স্বাস্থ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো ?
ডা০ ভূপেন শইকীয়া

আমাৰ চৌপাশে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু ? মোৰ বিশ্বাস আজিৰ এই চমু লিখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেচি আপোন যেন লাগিব ৷

মহানিমৰ আন আন নাম হ'ল - ইংৰাজীত Indian Lilac আৰু margosa ৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম ৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু,গুজৰাটীত ধনুজহাদা, মলয়ালমত আৰ্য়াভেপু ,পঞ্জাবীত নিমহ্,তেলেগুত ভেপা বোলে ৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l'Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে ৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে ৷ সংস্কৃত নামাকৰণৰ ভাৱাৰ্থ হ'ল -অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক ৷

নিম বা মহানিমৰ ব'টানিকেল নাম হ'ল Azadirachta indica ৷

মহানিমৰ বৰ্ণনা পৌৰাণিক 'শ্ৰুসুতসংহিতা' আৰু 'চৰকসংহিতা' গ্ৰন্থত পোৱা যায় ৷ মহানিমৰ প্ৰধান ওপজা স্থান হ'ল ভাৰতভূমি - সেয়ে হেজাৰ বছৰ আগৰ পৰা এই মহানিম গছক ভাৰতীয় সকলে জনজীৱনত নানাধৰণে প্ৰয়োগ কৰি আহিছে ৷ আয়ুৰ্বেদৰ উৎপত্তিস্থলো হ'ল ভাৰতবৰ্ষ ৷ আয়ুৰ্বেদত মহানিমৰ নানান প্ৰয়োগৰ বিতং বিৱৰণ উপলব্ধ ৷ আমাৰ দেশৰ পিছতে মহানিমৰ গছ সৰহকৈ পোৱা দেশসমূহ হ'ল - ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড,কম্বোডিয়া, লাউচ,নেপাল,বাংলাদেশ,পাকিস্তান,ইৰাণ আৰু শ্ৰীলংকা ৷

অস্ট্ৰেলিয়া মহাদেশলৈ ১৯৪০চনত পোন প্ৰথমবাৰৰ বাবে মহানিম গছৰ ৰপ্তানি হয় ৷ ১৯৬০চনৰ পৰা ১৯৮০চনলৈ অস্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত মহানিম গছৰ বৃক্ষৰোপন চলি থাকে ৷ বৰ্তমান বিশ্বৰ প্ৰায় সকলো অঞ্চলতেই কম বেচি পৰিমাণে মহানিমৰ উপস্থিতি দেখা যায় ৷ এই চিৰসেউজ গছৰ বিশেষত্ব হ'ল যে ই কম পানীতো জীয়াই থাকিব পাৰে ৷ সেয়ে ইয়াক মৰুভূমি ৰোধকৰণৰ বাবে ব্যৱহাৰ কৰা হয় ৷ মধ্যপ্ৰাচ্যৰ মৰুময় দেশ সংযুক্ত আৰব আমীৰাট আৰু কাটাৰ দেশলৈ ভাৰতবৰ্ষৰ পৰা হেজাৰ হেজাৰ মহানিমৰ পুলি প্ৰতিবছৰে ৰপ্তানিহৈ আহিছে ৷

মহানিম গছৰ উচ্চতা ৬০ফুটৰ পৰা ১২০ফুট বা ততোধিক হব পাৰে৷ ই এবিধ ক্ষিপ্ৰভাবে ঠাল -ঠেঙুলি মেলি বহল ডাঙৰ হোৱা স্বভাবৰ গছ ৷ ফলত গছে ভাল ছাঁ দিয়ে ৷ এই গছৰ বা স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি অতীজৰ পৰা ভাৰত বাসীসকলে ভাবি আহিছে ৷ ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু ইয়াত মাৰ্বলতকৈ সৰু আকৃতিৰ দেখিবলৈ জলফাই আকৃতিৰ ফল লাগে ৷ ইয়াৰ মিহি মিহি পাতবোৰৰ স্বাদ খাবলৈ তিতা ৷ মহানিম গছৰ কিছু সাদৃশ্য ঘোঁৰা নিম গছৰ সৈতে দেখা যায় ৷

