ভাল খবৰঃ 'দাই' লৈ নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি, তথ্যচিত্র মহােৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ 'দাই' লৈ নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি, তথ্যচিত্র মহােৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

ভাল খবৰঃ 'দাই' লৈ নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি, তথ্যচিত্র মহােৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

Share This
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্র মহােৎসৱৰ পৰহি নিশা সফল সামৰণি পৰে।  যােৱা ৮ ছেপ্টেম্বৰত নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা মহােৎসৱৰ উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্তশংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্প কুমাৰ ডেকা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র পৰিচালক হেমেন দাস, অৰূপ মান্না, চলচ্চিত্রপ্রেমী ড° পার্থসাৰথি বৰুৱা, গল্পকাৰ শিৱানন্দ কাকতীকে প্রমুখ্য কৰি কেইবাজনাে বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। এই আয়োজন হৈছিল চিনেমালয়ৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযােগত নগাঁও চহৰত, দুদিনীয়াকৈ।

অনুষ্ঠানটোৰ আঁত ধৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক পার্থজিত বৰুৱাই। উল্লেখযােগ্য যে মহােৎসৱত ভাৰত, আমেৰিকা, জার্মানি, পােলেণ্ড, টাইৱান, স্পেইন, অষ্ট্রেলিয়া, কানাডা,ইংলেণ্ড, হাংগেৰী,ইন, ইটালি, বেলিজিয়ামকে ধৰি দেশ-বিদেশৰ সৰ্বমুঠ ২০০খন ছবিয়ে অংশগ্রহণ কৰে। মহােৎসৱৰ জুৰি হিচাপে উপস্থিত থাকে শ্রেষ্ঠ চলচ্চিত্র সমালােচকৰ ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত মনােজ বৰপূজাৰী, ৰাষ্ট্ৰীয় বঁটাপ্রাপক চলচ্চিত্র পৰিচালক প্রবীণ হাজৰিকা আৰু সূৰয দুৱৰা। 
'দাই'ৰ মূল চৰিত্ৰত অভিনয় কৰা দেৱী বৰকটকীক বঁটা প্ৰদান কৰিলে
অভিনেত্ৰী উৰ্মিলা মহন্তই

মহােৎসৱত বিভিন্ন শিতানত বঁটা লাভ কৰা ছবিসমূহ হ’ল— শ্রেষ্ঠ চুটি ছবি (উত্তৰ-পূব ভাৰত) মনােজ বৰকটকীৰ ‘দাই’, শ্রেষ্ঠ তথ্যচিত্র (উত্তৰ-পূব ভাৰত) মীনা লংজামৰ ‘অট’ ড্রাইভাৰ’, শ্রেষ্ঠ চুটি ছবি (ভাৰত) ধ্ৰুৱ ত্রিপাঠীৰ ‘১০x১০ ফুট’, শ্রেষ্ঠ চলচ্চিত্র (ভাৰত) সুমন্থ কুড়ভেলীৰ নগা প্রাইড’, শ্রেষ্ঠ চুটি ছবি। (আন্তঃৰাষ্ট্ৰীয়) আন্না হিল্টচৰ ‘আইচ’, শ্রেষ্ঠ তথ্য চিত্র (আন্তঃৰাষ্ট্ৰীয়) টমাজ ষ্টান কিউজৰ ‘ব্রেভ বানচ চিলড্রেন অব ৱাৰ ছ আপৰাইজিং’ (পােলেণ্ড)।

আনহাতে জুৰিৰ বিশেষ বঁটা লাভ কৰে (উত্তৰ-পূব ভাৰত) তথ্যচিত্র শিতানত অধিৰাজ কাশ্যপৰ ‘ব্র’কেন স্পেট্রে’ আৰু চুটি ছবি শিতানত (ভাৰত) বিজয় কুমাৰৰ প্ৰৱে। 

বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকে অভিনেত্রী উর্মিলা মহন্ত, চলচ্চিত্র পৰিচালক অৰূপ মান্না, ৰাণী দত্ত বৰুৱা, জুৰি মনােজ বৰপূজাৰী, প্রবীণ হাজৰিকা, উপাচার্য ড° কন্দর্প কুমাৰ ডেকা, গল্পকাৰ শিবানন্দ কাকতী। মহােৎসৱত দেশ-বিদেশৰ ৩০জনকৈ চলচ্চিত্র পৰিচালকে অংশগ্রহণ কৰে।

উল্লেখযোগ্য যে অভিনেতা হিচাবে মুম্বাইত কৰ্মৰত মনোজ বৰকটকীৰ 'দাই' হৈছে পৰিচালক হিচাবে চতুৰ্থটো পদক্ষেপ। তেখেতৰ সফলতাত অসমীয়াৰ সুখ-দুখৰ পৰিয়াল আৰু পাঠক সমাজৰ ফালৰ পৰাও অভিনন্দন জনাইছো।

No comments:

Post a Comment