সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আমেৰিকাত ডনাল্ড ট্ৰাম্পে কিয় নাভাঙিলে লেনিনৰ প্ৰতিমূৰ্তি?
ধ্ৰুৱজ্যোতি ধনন্তৰি
ৰাছিয়া, আমেৰিকাৰ অন্যতম চিৰ প্ৰতিদ্বন্দী। তেনে এখন প্ৰতিদ্বন্দী দেশৰ এজন বিপ্লৱী সমাজবাদী নেতা লেনিনৰ প্ৰতিমূৰ্তি আমেৰিকাত আছেনে? তাতে আকৌ আমেৰিকা হৈছে পুঁজিবাদী ৰাষ্ট্ৰ। সেয়ে লেনিনৰ প্ৰতিমূৰ্তি আমেৰিকাত থকাটো অসম্ভৱ যেনেই লাগে। যি নহওক ভাৰতৰ ত্ৰিপুৰাত (ভাৰতৰ অন্য স্থানতো আছে) থকাৰ দৰে আমেৰিকাতো আছে বিপ্লৱী নেতা ভ্লাডিমিৰ লেনিনৰ এটা প্ৰতিমূৰ্তি। দেশখনৰ Seattle চহৰত আছে এই প্ৰতিমূৰ্তিটো। শত্ৰু দেশৰ নায়কৰ প্ৰতিমূৰ্তি কিদৰে আমেৰিকাত প্ৰতিষ্ঠা হ’ল সেয়াও এতিয়া এক ঐতিহাসিক কাহিনী।


১৬ ফুট উচ্চতাৰ সুদৃশ্য এই প্ৰতিমূৰ্তিটো আমেৰিকালৈ অনা হৈছিল সুদূৰ ছেকোশ্লভাকিয়াৰ (বৰ্তমান শ্লভাকিয়া) পৰা ১৯৯৩ চনত। ভেলভেট বিপ্লৱৰ পিছত ছেকোশ্লভাকিয়াৰ Poprad চহৰত কিছুদিনৰ বাবে কৰ্মৰত এটি মাৰ্কিন নিৰ্মাণ কোম্পানীৰ স্বত্বাধিকাৰী লুইছ কাৰ্পেণ্টাৰে আবৰ্জনাৰ মাজত এটা প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰে। প্ৰতিমূৰ্তিটোত শিল্পীৰ হাতৰ পৰশ দেখিবলৈ পাই অভিভূত হৈ পৰে কাৰ্পেণ্টাৰ। ভালকৈ খা-খবৰ লৈ তেওঁ জানিব পাৰে যে ব্ৰঞ্জৰ সেই প্ৰতিমূৰ্তিটো হৈছে লেনিনৰ। স্থানীয় লোকসকলে তেওঁক এইটোও জনায় যে প্ৰতিমূৰ্তিটো ভাগি ব্ৰঞ্জ হিচাপত অচিৰেই বিক্ৰী কৰা হ’ব।

