চিন্তনঃ প্ৰযুক্তিৰ গতিধাৰাঃ আশীৰ্বাদ বনাম প্ৰত্যাহ্বান :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ প্ৰযুক্তিৰ গতিধাৰাঃ আশীৰ্বাদ বনাম প্ৰত্যাহ্বান :: অজয় লাল দত্ত

চিন্তনঃ প্ৰযুক্তিৰ গতিধাৰাঃ আশীৰ্বাদ বনাম প্ৰত্যাহ্বান :: অজয় লাল দত্ত

Share This
প্ৰযুক্তিৰ গতিধাৰাঃ আশীৰ্বাদ বনাম প্ৰত্যাহ্বান
অজয় লাল দত্ত
আজিৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ। প্ৰতিনিয়ত গৱেষণা আৰু উদ্ভাৱনৰ ন-ন প্ৰচেষ্টাই মানৱ সভ্যতালৈ নতুন নতুন প্ৰযুক্তিগত উপহাৰ দি আহিছে। তাৰে ভিতৰত যিবোৰ প্ৰযুক্তিয়ে বিশ্বৰ মানৱ সমাজৰ বেছিভাগকে স্পৰ্শ কৰিব পাৰে তথা জীৱনৰ মান উন্নত কৰা তথা সহজ কৰাৰ বাট দেখুৱাব পাৰে, তেনে প্ৰযুক্তিৰ প্ৰতি মানুহৰ দৃষ্টিত সদায়েই আশা নিহিত হৈ থাকে। মানুহৰ জীৱন চুই যাব পৰা উদ্ভাৱনীৰ খবৰে মানুহৰ মন উল্লাসিত কৰে আৰু উন্নততৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ অনুভৱেৰে হৃদয় কৰে আহ্লাদিত। তাৰে মাজতে কিছুমান প্ৰযুক্তিৰ প্ৰসাৰৰ ফলত প্ৰচলিত জীৱন ধাৰালৈ আহিব পৰা প্ৰত্যাহ্বানলৈ চাই তেনে পৰিবৰ্তনক বাৰণ কৰাৰ সহজাত প্ৰবৃত্তিও গা কৰি উঠে। যেনে বিশ্ববেংকৰ শেহতীয়া প্ৰতিবেদন মতে বৰ্ধিত অটোমেচনে বিশ্বৰ আনবোৰ দেশৰ লগতে ভাৰতীয় সকলৰ শ্ৰম বজাৰত ষাঠি শতাংশ পৰ্যন্ত প্ৰভাৱ পেলাব। এনে বাতৰিয়ে হয়তো মানুহৰ মনত শিল্প বিপ্লৱৰ সময়ত মেচিনৰ ব্যৱহাৰ আৰম্ভণিৰ কালত শ্ৰমিকৰ প্ৰয়োজন কমোৱাৰ যি শংকাৰ সৃষ্টি হৈছিল সেই ধৰণৰ চিন্তাৰেই পোখা মেলাইছে। পাছলৈ মেচিনৰ আমদানিয়ে সামূহিক ভাৱে উদ্যোগীকৰণলৈ জোৱাৰ অনাৰ ফলত বেছিকৈহে শ্ৰমিকৰ নিযুক্তি হোৱালৈ চাই সেই শংকা বাস্পীভূত হৈছিল। ঔদ্যোগিক মেচিনেৰীৰ অটোমেচনে উদ্যোগ সমূহৰ কাৰ্যকুশলতা বৃদ্ধি, উতপাদনশীলতাৰ বৃদ্ধিৰে বেছি লাভ অৰ্জন কৰিব পাৰিলে সেই নতুন প্ৰযুক্তিৰ ব্যৱহাৰত কুশলতৰ হৈ উঠা শ্ৰমিকৰ দা-দৰমহা, সা-সুবিধা বৃদ্ধিও হোৱাৰ ইতিবাচক সম্ভাৱনাৰ কথাও কিন্তু বৃদ্ধি পায়। মোবাইল প্ৰযুক্তিৰ হাতে হাত ধৰি সেৱা আৰু বিক্ৰী দুয়োটা খণ্ডতে নিয়োগৰ দুৱাৰো দেশৰ সৰু-বৰ প্ৰান্ততো মুকলি হোৱাৰ কথাও উনুকিয়াব পাৰি। 

