সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাময়িক প্ৰসংগ

সাময়িক প্ৰসংগ

Share This
সৃষ্টিশীলতাৰ ৰক্ষক কপিৰাইট আইন
কৌস্তুভমণি শইকীয়া দত্ত
আইনৰ বিষয়ে মনোগ্ৰাহীকৈ লিখাটো টান কাম। সমাজত শৃংখলাবদ্ধতা বাহাল ৰাখিবলৈ অতি জৰুৰী যদিও আইন সঁচাকৈয়ে বৰ নীৰস বিষয়। তথাপি আইনে আমাৰ প্ৰতিটো পদক্ষপকে শুদ্ধভাৱে আগবঢ়াবৰ বাবে দিক্ দৰ্শন কৰে । আমাৰ চৌপাশে ঘটি থকা বিভিন্ন ঘটনাৰাজিতো আইনৰ প্ৰসংগ প্ৰায়ে জড়িত হৈ থাকে। কেতিয়াবা ই মানুহৰ মুখৰোচক আৰু আবেগ বিজড়িত প্ৰসংগ হৈ পৰাও দেখা যায় । সম্প্ৰতি “মোৰ মিনতি” নামৰ গীতৰ এলবাম এটাত জনপ্ৰিয় গায়ক জুবিন গাৰ্গে প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ গান গাই কপিৰাইট আইন উলংঘা কৰাৰ বাতৰিয়ে অসমৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই প্ৰসংগৰ ঢৌ মাৰ নাযাওঁতেই আমাৰো ভাৰতত প্ৰচলিত কপিৰাইট আইনৰ বিষয়ে দুআষাৰ লিখাৰ ইচ্ছা জাগি উঠিল।

কপিৰাইট হৈছে এনে এক আইনসংগত অধিকাৰ যি এজন লোকৰ মৌলিক সৃষ্টিক আনে নকল কৰা বা পুনৰ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰে । সাহিত্যৰ যিকোনো বিভাগৰ লিখনি, স্থাপত্য, শিল্পকৰ্ম, চলচিত্ৰ, সংগীত, কম্পিউটাৰ চফটৱেৰ, কম্পিউটাৰ ডাটাবেচ ইত্যাদি বিশাল সৃষ্টিকৰ্মক কপিৰাইট আইনৰ সহায়ত লেখক, সৃষ্টি কৰা ব্যক্তি বা আৱিষ্কাৰ কৰা লোকজনৰ অধিকাৰত ৰখা হয়। কপিৰাইটে প্ৰকাশিত আৰু অপ্ৰকাশিত দুয়োপ্ৰকাৰৰ সৃষ্টিকে সুৰক্ষা প্ৰদান কৰে।

কপিৰাইট আইনৰ প্ৰধান উদ্দেশ্য হৈছে লেখক, স্থপতিবিদ, শিল্পী, সংগীতকাৰ সকলক তেওঁলোকৰ সৃষ্টিৰ ওপৰত নিজ অধিকাৰ আইনসংগত ভাৱে প্ৰদান কৰি নতুন সৃষ্টিৰ বাবে এইচাম সৃষ্টিশীললোকক উত্সাহিত কৰা আৰু আইনে বান্ধি দিয়া নিৰ্দ্দিষ্ট সময়ৰ কাৰণে তাৰপৰা হ’ব পৰা উপাৰ্জন কপিৰাইটৰ গৰাকীৰ বাবে সুৰক্ষিত কৰা।

১৯৫৭চনৰ কপিৰাইট আইনৰ ১৩নং ধাৰাই কপিৰাইট লাভ কৰিব পৰা বিষয়সমূহ উল্লেখ কৰিছে । সেইসমূহ হৈছে-
১) মৌলিক সাহিত্য সৃষ্টিসমূহ, নাটক, সংগীত আৰু কলাত্মক সৃষ্টি, ২) চলচিত্ৰ, 
৩) চাউণ্ড ৰেকৰ্ডিং বা বাণীবদ্ধ কৰা বিষয়সমূহ।