এই কথা জানিব পাৰি তেওঁ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা শিল্পীগৰাকীৰ শিল্পকলা আৰু পৰিশ্ৰমৰ কথা ভাবি মনত বৰ বেজাৰ পালে আৰু কি কৰিব পৰা যায় তাৰ উপায় চিন্তিবলৈ ধৰিলে। পিছত কাৰ্পেণ্টাৰে সেইটো নিৰ্মাণ কৰা শিল্পী ভেনকভক লগ কৰে। ভেনকভৰ সৈতে কাৰ্পেণ্টাৰৰ Poprad চহৰলৈ আহিয়েই একপ্ৰকাৰৰ বন্ধুত্ব গঢ়ি উঠিছিল। সেয়েহে শিল্পী বন্ধুৰ শিল্প কৰ্মৰ তেনে দুৰৱস্থা দেখি তেওঁ সহ্য কৰিব পৰা নাছিল। কিন্তু সেই মুহূৰ্তত শ্লভাকিয়াত যিহেতু কমিউনিষ্ট বিৰোধীসকলে শাসনভাৰ লাভ কৰিছিল গতিকে তেনে হোৱাটোৱেই স্বাভাৱিক আছিল বুলি তেওঁ বুজি পাইছিল। সেয়ে আন উপায় নেদেখি  ঐতিহাসিক গুৰুত্বলৈ চাই প্ৰতিমূৰ্তিটো সংৰক্ষণৰ বাবে নিজ দেশলৈ নিয়াৰ ব্যৱস্থা কৰে। এই অনুযায়ী কাৰ্পেণ্টাৰে চিটি কাউন্সিলৰ সৈতে যোগাযোগ কৰে। তেতিয়া চিটি কাউন্সিলত বিষয়টোক লৈ ভোট অনুষ্ঠিত হয়। অৱশেষত কমিউনিষ্ট বিৰোধী শ্লভাকিয়াৰ পপ্ৰাড চহৰৰ পাৰিষদবৰ্গই ২০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত লেনিনৰ প্ৰতিমূৰ্তিটো সংৰক্ষণৰ বাবে আমেৰিকালৈ নিবলৈ কাৰ্পেণ্টাৰক অনুমতি প্ৰদান কৰে। কাৰ্পেণ্টাৰে অতিৰিক্ত আৰু ৪০ হাজাৰ মাৰ্কিন ডলাৰ ব্যয় কৰি জাহাজেৰে প্ৰতিমূৰ্তিটো ৱাশ্বিংটনৰ ইছাকুৱাস্থিত তেওঁৰ নিজ গৃহলৈ লৈ আনে।

১৯৯৩ চনৰ আগষ্ট মাহত প্ৰতিমূৰ্তিটো আনিয়েই তেওঁ প্ৰথমে সেয়া ইছাকুৱাত এখন শ্লভাকিয়ান খাদ্য পাব পৰা হোটেল খুলি তাত ৰখাৰ পৰিকল্পনা কৰিছিল। পিছে ১৯৯৪ চনত তেওঁৰ এক দুৰ্ঘটনাত মৃত্যু হয়। কাৰ্পেণ্টাৰৰ মৃত্যুৰ পিছত প্ৰতিমূৰ্তিটো পৰিয়ালৰ লোকসকলে ফ্ৰিমণ্ট নামৰ ধাতু গলাই নতুন সামগ্ৰী নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ ওচৰত বিক্ৰী কৰি দিয়ে। কিন্তু ধাতু গলোৱা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে এনে এটা সুন্দৰ শিল্পকৰ্ম ধ্বংস নকৰি শিল্পক মৰ্যাদা দিব পৰা গ্ৰাহক নোপোৱা পৰ্যন্ত নিজৰ প্ৰতিষ্ঠানৰ সমুখত সজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ফ্ৰিমণ্ট নামৰ প্ৰতিষ্ঠানটোৰ স্থান সলনি হোৱাৰ বাবে প্ৰতিমূৰ্তিটোৰ স্থানো কেবাবাৰো সলনি কৰিবলগীয়া হৈছিল। অৱশ্যে ১৯৯৬ চনৰ পৰা লেনিনৰ প্ৰতিমূৰ্তিটো ২০১৭ চনৰ মাজভাগলৈকে একাধিক নামী-দামী কৰ্প’ৰেট গোষ্ঠীৰ কাৰ্যালয় থকা Seattle চহৰত কোনো বাধা-বিঘিনি নোপোৱাকৈ সগৌৰৱে থিয় হৈ আছিল। কিন্তু ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে তেওঁৰ সমৰ্থকসকলৰ বাবে নিজ দেশত থকা শত্ৰু ৰাষ্ট্ৰ ৰাছিয়াৰ এজন নেতাৰ উক্ত প্ৰতিমূৰ্তিতো যেন মূৰৰ কামোৰণি স্বৰূপ হৈ উঠে। মূৰৰ কামোৰণি হৈ উঠিলেও গণতান্ত্ৰিক ব্যবস্থা থকা বাবেই প্ৰতিমূৰ্তিটো ত্ৰিপুৰাৰ দৰে নিজৰ ইচ্ছামতে ধ্বংস নকৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। এইলৈ ছ’চিয়েল মিডিয়া আৰু বাণিজ্যিক মিডিয়াও গৰম হৈ পৰে।