প্ৰযুক্তি একোটা কেৱল উদ্ভাৱন হলেই মানুহৰ জীৱনলৈ প্ৰভাৱ পেলাবলৈ আহিব নোৱাৰে। তাৰ বাবে সাৰ্বভৌম দেশ একোখনৰ ৰাজনৈতিক নেতৃত্বৰ আদৰ্শ, আগ্ৰহ আৰু নীতিৰ প্ৰভূত গুৰুত্ব আছে। যেনেকৈ সৌৰশক্তিৰ ব্যৱহাৰৰ কথালৈকে মন কৰা যাওক, যেতিয়ালৈকে ভাৰতৰ চৰকাৰে ইয়াৰ পৃষ্ঠপোষকতা নকৰিছিল, তেতিয়ালৈকে সৌৰশক্তিৰ পৰা বিদ্যুত আহৰণ আৰু ব্যৱহাৰ কৰাটো খৰছৰ ফালৰ পৰাও আকাশলংঘীও আছিল। যেতিয়া এই ক্ষেত্ৰখনক আগুৱাই নিবলৈ চৰকাৰে নীতি তৈয়াৰ কৰিলে, সৌৰচালিত শক্তিকেন্দ্ৰৰ স্থাপনৰ বাবে সহযোগ, পুঁজি, টেক্স ৰেহাই আদিৰ ব্যৱস্থা কৰিলে, তেতিয়াৰ পৰাই ইয়াৰ প্ৰসাৰ ঘটিল। ফলত বেছি মানুহে ব্যৱহাৰ কৰিব পৰা হোৱাৰ পৰাই সামুহিক ভাৱে এই ক্ষেত্ৰৰ সকলো সামগ্ৰীৰ দামো মাটিলৈ নামিল। এইবৰ্ষত ভাৰতত পুনৰ-নবীকৰণ যোগ্য শক্তিখণ্ডত ১২হাজাৰ কোটি টকাৰ বিদেশী বিনিয়োগো এই নীতিৰেই সুফল। একেদৰেই এল.ই.ডি বাল্বৰ ব্যৱহাৰৰ জৰিয়তে বিজুলী শক্তিৰ কম খৰচী জীৱনধাৰাৰ পৃষ্ঠপোষকতা কৰি ভাৰত চৰকাৰে এই উদ্যোগটোক পৃষ্ঠপোষকতা কৰিবলৈ নীতি তৈয়াৰ কৰে। লগতে চৰকাৰী উদ্যোগতো ৰাজ্যই ৰাজ্যই ৰাজ-সাহাৰ্য দিয়াকে ধৰি প্ৰশাসনৰ মাধ্যমেৰেও বিতৰণৰ ব্যৱস্থা কৰি সাধাৰণ মানুহৰ কাষলৈ প্ৰযুক্তিটো লৈ যোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবেই এই ক্ষেত্ৰতো এক জাগৰণৰ সৃষ্টি হৈছে। একেদৰেই ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বিমুদ্ৰাকৰণৰ পাছত ইতিবাচক জোৱাৰ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে।

উদ্ভাৱন হোৱা প্ৰযুক্তিবোৰে এইদৰেই সৰ্বসাধাৰণৰ কাষ চাপি আহিবলৈ ধৰিছে। দুবছৰ আগতে মোবাইলত সংখ্যা টিপিবলৈ নজনালোকেও এতিয়া কম-খৰচীৰ ৰূপতো উপলদ্ধ হবলৈ ধৰা স্মাটফোন লৈ ইণ্টাৰনেটত শ্বপিং কৰিছে, চছিয়েল মেডিয়াত বিতৰ্ক পৰ্যন্তত অংশ লব পৰা হৈছেগৈ। গাঁৱৰ পৰাই সমস্যাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি ইমেইল অথবা বেবচাইটত গৈ আবেদন কৰিব পৰা হৈছেগৈ। এই যে মানুহৰ প্ৰযুক্তিক আদৰি লোৱাৰ বাধ্যবাধকতা আৰু আগ্ৰহ, সমাজত কিন্তু ইয়েই মানসিক সৱলীকৰণৰ এক নিৰৱ আন্দোলনো চলাই যোৱা বুলি অনুভৱ কৰিব পাৰি। এনেকৈয়ে সমাজত আহি থকা প্ৰযু্ক্তিৰ খা-খবৰ ৰখাৰ অভ্যাসো গঢ় লৈ উঠিছে। আনকি বজাৰত লন্স হব লগা প্ৰযুক্তিৰ বিষয়েও আগতীয়াকৈ সকলো নখ-দৰ্পনত ৰখা ‘টেকনলজি এনথুজিয়াচটিকো’ নৱ-প্ৰজন্মৰ মাজত সৰু-বৰ চহৰতে বিচাৰি পোৱাটো সহজসাধ্য হোৱাটো সমাজৰ বাবে এক ভাল খবৰেই নহয়নে?

তথ্য প্ৰযুক্তি আৰু মোবাইলৰ জগতখনত দ্ৰুততম পৰিবৰ্তন দেখা গৈছে। তাৰে ভিতৰত ২০১৭ বৰ্ষত প্ৰভাৱ পেলোৱাকৈ উজ্বলি উঠিব লগা কেতবোৰ প্ৰযুক্তিৰ কথা আলোচনা কৰিব খুজিছো। অতি কম দিনৰ ভিতৰতে চফটৱেৰৰ ক্ষেত্ৰলৈ আহিব ক্লাউড চফটৱেৰৰ ধাৰণা, যাৰ দ্বাৰা চফটৱেৰ কিনি লোৱাৰ সলনি মাননিৰ বিনিময়ত প্ৰয়োজন অনুসাৰে ব্যৱহাৰ আৰম্ভ হব। ব্যক্তিগত কম্পিউটাৰ তথা মোবাইলত তথ্য ৰখাৰ সলনি ক্লাউড কম্পিইউটিং, ক্লাউড মেমৰিৰ ব্যৱস্থাৰে তথ্য যিকোনো ঠাইৰ পৰা আহৰণ কৰিব পৰাৰ ব্যৱস্থাও গঢ় লৈছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰেও নিজা সংস্থাৰ দ্বাৰা চৰকাৰী তথ্য ৰখাৰ বাবে এনে ক্লাউড মেমৰী চিষ্টেম তৈয়াৰ কৰিছে আৰু কৰ্মচাৰী সকলক ইয়াৰ ব্যৱহাৰ জোৰদাৰ কৰিবলৈ নিৰ্দেশনাও জাৰি কৰিছে। দেশী-বিদেশী কোম্পানী সমূহেও নিজা কম্পিউটাৰ চিষ্টেম আদিৰে আন্তঃগাঁথনি তৈয়াৰ কৰাৰ সলনি কৰ্মচাৰীয়ে নিজা লেপটপ আদি লৈ আহি সেৱা আগবঢ়োৱাৰ (Bring your own system) ব্যৱস্থাকো আদৰি লৈছে। বহুতো কোম্পানীয়ে মহিলা কৰ্মচাৰী সকলৰ বাবে প্ৰসূতিকালীন দীৰ্ঘদিনীয়া ছুটি দিয়াৰ সলনি আৰু সন্তান-লালন পালনৰ ফলত যাতে চাকৰি জীৱন বিঘ্নিত নহয়, তাৰ নিশ্চিতি দিবলৈ ঘৰৰ পৰাই কোম্পানীৰ কাম কৰাৰ অনুমতি প্ৰদান কৰি, নতুন ইতিবাচক পৰিবৰ্তনৰ ইংগিত দিছে। দৈনন্দিন অফিচলৈ নগৈ ঘৰৰ পৰা কাম কৰাৰ স্বাধীনতাও কেতবোৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি