পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিজেপিৰ আই.টি চেল ধামাকা
ধ্ৰুৱজ্যোতি ধনন্তৰি
এদিন ৰক্তৰে দুহাত ৰঞ্জিত কৰিছিল মানুহজনে। মানুহজনৰ নাম আছিল ৰত্নাকৰ। এদিন নিজৰ ভুল উপলব্ধি কৰিছিল দস্যু ৰত্নাকৰে। তাৰ পিছত সেই দস্যুজন হৈ পৰিছিল মহৰ্ষি বাল্মীকি। জগতক জনাইছিল ৰাম ৰাজ্যৰ কথা। সেই ৰাম ৰাজ্যৰে স্বপ্ন দেখুৱাই বৰ্তমান ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় দল হিচাপে পৰিগণিত হৈছে বিজেপি।

৬ মাৰ্চ ২০১৮। ইয়াৰ আগতেও বিজেপিৰ আই টি চেল সন্দৰ্ভত বিভিন্নজনে বিভিন্ন কথা কৈ আহিছিল। কিন্তু সেইদিনা অত্যন্ত সাহসেৰে বহু কথা ক’বলৈ আগবাঢ়ি আহিছিল এজন যুৱক। যুৱকজনৰ নাম মহাবীৰ প্ৰসাদ। বিদেশত বাস কৰিলেও নিজ দেশৰ কথা নাপাহৰি প্ৰতি মুহূৰ্ততে স্মৰণ কৰা লোকসকলৰ অন্যতম অভি ডাণ্ডিয়াৰ ফেচবুক পেজত অভি ডাণ্ডিয়াৰ সৈতে লাইভলৈ আহিছিল মহাবীৰ। লাইভলৈ আহিয়েই সেইদিনা বিজেপিৰ আই টি চেল সন্দৰ্ভত পূৰ্বানুমান কৰি অহা প্ৰায়বোৰ কথাই যে সত্য আছিল সেয়া একপ্ৰকাৰ নিশ্চিত কৰিছিল মহাবীৰে। এঘণ্টাতকৈয়ো অধিক সময় ধৰি অভি ডাণ্ডিয়াৰ সৈতে ফেচবুক লাইভত সময় কটাই বহু ভিতৰুৱা  কথাৰ বিষয়ে ৰাজহুৱা কৰিছিল বিজেপিৰ আই টি চেলৰ প্ৰাক্তন কৰ্মচাৰীজনে। সেই লাইভ ভিডিঅ’ প্ৰত্যক্ষ কৰিছিল প্ৰায় আঢ়ৈ লাখ লোকে। ইয়াৰ পিছতে ১০ মাৰ্চত ইউটিউবাৰ তথা ডিজিটেল জাৰ্ণেলিষ্ট ধ্ৰুৱ ৰথীৰ সৈতে এক সাক্ষাৎকাৰ অনুষ্ঠানত ভাগ লয় মহাবীৰে। ধ্ৰুৱ ৰথীয়ে লোৱা মহাবীৰৰ এই সাক্ষাৎকাৰৰ ভিডিঅ’টো ৪৮ ঘণ্টাৰ ভিতৰত প্ৰায় ৬ লাখ লোকে প্ৰত্যক্ষ কৰিছে। এই পোষ্ট পঢ়ি থকা বহুতে হয়তো অভি ডাণ্ডিয়া আৰু ধ্ৰুৱ ৰথীয়ে লোৱা মহাবীৰৰ সাক্ষাৎকাৰটো প্ৰত্যক্ষ কৰিছে। ময়ো দুয়োটা ভিডিঅ’ প্ৰত্যক্ষ কৰিছো। মূলত উক্ত ভিডিঅ’ দুটাৰ ওপৰত ভিত্তি কৰিয়েই আজিৰ আলোচনা কৰিবলৈ লৈছো। যি নহওক এতিয়া আহিছো মূল কথালৈ।


ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ২০১০চন মানৰ পৰা প্ৰায় সকলো ক্ষেত্ৰতে এক বিৰাট পৰিৱৰ্তন দেখা গৈছিল। ২০১১ চনত টিউনেছিয়াত ফেচবুকৰ জৰিয়তে আৰম্ভ হোৱা Revolutionৰ পিছৰে পৰা সমগ্ৰ বিশ্বই বুজি উঠিছিল যে ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যম তথা প্ৰচাৰ পুস্তিকা, জনসভা আদিতকৈয়ো ছ’চিয়েল মিডিয়াৰ শক্তি কিমান বেছি। এই লৈ ফাৰ্ষ্টপোষ্টকে আদি কৰি ভাৰতৰো কেবাখনো আগশাৰীৰ বাৰ্তালোচনীয়ে কভাৰ ষ্টৰী প্ৰকাশ কৰিছিল। কিন্তু ভাৰতীয়সকলে কথাবোৰ ইমান গুৰুত্বসহকাৰে লোৱা নাছিল। বহুতে কলেজীয়া উৎপতীয়া ল’ৰা-ছোৱালীয়েহে ফেচবুকত ব্যস্ত থাকে বুলি ইতিকিং কৰিয়েই আত্মসন্তুষ্টি লভিছিল। পিছে সেই সময়তে ফেচবুকৰ শক্তিৰ উমান পাইছিল বিজেপিৰ কৰ্ণধাৰসকলে। সেয়ে ২০১২ চনতে বিজেপিয়ে অতি সংগোপনে আৰম্ভ কৰিছিল ছ’চিয়েল মিডিয়া মেনেজমেণ্টৰ কাম। ২০১৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ছ’চিয়েল মিডিয়া মেনেজমেণ্টৰ কাম চোৱা-চিতা কৰিবলৈ দলটোৱে গঠন কৰিছিল আই টি চেল। ৰাজহুৱাকৈ আই টি চেলৰ দায়িত্ব প্ৰদান কৰা হৈছিল দলৰ কেবাজনো জ্যেষ্ঠ নেতাক। এনে জ্যেষ্ঠ নেতাসকলক লৈ এখন সমিতিও গঠন কৰা হৈছিল। হ’লেও মূল দায়িত্বত আছিল আই টি আৰু ছ’চিয়েল মিডিয়া মেনেজমেণ্ট বিশেষজ্ঞৰ এটি দল। প্ৰথম অৱস্থাত এই দলটো চোৱা-চিতাৰ দায়িত্বত আছিল প্ৰশান্ত কিশোৰ। অভি ডাণ্ডিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন আই টি চেল কৰ্মী মহাবীৰে জনোৱা মতে, পিছলৈ এই দায়িত্ব অৰবিন্দ গুপ্তা নামৰ এজন লোকে লাভ কৰে। মাজতে অমিত শ্বাহে আই টি চেলৰ কাম-কাজ সাময়িকভাৱে বন্ধ কৰি দিছিল যদিও প্ৰয়োজনীয়তা উপলব্ধি কৰি পুনৰ আৰম্ভ কৰি অমিত মালব্যক এই দায়িত্ব প্ৰদান কৰে।

মহাবীৰে জনোৱা মতে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা চলি আহিছে আই টি চেলৰ মূল কাম-কাজ। এই চেলত মুঠ ৩০০ কৰ্মীয়ে কাম কৰি আহিছে। ৩০০ কৰ্মীৰ ১৫০ জন পাকৈত কৰ্মীৰে গঠন কৰা হৈছে ছুপাৰ ১৫০। ইয়াৰ পিছত আৰু ৫০ জন পাকৈত কৰ্মীৰে গঠন কৰা হৈছে আন এটা বিশেষ ইউনিট। বাকীখিন হৈছে সাধাৰণ কৰ্মী। ৫০ জন কৰ্মীৰ বিশেষ ইউনিটৰ মূল দায়িত্বত আছিল এইজন মহাবীৰ। ৰাজস্থানৰ এই যুৱকজনৰ জন্ম হৈছিল ১৯৯০ চনত। খেতিয়ক পৰিয়ালৰ এই যুৱকজনে স্নাতক ডিগ্ৰী লাভ  কৰাৰ পিছতে চাকৰিৰ সন্ধানত আছিল। মাজে মাজে ফেচবুকৰ জৰিয়তে কেতিয়াবা ইংৰাজীত, কেতিয়াবা হিন্দীত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি গৈছিল। সেয়া ২০১২-১৩ চনৰ কথা। তেতিয়া ফেচবুকৰ প্ৰভাৱ বৰ্তমানৰ দৰে নাছিল। তাৰ মাজতে মহাবীৰৰ পোষ্টবোৰ যথেষ্ট শ্বেয়াৰ হৈছিল। তেনেকৈয়ে আই টি চেলৰ বাবে ফেচবুক চলাব পৰা যুৱকৰ সন্ধানত থকাসকলৰ দৃষ্টিত পৰে মহাবীৰ। চাকৰিৰ সন্ধানত থকা মহাবীৰেও উপাৰ্জনৰ এটা পথ বিচাৰি পোৱাত আনন্দিত মনেৰে ২০১৩ চনৰ কোনো এটা দিনত বিজেপিৰ আই টি চেলত যোগ দিয়ে।

