পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. খাৰুৱা তেলৰ বকেয়া ধন কেন্দ্ৰীয় চৰকাৰে অসমলৈ মোকোলাই দিয়াৰ বাবে গ্ৰহণ কৰিছে সিদ্ধান্ত। মুঠ ৬হাজাৰ কোটি টকাৰ ৰয়েল্টি অহা বিত্তীয় বৰ্ষত দুটা কিস্তিত আদায় দিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. মেট্ৰিক পৰীক্ষাৰ্থীক আৰু পকেট খুঁচৰি নকল নিবিচাৰে আৰক্ষীয়ে। সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ পাছত এই সম্বন্ধত নিৰ্দেশনা জাৰি কৰিছে ছেৱাই।

৩. বৰপেটাৰ চাউলখোৱা মহোতসৱত অসমৰ নাট্য জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে ৰতন লহকৰ আৰু তৌফিক ৰহমানলৈ চাউলখোৱা বঁটা আগবঢ়োৱা হব।

৪. সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দুটাকৈ অভিলাষী প্ৰকল্প ব্ৰহ্মপুত্ৰ খনন আৰু দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে জৰীপৰ কাম দ্ৰুত গতিত আগবাঢ়িছে বুলি বাতৰি প্ৰকাশ পাইছে। অহা দুটা মাহৰ ভিতৰতে এই জৰীপৰ কাম সম্পূৰ্ণ হব বুলিও মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে।

৫. ঐতিহাসিক ১৩৭ তম যোৰহাট ৰেচৰ গভৰ্ণৰ কাপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে ঘোঁৰা শিৱশংকৰে। উল্লেখযোগ্য যে জকী হৰেন টায়েৰ তত্বাৱধানত বিগত বৰ্ষতো শিৱশংকৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল।

৬. সীতাজখলা দুগ্ধ সমবায় সমিতিৰ প্ৰতিষ্ঠাপক নন্দলাল উপাধ্যায়ৰ পঞ্চম মৃত্যু বাৰ্ষিকীত আয়োজিত হয় কৃষি আৰু গ্ৰাম্য সমবায় বিষয়ক মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তি শীৰ্ষক এখনি আলোচনাচক্ৰৰ। আলোচনাচক্ৰত সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ, মৃনাল তালুকদাৰ, অধ্যাপক ডঃ ননীগোপাল মহন্তৰ লগতে সাংসদ আৰ.পি. শৰ্মাই অংশগ্ৰহণ কৰে। গ্ৰাম্য অৰ্থনীতিৰে ২০লাখজনৰ সংস্থাপন সম্ভৱ বুলিও সাংসদ গৰাকীয়ে মত প্ৰকাশ কৰে।

৭. বেদৰ আধ্যাত্মিক, ভৌতিক, নৈতিক, ৰাজনীতি, অৰ্থনীতি, দৰ্শন আৰু শৈক্ষিক দিশ সমূহৰ ওপৰত আলোকপাত কৰাৰ বাবে অহা ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ গহপুৰ মহকুমাৰ গমিৰিত আয়োজিত হৈছে আন্তঃৰাষ্ট্ৰীয় বেদ সন্মিলন। চাৰিদিনীয়াকৈ আয়োজিত এই সন্মিলন আমেৰিকা, জাৰ্মানী, ছাৰ্বিয়া আৰু নেপালকে ধৰি বিভিন্ন দেশৰ আয়ৰ্বেদ বিশেষজ্ঞ আৰু গৱেষকে অংশগ্ৰহণ কৰিব।

৮. ডিফুৰ তাৰালাংছত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক কাৰ্বি মহোতসৱৰ সফলতাপূৰ্বক সামৰণি পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও সভাত অংশ লয়। খিলঞ্জীয়াৰ স্বাৰ্থত ঐক্যবদ্ধ ভাৱে আগবাঢ়ি যাবলৈ সকলো পক্ষলৈ আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যই আহ্বান জনায়।

৯. গৌৰীপুৰতো প্ৰথমবাৰৰ বাবে উদযাপিত হল মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক লোক উতসৱ আলি-আয়-লিগাঙ। উজনি অসমৰ পৰা টেট শিক্ষকৰ দায়িত্ব লৈ নামনিলৈ অহা শিক্ষক সমাজৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে পালিত এই লিগাঙে স্থানীয় ৰাইজকো নতুন সাংস্কৃতিক সমলৰ সোৱাদ দিলে।

১০.
কটন কলেজৰ নবীন গোষ্ঠীৰ উদ্যোগত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া জন্মদিনৰ উপলক্ষত  উতপল দত্তই সম্পাদনা কৰা "ছয় দশকৰ গদ্য" শীৰ্ষক গ্ৰন্থখনিৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। সম্পাদকৰ সৈতে অন্তৰংগ আলাপতো উপস্থিত সুধীজনে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment