Tuesday, February 14, 2017

প্ৰৱন্ধ

চিলাৰায় আৰু বিশাল অসমীয়া জাতিসত্তা
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
বীৰ চিলাৰায়ৰ জন্ম ১৫১০ চনত আৰু মৃত্যু ১৫৭১ চনত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে পিচলৈ তেওঁৰ নাম হৈ পৰিছিল বীৰ চিলাৰায়। তেওঁৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে মাঘী পূৰ্ণিমাৰ দিনা তেওঁৰ জন্মৰ দিনটোত চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পিচৰে পৰা সমগ্ৰ অসমজুৰি আগতকৈয়ো বহুল ভাবে চৰকাৰী আৰু বেচৰকাৰী ভাবে চিলাৰায় দিবস উদযাপন কৰা হৈ আহিছে। যি সময়ত অসমৰ এচাম ক্ষমতা আৰু ঐচৰ্য্যলোভী ৰাজনৈতিক নেতাৰ ৰাজনৈতিক আকাঙ্খা চৰিতাৰ্থ কৰিবলৈ সিহঁতৰ কূটিল প্ৰৰোচনাত অসমৰ সাধাৰণ জনগণ বলিৰ পঠা হৈ জাত-পাত, ধৰ্ম্ম-ভাষাৰ ভিত্তিত ভাগ ভাগ হৈ পৰিছে, বিশেষকৈ যিবোৰ অসমৰ আদিম জনগোষ্ঠী-সম্প্ৰদায় বড়ো-কঁচাৰী, কাৰ্বি, মিচিং, ডিমাছা, আহোম, চুতিয়া, কোঁচ, ৰাভাৰ লগতে কলিতা, ব্ৰাহ্মণ, মুছলমান ইত্যাদিক প্ৰায় পঞ্চাছটা সৰু ডাঙৰ জনগোষ্ঠী-সম্প্ৰদায়ক সামৰিলৈ বৃহত্তৰ অসমীয়া জাতিসত্বা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, বৰ্ত্তমান সময়ত তাৰ উভটনী সোঁতত অসমীয়া জাতিসত্বাৰ সেই উপাদান সমূহ ভাঙি ভাঙি একোটা একোটা জাতিসত্বাৰ নাম লৈছে, সেই সময়ত অসমৰ সমন্বয়ৰ ইতিহাসৰ অন্যতম পথিকৃৎ মহাবীৰ চিলাৰায়ৰ পৰা আমি কি শিক্ষা ল'ম, সেই কথাও বিচাৰ্য হৈ উঠিছে!

আজি অসমত চুকাফা, শ্ৰীমন্ত শঙ্কৰদেৱ, চিলাৰায় আৰু লাচিত বৰফুকনৰ দৰে মহৎলোক সকলৰ জীৱন পৰিক্ৰমা আৰু অতীতৰ প্ৰগতিশীল কাৰ্য্যাৱলী চৰ্চ্চাৰ পৰা পোৱা শিক্ষাইহে অসম তথা পূব ভাৰতক পুনৰ একতাৰ ডোলৰে বান্ধিবলৈ সঠিক পথ নিৰ্দ্দেশনা দিব পাৰিব৷ উদাৰ দৃষ্টিভঙ্গীৰে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সকলোকে সামৰি ৰাজ্য গঠনৰ পাতনি মেলা চুকাফাক আজি অসমীয়াই পাহৰিলে ভৱিষ্যতলৈ একতাৰে আগবাঢ়িবলৈ প্ৰেৰণা পাব কেনেকৈ? আজিৰ পৰা ৫০০ বছৰ আগতে কুসংস্কাৰ-অনাচাৰেৰে পৰিপূৰ্ণ ভাৰতৰ পূব দিশৰ বাৰেমিহলি জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস দূৰ কৰি ঠেক জাত-পাত-বৰ্ণৰ ব্যৱধানৰ উৰ্দ্ধত একতাৰ ডোলেৰে বান্ধিবলৈ মহাপুৰূষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা মানৱতাৰ বহল প্ৰমূল্যসমূহ নিহিত ভক্তি আন্দোলন একশৰণীয়া নাম ধৰ্ম্মই অকল অসম ভূখণ্ডতে নহয়, সমগ্ৰ পূব ভাৰততেই হেজাৰ হেজাৰ ভক্তৰ সৃষ্টি কৰি প্ৰগতিৰ বাট দেখুৱাইছিল৷ সেই একে সময়তে শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা জীক বিয়া কৰাই মহাপুৰূষজনাৰ আদৰ্শৰে প্ৰভাৱিত হৈ প্ৰেম, দয়া, ধৰ্ম্মনিৰপেক্ষতা, সহনশীলতা ইত্যাদি মানবীয় গুণৰে সংপৃক্ত চিলাৰায়ৰ দৰে এজন গুণী, জ্ঞানী, আৰু দুদ্ধৰ্ষ কৌশলী সেনাপতি-যোদ্ধাই অতীৱ দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাবে যোগা-যোগৰ কোনো ব্যৱস্থা নথকা পশ্চাদপদ অনুন্নত পূবভাৰতৰ বিভিন্ন ধৰ্ম্ম-জনগোষ্ঠী-সম্প্ৰদায়ক একতাৰ ডোলৰে বান্ধি এখন সমৃদ্ধিশালী, ঐক্যবদ্ধ আৰু সংস্কৃতিসম্পন্ন পূৰ্বভাৰতৰ সপোন দেখিছিল৷