মহানিম আৰু ঘোঁৰা নিম দুবিধ বেলেগ গছ ৷ দুয়োবিধ গছক পাঠকে সুকীয়াকৈ চিনাক্ত কৰাটো লাগতিয়াল কথা ৷ কিয়নো ঘোঁৰা নিম এবিধ বিষাক্ত গছ ৷ ইয়াৰ পাত বা গুটি মানুহে ভক্ষণ কৰিলে শৰীৰৰ অনেক ক্ষতিসাধন হব পাৰে ৷ বমি,ডায়েৰিয়া,তেজ হাগনি,মূৰৰ বিষ, অৱশতা, পেৰলাইচিচ, স্নায়বিক দূৰ্বলতা আদি হব পাৰে ৷ কিয়নো ইয়াৰ ৰস হ'ল - Neurotoxic ৷

কেনেকৈ গছ দুবিধ চিনিব ?

মহানিমৰ পাতৰ ৰঙ উজ্বল সেউজীয়া ৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ পাতল সেউজীয়া ৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ মহানিমৰ পাতৰ ৰঙতকৈ যথেষ্ট পাতল ৷ মহানিমৰ পাত চুবলৈ মিহি ৷ ঘোঁৰা নিমৰ পাত মিহি নহয় ৷ আনহাতে ডাল বিন্যাস দুয়োবিধ গছৰ বেলেগ বেলেগ ৷

এতিয়া ঘোঁৰা নিমৰ বিষয়ে দুআষাৰ কৈ লওঁ ৷

বঙালীসকলেও এই গছক ঘোঁড়া নিম নামেৰেই মাতে ৷ ঘোঁৰা নিমৰ আন পৰিচিত নামসমূহ হ'ল - Persian lilac, Chinaberry, Ceylon cedar, White cedar আদি ৷ 

মূলত: এই গছৰ প্ৰধান বসতিস্থল হ'ল - ভাৰত, চীন আৰু অস্ট্ৰেলিয়া৷ চৰাইয়ে ঘোঁৰা নিমৰ গুটি খাই সিঁচৰিত কৰি দিয়াৰ ফলত এই গছ হাবিয়ে-বননীয়ে নিজে নিজে হয় ৷ চৰাইৰ বাবে ই বিষাক্ত নহয় ৷
উপযোগিতা- পাইন কাঠৰ দৰেই এই গছৰ কাঠৰ ভাল ফাৰ্নিচাৰ বনাব পাৰি ৷ কাঠৰ ৰঙ হ'ল মুগা বা ৰঙচুৱা ৷ ইয়াৰ ওপৰিও কীটনাশক হিচাবেও ঘোঁৰা নিম ব্যৱহৃত হয় ৷

খাদ্য হিচাবে মহানিম :

মহানিমৰ পাত নিমখ আৰু তেল দি শুকানকৈ পাপৰৰ নিচিনাকৈ ভাজক ৷ ভাতৰ লগত খাই জুতি পাব ৷ সপ্তাহত দুদিন বা তিনিদিন এইদৰে খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী ৷

বঙালীসকলে নিমপাত বেঙেনাৰ সৈতে ভাজি খায় ৷ ই হ'ল ৰুচিবৰ্ধক খাদ্য ৷ আগৰ বাৰ্মা বা এতিয়াৰ ম্যানমাৰত মহানিমৰ ফুল আৰু কুমলীয়া গুটি তেতেলিৰ সৈতে সিদ্ধ কৰি খায় ৷ বিলাহী আৰু মাছৰ সৈতেও নিমৰ কুমলীয়া পাতৰ আঞ্জা খায় ৷

অন্ধ্ৰ,তামিলনাডু,কৰ্ণাটকত মহানিমৰ ফুল আৰু ৰঙচুৱা চেনিৰে এবিধ জলপান নৱবৰ্ষৰ প্ৰাকক্ষণত বনোৱাৰ পৰম্পৰা এটা সময়ত আছিল যাক 'উগাডি' বোলা হয় ৷ উগাডি খোৱাৰ দ্বাৰা পৰিয়ালটো আগন্তুক বৰ্ষত জীৱনৰ তিতা-মিঠাৰ সন্মুখীন হবলৈ মানসিকভাবে প্ৰস্তুত হয় ৷

মহানিমত ৰাসায়নিকভাবে কি কি তত্ব থাকে ?

