সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আন্তর্জাতিক প্ৰেক্ষাপটত অসমৰ মৰ্য্যাদা হানি কৰা এইসকল কোন?
ৰাছেল হুছেইন
ইউনাইটেড এগেনষ্ট হেট (United against Hate) আৰু আৱাজ (Avaaz) নামৰ কেইটামান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ সংস্থাই বিগত দিনবোৰত যিধৰণে এন আৰ চিৰ বিৰুদ্ধে কেতবোৰ বিভ্রান্তিকৰ মন্তব্য কৰিছে সেয়া অতিশয় দুৰ্ভাগ্যজনক। বিশেষকৈ আৱাজ নামৰ বেচৰকাৰী সংস্থাটোৰ কিছুমান শেহতীয়া কৰ্মকাণ্ডই আমাক বাৰুকৈয়ে শংকিত কৰিছে।

প্রায় এসপ্তাহমান আগৰ পৰা "Stop Deleting Muslim from India" শিৰোনামেৰে এখন আবেদনপত্ৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক প্ৰদান কৰিবলৈ স্বাক্ষৰগ্ৰহণৰ বাবে ইন্টাৰনেটৰ যোগেদি গোটেই বিশ্বতে বিয়পাই দিয়া হৈছে। ইতিমধ্যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় আঠ লাখতকৈও অধিক লোকে আবেদনপত্রখনত স্বাক্ষৰ কৰিছে। স্বাক্ষৰ দান কৰাসকলৰ ভিতৰত আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানীকে আদি কৰি বিশ্বৰ বিভিন্ন দেশৰ অনেক অগ্রগামী বিশ্ববিদ্যালয়ৰ খ্যাতনামা অধ্যাপক, সমাজ-বিজ্ঞানী, গৱেষক ইত্যাদিও আছে। আবেদনপত্ৰখনত এইবুলি উল্লেখ কৰা হৈছে যে এন আৰ চিৰ জৰিয়তে অসমৰ সত্তৰ লাখ বাংলাভাষী মুছলমান লোকৰ নাম ষড়যন্ত্ৰমূলকভাৱে বাদ দি তেওঁলোকক বিশেষভাৱে নির্মিত জেলত ভৰাবলৈ চৰকাৰে ব্যৱস্থা লৈছে আৰু অহা ৩১ জুলাইৰ পিছতেই এই ব্যৱস্থা কার্যকৰী কৰা আৰম্ভ হব। কোৱা হৈছে -এই বুজনসংখ্যক লোকক ৰাখিবলৈ ইতিমধ্যে বৃহৎ আকাৰৰ জেল নিৰ্মাণ কৰা হৈছে আৰু ৰহিংগীয়াসকলক সেনাবাহিনী প্রয়োগ কৰি বিতাৰণ কৰাৰ দৰেই ভাৰতীয় সেনাক একেধৰণে প্ৰয়োগ কৰিবৰ বাবে সষ্টম কৰি ৰাখিছে। কিন্তু বিদেশী সমস্যাটোৰ সমাধানৰ অংশ হিচাপে এন আৰ চিখনৰ নবায়নৰ বাবে যে অসমৰ সমগ্র জাতি-জনজাতিয়েই একমতত উপনীত হৈছিল - এই কথাটো কিন্তু একেবাৰেই উল্লেখ কৰা নহল। এইদৰে অপপ্রচাৰ চলাই আন্তর্জাতিক পর্যায়ত অসমীয়া জাতিটোৰ যি মৰ্য্যাদা হানি কৰা হল, ই অতি দুৰ্ভাগ্যজনক। এওঁলোকৰ তৎপৰতাত কিবা কাৰণত যদি এন আৰ চিখন বানচাল হয় তেতিয়া হ'লে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হব অসমৰ চৰ-চাপৰিত বাস কৰা পূৰ্ববংগীয়মূলৰ প্ৰকৃত নাগৰিকখিনিয়েই। ইয়াৰ কাৰণবোৰ অনুধাৱন কৰিবলৈ হলে আমি কিছুমান বাস্তৱ সত্যৰ প্রতি মন দিয়া উচিত। মোৰ জীৱনৰ পৰাই এই বিষয়ক তিনিটা প্ৰত্যক্ষ অভিজ্ঞতাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ।