অভি ডাণ্ডিয়া আৰু ধ্ৰুৱ ৰথী দুয়োজনৰ সৈতে হোৱা সাক্ষাৎকাৰত মহাবীৰে স্পষ্টকৈ কৈছে যে বিজেপিৰ আই টি চেলে ফেক ফেচবুক প্ৰফাইল আৰু ফেক ফেচবুক পেজৰ জৰিয়তে কামবোৰ আগবঢ়াই নিছিল। ফেচবুক পেজবোৰৰ লাইক বঢ়াবৰ বাবে সহায় লৈছিল হোৱাটছএপ গ্ৰুপৰ। একেদৰে ছুপাৰ ১৫০ৰ নিৰ্দিষ্ট কেইজনমানে ৰেডিমেড টুইট আৰু ফেচবুক পোষ্ট তৈয়াৰ কৰি বাকীবোৰে তক্ষণাৎ আপডেট দিব পৰাকৈ ফৰৱাৰ্ড কৰিছিল। সেই ৰেডিমেড পোষ্টবোৰ এনেকৈয়ে গ্ৰুপ শ্বেয়াৰৰ জৰিয়তে এক মিনিটৰ ভিতৰতে কেবা লাখ লোকৰ কাষ পাইছিল।

আনহাতে প্ৰপোগেণ্ডা নিউজবোৰ প্ৰচাৰৰ বাবে বিজেপিৰ আই টি চেলে সহায় লৈ আহিছে একাধিক নিউজ ৱেবছাইটৰ। বিজেপিৰ আই টি চেলে চলোৱা এনে নিউজ পৰ্টেলবোৰৰ অন্যতম হৈছে নিউজ ট্ৰেণ্ড ডট নিউজ নামৰ এটা নিউজ পৰ্টেল। আপোনালোকে জানি আচৰিত হ’ব যে এই নিউজ পৰ্টেলটো হৈছে ভাৰতৰ সকলো নিউজ পৰ্টেলৰ ভিতৰত আটাইতকৈ অধিক ভিউৱাৰ্ছ থকা নিউজ পৰ্টেল। ইনষ্টাগ্ৰামৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ দৰে ৱেবছাইটকো পিছ পেলাবলৈ সমৰ্থ হোৱা এই পৰ্টেলটোৰ ভাৰতত এলেক্সা ৰেংকিং (টিভি চেনেলৰ যিদৰে টিআৰপি থাকে, তেনেদৰে ৱেবছাইটৰ ক্ষেত্ৰত এয়া এলেক্সা ৰেংকি) হৈছে দশম। এনেধৰণৰ একাধিক নিউজ পৰ্টেলৰ সৈতে বিজেপিৰ আই টি চেলৰ আছে প্ৰত্যক্ষ সম্পৰ্ক। সেই সমূহৰ ভিতৰত অন্যতম হৈছে পোষ্টকাৰ্ড ডট ইন, ইনছিষ্টপোষ্ট ডট কম, নিউজৱাৰপ্ৰেছ ডট কম আদি। এই আটাইবোৰেই বিভিন্ন নিউজ মেনিপুলেট কৰি প্ৰকাশ কৰি আহিছে। এনে নিউজ পৰ্টেলসমূহৰ সৈতে জড়িত হৈ থকা কণ্টেণ্ট ৰাইটাৰসকল হৈছে একো একোজন অভিজ্ঞ আৰু স্কিলড কণ্টেণ্ট ৰাইটাৰ। তেওঁলোকে কিদৰে লিখিলে মানুহে পঢ়ি ভাল পাব আৰু সত্য কথাটো ঢাক খাই থাকিব সেই কৌশল প্ৰয়োগ কৰি বাতৰিসমূহ লিখে বাবে মুহূৰ্তৰ ভিতৰতে এইবোৰ লাখ লাখ লোকে শ্বেয়াৰ কৰে আৰু ভাইৰেল হৈ পৰে।

