চিন্তনঃ খেদ ঐ খেদ, বিদেশীক খেদ: সপোন বনাম বাস্তৱ:: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ খেদ ঐ খেদ, বিদেশীক খেদ: সপোন বনাম বাস্তৱ::  দীপাংকৰ মল্ল বৰুৱা

চিন্তনঃ খেদ ঐ খেদ, বিদেশীক খেদ: সপোন বনাম বাস্তৱ:: দীপাংকৰ মল্ল বৰুৱা

Share This
এই কেইদিন ৰাজপথত সতকাই শুনিবলৈ পোৱা শ্লোগানটো হ’ল, “আহ ঐ আহ, ওলাই আহ। খেদ ঐ খেদ বিদেশীক খেদ’। মনকৰিবলগীয়াযে এই শ্লোগানটো ১৯৭৯ চনত অসম আন্দোলনৰ আৰম্ভণিৰ সময়ৰে পৰা শুনি আহিছোঁ। এই শ্লোগানৰ প্ৰতি সঁহাৰি জনাই বাৰে বাৰে আবাল বৃদ্ধ বনিতা ৰাজপথলৈ ওলাই আহিছে।  কিন্তু কোনেও বিদেশী খেদিব পৰা নাই। খেদ ঐ খেদ, বিদেশীক খেদ বুলি চিঞৰা ল’ৰাজনেও আশা কৰিছে নিজে নহয়, আন কোনোবাইহে বিদেশীক খেদিব। কিন্তু বিদেশী খেদাৰ সেই সপোন আজিও সুদূৰ পৰাহত হৈ আছে।

মোৰ কেতিয়াবা এনে অনুভৱ হয়, হয়তো অসম আন্দোলন নোহোৱা হ’লেই ভাল আছিল। অসমৰ ৮৫৫ জন তেজাল ডেকাই প্ৰাণ আহুতি দিবলগীয়া নহ’লহেতেন। পুলিছ, মিলিটাৰীৰ লাঠীৰ কোব খাই, বন্দুকৰ গুলী লাগি আমাৰ শ শ ডেকা ঘূণীয়া হ’বলগীয়া নহ’লহেতেন। সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ জংগললৈ গৈ অসমৰ হাজাৰ হাজাৰ নিৰীহ যুৱক যুৱতীয়ে অকালতে প্ৰাণ দিবলগীয়া নহ’লহেতেন। লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে মূল্যবান শিক্ষাবছৰবোৰ হেৰুৱাবলগীয়া নহ’লহেতেন। লাখ লাখ বিষয়া কৰ্মচাৰীয়ে আন্দোলনত যোগদান কৰাৰ বাবে সন্মুখীন হোৱা দুৰ্ভোগ ভূগিবলগীয়া নহ’লহেতেন। 

অসম আন্দোলন আৰম্ভ হোৱাৰ এবছৰ মানৰ ভিতৰতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমৰ বিদেশী বিতাড়নৰ বাবে ১৯৬৬ চনৰ সীমাৰ প্ৰস্তাৱ দিছিল। কিন্তু সেইসময়ৰ আন্দোলনৰ নেতৃত্বই আঁকোৰগোজকৈ ১৯৫১ চনৰ সীমা দাবী কৰি থকাৰ কাৰণে আন্দোলন ছয় বছৰলৈ চলিল। সেই ছয় বছৰত নেলী, গহপুৰত হোৱা গণসংহাৰকে ধৰি হেজাৰ হেজাৰ মানুহৰ প্ৰাণ গ’ল। আচৰিত কথাযে, আন্দোলনৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ ১৯৬৬ চনৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা আন্দোলনৰ সেই একেই নেতৃত্বই ছয় বছৰ আন্দোলন কৰাৰ পাছত ১৯৭১ চনৰ ২৪ মাৰ্চৰ সীমা গ্ৰহণ কৰি তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত অসম চুক্তি সম্পাদিত কৰিছিল।