তেতিয়া আমি স্কুলীয়া ছাত্ৰ আৰু গুৱাহাটীৰ শান্তিপুৰ হিল চাইদ অঞ্চলত আমি বাস কৰোঁ। আমাৰ ঘৰৰ ওচৰতে ইছলাম উপাধিৰ এজন অৱসৰপ্ৰাপ্ত মূখ্য সংমণ্ডল বন বিষয়াৰ ঘৰ। কৰ্মসূত্ৰে তেওঁ এজন অতি সৎ শীৰ্ষ বন-বিষয়া আছিল বুলি জনা গৈছিল। ইছলাম চাহাব আছিল ধুবুৰী জিলাৰ এক বেছ আঢ্যবন্ত খিলঞ্জীয়া পৰিয়ালৰ সন্তান। কথিত আছিল যে তেখেতৰ দেউতাকে হেনো ইংৰাজৰ দিনতে অভিযন্তা হিচাপে ডাউকী হৈ বাংলাদেশলৈ যোৱা একমাত্ৰ ওলমা দলংখন ১৯১৯ চনত নিৰ্মাণ কৰিছিল। এই ইছলাম চাহাবৰ লগতে এসময়ত কিছুমান অতিশয় মর্মান্তিক ঘটনা ঘটিল।

সেয়া আছিল ১৯৮৭ চনৰ কথাঃ ওচৰৰে পাহাৰ কেতবোৰত অবৈধভাৱে বৃহৎ মাটিৰ খনন চলি আছিল। সেই সময়ত আমাৰ ঘৰৰ সন্মুখেৰে দিনে প্ৰায় ৫০ খনতকৈয়ো অধিক মাটিৰ ট্ৰাক চলাচল কৰে; ট্ৰাকবোৰৰ মালিক আছিল এই অঞ্চলৰে কিছুসংখ্যক স্থানীয় যুবক। তিনিদিনমান নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অবৈধ খনন কাৰ্য চলাই থকা ঠাইত এক বৃহৎ ভূমিস্খলন হয় আৰু প্ৰায় ১০০০ কিলোৱাট বিদুৎ পৰিবাহী তাঁৰ চিগি পৰাৰ লগতে বিস্তৰ অঞ্চলটো বোকা পানীৰে ভৰি পৰি দুৰ্বিষহ পৰিস্থিতিৰ সৃষ্টি হয় । ফলত বাধ্য হৈ ইছলাম চাহাবে বন তথা আৰক্ষী বিভাগক খবৰ দিয়াত অঞ্চলটোত অবৈধ খনন কাৰ্য্য বন্ধ হৈ গৈছিল। কিন্তু ট্রাকবিলাকৰ মালিক স্থানীয় যুবককেইজনে কথাটো সহজভাৱে মানি লব নোৱাৰিলে। ইছলাম চাহাবৰ মূল ঘৰ ধুবুৰীত, তাতে আকৌ ইছলাম ধৰ্মাৱলম্বী হোৱা বাবে যুবককেইজনে মানুহজনৰ ঘৰৰ সমুখলৈ গৈ "অই বাংলাদেশী তই বাহিৰলৈ ওলাই আহ, তোক কাটি টুকুৰা টুকুৰ কৰিম" বুলি অশ্লীল গালিগালাজ পাৰিবলৈ আৰম্ভ কৰিলে। সিহঁতে আনকি কেইবাবাৰো ইচলাম চাহাবৰ ঘৰলৈ হাতত দা কুঠাৰ লৈ চোঁচাও লৈছিল। বাৰম্বাৰ এই ৰাজহুৱা অপমান সহ্য কৰিব নোৱাৰি ইছলাম চাহাব মানসিকভাৱে একেবাৰে ভাগি পৰিল। তাৰ পৰৱৰ্তী পৰ্যায়ত ইছলাম চাহাবক ঘৰৰ বাহিৰত আমি একেবাৰে দেখা নাছিলোঁ। ঠিক এবছৰমান পিছতে হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।