পৃথিবীৰ খ্যাতিসম্পন্ন সামৰিক বুৰঞ্জীৰ কৰ্তৃত্বশীল বৃটিছ গৱেষক তথা ইতিহাসবিদ ছাৰ আৰ্নল্ড টয়নবীৰ মতে মহান লক্ষ্য, সাংগঠনিক ক্ষমতা, নেতৃত্ব দিব পৰা গুণ, যুদ্ধক্ষেত্ৰত বিৰল পাৰদৰ্শিতা, সামৰিক নীতি আৰু কৌশলৰ ফালৰ পৰা বিচাৰ কৰিলে পৃথিবীৰ ভিতৰতেই ভাৰতবৰ্ষৰ চিলাৰায় (১৫১০-১৫৭১)আৰু ছত্ৰপতি শিৱাজী (১৬৩৯-১৬৮০)আৰু ফ্ৰান্সৰ সেনাপতি নেপোলিয়ন বোনাপাৰ্ট (১৭৬৯-১৮২১) অসামান্য সমৰবিদ৷ চিলাৰায়ৰ পূবভাৰত সামৰিক অভিযান সমূহৰ প্ৰতি সেই সময়ত জয় কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ স্বত:স্ফূৰ্ত সমৰ্থনে প্ৰমাণ কৰে এই অভিযান সমূহ যেন সম্প্ৰীতিৰ বতৰা কঢ়িওৱা এক উন্নত সংস্কৃতিক আন্দোলনহে আছিল৷ কাৰণ চিলাৰায়ে জয় কৰা অঞ্চলসমূহ কোচ ৰাজ্যৰ লগত সংযুক্ত কৰি এখন বিশাল কোচ সাম্ৰাজ্য গঢ়াৰ সপোন দেখা নাছিল, তাৰ পৰিবৰ্ত্তে সেই অঞ্চলসমূহৰ নৃপতি সকলৰ লগত সন্ধি কৰি অন্য বিজেতাৰ দৰে পৰাজিত কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ ওপৰত লুটপাত, অত্যাচাৰ কৰাৰ পৰিবৰ্ত্তে আলি-পদূলি আৰু উপাসনাস্থল নিমাৰ্ণ, বৃক্ষৰোপন, খোৱাপানীৰ বাবে পুখুৰী খন্দা, কৃষিক্ষেত্ৰৰ উন্নয়ণৰ বাবে আঁচনি, কুটীৰ উদ্যোগক উদগনি দিয়া আদি কৰি নানা উন্নয়ণমূলক কামৰ জৰিয়তে সুন্দৰ শাসন ব্যৱস্থা স্থাপন কৰি পুনৰ কোঁচবিহাৰলৈ উভতি গৈছিল৷ কোঁচৰাজ বুৰঞ্জীত, চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি বন্দী হোৱাৰ কথা পোৱা যায়। বন্দী হোৱাৰ পাছত, তেওঁক সাপে খোটাৰ চিকিৎসাত গৌড় ৰাজমাতা তুষ্ট হৈ মুক্তি দি নিজৰ কন্যাক তেওঁৰ লগত বিয়া দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, চেৰপুৰ, দহকনীয়া আদি নামৰ পাঁচখন পৰগণা দিয়ে। আন এখন ইতিহাস মতে, কৰতোয়াৰ পূৰ্ব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে আৰু ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ আদি চিলাৰায়ে লাভ কৰে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত, বাগীশ আদি পণ্ডিতসকলক গৌড়ৰ পৰা লগত লৈ আহে। ভৱিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহ’বলৈ বোধ হয় ৰাজমাতাই এই মৈত্ৰীৰ ব্যৱস্থা কৰিছিল।

