পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভুৱা বিলেৰে বৃহ পুঁজি সৰকাই নিয়াৰ পথ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে কঠোৰ নিৰ্দেশ। বিত্তীয় বৰ্ষটোৰ বিগত আঠ মাহত বাজেটৰ দহ শতাংশ পুঁজিহে ব্যয় কিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰখনে মাৰ্চত বাজেটৰ ১৫ শতাংশতকৈ বেছি ধন খৰছ কৰিব নোৱাৰিব বুলি এক নিৰ্দেশনা জাৰি কৰাৰ বাতৰি পোৱা গৈছে। পৰিকল্পনা বৰ্হিভূত শিতানৰ ৰাজহ ব্যয়ো ১৫ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ ফলত কৰ্মচাৰীৰ দৰমহা আদায়, নতুন নিযুক্তি আদিতো অন্তৰায় হৈ পৰিব বুলি বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে।

২. এই বৰ্ষৰ শান্তি নোবেল বঁটা বিজয়ী সমাজকৰ্মী কৈলাশ সত্যাৰ্থীয়ে চি.এন.এন আই.বি.এনক দিয়া এক সাক্ষাকাৰত ভাৰতত শিশু শ্ৰমিক নিষিদ্ধকৰণ আইন প্ৰণয়নৰ জৰিয়তে দাসত্বৰ পৰা মুক্তি দিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে ভাৰতেই আধুনিক দাসত্বৰ ৰাজধানী বুলি এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাই এই সপ্তাহতে ঘোষণা কৰিছে।

৩. কালি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিতসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত হয় ‘স্ব-ৰোজগাৰী সমাৰোহ’। এখনি দক্ষতা বৃদ্ধি শিৱিৰৰ উদ্বোধনৰ লগতে বিভিন্ন আত্ম-সহায়ক গোট আৰু হিতাধিকাৰীৰ মাজত ৯কোটি টকাৰ বেংক ঋণ, পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২১ টা গোট আৰু ব্যক্তিক পুৰস্কাৰ প্ৰদান কৰা হয়। ইন্দিৰা গান্ধী বিষয়ক এখনি পুস্তিকা উন্মোচন কৰাৰ লগতে কস্তুৰবা আশ্ৰমৰ তিনি গৰাকী সেৱিকাক সম্বৰ্ধনা জনাই আশ্ৰমখনলৈ চিলাই মেচিন আগবঢ়োৱাৰো সুখবৰ পোৱা গৈছে।

৪. ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ ফিজিৰ সৈতে পাঁচখনকৈ সহযোগিতাৰ চুক্তি সাক্ষৰ কৰি দহ দিনীয়া বিদেশ ভ্ৰমণৰ অন্তত স্বদেশলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফিজিলৈ ৭০ নিযুত ডলাৰৰ ঋণ আৰু ফিজিৰ গাঁওসমূহৰ বিকাশৰ বাবে ৫ নিযুত ডলাৰৰ অৰ্থ সাহাৰ্য দিয়াৰ কথাও তেখেতে ঘোষণা কৰে। সাংসদ আদৰ্শ গাঁও যোজনাৰ অন্তৰ্গত নৰেন্দ্ৰ মোদীয়ে পচন্দ কৰি লোৱা বাৰানসী সমষ্টিৰ অন্তৰ্গত এহেজাৰ পৰিয়াল বাস কৰা জয়াপুৰ গাঁৱত আৰম্ভ হৈছে বিকাশমুখী কুচকাৱাজ। মাত্ৰ এশ মানুহৰ ব্যক্তিগত শৌচাগাৰ থকা গাঁওখনক আদৰ্শ গাঁও বনাবলৈ এতিয়া বহু দেশী-বিদেশী সংস্থাৰ বিশেষজ্ঞৰ সোঁত বোৱাৰ খবৰেও লাভ কৰিছে সংবাদ শিৰোনামত স্থান।