সাহিত্যই লিখিত বা ছপা ৰূপত থকা গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ ইত্যাদি সকলো সাহিত্যিক প্ৰমূল্যৰ লিখনিৰ উপৰিও কম্পিউটাৰ প্ৰগ্ৰেম আৰু সংকলনো (compilation) সামৰি লয় । ডিক্তাফোনত ( Dictaphone) ৰেকৰ্ড কৰা বক্তৃতাও সাহিত্যকৰ্ম ৰূপে গণ্য কৰা হয় । সেইদৰে ফ্লপি, ডিক্স আৰু আন মাধ্যমত ৰখা কম্পিউটাৰ প্ৰগ্ৰেম সমূহকো কপিৰাইট আইনে সাহিত্যৰ মৰ্যাদা দি কপিৰাইটৰ সুবিধা দিয়ে । কপিৰাইটৰ গৰাকীৰ অনুমতি অবিহনে কপিৰাইট থকা বিষয়ৰ কোনো কথাৰে মূল ভাৱ আৰু ভাষা আনে ব্যৱহাৰ কৰাটো নিষিদ্ধ । উল্লেখযোগ্য যে সামূহিকভাৱে কৰা সাহিত্যকৰ্ম যেনে সংকলন, অভিধান, বিশ্বকোষ, ইয়েৰবুক ইত্যাদিৰো কপিৰাইট থাকে । ই থাকে প্ৰকাশক বা সংকলকৰ ওচৰত ।

কপিৰাইট পাব পৰা নাট্যকৰ্মই নাটকৰ লগতে আবৃত্তি, কৰিওগ্ৰাফী, মাইম শ্ব’ আদিও সামৰি লয় । অৱশ্যে কপিৰাইটৰ সুবিধাসমূহ লাভ কৰিবৰ বাবে ই স্বৰবদ্ধ ( form of notation or note) হোৱাটো জৰুৰী ।

সংগীতকৰ্মসমূহ কপিৰাইটৰ দ্বাৰা সুৰক্ষিত হ’বৰ বাবে ই স্বৰবদ্ধ(form of note) বা বাণীবদ্ধ হোৱাটো নিত্যান্তই জৰুৰী। মৌলিক সৃষ্টিৰ লগতে লোকসংগীত পৰা আহৰণ কৰি ৰূপ দিয়া গীতকো কপিৰাইটৰ দ্বাৰা সংৰক্ষিত কৰিব পাৰি । কপিৰাইট লাভ কৰাৰ ক্ষেত্ৰত সংগীতজ্ঞই সৃষ্টি কৰা সংগীত সম্পূৰ্ণ নব্য হ’ব লাগিব বুলি কোনো কথা নাই। উদাহৰণস্বৰূপে গীতত ৰাগসমূহৰ ব্যৱহাৰৰ কথা ক’ব পাৰি । একে ৰাগতে বহু গীতেই সুৰবদ্ধ হ’ব পাৰে। এইটো স্মৰ্তব্য যে মঞ্চত বা প্ৰতিযোগিতাত গীত পৰিবেশনে কোনো কপিৰাইট উলংঘা নকৰে।

সকলো মৌলিক শিল্পকৰ্ম, স্থাপত্যকলা, চিত্ৰকৰ্ম, খোদিত কৰা শিল্পকৰ্ম ইত্যাদিয়েও কপিৰাইটৰ সুবিধা লাভ কৰিব পাৰে। সকলো ধৰণৰ Cinematograph অৰ্থাত্ চলচিত্ৰমূলক দৃশ্য ৰেকৰ্ডিঙকো কপিৰাইট প্ৰদান কৰা হয়। ই চলন্ত খেল, সংগীত, নাটক ইত্যাদিৰ ৰেকৰ্ডিঙো সামৰি লয়। সেইদৰে চাউণ্ড ৰেকৰ্ডিঙকো কপিৰাইট প্ৰদান কৰা হয়।

কপিৰাইট আইন, ১৯৫৭ৰ অধীনত কপিৰাইট লাভ কৰিব নোৱৰা কেইটামান বিষয় হৈছে-
১) সেইসমূহ চলচিত্ৰ- যাৰ এটা উল্লেখযোগ্য অংশ কপিৰাইট আইনৰ দ্বাৰা সংৰক্ষিত সৃষ্টিৰ পৰা আহৰণ কৰা হৈছে ।

২) সেইসমূহ চাউণ্ড ৰেকৰ্ডিং- যিটো কপিৰাইট আইনৰ দ্বাৰা সংৰক্ষিত সাহিত্যকৰ্ম, নাট্যকৰ্ম বা সংগীতৰ কপিৰাইট ভংগ কৰি আহৰণ কৰা কথাৰ পৰা কৰা হৈছে ।

