতুন চৰকাৰে কি দৰ্শাবলৈ বিচাৰিছে বুলিও প্ৰশ্ন তুলিছে।

পাছত প্ৰকাশ কৰা আন আন একাউণ্ট থকা লোকসকলৰ তালিকালৈ আঙুলিয়াই দিও মুখপত্ৰখনৰ সম্পাদকীয়ত বচা বচা মানুহক বিষয়টোত সুৰক্ষা দিবৰ বাবেহে কচৰত আৰম্ভ কৰা বুলিও চৰকাৰখনক সমালোচনা কৰিছে। তেখেতলোকৰ বৰ্তমানৰ পদক্ষেপবোৰ নিৰ্বাচনৰ সময়ত দিয়া উচ্চ উচ্চ প্ৰতিশ্ৰুতিৰ তুলনাত তেনেই নগন্য আৰু ইয়েই তেখেতসকলৰ আচল মনসাক উজ্বলাই তোলা বুলিও আঙুলিয়াই দিছে।
(২) 
অত্যাধিক বিকাশৰ সপোন 
“পিপলচ ডেমক্ৰেচী”ৰ এই শেহতীয়া সম্পাদকীয়ত “ইউপিএ চৰকাৰৰ পৰা উপহাৰ-প্ৰাপ্ত নিঅ’লিবাৰেল অৰ্থনৈতিক নীতিকে” সাৰোগত কৰি বিশেষ অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাট বুলিবলৈ লোৱা পদক্ষেপক সমালোচনা কৰা দেখা গৈছে। যি সমূহ অৰ্থনৈতিক নীতিৰে মনমোহন সিঙে বিকাশৰ যুগলৈ দেশ ঢাপলি মেলিবলৈ যোৱা বুলি ইউপিএ-১ত প্ৰচাৰ চলাইছিল, সেই একে অৰ্থনৈতিক নীতিৰ ফলতেই দেশৰ অৰ্থনীতিয়ে শোচনীয় অৱস্থালৈ পৰ্যবসিত হব লগাত পৰিল। অথচ এতিয়া একে নীতিসমূহকে সাৰোগত কৰি এই নতুন চৰকাৰে অত্যাধিক বিকাশৰ সপোন দেখুৱাইছে। 

দুয়োৰে মাজত এটাই পাৰ্থক্য যে ইউপিএ-১ত বাওঁদল সমূহে আমেৰিকাৰ সৈতে নিউক্লীয়াৰ চুক্তিৰ বিৰোধিতা কৰি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত মনমোহন সিঙ চৰকাৰে নব্য-উপনিবেশবাদী অৰ্থনৈতিক নীতিৰ অশ্বমেধ ঘোঁৰা দৌৰাইছিল আৰু তাৰ নীতিগত আৰু সম্পদগত সমৰ্থন দি ইণ্ডিয়া ইংক বা ভাৰতীয় কৰ্পৰেট হাউছ সমূহে এই যজ্ঞত ঘিঁউ ঢালিছিল। আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে যি সুউচ্চ সপোন বিক্ৰী কৰিছে তাত ইণ্টাৰনেশ্বনেল ফাইনেন্স কেপিটেলৰ হাইপাৰএক্টিভ বা সুসক্ৰিয় অংশগ্ৰহণে ক্ৰিয়া কৰি আছে। 

এই সম্পাদকীয়ই নৰেন্দ্ৰ মোদীয়ে ভাৰতত অনুষ্ঠিত হোৱা যি কোনো গুৰুত্বপূৰ্ণ পৰিঘটনাৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই নিবলৈ চেষ্টা চলাই সক্ষম হোৱা বুলিও উল্লেখ কৰিছে। এই সন্দৰ্ভত জৱাহৰ লাল নেহৰুৰ ১২৫ বছৰীয়া জন্মদিনত বিজ্ঞান ভৱনত হোৱা বিশাল অনুষ্ঠানটিক মেডিয়াই প্ৰয়োজনীয় বাদ দিয়ক, এধানিমানো গুৰুত্ব দিয়াৰ সলনি চিডনীত প্ৰবাসী ভাৰতীয় সকলৰ সমুখত মোদীৰ ভাষণৰ লাইভ-কভাৰেজ দি জনচক্ষুৰ পৰা নেহৰুৰ জন্মদিন উদযাপনক প্ৰায় অন্ধকাৰত ৰখাৰ ব্যৱস্থা কৰিলে। বিগত লোকসভা নিৰ্বাচনতো সাতটা পৰ্যায়ত হোৱা ভোট গ্ৰহণৰ সময়ত নিৰ্বাচনৰ ভোটগ্ৰহণ নোহোৱা ৰাজ্যৰ পৰা বিশাল ৰেলী তথা ভাষণৰ লাইভ কভাৰেজ মেনেজ কৰিও আন ৰাজ্যৰ ভোটাৰক প্ৰভাৱিত কৰাৰ ঘটনা সংঘটিত হ’ল, যিটো “নিৰ্বাচনী বিধিৰ উলংঘন”ৰ দৰেই বুলিও সম্পাদকীয়টোৱে আঙুলিয়াই দিছে।

বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ধৰ্মীয় ভাৱাবেগৰ সৃষ্টিৰে মেৰুকৰণৰ ৰাজনীতি কৰাৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি গোটেই দেশতে বিঘ্নিত হোৱাৰ সম্ভাৱনাৰ কথাও সম্পাদকীয়টোৱে প্ৰকাশ কৰিছে। সচেতন, শক্তিশালী জন-জাগৰণৰ জৰিয়তে এনে প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈকো দেশৰ জনগণক আহ্বান জনাইছে। 
(৩) 
বাওঁপন্থী সকল ঐক্যবদ্ধ হওক 
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চিপিআই) দলৰ মুখপত্ৰ নিউ-এজে চাৰিটা বাওঁদলক ঐক্যবদ্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথা প্ৰকাশ কৰিছে। দেশৰ কেন্দ্ৰত বিজেপিৰ নেতৃত্বত থকা এনডিএ চৰকাৰ আৰু সাম্প্ৰতিকভাৱে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা ৰাজ্যৰ শাসনো গেৰুৱা দলৰ হাতলৈ যোৱাৰ পাছত এতিয়া গোটেই দেশৰ ৰাজনীতিয়েই সোঁপন্থীৰ দিশে ঢাল খোৱাৰ এক শংকা ব্যক্ত কৰিছে। লগতে অৰ্থনৈতিক নীতি সমূহ যি দিশে ঢাল খোৱাৰ লক্ষণ দেখা গৈছে সিও শংকাৰ সৃষ্টি কৰিছে। এই নিৰ্বাচন মাত্ৰ এটা দলৰ পৰা আন এটা দলৰ সমষ্টিৰ হাতলৈ ক্ষমতা হস্তান্তৰণৰ প্ৰক্ৰিয়া নাছিল। অৰ্থনৈতিক নীতি আৰু ৰাজনীতিৰ অশুভ দিশ সলনিৰ এক মৌলিক পৰিবৰ্তনো ই কঢ়িয়াই আনিছে বুলি মুখপত্ৰখনে আঙুলিয়াই দিছে। 

এই নতুন চৰকাৰ কৰ্পৰেট কেপিটেল আৰু সোঁপন্থী ৰাজনীতি ও দৰ্শনৰ এক সংমিশ্ৰণ বুলিও আখ্যা দিছে। এই চৰকাৰৰ নব্য-উপনিবেশমূলক নীতিয়ে ভাৰতীয় অৰ্থনীতিৰ প্ৰভূত ক্ষতি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে। আৰু খাটি খোৱা মানুহৰ কল্যাণৰ সলনি তেওঁলোকৰ স্বাৰ্থৰ পৰিপন্থী স্থিতিহে এই চৰকাৰে গ্ৰহণ কৰাক লৈও চিন্তা প্ৰকাশ কৰিছে। এনে প্ৰেক্ষাপটত বাওঁপন্থী শক্তিসমূহ একত্ৰ হৈ শক্তিশালী ৰূপত নিজৰ ভূমিকা পালন কৰাৰ সময় আহিল বুলিও উল্লেখ কৰিছে। বাওঁপন্থীসকল দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা আৰু ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত সদায়েই সন্দেহৰ উৰ্ধত বুলিও প্ৰকাশ কৰিছে। আৰু বাওঁপন্থী সকলেই প্ৰকৃত ধৰ্মনিৰপেক্ষ শক্তি হিচাবে ভাৰতীয় জনসাধাৰণৰ মনত থকা  পৰিচয় ও বিশ্বাসক উজ্বলাই তুলিছে। 
(৪) 
সৃষ্টি হোৱা ভাবুকিসমূহ 
চিপিআইৰ মুখপত্ৰ “নিউ-এজ”ৰ শেহতীয়া সংখ্যাত বিভংগন হোৱা “জনতা পৰিবাৰে” দেশৰ সকলো পৰিস্থিতি “সংঘ পৰিবাৰ”ৰ দল সমূহক বাদ দি বাকী সকলো শক্তি বা দল একত্ৰিত হলেই সমাধান হৈ পৰিব ধৰণৰ এক নতুন প্ৰচাৰ চলাবলৈ কৰা প্ৰচেষ্টাক সমালোচনা কৰিছে। দেশত চলি থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ইমান সহজ আৰু সৰলীকৃত সমাধান সম্ভৱ নহয় বুলিও এই সম্পাদকীয়ই মত প্ৰকাশ কৰিছে।