এনেদৰে কেবাঘণ্টা ধৰি কাম কৰা আই টি চেলৰ কৰ্মীসকলে সাধাৰণতে প্ৰতিদিনে ১০০০ টকাকৈ লাভ কৰে। আনহাতে বিশেষ কণ্টেণ্ট ক্ৰিয়েট কৰা বা কেম্পেইন ক্ৰিয়েট কৰাসকলে লাভ কৰে মোটা অংকৰ দা-দৰমহা তথা অন্যান্য সা-সুবিধা। মহাবীৰে জনোৱা মতে ছুপাৰ ১৫০ৰ কৰ্মীসকলে সময়ে সময়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সৈতে নো ছেলফি মিটত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।

মহাবীৰৰ দুয়োটা সাক্ষাৎকাৰ চালে এটা কথা ভালদৰে বুজিব পাৰি। সেয়া হৈছে মানুহৰ আৱেগ-অনুভূতিৰ সৈতে খেল খেলাত বিশেষ গুৰুত্ব দি আহিছে বিজেপিৰ আই টি চেলে। এই অনুযায়ী অতি স্পৰ্শকাতৰ বিষয়বোৰ বাছি লয় তেওঁলোকে। হিন্দু-মুছলমান বিষয়ক কথা-বতৰাৰ প্ৰতি থকা দুৰ্বলতা, ভাৰতীয় সেনাক লৈ থকা আৱেগক মূলধন হিচাপে লৈ বিভিন্ন পেজ ক্ৰিয়েট কৰিছে বিজেপিৰ আই টি চেলে। মহাবীৰে উল্লেখ কৰা মতে ভাৰতীয় সেনাৰ নামত বিজেপিৰ আই টি চেলে বৰ্তমানো ৪০-৫০টা ফেক ফেচবুক পেজ চলাই আহিছে। ভাৰতীয় সেনাৰ নামত থকা এনে ফেক পেজসমূহৰ কেইটামান হৈছে I am with Indian Army, Indian Army Fan Club, Indian Army, Unofficial Indian Army, Indian Army Service Before Self আদি। আশ্চৰ্যজনক কথা এয়ে যে ভাৰতীয় সেনাৰ ৰিয়েল ভেৰিফাইড ফেচবুক পেজতকৈ কেবাগুণে অধিক লাইক আছে এই ফেক পেজবোৰত। একেদৰে আই ছাপৰ্ট নৰেন্দ্ৰ মোদী নামে এটা পেজ চলোৱাৰ দায়িত্বটো আছে আই টি চেল। আনহাতে আন কেতবোৰ পেজত ইচ্ছাকৃতভাৱে হিন্দু আৰু মুছলমান উপাধি ব্যৱহাৰ কৰি ফেক প্ৰফাইল ক্ৰিয়েট কৰি দুটা পক্ষৰ পৰা বিতৰ্ক চলোৱাৰ কৌশল প্ৰয়োগ কৰিছিল আই টি চেলে। এনে কৰাৰ ফলত ৰিয়েল প্ৰফাইলবোৰে বিতৰ্কত ভাগ লয় আৰু এনেদৰে সেয়া সমগ্ৰ দেশতে বিয়পি পৰে।

দুয়োটা সাক্ষাৎকাৰত মহাবীৰে দাবী কৰিছে যে আৰ এছ এছ তথা বিজেপিৰ কৰ্ণধাৰসকলৰ তৰফৰ পৰা বিজেপিৰ আই টি চেলক এনে নিৰ্দেশ দি আহিছে যাতে ২০২৫ চনলৈকে ভাৰতত আন দলে শাসনলৈ আহিব নোৱাৰে সেয়া নিশ্চিত কৰিব পৰা যায়। লগতে হিন্দু-মুছলমান বিষয়টোক আৰু অধিক স্পৰ্শকাতৰ আৰু চৰ্চিত কৰি ৰাখি দুয়োপক্ষৰ মাজত ব্যৱধান অধিক বৃদ্ধি কৰি ২০২৫ চনৰ পিছত ভাৰতক যাতে সহজতে 'Republic of India’ৰ সলনি 'Hindu Republic of India’ লৈ সলনি কৰিব পৰা যায় তাৰ বাবেও হাইডিং কেম্পেইন চলাবলৈ নিৰ্দেশ দিছে শীৰ্ষ নেতৃত্বই। ইয়াৰ বাবে মোদীৰ উত্তৰসূৰী হিচাপে বৰ্তমান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈকো আৰ এছ এছ আৰু বিজেপিৰ ভিতৰচ’ৰাত যো-জা অব্যাহত ৰখা বুলিও দাবী কৰিছে বিজেপিৰ আই টি চেলৰ প্ৰাক্তন কৰ্মীজনে।

আনহাতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উপযুক্ত প্ৰমাণৰ সহায়ত বিজেপিৰ আই টি চেলৰ ভিতৰচ’ৰাৰ কথা ৰাজহুৱা কৰাৰ পিছতো মূল সূঁতিৰ সংবাদমধ্যমসমূহে ৰাজনৈতিক প্ৰভাৱপুষ্ট হৈয়ে সেই বিষয়ৰ পৰা আতৰি আছে বুলিও মন্তব্য কৰিছে মহাবীৰে। নিজে বিজেপিৰ সৈতে জড়িত হৈ থকা সময়ত কিদৰে দলটোৱে সংবাদ মাধ্যমসমূহক নিয়ন্ত্ৰণ কৰি আহিছে সেয়া প্ৰত্যক্ষ কৰিছিল বুলিও তেওঁ সদৰী কৰিছে। সেয়ে মূল সূঁতিৰ সংবাদ মাধ্যমৰ ওপৰত আস্থা নাইকিয়া হোৱা বুলিও তেওঁ জানিবলৈ দিছে। এনে কাৰণতে বিজেপিৰ আই টি চেলৰ কাম বাদ দিয়াৰ পিছত ঘৰলৈ আহি পুনৰ কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈকে তেওঁ ঘৰৰ টিভিটো চুবুৰীয়া এজনৰ ওচৰত বিক্ৰী কৰি দিয়া বুলিও জনাইছে।

আই টি চেলৰ ভিতৰুৱা কথা ৰাজহুৱা কৰা মহাবীৰ সম্প্ৰতি সন্মুখীন হৈছে একাধিক ভাবুকিৰ। তেওঁৰ একালৰ সহযোগীসকলেই পেছাগত কাৰণতে তেওঁক ভাবুকি দিবলৈ বাধ্য হৈছে বুলি তেওঁ ধাৰণা কৰিছে। কিন্তু তালৈকে ভয় নকৰি তেওঁৰ প্ৰতিজন সহযোগীকে ভুল পথৰ পৰা শুদ্ধ পথলৈ অনাৰ বাবে কাম কৰি যাবলৈ দুয়োটা সাক্ষাৎকাৰতে প্ৰতিজ্ঞাৱদ্ধ হৈছে মহাবীৰ। 'এচি ৰুমত বহি কেইটামান টকাৰ বাবে আমি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বাধ্য হৈছিলো। মই নিজে ক্ৰিয়েট কৰা কেবাটাও ফেক পোষ্টৰ বাবে উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত সাম্প্ৰদায়িক পৰিস্থিতি বিঘ্নিত হৈছিল। সেইবোৰ প্ৰত্যক্ষ কৰি মই থিৰেৰ থাকিব নোৱাৰিলো। আমি যে ভুল পথেৰে গৈ আছো সেয়া বুজিব পাৰি কাম বাদ দিয়াৰ সিদ্ধান্ত লও। কেৱল বিজেপিৰে নহয় কংগ্ৰেছৰো আই টি চেলে এনে কাম কৰি আহিছে। কংগ্ৰেছৰ আই টি চেলত কম দৰমহা পোৱা বহুতে বিজেপিৰ আই টি চেলত আৰু বিজেপিৰ আই টি চেলত গুৰুত্ব কমকৈ পোৱা বহুতে কংগ্ৰেছৰ আই টি চেলত যোগ দিছে। এনেকৈয়ে অহা যোৱা চলি আছে। এতিয়া এইবোৰ একেবাৰে ভাল নালাগে। ’-নিজকে অনুতপ্ত বুলি উল্লেখ কৰি এইদৰে কয় মহাবীৰে। তেওঁ আৰু কয় যে বিজেপিয়ে হাজাৰ হাজাৰ ফেক ফেচবুক পেজ আৰু প্ৰফাইল ক্ৰিয়েট কৰি এনে পৰিৱেশ ৰচনা কৰি থৈছে যে কংগ্ৰেছে সেয়া অতিক্ৰম কৰাতো কোনোপধ্যেই সম্ভৱ নহয়। তেওঁৰ মতে কংগ্ৰেছে আই টি চেল খোলাৰ বহু আগতে যিহেতু বিজেপিয়ে আই টি চেল খুলি কাম-কাজত লাগিছিল সেয়ে বিজেপিৰ সৈতে ইমান সহজে কোনেও ফেৰ মাৰিব নোৱাৰে। অৱশ্য লাহে লাহে মানুহে কথাবোৰ বুজি পাবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

