জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
হৃদয়ে কথা কয়
অগ্নিভ দত্ত
আজি এই চৌদিশে বিশ্বাস-অবিশ্বাসৰ ধুঁৱলি-কুঁৱলিৰ মাজত মানৱতাৰ হাঁহাকাৰ অৱস্থা দেখি কেবা বছৰ আগৰ পুৰণা সৰু ঘটনা এটালৈ বৰকৈ মনত পৰিছে।

উদ্যোগ নগৰী নামৰপ । পাটকাই পাহাৰৰ ভৈয়ামত আৰু দিল্লিনদীৰ পাৰত গঢ়লৈ উঠা এক অপৰুপ মিলনৰ ঠাই এই নামৰূপ। আজি কেই বছৰ মান আগতে সেই নামৰুপৰ সাৰ কাৰখানাত কৰ্ম্মৰত আছিলো মই। সেইসময়ত কাৰখানাত বিভিন্ন প্ৰকল্পৰ কাম চলি আছিল।কামৰ খাতিৰত মইও এটা প্ৰকল্পত জড়িত হৈ পৰিছিলো। সেই প্ৰকল্পৰ এটা ৰিয়েক্টৰৰ প্ৰযুক্তি (Technology) আমি ডেনমাৰ্কৰ (Denmark) হালদৰ তোপসো (Haldor-Topsoe) বুলি এটা প্ৰতিস্থানৰ পৰা ক্ৰয় কৰিব লগা হৈছিল।

যথাসময়ত ৰিয়েক্টৰ আহি নামৰুপ পালেহি।তাৰ পাছত এদিন অলে কুছ (Ole Kusk) নামৰ এজন সুন্দৰ সুঠাম ডেকা বগা চাহাব ওলালহি ডেনমাৰ্কৰ পৰা ৰিয়েক্টৰত অনুঘটক (Catalyst) স্ংযোজন কৰিবলৈ । আৰু অলে কুছক অনুঘটক স্ংযোজনত সহায় কৰিবলে আহিল এদল বনুৱা পঞ্জাৱৰ ভিতৰুৱা অঞ্চল এটাৰ পৰা।

এফালে ইংৰাজীত ফৰফৰাই থকা অলে কুছ আৰু তাৰ বিপৰীতে কেৱল পঞ্জাৱী আৰু কিছুপৰিমাণে হিন্দী কব পৰা বলবীৰ সিংৰ দল। আৰু তাৰ মাজত আমিবোৰ ইংৰাজীৰ পৰা হিন্দী আৰু হিন্দীৰ পৰা ইংৰাজীলৈ ভাঙনি কৰি প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ দায়িত্বত তেওঁলোকৰ মাজত। সচৰাচৰ হোৱাৰ দৰেই এই প্ৰকল্পটোও নিৰ্ধাৰিত সময়ত আমি অলে কুছৰ দলটোক অনুঘটক স্ংযোজন কৰিব পৰা কৈ যোগাৰ কৰি দিব নোৱাৰিলো। এদিন দুদিনকৈ সময় বিলাক যাব ধৰিলে। আমিও অলে কুছৰ দলটোক বৰ এটা সময় দিব নোৱাৰা হলো অন্য বিলাক কামৰ খাতিৰত।

কেইদিনমান পাছত এদিন কোনোবা এফালৰ পৰা আহি থাকোতে মন কৰিলো অলে কুছৰ দলটো মানে অলে কুছ আৰু বলবীৰৰ মানুহ কেইজন আমাৰ অফিচৰ খট-খটিত বহি একান্ত মনে কিবা কথাত ব্যস্ত ।অকন মান কৌতুহল হোৱাত (কৌতুহল হোৱাতোৱেই স্বাভাবিক, এজনে কেবল ইংৰাজী জানে আৰু আন কেইজনে পঞ্জাৱীৰ বাহিৰে কেৱল কিছু পৰিমানে হিন্দী জানে ) তেওঁলোকৰ অজানিতে কিনো কথা পাতিছে শুনিবলে যত্ন কৰি চালো।

অকণমান পাছত গম পালো অলে কুছে ফট-ফটীয়া ইংৰাজীত নিজৰ দুখৰ কথা কৈ আছে । সদ্য বিবাহিত পত্নীক ডেনমাৰ্কত এৰি ১০ দিনৰ কামত আহি এতিয়া মাহৰ ওপৰ ফচি থাকিব লগা হ’লে কাৰনো বাৰু দুখ নালাগিব! অনৰ্গল কথাকৈ গৈছে অলে কুছে আৰু বলবীৰ সিংৰ দলে একান্ত মনে অলেৰ কথা শুনি গৈছে ।

মাজে মাজে বলবীৰ সিংৰ দলেও একদম খাতি পঞ্জাৱীত তাঁহাতৰো নিজৰ নিজৰ প্ৰব্লেমবোৰৰ কথাকৈ আছে । কেইটামান পইছাৰ খাতিৰত পৰিয়ালৰ পৰা আঁতৰত, ঘৰৰ পৰা এনেকৈ দিনৰ পাচত দিন, মাহ বাহিৰত থকাৰ সমানযে কষ্ট নাই বুজাব লাগিছে আৰু অলেই যেন সিহতৰ সমষ্ট দুখ যাতনা নিজৰ কৰি লৈছে তেনেকুৱা এটা ভাবত হয়ভৰ দি গৈছে।এ

বাৰত বলবীৰে পইচাৰ টনা টনিত এইবাৰ তাৰ সৰুজনী ছোৱালীক স্কুলত নাম ভৰ্ত্তি কৰাব নোৱাৰিলে বুলি বৰ দুখ কৰিবলৈ ধৰিলে। কিবা বুজিলে অলে কুছে নেজানো বলবীৰৰ কথা, হঠাৎ কিবা ভাবুক হোৱাৰ নিচিনা হ’ল ।আৰু ঠিক পিছ্মূহুৰ্ত্ত্তে মোক আচৰিত কৰি অলে কুছে নিজৰ পকেটৰ পৰা ৫০০ টকা দুখন উলিয়াই বলবীৰৰ হাতত গুজি দিলে। হঠাৎ যেন মোৰ চকুহাল শেমেকি উঠিল হয়তো কিবা এক আনন্দত ।

হয়তো অনুভব কৰিলো মানুহে মানুহক বুজিবৰ কাৰণে প্ৰয়োজন নহয় কোনো ভাষাৰ; প্ৰয়োজন মাথো এখন হৃদয়ৰহে ।

No comments:

Post a Comment