ASD 183: 3RD APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 183: 3RD APRIL 2013

ASD 183: 3RD APRIL 2013

Share This

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                                            Assamese MID-DAY on Social Media

             প্ৰথম বছৰ ১৮৩তম সংখ্যাঃ  ৩ এপ্ৰিল ২০১৩

    (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰ



সুখৰ খবৰঃ
১. গুৱাহাটীত কৃষক মুক্তিৰ বৃহৎ গণ সমাবেশঃ ফ্লেট নিৰ্মাণ কোম্পানীক জলাশয়ো গতাই দিয়াৰ তুলিলে অভিযোগ; ৰাজনৈতিক নেতা, ব্যৱসায়ী কোম্পানীক উচ্ছেদ কৰি আদৰ্শ দেখুৱাবলৈ জনালে চৰকাৰক প্ৰত্যাহ্বান৷ 

২. মহানগৰ জিলা প্ৰশাসনে প্ৰতিবাদী ৰাইজক দিলে প্ৰতিশ্ৰুতিঃ ২২/৬/১১ৰ আগৰে পৰা পাহাৰ আৰু জলাশয়ত বাস কৰা কোনো লোকক উচ্ছেদ কৰা নহয় ৷

৩. বিধান সভাত জনালে পৰিবহন মন্ত্ৰী চন্দন ব্ৰহ্মইঃ পুনৰ কাৰ্যক্ষম হ’ব ধুবুৰীৰ ৰূপসী বিমানকোঠ ৷

৪. ভাৰতীয় দূতাবাসত সংস্কৃতিৰ নমুনা ৰাখিবলৈ নিৰ্বাচন কৰা কেন্দ্ৰীয় চৰকাৰৰ কমিটি "অৱজেক্ট ডি আৰ্ট"লৈ দুজন অসমীয়া শিল্পী গৌৰী বৰ্মন আৰু ইন্দিৰা পি.পি. বৰা মনোনীত হোৱাৰ সুখবৰ ৷

৫. অহা ৭ এপ্ৰিলত ১৯৭১চনৰ আগৰ স্নাতক সকলক লৈ কটন কলেজত আয়োজিত হৈছে "প্ৰবীণ স্নাতক সন্মিলন" ৷

৬. সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰেলাৰ কুছিপুড়ি ডান্স একাডেমীয়ে আগবঢ়ালে নাট্য-মঞ্জৰী বঁটা ৷

৭. নগাঁৱৰ প্ৰখ্যাত নাট্যকৰ্মী মুকুটমণি শইকীয়াৰ সোঁৱৰণত ২৩-২৪মাৰ্চত নগাঁও জিলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা ৷

৮. সৰ্ব ভাৰতীয় আৰক্ষী সেৱালৈ অসম চৰকাৰে মনোনীত কৰিলে অসম পুলিচৰ ছয়জনকৈ জ্যেষ্ঠ বিষয়াক ৷

৯. দশম শ্ৰেণীলৈকে পাঠ্যপুথিত অন্তৰ্ভূক্ত হৈছে অসম বুৰঞ্জী আৰু ভূগোলৰ পাঠ্যক্ৰমঃ অঞ্জন দত্তৰ প্ৰশ্নৰ উত্তৰত সদনক জনালে শিক্ষামন্ত্ৰীয়ে ৷

১০. জুন মাহত হাইস্কুলৰ ৫০০০ হাজাৰ শিক্ষকৰ নিযুক্তিঃ ৬৩৬খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰবৰ্তিত হব বাণিজ্য আৰু বিজ্ঞান শাখা- শিক্ষা মন্ত্ৰীয়ে কৰিলে ঘোষণা ৷

১১. সম্পূৰ্ণ দ্বায়িত্ব গ্ৰহণৰ আগতে ৰামৰ্শ বিচাৰি সাহিত্যক মহিম বৰাৰ কাষ পালেগৈ অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ ডাঙৰীয়া ৷


চিন্তনীয় খবৰঃ
১. "গল্ডেন আছাম" গঢ়াৰ লক্ষ্যৰে এইবাৰ আজমল বাহিনীৰ মুকলি হুংকাৰঃ ২০১৬চনত মুখ্যমন্ত্ৰী হব বদৰুদ্দিন ৷

২. বিধানসভাত হাংগামা প্ৰসংগত এইবাৰ লক্ষ্মণৰেখা অতিক্ৰম নকৰাৰ সকিয়নী আজমল বাহিনীলৈঃ সদৌ অসম ছাত্ৰ সন্থাই ক’লে ১৯৫১চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১চনলৈকে ভোটাৰ তালিকাত নাম থকা লোক আৰু তেখেত সকলৰ সতি-সন্ততিৰ নামসহ অচিৰেই উন্নীত হবই লাগিব নাগৰিকপঞ্জী ৷