আৰু মোবাইল প্ৰযুক্তিৰ প্ৰসাৰেই সম্ভৱ কৰি তুলিছে। টেলিমেডিচিন আৰু ভিডিঅ কনফাৰেন্সিংৰ জৰিয়তে চেন্নাইৰ ডাক্তৰৰ পৰামৰ্শ উজনি নামনিৰ গাঁৱতে উপলদ্ধ হোৱাটো সম্ভৱপৰ হৈছে। আনকি চাকৰিৰ সাক্ষাতকাৰো টেলিফোনিক, স্কাইপ, টেলিকনফাৰেন্সিং আদি মাধ্যমেৰেই হোৱাৰ ধাৰণাটো জনপ্ৰিয় হৈছে। গোটেই কেইখন জিলাৰ পুলিচ অধীক্ষকক দিছপুৰত বহিয়েই মুখ্যমন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত কৰিব পৰা হৈছে। একেদৰেই ‘উবেৰ’ কেৱৰ সফলতাৰ মডেলত চাহিদা অনুসৰি এপচ নিৰ্ভৰ সেৱা বেলেগ বেলেগ খণ্ডতো মুকলি হোৱাটো অনিবাৰ্য হৈ পৰিছে। এইবোৰ হৈছে ক্ৰমাত ওচৰ চাপি অহা পূৰ্বৰ কল্প-কাহিনীবোৰৰ নতুন চমকহেন! তথ্য প্ৰযুক্তিৰ উন্নতিৰ সৈতে সৃষ্টি হৈছে ডাটা ৱেৰহাউচিংৰ দৰে নতুন ব্যৱসায়ো। ইণ্টাৰনেটৰ সংযোগৰ ক্ষেত্ৰত ফাইবাৰ অপ্টিকচ দেশজোৰা নেটৱৰ্ক স্থাপনৰ চমকেৰে জিঅ কোম্পানীয়ে দেখুওৱা ‘অফুৰন্ত ডাটা’ৰ স্বপ্নত দেশবাসীও অংশীদাৰ হৈছে। মাহেকত ৩০জিবিলৈকে গড়ে ইণ্টাৰনেট ডাটা ব্যৱহাৰৰ অভ্যাস গঢ় লোৱাৰ লগে লগেই ডিজিটেল ফুটপ্ৰিণ্টৰ আৰু তাৰেই আলমত বাণিজ্যৰ বিজ্ঞাপনৰ জগতখনো আমাৰ দেশতো ক্ৰমাত সাৰুৱা হৈ উঠিছে। অফুৰন্ত ডাটা(Data Abundance) ধাৰণাৰ সৈতে তাল মিলাই বৰ্ধিত ষ্টৰেজ কেপাচিটিৰ সঁজুলিৰ বিকাশো জোৰদাৰ হৈ পৰিছে। মেগাবাইট, গিগাবাইটৰ পৰা গৈ টেৰাবাইট (Terabyte), পেটাবাইট (Petabytes) আৰু এক্সাবাইটৰ(Exabytes)নতুন স্কেলো মানুহৰ চিনাকি হবলৈ ধৰিছে। 

আপুনি বা মই কোনো এটা বেৱচাইটৰ পৰা কোনো এটা ডাটা চোৱা বা লোৱাৰ লগে লগেই কিছুমান চফ্টৱেৰে আপুনি কি কথাত আগ্ৰহী তাৰ খবৰ সংগ্ৰহ কৰে সেই ডিজিটেল দুনীয়াত আপোনাৰ পদচিহ্ন ৰূপে ই পৰিগণিত হয় আৰু তাৰ পাছত সেই আগ্ৰহৰ ভিত্তিতে গুগোলৰ দৰে সংস্থাই আপুনি পৰবৰ্তী সময়ত ইণ্টাৰনেট খুলিলেই তাৰ সৈতে সামঞ্জস্য থকা সামগ্ৰীৰ অনলাইন বিজ্ঞাপন আপোনাৰ সমুখত দাঙি ধৰিব। আনকি এই ডিজিটেল ফুটপ্ৰিণ্টৰ ধাৰণাৰ দ্বাৰাই আপুনি কোন শিতানত মাহটোত কিমান খৰছ কৰিছে, কোন বস্তুত