দ্বিতীয়টো ঘটনা ঘটিছিল মই মহাবিদ্যালয় পৰ্য্যায়ত থাকোতে; মোৰ বন্ধু আছিল ছয়গাওঁৰ ওচৰৰ চৰ অঞ্চলত বাস কৰা এজন সহপাঠী - আবুল হুছেইন। ঠাণ্ডা প্ৰকৃতিৰ আবুল পঢ়া-শুনাত অতিশয় মেধাৱী আছিল; বিশেষকৈ অসমীয়া সাহিত্যত তাৰ অপাৰ দখল আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত প্ৰথম বিভাগৰ প্ৰথম স্থান লাভ কৰা আবুলে অসমীয়া জাতীয়তাবাদী মতাদর্শত গভীৰভাৱে বিশ্বাস কৰিছিল। কিন্তু এদিন এটা অপ্ৰত্যাশিত ঘটনাত মোৰ হৈ মহাবিদ্যালয়ত মাত মাতোতে একাংশই আবুলক তাৰ নাগৰিকত্ব সম্পর্কেই প্রশ্ন তুলি বৰ বেয়াকৈ কলে। সেয়াই আৰম্ভণি। ইয়াৰ পাছতে কলেজত যেতিয়াই আবুলে কিবা কথাত মাত মাতিবলৈ বা প্ৰতিবাদ কৰিবলৈ বিচাৰিছিল, তেতিয়াই কিছুমান উগ্র জাতীয়তাবাদীয়ে "তই বাংলাদেশী চুপ থাক, বেছি কথা নকবি" বুলি কৈ মানসিকভাৱে ৰাজহুৱা নিৰ্যাতন চলাইছিল। ফলত এসময়ত খুব হাঁহি-ফুর্তি কৰি থকা লৰাটোৱে আত্মপ্রত্যয় হেৰুৱাবলৈ আৰম্ভ কৰিছিল।

তৃতীয়টো ঘটনাৰ ভুক্তভোগী মই নিজেই আছিলোঁ। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু বিৰোধী শিবিৰৰ সৈতে আমাৰ কিছু নিৰ্বাচনকেন্দ্ৰিক বাকবিতণ্ডা হৈছিল। সেয়া আছিল ১৯৯৯ চনৰ আগষ্ট মাহৰ কথা। এদিন সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কেটত মই ঘূৰি আছিলো; ঠাইখিনি সেইসময়ত ছাত্ৰ-ছাত্ৰীৰে ভৰি আছিল। হঠাৎ এখন বগা ৰঙৰ মাৰুতি ভান আহিল। ভানখনত আমাৰ বিৰোধী শিবিৰৰ পাঠক উপাধিৰ এজন ছাত্র তথা তেওঁৰ অনুগামী এটা ছাত্র দল বহি আছিল। তেওঁলোকে মোক ঘেৰি ধৰি ভাবুকি দিবলৈ আৰম্ভ কৰিলে "অই বাংলাদেশী, কে*# তই কত ইমান সাহস পালি চাল্লা? কাপোৰ খোল, চাওঁ তোৰ পিঠিৰ কাটাৰ তাঁৰৰ দাগ আছে নে নাই?" সৌভাগ্যক্ৰমে সেই সময়তে মোৰ কিছু সমৰ্থক আহি পোৱাত ৰাজহুৱাভাৱে বিবস্ত্ৰ হোৱাৰ পৰা সেইদিনালৈ ৰক্ষা পৰিলো। কিন্তু এই অপমানৰ বহুদিন পাছলৈকে মই ভালকৈ খোৱা-শুৱা কৰিব পৰা নাছিলোঁ।