মোদী চৰকাৰ “কৰ্পৰেট কেপিটেল, সাম্প্ৰদায়িকতা আৰু সংঘ পৰিবাৰৰ সোঁপন্থী ৰাজনীতি” সৃষ্ট এখন চৰকাৰ বুলি অভিহিত কৰি দেশৰ এই সমস্যাক এক যঁজা সমস্যা আৰু এটাক এৰি আনটোৰ সমাধানৰ কথা ভাবিব নোৱাৰি বুলিও উল্লেখ কৰিছে। সেয়ে এই ৰাজনৈতিক যুঁজক অধিক সুসংহত ৰূপত গঢ়ি তোলাৰ বাবেও কৰ্মীসকলক সম্পাদকীয়ৰ জৰিয়তে আহ্বান জনোৱা পৰিলক্ষিত হৈছে।

জনতা পৰিবাৰৰ বিভংগন হোৱা গোট সমূহে এই কথা উপলদ্ধি কৰিব লাগিব যে মাত্ৰ সাম্প্ৰদায়িকা বিৰোধী স্থিতি বা প্ৰতিশ্ৰুতিয়েই আজি এই যুঁজৰ বাবে যথেষ্ট নহয়। যোৱা দুটা দশকৰ অভিজ্ঞতাই এই কথাই প্ৰতিফলিত কৰিছে যে আমাৰ দেশৰ আঞ্চলিকতাবাদী শক্তিসমূহে ইতিমধ্যেই নব্য-উপনিবেশিক ঔষধি সেৱন কৰি পেলাইছে। তেওঁলোক যেতিয়া ক্ষমতাত থাকে তেতিয়া সেই নীতি সমূহকে ৰূপায়ণ কৰিবলৈ হেতাওপৰা লগায় আৰু যেতিয়া বিৰোধী পক্ষত থাকে তেতিয়া এই জনবিৰোধী নীতি বুলি প্ৰতিবাদ কৰি ৰাইজৰ মন জিনাৰ বাবে নাটক কৰে। সেয়ে বিৰোধী ঐক্যৰ ভেটি কেৱল সাম্প্ৰদায়িক শক্তিৰ বিৰোধীতাৰ মৌখিক প্ৰতিশ্ৰুতি “একমাত্ৰ স্বৰূপ” হব নোৱাৰে। এক বিকল্প আৰ্থ-সামাজিক পথৰ সন্ধান এই দলসমূহে তুলি ধৰিব লাগিব আৰু এয়া নব্য-উপনিবেশবাদৰ বিৰোধিতাৰ দ্বাৰাহে সম্ভৱ হব।

দেশে সন্মুখীন হোৱা এই দ্বৈত সমস্যাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ বাবে ডিচেম্বৰ মাহত দলটোৱে দিল্লীত প্ৰতিবাদী সপ্তাহৰো আয়োজন কৰিব। আৰু বাওঁ দলসমূহে এই দ্বৈত সমস্যাৰ মুখামুখি হবলৈ এখন চনদো অচিৰেই তৈয়াৰ কৰি ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হব বুলিও মুখপত্ৰখনে প্ৰকাশ কৰিছে। 

No comments:

Post a Comment