১. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ ৪২টা স্থানত একেলগে একসময়তে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে সাহিত্যৰথীৰ অসম সৃষ্টিৰ কৰিলে আবৃত্তি। সদৌ অসম ছাত্ৰ সন্থাই সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জয়ন্তীত এইদৰেই জনালে বিশেষ শ্ৰদ্ধাঞ্জলি। কালি বিজেপি দলৰ ৰাজ্যিক সমিতিয়েও বাজপেয়ী ভৱনত এই স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ সুখবৰ। দৰং মহাবিদ্যালয়ত সাহিত্যৰথীৰ সোঁৱৰণত বক্তৃতানুষ্ঠান, যোৰহাট, নলবাৰী, ধুবুৰী আদিতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হোৱাৰ খবৰ প্ৰকাশ পাইছে।
২. অসমৰ চাহ উদ্যোগক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীলৈ সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই পত্ৰ প্ৰেৰণ কৰাৰ খবৰে সংবাদ শিৰোনামা দখল কৰিছে। তেখেতে চাহক "জাতীয় পানীয়" ৰূপে ঘোষণা কৰিবলৈ আহ্বান জনোৱা বুলিও প্ৰকাশ পাইছে। কালি তেখেতে মুম্বাইত উত্তৰ-পূৱৰ মুম্বাই নিবাসী লোক সকলৰ সৈতেও এক অন্তৰংগ মত বিনিময় অনুষ্ঠানত অংশ লয়।
৩. গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এম জি ভি কে ভানুৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ বৈঠকে কেতবোৰ পদক্ষেপ বাস্তৱিত কৰাৰ দিশে হস্ৰকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন ভাৱে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুঠ ৩৩টা পেকেজত বিভক্ত কৰি নলা-নৰ্দমা পৰিস্কাৰৰ কাম আগুৱাই নিবলৈকো এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ।
৪. দেশৰ গ্ৰাম্য উন্নয়নক এক ন-ৰূপ দিয়াৰ লক্ষ্যৰে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে অভিলাষী আঁচনি সাংসদ আদৰ্শ গ্ৰাম যোজনা। প্ৰতিজন সাংসদকে প্ৰতিবছৰে একোখন আদৰ্শ গাঁও গঢ়ি তোলাৰ দ্বায়িত্ব দিয়াৰ উদ্দেশ্যৰে আৰু ইয়াৰ দ্বাৰা আদৰ্শ গাঁৱৰ পৰা চুবুৰীয়া গ্ৰাম সমূহতো ইতিবাচক পৰিবৰ্তন অনাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযানৰ পাছতেই এই ইতিবাচক আঁচনিখনৰ সূচনা কৰা হৈছে।
৫. একাশী বছৰত ভৰি থলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কালি শাৰীৰিক অসুস্থতাৰ বাবে জন্মদিনৰ বিশেষ কাৰ্যসূচী পালিত নকৰিলেও শুভাকাংশী সকলে মুখ্যমন্ত্ৰীজনক শুভেচ্ছা জ্ঞাপন কৰাৰ বাতৰি পোৱা গৈছে।
৬. ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ আজি কলিকতাত হব শুভ উদ্বোধন। অহা সোমবাৰে এই লীগৰ শচীন টেণ্ডুলকাৰ মালিকাধীন কেৰেলা ব্লাষ্টাৰ্ছ আৰু জন আব্ৰাহামৰ নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ মাজত এখনি খেল গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হব। তাকে লৈ এতিয়া অসম তথা উত্তৰ-পূৱৰ ফুটবল প্ৰেমীৰ মাজত আনন্দৰ বন্যা বোৱাৰো সুখবৰ প্ৰকাশ পাইছে।
৭. নেশ্যনেল বুক ট্ৰাষ্টে আয়োজন কৰা ৯ দিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্বনাথ গ্ৰন্থমেলাৰ উন্মোচনী অনুষ্ঠানত অংশ ললে বিশিষ্ট লেখক, সমালোচক ডঃ মুকুন্দ ৰাজবংশীয়ে। তেখেতে সমগ্ৰ ভাৰতবৰ্ষতে কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ লগতে পুথিভঁৰাল সমূহকো সমৃদ্ধ কৰাৰ বাবে ভাষণ প্ৰসংগত আহ্বান জনায়।
৮. দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ কমলাবাৰীস্থ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ডঃ ভূপেন হাজৰিকাৰ গীতৰ এখনি সন্মিলন কালিৰে পৰা অনুষ্ঠিত হোৱাৰ সুখবৰ। এই প্ৰতিযোগিতাৰ উন্মোচক ৰূপে ভাষণ প্ৰসংগত শিল্পী পৃথ্বীৰাজ ৰাভাই সুধাকণ্ঠৰ গীত সমূহৰ সংৰক্ষণ তথা সংবৰ্ধনত মাজুলীৰ ৰাইজে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰা বুলিও জানিব পৰা গৈছে।
৯. মহাপুৰুষ মাধৱদেৱৰ শিষ্য তথা বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোতসৱ আজিৰে পৰা দুদিনীয়াকৈ বৰপেটাৰ নহাটীত আয়োজন কৰা হৈছে। পাৰম্পৰিক ৰূপত পালিত হব লগা এই অনুষ্ঠানত বৰগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।
১০. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় হৰমোহন গোস্বামীৰ "কালচক্ৰ" নামৰ এখনি গ্ৰন্থ। আনহাতে গুৱাহাটীৰ আমবাৰীস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত নাট্যশিল্পী বাহাৰুল ইছলাম, গল্পকাৰ মনালিছা শইকীয়া, গীতালি বৰা আদি সুধীজনে উন্মোচন কৰে নবীন গল্পকাৰ অশোক কুমাৰ নাথৰ প্ৰথমখন গল্প সংকলন "ঐ ৰাধা"ৰ।
No comments:
Post a Comment