ৰূপালী পৰ্দাঃ ভিলেজ ৰকষ্টাৰৰ 'বাৰ্তা' আৰু দৰ্শকৰ অনুভৱ:: ৰূপান্তৰ বৰপাত্ৰ গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ ভিলেজ ৰকষ্টাৰৰ 'বাৰ্তা' আৰু দৰ্শকৰ অনুভৱ:: ৰূপান্তৰ বৰপাত্ৰ গোহাঁই

ৰূপালী পৰ্দাঃ ভিলেজ ৰকষ্টাৰৰ 'বাৰ্তা' আৰু দৰ্শকৰ অনুভৱ:: ৰূপান্তৰ বৰপাত্ৰ গোহাঁই

Share This
ৰীমা দাস পৰিচালিত তথা নিৰ্মিত ভিলেজ ৰকষ্টাৰ চিনেমাখন চালো।বিশ্বৰ শ্ৰেষ্ঠ ছবিৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনলৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা আমাৰ আপোন ৰাজ্যৰ, আপোন মাটিৰ চিনেমাখন  চোৱাৰ বাবে সকলো অসমীয়াৰ লগতে আমাৰো এক স্বাভাৱিক কৰ্তব্য স্বৰূপ হৈ উঠিছিল। চিনেমাখনৰ কিছুমান দৃশ্য়ই হৃদয় চুই গৈছিল, সাৰ্বজনীন সুখানুভূতি আৰু সপোন প্ৰয়াসী মনৰ কথাবোৰ ৰূপালী পৰ্দাত দেখি শিহৰিত হৈ উঠিছিলো।

যেনে, "কৰ্মই ধৰ্ম" বানপানীৰ মাজেৰে নাওখনত ধুনু আৰু মাক গৈ আছে, মাকে বঠা বাইছে,ধুনুৱে সোধা প্ৰশ্নৰ উত্তৰত মাকৰ উত্তৰ মাত্ৰ সেইটোৱেই,,য'তেই প্ৰকাশ পাই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ মৰ্মাৰ্থ। সন্তোষদাৰ এইখিনিতেই এটা সুন্দৰ বক্তব্য,,"বানপানী আহিলে যে আমি নাটক বা চিনেমাত অযথা হৈ চৈ কৰো, তাৰ কি প্ৰয়োজন,,সদায় বাৰিষা যি জানেই বানপানী আহি তহিলং কৰিবই। তেওঁলোকে নৰ্মেলি ইমান চিঞৰ বাখৰ কিয় কৰিব,তেওঁলোকে জীৱনৰ প্ৰত্যাহ্বানক যথেষ্ট সহজভাৱেই ল'ব আৰু নিজৰ কৰ্মও কৰি যাব, যিটো ঘটিছে ভিলেজ ৰকষ্টাৰছত। সকলোবোৰেই উদযাপন, কি দৰিদ্ৰতা, কি বানপানী, কি ভোক, কি জীৱন! আশা, সপোন, আৰু কি ক'ম, সমালোচনা কি কৰিবলৈ কি বাকী, আমি নাজানো। কেইটিমান অনুভৱ ব্যক্ত কৰিছো মাত্ৰ-
(১) ছবিৰ প্ৰথম দৃশ্যত মুকলি পথাৰত দূৰলৈ চাই থকা ধুনু, যেন কিবা অন্বেষণ সপোনৰ, শেষৰ দৃশ্যকেইটাত গীটাৰ খন হাতত লৈ এটা সপোন পূৰা হোৱাৰ ধুনু, লক্ষ্য দূৰ দিগন্ত...।