সময় সমল বিনিয়োগ কৰিছে তাৰো হিচাব উলিওৱাটো সম্ভৱপৰ হৈ পৰিছে। এই ধাৰণাৰ ভিত্তিতে ব্যক্তিগত সহযোগীৰ দৰে কাম কৰিব পৰা কিছুমান এপছো বিকাশ হৈছে। এই সকলো ডাটা কম্পিউটাৰ ৰবটেই সংগ্ৰহ কৰি সংশ্লেষণ কৰি সেইমতে বিজ্ঞাপনৰ ফীড দিয়াৰ ব্যৱস্থাটোৰ বিকাশৰ গতিশীলতা বজাই ৰাখিবলৈকে গুগোলৰে দৰে কোম্পানীয়ে বহু হাজাৰ কোটিৰ টকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গৱেষণাত বিনিয়োগ কৰাৰ বাতৰিও প্ৰকাশ পাইছে। মেচিন লাৰ্নিং আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগলবন্দীৰ ফলত পিছে এতিয়া কল চেণ্টাৰ, বিজনেজ প্ৰচেছ আউট-চৰ্ছিং আদিত মানুহৰ ব্যৱহাৰ কৰি কৰা বহুতো কাম এতিয়া কম্পিউটাৰ ৰবটেই কৰিবলৈ লৈছে। গুগোলৰ ‘ডাৱল ক্লিক’, ফেচবুকৰ ‘পাৱাৰ এডিটৰ’ আদি প্লেটফৰ্ম তাৰেই উদাহৰণ। ফলত ইনফছিছৰ দৰে কোম্পানীয়ে ভাৰততে প্ৰায় ৯হেজাৰ মান তেনে সৰু চাকৰি কৰা কৰ্মচাৰীক চাটাই কৰাৰো বাতৰি প্ৰকাশ পাইছে, যিটোৱে সেৱা ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে অন্য ধৰণৰ প্ৰত্যাহ্বানো।

একেদৰেই ২০১৬বৰ্ষটো ভাৰ্চুৱেল ৰিয়েলিটি ক্ষেত্ৰৰ বাবেও বৰ আশাব্যঞ্জক বছৰ আছিল। ভাৰ্চুৱেল ৰিয়েলিটি ভিত্তিক গেমিং, ইয়াৰ সঁজুলি সমূহৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে এতিয়া ইয়াক অগমেণ্টেট ৰিয়েলিটি নামৰ এটি উন্নতৰ প্ৰযুক্তিলৈ বিকাশৰ বাবেও ক্ষেত্ৰখনে সাৰপানী পাইছে। বিকাশমান এই প্ৰযুক্তিবোৰে অচিৰেই হেনো ডাক্তৰে সমুখত ৰোগীক বহুৱাই তেনে সঁজুলি চকুত পিন্ধি দেহৰ বিভিন্ন অংশ পোনপটীয়াকৈ স্কেন কৰাৰ দৰে চায়েই ৰোগ নিৰ্ণয়ৰ ব্যৱস্থা হব। ইণ্টাৰনেটৰ গতিবেগ বৃদ্ধিৰ সৈতেই ভিডিঅ’ ফীডৰ সংখ্যা বাঢ়িছে, তাৰ দ্বাৰা পৰ্যটন, উতসৱ পাৰ্বন, সাংস্কৃতিক সমল আদিৰ ক্ৰমাত কোণৰ পৰা ওলাই বিশ্বমুখী হোৱাৰ সুযোগ লাভ কৰিছে। ভাৰ্চুৱেল ৰিয়েলিটিয়ে অচিৰেই ক্ৰীড়া আৰু মিউজিক কনচাৰ্ট সমূহক কক্ষচ্যুত কৰি পেলাব বুলিও শংকা প্ৰকাশ পাইছে। এইবোৰৰ ভিতৰতে ইংৰাজীৰ তুলনাত আঞ্চলিক