পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীৰ বাহিৰত পোন প্ৰথমবাৰৰ বাবে হব লগা দেশৰ আৰক্ষী সঞ্চালকপ্ৰধান সকলৰ সন্মিলন কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব । এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ অহা প্ৰধানমন্ত্ৰীয়ে মালিগাঁৱত মেঘালয়ৰ উত্তৰ-গাৰো পাহাৰলৈ নতুন ৰেলসেৱাৰো উদ্বোধন কৰিব। লগতে গুৱাহাটীত বিজেপি দলৰ এক বিশাল কৰ্মী সভাতো তেখেতে অংশ লব।

২. দীৰ্ঘদিনীয়া ক্ষোভক গুৱাহাটীৰ ৰাজপথত তুলি ধৰিলে ঢকুৱাখনাবাসীয়ে। জিলা সদৰ উত্তৰ লখিমপুৰ তথা ৰাজ্যৰ আন ঠাইলৈ অহাৰ মূল পথ ঢকুৱাখনা-গোগামুখ সংযোগী পথৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা ৰাজ্য প্ৰশাসনৰ সমুখলৈ তুলি ধৰাৰ বাবে গ্ৰহণ কৰিলে শান্তিপূৰ্ণ প্ৰতিবাদৰ পথ। ১২২ কোটি টকীয়া এই নিৰ্মাণ কাৰ্যত হোৱা দুৰ্নীতিৰ তদন্ত কৰি অচিৰেই এই বাটচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা তথা ঢকুৱাখনা মহকুমাবাসীৰ জলন্ত সমস্যাবোৰৰ সমাধান কৰাৰ বাবেও ৰাইজে কালি দাবী জনায়।

৩. ইণ্ডিয়ান ছুপাৰ লীগত গ’ল কৰিবলৈ সক্ষম হোৱা অসমৰ প্ৰথমজন ফুটবলাৰত পৰিগণিত হ’ল দুৰ্গা বড়ো। কালি গুৱাহাটীত অনুষ্ঠিত খেলত নৰ্থ-ইষ্ট ইউনাইটে়ড ফুটবল ক্লাৱে চেন্নাইৰ মুখামুখি হৈ তিনিটাকৈ গ’ল স্কৰ কৰি তিনি-শূন্যৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। প্ৰথমটো গ’ল স্ক’ৰ কৰি দুৰ্গা বড়োৱে অসমবাসীক পুলকিত কৰে। এই বিজয়ৰ ভিত্তিত ছেমি ফাইনেলত ক্লাৱটোৱে স্থান লাভ কৰাৰ সম্ভাৱনা সজীৱ হৈ উঠিছে।

৪. অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ বিষয়ত গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। অসম চুক্তি ৰূপায়ণ, বিদেশী সমস্যাৰ সমাধান আদি বিষয়ত অহা ৭ ডিচেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশ। জানুৱাৰীৰ ভিতৰত নাগিৰপঞ্জী উন্নীতকৰণৰ প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰিবলৈ এন.আৰ.চিৰ সমন্বয়ক প্ৰতীক হাজেলালৈ নিৰ্দেশ জাৰি কৰাৰো সুখবৰ প্ৰকাশিত হৈছে। 

৫. অসম পৰ্যটন উন্নয়ন নিগমে পৰ্যটন উদ্যোগ বিকাশৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত ১৫ ডিচেম্বৰৰ পৰা ১৮ জানুৱাৰীলৈ কাৰ ৰেলী, নাওখেল আদিৰে বিভিন্ন উসৱ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