আমাৰ বক্তব্য হৈছে যে এন আৰ চিৰ জৰিয়তে যদি বিদেশী সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰা নহয় তেনেহলে চিৰদিনৰ বাবে ওপৰত উল্লেখ কৰাৰ দৰে চৰ-চাপৰিত বাস কৰা দৰিদ্ৰজনৰ পৰা আৰম্ভ কৰি চহৰৰ আঢ্যবন্তলৈকে বহুতো প্ৰকৃত নাগৰিকে এনে অবাঞ্ছিত প্ৰশ্নৰ সন্মুখীন হৈ থাকিব লাগিব। অর্থাৎ অসমত শান্তি আৰু ন্যায় প্রতিষ্ঠা কৰিবলৈ হলে এন আৰ চি অপৰিহার্য।

কিন্তু যি সময়ত সমস্যাটো সমাধানৰ উদ্দেশ্যেৰে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চিৰ প্ৰক্ৰিয়াটো চলাই নিয়া হৈছে, সেই সময়ত গোটেই বিশ্বতে অসমীয়া জাতিটোৰ বিৰুদ্ধে আৱাজ নামৰ সংস্থাটোৱে এনে ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ অন্তৰ্নিহিত উদ্দেশ্য কি? ইয়াৰ আঁৰত কোন কোন ব্যক্তি তথা শক্তি জড়িত হৈ আছে? এইসকলৰ আঁৰত কোনোবা আন্তৰ্জাতিক পৰিধিৰ বঙালী জাতীয়তাবাদৰ সপোন দেখা বঙালী বুদ্ধিজীৱী আছে নেকি, অথবা এওঁলোক মেট্রপলিটান কিছুমান বঙালীপন্থী শক্তিৰ শৰণাপন্ন হৈছে নেকি? আমি সকলোৱে জানো যে এন আৰ চি প্ৰক্ৰিয়াটো কোনো মুছলমান বা বঙালীভাষী লোকৰ বিৰুদ্ধে নহয়, বৰং ই প্ৰকৃত নাগৰিকসকলক চিনাক্ত কৰি বিদেশী সমস্যাটো সমাধান কৰাৰ দিশেৰে আগবঢ়া এক সাংবিধানিক প্ৰক্ৰিয়া হে। পিছে এই এন আৰ চি প্ৰক্ৰিয়াটো বানচাল কৰিবলৈ চেষ্টা চলাই থকা নেপথ্যৰ আঁৰৰ ব্যক্তিসকলে এই কথাখিনি বিশ্বাস নকৰে নেকি? আৱাজ নামৰ বেচৰকাৰী সংস্থাটোৰ গোহাৰিখনৰ শিৰোনামাটোৱে তেওঁলোকৰ বিভ্রান্তিকৰ উদ্দেশ্যটোক স্পষ্টকৈ প্ৰমাণ কৰে ।অন্যথা তেওঁলোকে Deleting Muslim from India বুলি নকৈ Deleting Genuine Indians who came before 1971 বুলি কলেহেতেন।

ইতিমধ্যে এইসকলৰ লগতে চৰকাৰেও প্ৰক্ৰিয়াটো বানচাল কৰা বাবে হাত উজান দিছে। ১৯৭১চনৰ পিছত বাংলাদেশৰ পৰা অহা হিন্দু বঙালীসকলক অসমত সংস্থাপিত কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি অসমৰ জনগণৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰখন ষঢ়যন্ত্রত লিপ্ত হৈছে। বহুতো সাম্প্রদায়িক বঙালী উগ্র জাতীয়তাবাদীয়েও বিধেয়কখনৰ সমৰ্থত আৰু এন আৰ চিৰ বিৰুদ্ধে বাওঁ-সোঁৰ মতাদর্শগত পার্থক্য পাহৰি একেটা সুৰত সুৰ মিলাবলৈ ধৰিছে। সৌভাগ্যবশতঃ অসমৰ সকলো জনগনে নিজৰ জাতিটো ৰক্ষা কৰাৰ স্বাৰ্থত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই সৰ্বনাশী সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা বাবে কেন্দ্ৰীয় চৰকাৰ অলপ হ'লেও থমকি ৰবলৈ বাধ্য হৈছে। 