ভাষা সমূহৰ সমলো ইণ্টাৰনেটত অধিক গতিত বৃদ্ধি পোৱাৰ খবৰো উজলি উঠিছে। চফটৱেৰ লোকেলাইজেচন প্ৰকল্প সমূহ জনপ্ৰিয় হৈছে, বহুভাষিক ৰূপত চফটৱেৰবোৰ উপলদ্ধ হোৱাত ই গ্ৰাম্য বজাৰো স্পৰ্শ কৰিবলৈ সহজ হৈছে। গুগোল আৰু ফেচবুকে অনলাইন অনুবাদৰ সেৱাকো দ্ৰুত কৰি আনিছে। ফেচবুকৰ লাইভ ফিচাৰৰ দৰে অপচনবোৰ জনপ্ৰিয় হোৱাৰ লগতে শিল্পী দিৱসত অসমতে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিকো সুন্দৰকৈ নৱ-প্ৰজন্মই চ’ছিয়েল মেডিয়াতে পৰিবেশন কৰাৰ দৰে উদাহৰণে সঁচাই মনটো ৰঙাই তুলিছে।

ইয়াৰ লগে লগেই চাইবাৰ সুৰক্ষাৰ বিষয়টোৱে তথা ব্যৱসায়টোৱেও প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হৈছে। হেকাৰৰ পৰা বচোৱাৰ বাবে ক্ৰমাত জনপ্ৰিয় হোৱা ডিজিটেল লেনদেনৰ জগতখনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো স্বাভাৱিক। সুৰক্ষা নিশ্চিতকৰণৰ অচ্যুত বিকল্প হিচাবে বায়মেট্ৰিক স্কেনাৰ, আইৰিচ স্কেন আদিও অতি কম দিনৰ ভিতৰতে অপৰিহাৰ্য হৈ উঠাটো নিশ্চিত বুলিও চাইবাৰ সুৰক্ষা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। ইলেক্ট্ৰনিক গেজেটৰ বিকাশৰ লগতে অধিক কাৰ্যকুশল বেটেৰীৰ বিকাশো অনিবাৰ্য হৈ পৰিছে, বেটেৰী বেক-আপৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক প্ৰযুক্তি বিকাশৰ প্ৰত্যাহ্বানো গৱেষণা ও বিকাশ সংস্থা সমূহে গ্ৰহণ কৰিছে। ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকে নিউক্লীয় আৱৰ্জনাৰ পৰা নিৰ্মল বিদ্যুত শক্তি উতপাদন কৰাৰ আৰু তাক ৫০০০বছৰ পৰ্যন্ত টিকিব পৰা বেটেৰী নিৰ্মাণ কৰাৰ বাতৰিও প্ৰকাশ পাইছে।

নতুন প্ৰজন্মৰ লগতে আদঢ়ীয়া সকলৰো দৈনন্দিন জীৱনৰ অভ্যাস এই প্ৰযুক্তিগত সা-সামগ্ৰীৰ প্ৰভাৱতে সলনি হবলৈ ধৰিছে, যাৰ কু-প্ৰভাৱ জীৱন-যৌৱন, পৰিয়াল, আবেগিক সম্পৰ্ক আদিতো প্ৰতিফলিত হৈছে, আধুনিক ৰূপৰ কিছু সামাজিক ব্যাধিও ঠন ধৰি উঠিছে। প্ৰযুক্তিয়ে গঢ় দিয়া ন-পৃথিৱীত সহ-অৱস্থান কৰাৰ বাবে সকলো স্তৰৰ ৰাইজেই এনে সামাজিক বিষয়বোৰতো সচেতন হোৱাৰো প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। 