(২) সহজ সৰল প্ৰকাশভংগী, কিন্তু বলিষ্ঠ,,কেমেৰাৰ আবেদন ইমান যে সংলাপ তাত নহলেও একো নাই,, কেমেৰাৰ প্ৰকাশভংগী এনেকুৱা মই ইৰাণীয়ান ছবিত দেখিছো, দেখিছো পথেৰ পাঁচালীত, বেছিভাগ সময়ত fixed কেমেৰা, movement নায়েই, এখন এখন লেণ্ডস্কেপ আৰু ধুনু আৰু মাকৰ জীৱন আৰু অন্তৰ্দন্দ্বত, আশা, সপোন, দিঠকৰ মনৰ জগতখনত focus..অযথা নাটকীয়তা সৃষ্টিৰ এক বিন্দু  অযথা অভিপ্ৰায় নাই কেমেৰাৰ জৰিয়তে।

(৩) অভিনয়ৰ ক্ষেত্ৰত আচৰিত, ইমান স্বাভাৱিক অভিনয়ৰ অসমীয়া ছবি চোৱাৰ মনত নাই,, সাংঘাটিক বাস্তৱিক। নিজেই যেন তাত আছো। বন্ধু অনুপমৰ এটা বক্তব্য, " ডকুমেণ্টৰী (তথ্যচিত্ৰ চোৱাৰ দৰে লাগে)"। কেমেৰা যে আগত আছে অভিনেতাৰ ভ্ৰক্ষেপেই নাই, নিজৰ মতে যেন চব, অভিনয় কৰিছোঁ বুলি ভাৱি কৰা কোনো মূধাফটা অভিনেতা থকা হ'লে এনে অভিনয় চাগে আশা কৰিব নোৱাৰি! কৰো বুলি কৰা 'অভিনয়' থাকিলহেতেন তেতিয়া, নাথাকিলহেতেন চাগৈ এই স্বাভাৱিকতা!

(৪) কোনো যন্ত্ৰ সংগীত ৰ লেখমানো স্হান নাই,, একমাত্ৰ সংগীত হৈছে প্ৰাকৃতিক ambiance (শব্দ) সমূহ,,আৰু মাজে মাজে অহা ধুনুৰ গান, সংগীতানুষ্ঠান,,অতি জীৱন্ত সংগীত। পৰিচালিকা ৰীমা দাসক মানি গৈছো, এটাও বাহিৰা সংগীত প্ৰয়োগ কৰাৰ লোভনীয় হাবিয়াস নহ'ল। ইমান scope থাকোতেও। বেলেগ খুব কম পৰিচালকেই এনে হাবিয়াস কৰিব!

(৫) বহুতো দৰ্শক আৰু কেৱল দক্ষিণ ভাৰত অথবা বলীউদৰ মছলাধৰ্মী ছবি চাই ভাল পোৱা দৰ্শকৰ বাবে এই ছবিখন এখন যেন Lesson স্বৰূপ। ৰীমা দাসে আমাক ছবি চাবলৈ শিকাইছে। জাহ্নু বৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া, সান্তনা বৰদলৈয়ে অসমীয়া ভাল চিনেমা দৰ্শকক চোৱাবলৈ কৰা প্ৰচেষ্টাৰ পাছত, ৰকষ্টাৰ যেন এক সফল প্ৰয়াস। এনে ছবি বহু দৰ্শকে সাধাৰণতে নাচায়! সান্তনা বৰদলৈৰ মাজৰাতি কেতেকী চাইছিলো মাত্ৰ পাঁচজন মানুহ লৈ, বান্ধোন চাইছিলো কেৱল ১২ জন মান মানুহ লৈ। আৰু এতিয়া ৰকষ্টাৰৰ বাবে হলভৰ্তি মানুহৰ উতসাহ। এয়াও এক ভাল বাৰ্তা। ভাল চিনেমা, অসমীয়া চিনেমাৰ ভাল সৃষ্টিৰ বাবে।

(৬) ভিলেজ ৰকষ্টাৰ যেন এটা বিৰাট সাহসৰ প্ৰতীক, প্ৰতিজন পইচা নথকা কিন্তু ছবি কৰাৰ দুৰন্ত হাবিয়াস থকা মানুহৰ বাবে! স্বাধীন চিনেমা নিৰ্মাতা তথা যুৱ প্ৰজন্মৰ বাবে এই এক সফলতাৰ দলিলো।