আমোদজনক ভাৱে অসম আন্দোলনৰ নেতাসকলেই দুবাৰকৈ চৰকাৰ গঠন কৰিও অসমৰ পৰা বিদেশী খেদিব নোৱাৰিলে। ছয় বছৰীয়া অসম আন্দোলনৰ পৰিণতিত হোৱা অসম চুক্তিয়ে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা লাখ লাখ বিদেশীক স্বদেশী নাগৰিক বুলি স্বীকৃতিহে দিলে। আমোদজনকভাৱে অবৈধ নাগৰিকক খেদিবলৈ কৰা অসম আন্দোলন আৰু অসম চুক্তি হৈ পৰিল সীমান্তৰ সিপাৰৰ পৰা অহা অবৈধ নাগৰিকৰ কাৰণে ত্ৰাণকৰ্তা স্বৰূপ। কোনো নথি পত্ৰ নোহোৱাকৈ, কোনো আইনী প্ৰক্ৰিয়া নোহোৱাকৈ ১৯৭১ চনৰ আগতে অহা লাখ লাখ বিদেশী একে ৰাতিতে দেশৰ নাগৰিক হৈ যোৱাৰ দৰে ঘটনা হয়তো সমগ্ৰ বিশ্বতে বিৰল। যিবোৰ মানুহে অসম আন্দোলনৰ ফলত খেদা খাব বুলি ভয় কৰি আছিল, তেওঁলোকক অসম চুক্তিয়ে চৰম সকাহ দিলে। অসম আন্দোলনৰ ঘোৰ বিৰোধিতা কৰা বুদ্ধিজীৱিয়েও অসম চুক্তিক আদৰণি জনালে। অসম আন্দোলনৰ সময়ত অবৈধ বিদেশীৰ ৰক্ষণাবেক্ষণত ব্যস্ত থকা বহুতো দল সংগঠনৰ নেতাৰ মুখত অসম চুক্তিৰ প্ৰতি সমৰ্থনৰ কথা আখৈ ফুটাদি ফুটিবলৈ ধৰিলে। বিদেশীক খেদিবলৈ অসমৰ মানুহে সৰ্বোচ্চ ত্যাগ কৰি কৰা ছয়বছৰীয়া অসম আন্দোলনৰ পৰিণতিত লাভ কৰা চুক্তি এখনে কি দিলে সেয়া ভাবিবলগীয়া কথা। বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম আন্দোলন হৈছিল নেকি? লাখ লাখ বিদেশীক সংস্থাপিত কৰিবলৈ শ্বহীদে বলিদান দিছিল নেকি?

অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৫.৮ দফাত আছে “Foreigners who came to Assam on or after March 25, 1971 shall continue to be detected, deleted and expelled in accordance with law. Immediate and practical steps shall be taken to expel such foreigners”। মন কৰিবলগীয়াযে অসম চুক্তিৰ সময়ত বিদেশী চিনাক্তকৰণত হেঙাৰ সৃষ্টি কৰা আৰু পাছলৈ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা IMDT আইনখন বলবৎ হৈ আছিল। সেয়েহে অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটোৰে অসম আন্দোলনৰ নেতৃবৰ্গক আভুৱা ভৰা হৈছিল বুলিয়েই ক’ব পৰা যায়। চাওঁতে চাওঁতে সাতচল্লিছটা বছৰ পাৰ হৈ গ’ল। ১৯৭১ চনত অহা কিশোৰ জনো এতিয়া বৃদ্ধ হ’ল। কিন্তু এতিয়াও বিদেশী বহিষ্কৰণতো দূৰৰে কথা, চিনাক্তকৰণেই নহ’ল।

বিদেশী চিনাক্তকৰণৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও ভুৱা নথি পত্ৰৰে ১৯৭১ চনৰ পাছত অহা বহু বিদেশীৰে নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খছৰাত অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উঠিছে। আচৰিত কথাযে যিবোৰ জিলাত প্ৰৱজনৰ কাৰণে জনসংখ্যা বৃদ্ধিৰ আটাইতকৈ অধিক প্ৰভাৱ পৰিছে, সেইকেইখন জিলাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খছৰাৰ পৰা আটাইতকৈ কম সংখ্যক মানুহৰ নাম বাদ পৰিছে। ইয়াৰ অৰ্থ এয়েযে ফৰ্জি নথি পত্ৰ, ভুৱা বংশতৰুৰে ১৯৭১ চনৰ পাছত অহা বিদেশীও এতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পথত। কিন্তু আচৰিত কথাযে অসম চুক্তি ৰক্ষণাবেক্ষণৰ বাবে বদ্ধ পৰিকৰ দল সংগঠনসমূহৰ এই ক্ষেত্ৰত ভূমিকা নিৰ্বিকাৰ হৈয়েই ৰৈছে। ওজৰ আপত্তি দাখিলৰ সীমা পাৰ হওঁ হওঁ। এতিয়াও হেনো নগন্য সংখ্যক আপত্তিহে আহিছে। এই সময়ত সাৱধান নহ’লে অসমত বিদেশী চিনাক্তকৰণৰ কাৰণে আৰম্ভ কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ব্যৱস্থাই ১৯৭১ চনৰ পাছত অহা বিদেশীখিনিকো নাগৰিক হিচাপে স্বীকৃতি দিব।

অসম চুক্তিৰ ক্ষেত্ৰত আন এটা মন কৰিবলগীয়া কথা হ’ল, অসম চুক্তিৰ ছয় নং দফাত থকা  অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচৰ বিষয়টোত এতিয়া আৰু কোনেও মাত নামাতে। এই দফাটোত আছে, “Constitutional, legislative and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people”. অসম চুক্তি ৰূপায়নৰ পূৰ্বচৰ্ত হ’ব লাগিছিল অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচ। কিন্তু অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ যেন কোনো চিন্তিত নহয়। এই ইছ্যুটোক লৈ কেতিয়াও ৰাজপথত আন্দোলন হোৱা নাই, কোনেও জুই লৈ সমদল উলিওৱা নাই। আমোদজনক ভাৱে এশটাতকৈও অধিক জাতীয় সংগঠন থকা ৰাজ্যখনত এতিয়াও কোনেও অসমীয়াৰ সংজ্ঞাই নিৰ্দ্ধাৰণ কৰিব পৰা নাই। অসমীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণ কৰাৰ পাছতহে অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচৰ কথা আহিব।