এনে পৰিস্থিতিত আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছো যে এন আৰ চিৰ বিৰুদ্ধে প্ৰধানতঃ তিনিটা শক্তিয়ে ক্ৰিয়া কৰি আছে । এচাম হ’ল সাম্প্রদায়িক বঙালী হিন্দু, যি ১৯৭১ পিছত অহা সকলো হিন্দু বঙালীক অসমত সংস্থাপিত কৰিবলৈ ওলাইছে। আন এচাম হ’ল সাম্প্রদায়িক বঙালী মুছলমান যি ১৯৭১ চনৰ পিছত বাংলাদেশৰ পৰা অহা সকলো মুছলমানসকলক অসমতে সংস্থাপিত কৰা বাবে বিভিন্ন পন্থা হাতত লৈছে। তৃতীয় এচামে আকৌ প্ৰয়োজন হ'লে বৃহৎ বঙালী জাতীয়তাবাদৰ দোহাই দি বঙালী হিন্দু আৰু বঙালী মুছলমানক একত্ৰিত কৰি সমস্ত এন আৰ চি প্ৰক্ৰিয়াটোকে ৰূদ্ধ কৰিবলৈ অহৰহ যত্ন কৰিছে। এইসকলৰ লগতে যোগ হৈছে বিষয়টো সম্পর্কে ভালকৈ জ্ঞান নথকা কিন্তু উচ্চ বাচ্য কৰি ফুৰা কিছুসংখ্যক বিপথে পৰিচালিত মানবাধিকাৰ কর্মী।

আমি এই কথাষাৰ বাৰম্বাৰ দোহৰা উচিত যে যিহেতু এতিয়াও এন আৰ চিৰ খচৰা প্ৰকাশ কৰা হোৱা নাই, সেয়েহে এতিয়াই এন আৰ চি খন সম্পর্কে সন্দেহ প্রকাশ কৰি থকাৰো কোনো অর্থ নাই। ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে যি সকলৰ নাম খচৰা তালিকাত নাহে, তেওঁলোকে পুণৰ আবেদনৰ বাবে যথেষ্ট সময় পাব আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আদালতত নিজৰ নাগৰিকত্বৰ সপক্ষে যুক্তিও দর্শাব পাৰিব। আদালতে স্পষ্টকৈ কৈছে যে কোনো ধৰ্ম বা জাতিৰ ভিত্তিত এন আৰ চি কৰ্ত্তৃপক্ষই বৈষম্যমূলক নীতি লব নোৱাৰে। জাতি ধর্মৰ আধাৰত এন আৰ চি কর্তৃপক্ষই কোনো তালিকাও প্রস্তুত নকৰে। এনেস্থলত কিহৰ ভিত্তিত আৱাজ নামৰ বেচৰকাৰী সংস্থাটোৱে ৭০ লাখ মুছলমান মানুহ এন আৰ চিৰ ফলত বিদেশী হৈ যাব বুলি আশংকা প্রকাশ কৰিলে? তেওঁলোকে চুড়ান্ত খচৰা প্ৰকাশ নৌপাওঁতেই এই পৰিসংখ্যাটো কত লাভ কৰিলে? বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তিস্তা চিতলবাৰ, হৰ্ষ মন্দৰ, বিশিষ্ট সাংবাদিক অমিত সেনগুপ্ত, উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এছ আৰ দাৰাপুৰী তথা অন্যান্যসকলে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি সম্পর্কে বিভিন্ন বিভ্রান্তিকৰ তথ্য প্রচাৰ কৰি আচলতে সমগ্ৰ অসমবাসীৰেই ক্ষতিসাধন নকৰিলেনে? অসমৰ কোন কোন প্ৰতিনিধিয়ে এইসকলক দিল্লীত লগ ধৰি বিপথে পৰিচালিত কৰিলে, সেই কথাও আজি পোহৰলৈ অহা উচিত।

No comments:

Post a Comment