মহাবীৰৰ দুয়োটা সাক্ষাৎকাৰ চাই এটা কথা অনুমান কৰিব পাৰি যে অসমতো বিজেপিৰ আই টি চেলে কেবাটাও ফেচবুক পেজ আৰু গ্ৰুপ মেনিপুলেশ্যনৰ বাবে ব্যৱহাৰ কৰি আহিছে। মহাবীৰে কোৱা লক্ষণবোৰলৈ চাই ভক্স পপুলি, টিভি পেপাৰত নিদিয়া খবৰ আদিৰ দৰে পেজ আৰু গ্ৰুপবোৰৰ সৈতে বিজেপিৰ আই টি চেলৰ সম্পৰ্ক থকা বুলিব পাৰি। কিয়নো এই গ্ৰুপ আৰু পেজসমূহৰ অধিকাংশতে সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য ভৰি আছে। একেদৰ এইবোৰৰ এডমিনসকলৰ বেছিভাগৰে প্ৰফাইল অসম্পূৰ্ণ।

এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে বহুতে বিজেপিৰ সপক্ষে পোষ্ট দিয়া লোক দেখিলেই তেনে লোকক আই টি চেলৰ কৰ্মী বুলি ধৰি লয়। প্ৰকৃততে কথাটো তেনে নহয়। সমৰ্থন নকৰিবলগীয়া কথাটো বিজেপিক সমৰ্থন জনাই অহা এনে লোকসকলে বিজেপিৰ আই টি চেলৰ বিশেষ কৌশলসমূহৰ প্ৰভাৱত পৰি বিজেপিক সকলো ক্ষেত্ৰতে সমৰ্থন জনায়। এয়াই হৈছে আই টি চেলৰ সফলতা। কিয়নো তৃণমূল কৰ্মীসকলেও গম নোপোৱাকৈয়ে বিজেপিৰ আই টি চেলে প্ৰফেশ্যনেল মেম্বাৰ নিয়োগ কৰে। এনে প্ৰফেশ্যনেল মেম্বাৰসকলে তৃণমূল কৰ্মীসকলক প্ৰভাৱান্বিত কৰিবলৈ কাম কৰি যায়।

সি যি নহওক, আমি আশা কৰিম যে ক্ষমতা দখলৰ বাবে ৰাজনৈতিক দলসমূহে আই টি চেলৰ জৰিয়তে সমাজ তথা দেশখনক ধ্বংসৰ দিশলৈ ঠেলি দিয়া কাৰ্য বন্ধ কৰিব। তাৰ পৰিৱৰ্তে এনে চেলৰ জৰিয়তে আৰম্ভ কৰক এক সুস্থ ৰাজনৈতিক পৰিৱেশ গঢ় দিয়াৰ প্ৰচেষ্টা। আৰম্ভ হওক ৰত্নাকৰৰ পৰা বাল্মিকী হোৱাৰ বিপ্লৱ। আৰু সঁচা অৰ্থত আমাৰ দেশখনত গঢ়ি উঠক ৰামৰাজ্য।
লেখকৰ ফেচবুক প্ৰফাইলঃ www.facebook.com/dhrubajyoti.dhanantari , তেখেত গুৱাহাটী নিবাসী এগৰাকী যুৱ সাংবাদিক।

3 comments:

  1. ভাল লাগিল পঢ়ি৷

    ReplyDelete
  2. মইয়ো চাইচো video দুটা

    আচল কথা জনসাধাৰণে ঐক্যতাত মন দিৱ লাগিবই নহ’লে দেশৰ ইতিহাস সলনি হৈ যাব

    ReplyDelete
  3. সময়োপযোগী হৈছে লিখনি টো । আশাকৰো ৰাইজে ইয়াৰ গুৰুত্ব বুজিব পাব ।

    ReplyDelete