৬. মানস অভয়াৰণ্যলৈ অন্য অভয়াৰণ্যৰ পৰা গঁড় স্থানান্তৰ কৰাৰ পাছত এইবাৰ কাজিৰঙাৰ পৰা ২৫টা দল হৰিণ স্থানান্তৰ কৰা হব। অহা ৯ডিচেম্বৰত হব লগা এই স্থানান্তৰকৰণ প্ৰক্ৰিয়া দেশৰ ভিতৰতে প্ৰথম বুলিও দাবী কৰিছে বনমন্ত্ৰী ৰকিবুল হুছেইনে। মানস অভয়াৰণ্যক নতুন নিৰ্ভৰযোগ্য আবাসস্থলী ৰূপে গঢ়ি তোলাৰ ব্যৱস্থাও বন বিভাগে কৰা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।

৭. লখিমপুৰ আৰু ধেমাজি জিলাত বানৰ আগজাননী দিয়া ব্যৱস্থাৰ প্ৰৱৰ্তনৰ বাবে “আৰণ্যক” আৰু “ইচিম’ড” নামৰ প্ৰকৃতি সংস্থা দুটাই যুটীয়াভাৱে লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ “লাইটহাউছ এক্টিভিটি এৱাৰ্ড ২০১৪”। জাৰ্মানীৰ ব’নত যোৱা ২৫ নৱেম্বৰত “ম’মেণ্টাম ফৰ চেঞ্জ” কাৰ্যকলাপৰ অধীনত এই বঁটা ঘোষণা কৰা হয়। আৰণ্যকে নেপালৰ কাঠমাণ্ডুত থকা “আন্তঃৰাষ্ট্ৰীয় সমন্বিত পাৰ্বত্য উন্নয়ন কেন্দ্ৰ” নামৰ সংস্থাৰ সহযোগত “পূৱ-ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাত হিমালয় অঞ্চলৰ জয়বায়ু পৰিবৰ্তনৰ সৈতে অভিযোজন” শীৰ্ষক এটি গৱেষণামূলক কাৰ্যক্ৰম ৰূপায়ণ কৰি আহিছে। ইয়াৰ অধীনতে লখিমপুৰৰ শিঙৰা আৰু ধেমাজিৰ জীয়াঢলত বানপানীৰ আগজাননী দি পৰা যন্ত্ৰ স্থাপন কৰিছে। অহা ১-১৪ ডিচেম্বৰলৈ পেৰুৰ লিমাত হব লগা “ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন অভিবৰ্তন”তে এই বঁটা প্ৰদান কৰা হব।

৮. জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নছ, অসমৰ উদ্যোগত অহা ২৯ নৱেম্বৰত দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হব। “ষোড়শ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনোত্তৰ পৰিস্থিতি আৰু শ্ৰমিক আন্দোলনৰ সমুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহ” শীৰ্ষক আলোচনাচক্ৰত বিশিষ্ট সাংসদ তথা শ্ৰমিক নেতা তপন সেনে মুখ্যবক্তা ৰূপে বক্তব্য প্ৰদান কৰিব।

৯. জননেতা ভীমবৰ দেউৰীৰ স্মৃতিচাৰণ কৰা উদ্দেশ্য তেখেতৰ ৬৮ সংখ্যক মৃত্যু তিথিত অহা ৩০ নৱেম্বৰত শিৱসাগৰ ষ্টেছন চাৰিআলিৰ জনজাতি জিৰণি চ’ৰাত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আয়োজন কৰিছে সদৌ অসম ট্ৰাইবেল য়ুথ লীগৰ শিৱসাগৰ জিলা সমিতিয়ে।

১০. জ্ঞানপীঠ বিজয়িনী মামণি ৰয়ছম গোস্বামীৰ তৃতীয় মৃত্যু-বাৰ্ষিকীত প্ৰিন্স অবিনাশৰ সুৰ-কণ্ঠ-কথাৰে ইউ-টিউব যোগে মুকলি কৰিছে এটি মিউজিক ভিডিঅ’।"আকৌ এবাৰ পামনে ঘূৰাই" শীৰ্ষক এই শ্ৰদ্ধাৰ্ঘ ভিডিঅ’টো চাবৰ বাবে ক্লিক কৰিব পাৰিব তলৰ সূত্ৰতঃ http://goo.gl/5LYXdp

No comments:

Post a Comment