৩) স্থাপত্যৰ ক্ষেত্ৰত কেৱল ডিজাইন আৰু কলাত্মক দিশটোৱেহে কপিৰাইট পায়। নিৰ্মাণশৈলী কপিৰাইটৰ দ্বাৰা সংৰক্ষিত নহয়।

৪) যিবিলাক সৃষ্টি স্বৰবদ্ধ কৰা নহয়, ৰেকৰ্ড কৰা নহয়, লিপিবদ্ধ বা ছপা কৰা নহয়- সেইসমূহক কপিৰাইট প্ৰদান কৰা নহয়।

৫) বৰ্ণনাবিহীন আৰু বহুল প্ৰচলিত বিধি, পদ্ধতি, ধাৰণা, আৱিষ্কাৰ, যন্ত্ৰপাতি ইত্যাদিৰ ক্ষেত্ৰত কপিৰাইট নাথাকে।

৬) উপাধি, নাম, বাক্যাংশ, শ্ল’গান ইত্যাদিৰ কপিৰাইট নাথাকে।

৭) যিবিলাক সৃষ্টি সাধাৰণ তথ্য হিচাপে ব্যৱহৃত হয় আৰু মূল লেখকক জনা নাযায়, যেনে- কেলেণ্ডাৰ, স্কেল, ওজন, বিভিন্ন আৰ্জা ইত্যাদি আৰু ৰাজহুৱা তথ্যৰ কপিৰাইট নাথাকে।

কপিৰাইট থকা বিষয়বস্তুত গৰাকীৰ স্বতন্ত্ৰ অধিকাৰ থাকে । গৰাকীৰ অনুমতি অবিহনে কপিৰাইট থকা বিষয় আন কোনেও ১)পুনৰ-নিৰ্মাণ কৰিব নোৱাৰে, ২)নকল কৰিব আৰু বিক্ৰী কৰিব নোৱাৰে, ৩) অনুবাদ কৰিব নোৱাৰে, ৪) চিত্ৰৰূপ দিব নোৱাৰে আৰু ৫) আন নতুন সৃষ্টিত মূল ৰূপত বা ভাৱ-ভাষাৰ সম্পূৰ্ণ একে ৰূপত ব্যৱহাৰ কৰিব নোৱাৰে।

কপিৰাইট আইনৰ ধাৰানং ৬৩ৰ অধীনত এই আইনৰ বিধি উলংঘা কৰা ব্যক্তিৰ ৬মাহৰ পৰা ৩বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে নিম্নতম ৫০,০০০টকাৰ পৰা ২লাখ টকা পৰ্যন্ত জৰিমনা হব পাৰে । অৱশ্যে মহামান্য আদালতে পৰ্যাপ্ত কাৰণ বশতঃ এই শাস্তিৰ নিম্নতম সীমাত শিথিলতা প্ৰদৰ্শন কৰিব পাৰে।

কপিৰাইট আইনে দিয়া অধিকাৰ মৌলিক সাহিত্যকৰ্ম, নাট্যকৰ্ম, সংগীতকৰ্ম, বা শিল্পকৰ্ম সৃষ্টিকৰা ব্যক্তিজনৰ মৃত্যুৰ ৬০বছৰ পাছলৈকে থাকে । তেওঁৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰ সূত্ৰে তেওঁৰ পৰিয়াল বা তেওঁ মনোনীত কৰি থৈ যোৱা ব্যক্তিয়ে সেই অধিকাৰ ৬০বছৰলৈকে লাভ কৰে । মহান শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুৰ ৬০বছৰ পূৰ্ণ নোহোৱালৈকে হয়তো তেওঁৰ গীতসমূহ শিল্পীজনৰ কণ্ঠতে ৰাইজে শুনি থকাটো তেওঁৰ পৰিয়ালবৰ্গই বিচাৰিব । তাৰ পাছত সেই সুন্দৰ আৰু বহুল প্ৰচলিত সৃষ্টি উত্তৰ প্ৰজন্মই আধুনিক প্ৰযুক্তিৰ সহায়ত কিদৰে সংৰক্ষিত কৰিব বা তেওঁলোকে সেইসময়ত কপিৰাইট আইনৰ আওঁতাৰ বাহিৰলৈ যোৱা গীতসমূহ কেনেদৰে পৰিবেশন আৰু পুনৰ নিৰ্মাণ কৰিব সেয়া সময়েহে ক’ব ।
( লেখাটি জনসাধাৰণ কাকততো প্ৰকাশিত হৈছে)

No comments:

Post a Comment