আহি থকা প্ৰযুক্তিৰ ভিতৰত উজলি উঠিছে স্মাৰ্ট-ক্লথৰ ধাৰণা, থিতাতে খাদ্যৰ গুণাগুণ পৰীক্ষা কৰিব পৰা ফুড স্কেনাৰ, হাৰ্টবীটকে ধৰি বিভিন্ন দৈহিক পৰিসংখ্যা মাপক পিন্ধিব পৰা বস্তুৰ জনপ্ৰিয় ও সুলভ সংস্কৰণ, ৰেডিঅ’লজিত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰ, থ্ৰী-ডি প্ৰিণ্টিং, হিউমেনইড ৰবটৰ বহুল ব্যৱহাৰ আদি হৈছে অন্যতম। একেদৰেই প্ৰযুক্তিয়ে স্বাস্থ্য খণ্ডলৈকো প্ৰভূত বৰঙণি যোগাইছে আৰু যোগাব। আধুনিক সমাজৰ বৰ্ধিত সমস্যা অনুৰ্বতাৰ চিকিতসাত ‘স্পাৰ্মবট’ৰ ধাৰণাৰ ব্যৱহাৰ আৰম্ভ হৈছে। অস্থিমজ্জাৰ কেঞ্চাৰ ‘মায়েলমা’ৰ কাৰণ নিৰ্ণীত হৈছে, যিয়ে আন আন কেঞ্চাৰৰ চিকিতসাটো সহায়ক হব বুলি নিউ ইংলেণ্ড মেডিকেল জাৰ্নেলে প্ৰকাশ কৰিছে। পুৰুষৰ মাৰাত্মক কেঞ্চাৰ প্ৰষ্টেট কেনছাৰক পৰাভূত কৰিব পৰা এক নতুন যৌগৰ আৱিস্কাৰেও সুখবৰ আনিছে। ক্ৰমাত জনপ্ৰিয় হৈ উঠা ৰবটিক চাৰ্জাৰীৰে অধিক সুক্ষ্ম ও কুশলী অপাৰেচন কেঞ্চাৰৰ ক্ষেত্ৰত বিশেষ ভাৱে প্ৰভাৱী হৈ পৰিছে, জনপ্ৰিয়তাই ইয়াক কম খৰচী কৰি তুলিবই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই আশা প্ৰকাশ কৰিছে। প্ৰযুক্তিগত ন-উদ্ভাৱনীবোৰ যাতে ধনী-দুখীয়া সকলোৰে বাবে কম-খৰছত উপলদ্ধ কৰাই সমাজৰ বেছিভাগ মানুহৰে যাতে উপকাৰ সাধিব পাৰে, তাৰ বাবেও ভিন্ন স্তৰত প্ৰচেষ্টা চলি আছে। চকুৰ পানীৰ পৰাই দেহৰ ছুগাৰ লেভেল জোখা, বেজিবিহীন ইনছুলিন আদিৰে মানুহৰ য্ন্ত্ৰণা কম কৰিবলৈ প্ৰযুক্তিয়ে ন-ন বাট উলিয়াইছে।এতিয়া বৰ্ধিত মানুহৰ ভোক পলুৱাবলৈ নিৰ্মাণ হবলৈ লৈছে সংশ্লেষিত খাদ্যও। পথাৰত খেতি কৰি নহয়, লেৱৰেটৰিত সৃষ্ট খাদ্যই অহা দশকত বজাৰ শুৱনি কৰাই নহয়, বজাৰ দখল কৰিব বুলিও প্ৰকাশ পাইছে। প্ৰযুক্তিয়ে অনাগত দিনটো এইদৰেই মানুহলৈ আশীৰ্বাদ আৰু প্ৰত্যাহ্বান দুয়োটাই যে কঢ়িয়াই আনি থাকিব সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে।

No comments:

Post a Comment