(৭) এইখন অসমৰ গাঁৱৰ পৰিৱেশত সৃষ্ট এক গ্লোৱেল চিনেমা। এক যেন ডাঙৰ শিক্ষা, অসমীয়া চিনেমা উদ্যোগৰ বাবে। বহুতো চৰকাৰী ধনেৰে কমিচন প্ৰগামৰ দৰে বৰিং চিনেমা বনাই অসমীয়া চিনেমাৰ প্ৰতি অনীহা সৃষ্টি কৰা 'প্ৰভাৱশালী' চিনেমা নিৰ্মাতাৰ বাবে যেন ই এক উজ্জ্বল ব্যতিক্ৰমী 'উদাহৰণ'হে!

(৮) দৰিদ্ৰতা, বানপানী, ভোক এইবোৰৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰতিবাদ ছবিখনৰ কোনো চৰিত্ৰই আৰু ৰীমা দাসেও কৰা নাই! মূৰত কচুৰ পাত লৈ বৰষুণত সৰু ল'ৰা ছোৱালীজাকে "আমাৰ দাৱী মানিবই লাগিব" বুলি কোৱা প্ৰতিবাদেই আক্ষৰিক প্ৰতীকি প্ৰতিবাদ। চৰকাৰে কি বুজে বুজক। ছবিখনত আন্তৰিকতা আছে, সততা আছে, চালে সেইটো বুজি পোৱা যায়।

(৯) বহুতো সুন্দৰ দৃশ্যৰ মাজত এটা দৃশ্য নিলিখি নোৱাৰি,, ধুনুৱে আৰু লগৰখিনিয়ে ছাগলী পোৱালীটো বিচাৰোতে ভোটা বা জোৰ কেইটা সম্পূৰ্ণ জ্বলি জ্বলি আন্ধাৰ হৈ যোৱা দৃশ্যটো। আন্ধাৰৰ মাজত জুইশলা মাৰি ভোটা কেইটা জ্বলাইছে, তেলৰ অভাৱত আকৌ নুমাই নুমাই বিন্দু দুটা মান জিলিকি আছে, অন্ধকাৰৰ মাজত মাতবোৰ, ধুনুৰ হুমুনিয়াহ, অপূৰ্ব,মায়াময় দৃশ্য।

এক লাখ টকাৰ মূলধনেৰে মূলত একক প্ৰচেষ্টাৰে ঘৰুৱা শিশু-কিশোৰ এজাকক লৈ নিৰ্মাণ কৰা এই অভিনৱ চিনেমাই এতিয়া বিশ্বৰ দৰবাৰত চাৰি কুৰিতকৈ অধিক পুৰস্কাৰ লাভ কৰিছে। ভাৰতীয় চিনেমাৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লভিছে। আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত আশীতকৈ অধিকবাৰ প্ৰদৰ্শিত হৈছে। এতিয়া আহিছে অস্কাৰৰ তুলাচনীত উঠাৰ ক্ষণ। তাৰ বাবে লাগিব উচ্চমানৰ প্ৰমোচনো। অসম চৰকাৰেও এক কোটি দি সাহাৰ্য কৰিছে, এতিয়া আমাৰ চিনেমা প্ৰেমী অসমীয়া মানুহৰ দায়িত্ব। চিনেমাখন চোৱাৰ আৰু অস্কাৰমুখী যাত্ৰালৈ আমাৰ বৰঙণি যোগোৱাৰ। ৰীমা দাস আৰু তেওঁৰ কৰ্মদললৈ আমাৰ আন্তৰিক অভিনন্দন জনালো। সৃষ্টি অবিৰত হওক, তাৰেই কামনা কৰিলো।
লেখক এগৰাকী প্ৰতিভাবান যুৱ নাট্য-কৰ্মী

No comments:

Post a Comment