এনেদৰেই ৰাছিয়ান নায়কজনৰ প্ৰতিমূৰ্তিক লৈ দেশখনৰ নাগৰিকসকল দুটা ভাগত বিভক্ত হয়। ট্ৰাম্পৰ পক্ষই লেনিনক ইতিহাসৰ অন্যতম বিতৰ্কিত নেতা আখ্যা দি তেনে নেতাক আমেৰিকাৰ নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই বুলি দাবী কৰিছে। ট্ৰাম্পৰ সমৰ্থকসকলে আনকি লেনিনক প্ৰতিবাদী কাৰ্যসূচীৰ বেনাৰ-ফেষ্টুনত হিটলাৰৰ সৈতেও তুলনা কৰিছে। বিপৰীতে ট্ৰাম্প বিৰোধী পক্ষই এনে কাৰ্যক গণতন্ত্ৰ পৰিপন্থী আখ্যা দিয়া দেখা গৈছে। 'এই প্ৰতিমূৰ্তিটো হৈছে আমাৰ বাবে বাক স্বাধীনতা আৰু প্ৰকৃত গণতন্ত্ৰৰ মূৰ্ত প্ৰকাশ। এয়া হৈছে শিল্প কাৰ্যৰ প্ৰতি আমেৰিকানসকলৰ যথোচিত সন্মান।  সেয়ে আমি প্ৰতিমূৰ্তিটো সদায় এনেদৰে সযতনে ৰখা উচিত বুলি ভাবো।’-এই মন্তব্য প্ৰকাশ কৰিছে ট্ৰাম্প বিৰোধীসকলে। ট্ৰাম্পৰ সমৰ্থকসকলে লেনিনক লাখ লাখ নিৰীহ লোকৰ হত্যাকাৰী আখ্যা দি তেনে লোকৰ প্ৰতিমূৰ্তি আমেৰিকাত কি কাৰণত ৰাখিব লাগে বুলি কৰা প্ৰশ্নৰ উত্তৰত আনটো পক্ষই হিৰোশ্বিমা-নাগাচাকিত আমেৰিকাই বোমা নিক্ষেপ কৰা কাৰ্যটো মনত পেলাবলৈকো আহ্বান জনাইছে। মুঠৰ ওপৰত অসমৰ ছ’চিয়েল মিডিয়াৰ চোতালৰ দৰেই উত্তাল হৈ পৰিছে আমেৰিকাৰ ছ’চিয়েল মিডিয়াৰ চোতাল।

বিষয়টো সন্দৰ্ভত স্থানীয় প্ৰশাসনকো ট্ৰাম্পৰ সমৰ্থকসকলে অৱগত কৰি প্ৰতিমূৰ্তিটো উঠাবলৈ দাবী জনাই আহিছে। কিন্তু শেষ মুহূৰ্তত ব্যক্তিগত সম্পত্তি হোৱা বাবে প্ৰতিমূৰ্তিটো প্ৰশাসনে নিজৰ ইচ্ছামতে তাৰ পৰা আতৰাই পেলাব নোৱাৰে বুলি অৱগত কৰে। যি নহওক উক্ত বিতৰ্কটো কিন্তু এতিয়াও শাম কটা নাই। তাৰ মাজতে বছৰ বছৰ ধৰি কৰি অহাৰ দৰে একাংশ মাৰ্কিন লোকে প্ৰতিদিনে লেনিনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ বাওঁ হাতৰ আঙুলিত ৰঙা ৰং বোলাই আহিছে। 

No comments:

Post a Comment