মূল তত্ববিধৰ নাম হ'ল- এযোডায়ৰাচিটিন (Azadirachtin) ৷ অন্যান্য পদাৰ্থবিলাকৰ নাম হ'ল -নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম,চেলাননিন,ক্ৱেৰচেটিন, কেইবিধমান ফেটি এচিড আদি ৷

এই তত্বসমূহ থকাৰ ফলত মহানিমৰ গুণসমূহ হ'ল : মানৱ দেহত প্ৰয়োগ- ভেঁকুৰ,ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক ৷ কীট-পতংগ বিনাশক, সাৰ হিচাবে উপযোগী, খৰি হিচাবে জুয়ে মহ-ডাঁহ খেদাত সহায়ক ৷

কি কি ধৰণে মহানিম আমাৰ জীৱনত ব্যৱহৃত হয় ?
সৰুৰে পৰা দেখি আহিছোঁ কাৰোবাৰ ঘৰত বসন্তজাতীয় অসুখ (Chicken pox, Measles ) হলে নিমপাত উতলোৱা পানীৰে গা ধুবলৈ দিয়ে ৷ স্কেবিজ- খজুৱতি,খৰ,চ'ৰিয়াচিচ আদিতো নিমপাত সিজোৱা পানীৰে গা-ধোৱা উপযোগী ৷ বায়ু শুদ্ধ কৰিবলৈ বুলি প্ৰতি কোঠালিত মহানিমৰ ডাল-পাত ওলমাই দিয়ে ৷ গাওঁৰ ঘৰত শুকান নিমপাত কাপোৰ,কিতাপ আৰু ভৰালৰ শস্য পোকে নাখাবলৈ ব্যৱহাৰ কৰা হয় ৷ বহু ঠাইত আজিকালিও মহানিম গছৰ ডালৰ দাঁতোনৰ ব্যৱহাৰ প্ৰচলিত ৷

আধুনিক যুগত মহানিমৰ প্ৰয়োগ-
গছজোপাৰ ডাল-পাত-ফুল-গুটি-গছ- বাকলি -শিপা প্ৰতিটো অংশই মানুহে নানাধৰণে ব্যৱহাৰ কৰে ৷ নিমতেল ঘাইকৈ গুটিৰ পৰা ওলোৱা হয় ৷ মহানিমৰ টুথপেষ্ট, চাবন, শ্বেম্পু, চুলিৰ তেল, ছালত -ঘঁহা ক্ৰিম, এন্টিডায়েবেটিক কেপচুল, বডিলোচন আদি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ সংগী ৷ গ্ৰামীন লোকসকলে নিমৰ তেল কাঠৰ গাড়ীৰ চকাত ঢালে ৷ নিমৰ পৰা অৰ্গেনিক কীটনাশক প্ৰস্তুত কৰা হয় ৷

মোখনিত ইমানেই কম যে এখন চমু ৰচনাৰে মহানিমৰ উপকাৰিতা লিখি বা কৈ শেষ কৰিব নোৱাৰি ৷ পাঠকসকলৰ যাৰ ঘৰৰ চৌহদত অলপ হলেও মুকলি ঠাই আছে তাত আন নহলেও এজোপা মহানিমৰ বৃক্ষৰোপন কৰক ৷
লেখক ডোহা, কাটাৰৰত কৰ্মৰত। ই মেইল : drbksaikia@gmail.com, লেখকৰ বিনামূলীয়া অনলাইন স্বাস্থ্য পৰামৰ্শদানৰ বাবে ৱেবচাইট http://drbhupensaikia.com/ 

No comments:

Post a Comment