৫. অসম চুক্তি ৰূপায়ণ আৰু বিদেশী বিতাৰণৰ তথ্য দেখি উচ্চতম ন্যায়ালয় স্তম্ভিত। এন আৰ চিৰ গোচৰৰ শুনানিত অচিৰেই নাগৰিকপঞ্জী উন্নীতকৰণৰ জৰিয়তে চিনাক্ত হব লগা বিদেশী বহিস্কাৰ কৰাৰ বাবে কাৰ্যকৰী আঁচনি যুগুতাই ন্যায়ালয়ক জনাবলৈ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে।

৬. কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলে। অসম চুক্তিৰ সফল ৰূপায়ণৰ বাবে মোদী চৰকাৰ দায়বদ্ধ বুলি স্থিতি প্ৰকাশ কৰিলে গৃহমন্ত্ৰীজনে। পাকিস্তানৰ সীমান্তৰ দৰেই ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো আছুৰ দলটোৱে জনালে দাবী।

৭. জাপান অভাৰছীজ ক’পাৰেটিভ এছ’ছিয়েছনৰ তত্বাৱধানত যোৱা ৩-১২ নৱেম্বৰলৈ জাপানত শিক্ষামূলক ভ্ৰমণ কৰে ভাৰতৰ কেন্দ্ৰীয় বিদ্যালয় সমূহৰ ১২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এই দলত অসমৰ কেন্দ্ৰীয় বিদ্যালয়, খানাপাৰাৰো চাৰি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণৰ সুযোগ লাভ কৰাৰ সুখবৰ।বিভিন্ন উদ্যোগ, শিক্ষা প্ৰতিষ্ঠান, সাংস্কৃতিক সম্পদ, বুৰঞ্জীমূলক দিশ আদি বিষয়ত এই শিক্ষামূলক ভ্ৰমণে শিক্ষাৰ্থ সকলক সমল যোগাবলৈ সক্ষম হয় ।

৮. আজি তেজপুৰত উপস্থিত হব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তনত মুখ্য অতিথি ৰূপে অংশ লোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ অতিথিশালাতে নিশা যাপন কৰি তেখেতে এক নতুন ইতিহাস সৃষ্টি কৰিব বুলিও বাতৰি প্ৰকাশিত হৈছে। সন্ধিয়া তেখেতৰ সন্মানত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়াৰ নিৰ্বাচিত লেখাৰ ইংৰাজী অনুবাদৰ সংকলন উন্মোচিত হব। এই সংকলনখন সম্পাদনা কৰিছে ডঃ ৰাজীৱ দলে আৰু নন্দৰাণী চৌধুৰীয়ে। সমাবৰ্তনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালেও অংশ লব। বায়ুসেনা বাহিনীৰ এক অনুষ্ঠানতো ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব।

৯. নুমলীগড় শোধনাগাৰে ২০১৩-১৪ বৰ্ষৰ জৱাহৰ লাল নেহৰু শতবাৰ্ষিকী ৰিফাইনেৰী এনাৰ্জি পাৰ্ফমেন্স বঁটা লাভ কৰাৰ সুখবৰ। ১২-১৪ নৱেম্বৰলৈ চেন্নাইত হোৱা ১৯ সংখ্যক ৰিফাইনেৰী টেকন’লজি মীটত ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ পৰা ৭.৫ বা তাতোধিক কম্প’জিট ফেক্টৰ থকা শোধনাগাৰ কেটেগৰীৰ তৃতীয় পুৰস্কাৰ এনআৰএক প্ৰদান কৰা হয়।

১০. “বংশধৰ” বোলছবি আৰু ২৫৩খন নাটকেৰে অসমৰ নাট্য তথা সাংস্কৃতিক জগতলৈ অৰিহণা যোগাই যোৱা ‘শোণিত গৌৰৱ’ প্ৰফুল্ল বৰাৰ অষ্টম মৃত্যু দিৱসত আজি তেজপুৰৰ বাণ থিয়েটৰত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰাৰ সুখবৰ। অৱদান সাংস্কৃতিক গোষ্ঠী আৰু দ-পৰ্বতীয়া সাহিত্য সভাই এই বহুমুখী প্ৰতিভাধৰজনৰ জীৱন আৰু কৰ্মক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এই দিহা কৰিছে।

No comments:

Post a Comment