৩. এইবাৰ নাগৰিকত্ব গোচৰত "চাৰ্জ ফ্ৰেম" কৰিলে আদালতেঃ পুনৰ আইনী বিতৰ্কলৈ মণি কুমাৰ চুব্বা ৷

৪. এইবাৰ জনগোষ্ঠীয় চানেকী চুৰি কৰি বৰ্হিঃ ৰাজ্যত তৈয়াৰ হৈছে অসমৰ জনজাতীয় সাজপাৰঃ ভিতৰৰ আৰু বাহিৰৰ ক’লা বেপাৰীক চিনাক্ত নকৰিলে অচিৰেই ক’লীয়া ডাৱৰে চানিব অসমৰ শিপিনীৰ ভৱিষ্যত ৷

৫. তামুলপুৰত কৃষকৰ বিক্ষোভঃ শুকানজুলিত দহ হাজাৰ হেক্টৰ মাটিত সামৰিক ঘাটি স্থাপনৰ বিৰোধিতা ৷

৬. ৰাজ্যৰ ৭০ শতাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখাই নাই গোলক অনুবীক্ষণ যন্ত্ৰঃ বাতৰিৰ শিৰোনামে চকু তুলিছে কপালত ৷

৭. শিক্ষামন্ত্ৰীৰ আস্ফালনক মিছা প্ৰমাণিত কৰি প্ৰহসনত পৰিণত শিক্ষাৰ অধিকাৰ আইন ৷

৮. বিটিচিত অসমীয়া ভাষাক এলাগী কৰাৰ প্ৰতিবাদত ৮ এপ্ৰিলৰ পৰা ৮৪ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান দিলে সদৌ অসমীয়া ঐক্যমঞ্চৰ ৷

৯. অসমত সংখ্যলঘু উন্নয়নৰ নামত চলা কাম কাজ দেখি হতবাক হ’ল কেন্দ্ৰীয় মন্ত্ৰী ডঃ কে ৰহমান খান ৷

১০ জিলা পৰিষদ গঠনক লৈ প্ৰতিক্ৰিয়াৰে বঙাইগাঁৱত সচেতন মঞ্চৰ নামত প’ষ্টাৰিঙঃ"অগপ-এ আই ইউ ডি এফ ভাই ভাই, ৮৫৫ শ্বহীদৰ ত্যাগৰ কোনো মূল্য নাই!"


১১. ৰাজহ মন্ত্ৰীয়ে ক’লে-চুক্তিৰ আধাৰত জৰীপ সম্পন্নঃ বাংলাদেশৰ হাতলৈ যাব অসমৰ ২৬৮ একৰ মাটি ৷

১২. এইবাৰ সংখ্যালঘু প্ৰধান অঞ্চলত স্থাপন হব আই আই টি, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শাখা অসমতঃ কেন্দ্ৰীয় মন্ত্ৰী বহিল দিশপুৰৰ সতে ৷

১৩. নগাঁৱত সমাজ কল্যানত লুণ্ঠনঃ প্ৰসূতি-শিশুৰ বাবে দিয়া ধন উদৰস্থ কৰিছে বিষয়াই ৷


বোল বচনঃ
১. শিক্ষামন্ত্ৰীয়ে কৰিলে ঘোষণাঃ ৰাজ্যত হ’ব ৫০০খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

২. শিক্ষা সংসদীয় সচিব ৰেকিবুদ্দিনে ক’লেঃ ছিণ্ডিকেটৰ তদন্ত হ’লে ডাঙৰ ডাঙৰ নেতাৰ কাপোৰ খোল খাব!

৩. জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ক’লে সদনতঃ বান-খহনীয়া বিষয়ত কেন্দ্ৰ সঁহাৰি ইতিবাচক নহয় !

৪. শ্ৰমিক নেতা বিবেক দাসে ক’লে-"আদিবাসীক কণ্ঠৰোধৰ বাবেই চাহ-জনগোষ্ঠীক মাওবাদী সজোৱাত লাগিছে কংগ্ৰেছ চৰকাৰ" ৷

৫. সৰ্বানন্দ সোনোৱালে দিলে হুংকাৰ-"বাংলাদেশীক অসমৰ মুখ্যমন্ত্ৰী হবলৈ দিয়া নহ’ব!"

No comments:

Post a Comment