বিদেশী বুলি চিনাক্ত হোৱা লোকৰ কি কৰা হ’ব, তেওঁলোকক কেতিয়া আৰু কেনেকৈ নিজ দেশলৈ উভতাই পঠিওৱা হ’ব আদি কথাবোৰ এতিয়াও ধূসৰ হৈ আছে। আজিলৈকে কোনো এখন চৰকাৰেই চুবুৰীয়া দেশৰ লগত অবৈধ নাগৰিকৰ প্ৰত্যাৰ্পনৰ চুক্তি কৰাত গুৰুত্ব দিয়া নাই। অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ বদ্ধ পৰিকৰ বুলি দাবী কৰি অহা দল–সংগঠনসমূহেও প্ৰত্যাৰ্পন চুক্তিৰ দাবী কৰি আন্দোলন কৰা পৰিলক্ষিত হোৱা নাই। এখন প্ৰত্যাৰ্পন চুক্তিৰ অবিহনে যোৱা প্ৰায় অৰ্ধ শতিকা ধৰি অসমলৈ অহা হেজাৰ হেজাৰ বিদেশীক আন এখন দেশলৈ খেদি পঠিওৱাটো কেতিয়াও সম্ভৱপৰ নহয়। অথচ এই গুৰুত্বপূৰ্ণ কথাটোকে সদায় আওকাণ কৰি থকা হৈছে। ৰাজ্য চৰকাৰেও কেতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত প্ৰত্যাৰ্পন চুক্তিৰ কাৰণে হেঁচা প্ৰয়োগ কৰা নাই। জাতীয়তাবাদী দল সংগঠন সমূহো এই ক্ষেত্ৰত প্ৰায় মৌন বুলিয়েই ক’ব পাৰি। ৰাজপথত ‘খেদ ঐ খেদ’ বুলি চিঞৰিলেই বিদেশী খেদিব নোৱাৰি, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা থাকিব লাগিব, এই কথাটোৱেই এতিয়ালৈ গুৰুত্বহীন হৈ আছে।

বৰ্তমানৰ চৰকাৰে ২০১৪ চনলৈ অহা অমুছলমান প্ৰৱজনকাৰী সকলক ৰক্ষনাবেক্ষণ দিয়াৰ প্ৰয়াস কৰিছে। এই বিষয়ত চৰকাৰে উত্থাপন কৰা বিধেয়কৰ ব্ৰহ্মপুত্ৰ উপত্যকাত তীব্ৰ বিৰোধিতা হৈছে। আনহাতে বৰাক উপত্যকাত বিধেয়কখনক আদৰণি জনোৱা হৈছে।  বৰাক ব্ৰহ্মপুত্ৰৰ এই বাদ বিবাদৰ পৰিণতিত অসম চুক্তি উলংঘা কৰি ২০১৪ চনলৈ অহা সকলো বিদেশীকেই হয়তো অসমত নিগাজীকৈ ৰখাৰ ব্যৱস্থা হ’বগৈ।

মোৰ অনুভৱ হয়, বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ কাৰণে হোৱা সকলো প্ৰচেষ্টাই আচলতে অসমত বিদেশীক নিগাজীকৈ থাকিবলৈ আৰু অসমৰ নাগৰিক হোৱাত সহায়হে কৰিছে। বিদেশীৰ ইছ্যুটোত খিলঞ্জীয়া অসমীয়া মানুহ বাৰে বাৰে প্ৰতাৰিত হৈছে আৰু আগলৈও হৈ থাকিব। এই বিদেশী ইছ্যুটোক লৈ উচতাই জোল খোৱা ৰাজনৈতিক নেতাৰ এতিয়া অভাৱ নাই। ‘খেদ ঐ খেদ, বিদেশীক খেদ’ শ্লোগানেৰে অনাহকত হৈ চৈ কৰি বিদেশী নাগৰিকৰ সমস্যাটো ৰাজনৈতিক অস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰি থকা দেখা গৈছে। এতিয়া এনে অনুভৱ হয়, অসম আন্দোলন, অসম চুক্তিৰ ৰূপায়ণ, বিদেশী নাগৰিকৰ সমস্যা আদি বিষয়ত লাগি থকাতকৈ অসমীয়া মানুহে হাতে কামে বিদেশী খেদা কামত লাগিবৰ হ’ল। বিদেশীয়ে কৰি থকা সৰু-বৰ সকলো কাম নিজৰ আয়ত্বলৈ আনি বিদেশীৰ উপাৰ্জনৰ বাট বন্ধ কৰিব পাৰিলেহে প্ৰকৃততে অসমৰ বিদেশী সমস্যাৰ সমাধান হ’ব। কিন্তু সেই সপোন এতিয়াও সুদূৰ পৰাহত।

No comments:

Post a Comment