ডঃ বুলজিৎ বুঢ়াগোহাঁইৰ দ্বাৰা ৰচিত আৰু সম্পাদিত তথা আঁক্-বাঁক দ্বাৰা প্ৰকাশিত "সম্পাদকলৈ চিঠি" এখন উৎকৃষ্ট মানদণ্ডৰ কিতাপ ৷ আমাৰ অতি সীমিত জ্ঞানৰ ওপৰত ভিত্তি কৰি ক’ব খোজো যে অসমীয়া সাহিত্যৰ ভঁড়ালত ই এক আপুৰুগীয়া সম্পদ স্বৰূপ ৷
কিয়নো ইয়াত কিছু কাৰণ নথকা নহয় – আমি জনাত কিতাপ এখনৰ আগকথাই কিতাপ এখনৰ মানদণ্ড নিৰূপনত যথেষ্ট ভূমিকা লয় ৷ ঠিক একেদৰে প্ৰকাশকৰো এক বিশেষ ভূমিকা থাকে ৷ এই কিতাপখনৰ আগকথা যিগৰাকী স্বনামধন্য লেখকে ( ৰবেন্দ্ৰ কুমাৰ দাস) লেখিছে তাৰ ব্যাখ্যা কৰাৰ ধৃষ্টতা আমাৰ নাই ৷ সেই গৰাকী লেখক পঢ়ুৱৈ সমাজৰ বাবে নামেই এক বিশেষ পৰিচয় স্বৰূৰ ৷ ঠিক একেদৰে যিটো প্ৰকাশন গোষ্ঠীয়ে কিতাপখন প্ৰকাশ কৰি উলিয়াছে, সেই প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে অসমৰ ৰাইজৰ হৃদয়ত এখন সুকীয়া স্থান দখল কৰিছে ৷ তেখেতসকলৰ পাৰদর্শিতা আৰু দক্ষতাৰ কথা জনোতাই জানে আৰু বুজোতাই বুজেই ৷ আমি ভাবো তেওঁলোকৰ বিষয়েও ইয়াত বাখ্যা কৰাৰ প্ৰয়োজন নাই৷
এতিয়া আহো কিতাপখনৰ বিষয়বস্তুলৈ –এই কিতাপ খনৰ বিষয়বস্তু ইমানেই তথ্যভিত্তিক হৈছে যে তাৰ বর্ণনা নিষ্প্ৰয়োজন। এখন দেশ তথা ৰাজ্যৰ যি কেইটা মুখ্য বিষয়, প্ৰধানত সেই বিষয় কেইটাৰ সমস্যাৰ ওপৰত চিঠিৰ জৰিয়তে মূলতঃ সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিব বিচৰাৰ এক প্ৰয়াসৰ এই গ্ৰন্থ এক সংকলিত ৰূপ মাত্ৰ ৷ অসমীয়া সাহিত্যত ই এক ব্যতিক্ৰমধৰ্মী আৰু এনে চিঠি সংকলন কৰাৰ প্ৰথম প্ৰয়াস৷
ভবিষ্যতে যদিহে বুঢ়াগোহাঁই ডাঙৰীয়াই অন্য অন্য ভাষালৈ সম্পাদকলৈ লিখা চিঠি সমূহ অনুবাদ কৰাৰ কথা চিন্তা কৰে তেতিয়াহ’লে এই সমস্যাসমূহ বহলভিত্তিত অলোচনা হোৱাৰ সম্ভবনাৰ স্থল থকা বুলি এক ধাৰণা হয়৷ কিতাপ সম্পর্কে আমাৰ যি অতি সীমিত জ্ঞান তাৰ ওপৰত ভিত্তি কৰি এটা কথা উনুকিয়াব বিচাৰো যে যদিহে কিতাপখনৰ মূল্যতো লগাতকৈ ব্যয়বহুল হ্য়, তেতিয়াহ’লে সেইখন কিতাপ সর্বসাধাৰণৰ কাৰণে ক্ৰয় কৰাতো সহজসাধ্য নহয় ৷ তেতিয়া সেই ব্যয়বহুল কিতাপখন এটা চামৰ মাজতে সীমাবদ্ধ হৈ থাকে ৷ বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগতে প্ৰকাশকে অতি সুন্দৰকৈ সেই কথাটোত গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷
মুঠতে পঢ়ুৱৈ সমাজে যদিহে এইখন কিতাপ সহৃদয়তাৰে আঁকোৱালি লয় তেতিয়াহ’লে অসমীয়া সমাজৰ বাবে এইখন কিতাপ হ’ব এক অনবদ্য উপহাৰ স্বৰুপ।

No comments:
Post a Comment