চিলাৰায়ে বাল্য কালত বাৰানসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। তেওঁৰ অসাধাৰণ নেতৃত্বকাৰী গুণাৱলী, কূটনৈতিক কৌশল, জ্ঞানপিপাষু মন, অগাধ পাণ্ডিত্য, সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষকতা, ধৰ্ম্মপৰায়ণ মনোভাৱ, সদাচাৰ, চিকিৎসা শাস্ত্ৰজ্ঞান ইত্যাদিৰ বাবে সমসাময়িক বহু পণ্ডিত আৰু সাহিত্যিকে ভূয়সী প্ৰশংসা কৰি গৈছে যদিও বেছিভাগ সাধাৰণ অসমীয়াই তেওঁৰ বিষয়ে আজি পৰ্য্যন্ত ভালদৰে নাজানে৷ বহুতেই নাজানে শক্তিপূজাৰ বিশ্ববিখ্যাত কামাখ্যাধাম গৌড় দেশৰ অত্যাচাৰী সেনাপতি কালাপাহাৰে ধ্বংস কৰাৰ পাচত চিলাৰায়ে ভাতৃ মহাৰাজ নাৰায়ণৰ লগত আলোচনা কৰি পূব ভাৰতৰ সমূহ ৰাজ্য জয় কৰি উপহাৰ হিচাবে পোৱা অজস্ৰ সোণ, ৰূপ আৰু মণি-মুকুতাৰ পৰা আহৰণ কৰা ধনৰে আজিৰ ৰূপত পুনৰ নিৰ্ম্মাণ কৰিছিল৷ হাজোহয়গ্ৰীৱ মন্দিৰৰো সংস্কাৰ কৰিছিল। সৰ্ব্বকালৰ শ্ৰেষ্ঠজন অসমীয়া আৰু কালজয়ী যুগনায়ক শ্ৰীমন্ত শঙ্কৰদেৱে কিছুমান দুষ্টলোকৰ চক্ৰান্তত আহোম ৰজ্য এৰি বিছ বছৰৰো অধিক কাল কোঁচৰাজ্যত কটোৱা সময়ছোৱা হৈছে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-সভ্যতালৈ নতুন প্ৰগতিশীল চিন্তা-চেতনা কঢ়িয়াই অনা গৌৰৱাজ্জল সোণালী অধ্যায়৷ চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰতি আসক্ত হৈ পৰিল, তেতিয়া শংকৰদেৱৰ শৰণ ল'বলৈ তেওঁৰ একান্ত ইচ্ছা হ’ল। আনহাতে, কিছুমান দুষ্টলোকৰ প্ৰৰোচনামূলক কথাত ভোল গৈ নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ আদেশ দিলে। সেই সময়ত চিলাৰায়ে গুৰুজনাক এক গোপন স্থানত লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ-সুবিধা বুজি এদিন ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শ্ৰীমন্ত শঙ্কৰদেৱেৰ ব্যক্তিত্ব আৰু পাণ্ডিত্যতৰ প্ৰভাৱত মোহবিষ্ট হৈ ৰাজসভাত স্থান দিয়ে। তাৰ পাছত, তেওঁলোকৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱে সেই অঞ্চলত বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ প্ৰচাৰ কৰে। সেইয়া সম্ভৱ হৈছিল নৰনাৰায়ণ আৰু চিলাৰায়ৰ দৰে মহানুভৱ বিশাল হৃদয়ৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰৱল ভাবে অনুৰক্তলোকৰ ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবেহে৷ সেইয়া নহ'লে অসমীয়াই হয়তো সেই যুগত সৃষ্টি হোৱা বহুমূলীয়া সাহিত্য-সংস্কৃতিৰ সম্ভাৰৰ পৰা বঞ্চিত হ'লহেতেন৷

চিলাৰায় আৰু নৰনাৰায়নে বহু পণ্ডিত নিয়োগ কৰি পুৰাণ আৰু মহাকাব্যসমূহ সাধাৰণ মানুহে পঢ়িব পৰাকৈ সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল৷ গুণীয়েহে গুণীৰ মোল বুজে৷ চিলাৰায় নিজে এজন পণ্ডিত হোৱাৰ ওপৰিও পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ সহায় আছিল। তেওঁ নিজে সমৰ্থন নকৰা বেলেগ ধৰ্ম্ম, বিশ্বাস আদিকো সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ধৰ্ম্মনিৰপেক্ষতাৰ পৰিচয় দিছিল৷ চিলাৰায় নিজেও তেখেতৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই আছিল এক সৰ্ব্বগুণী মহান বিচক্ষণ পুৰুষ৷ সংস্কৃত ভাষাত বিৰাট দখল থকা চিলাৰায়ৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্যকৰ্ম্ম বাৰ শতিকাত জয়দেৱে ৰছনা কৰা বিশ্ববিশ্ৰুত "গীতাগোবিন্দ"ৰ ওপৰত সুগভীৰ নান্দনিক দৃষ্টিভংগীৰে লিখা "সাৰৱতী টীকা" যাৰ সমন্ধে ডঃ সত্যেন্দ্ৰনাথ শৰ্মাই দেবে লিখিছিল -"শুক্লধ্বজ (চিলাৰায়) যে এগৰাকী বিৰাট পণ্ডিত, ৰসজ্ঞ, শিল্পী তথা জ্ঞানী উৎসাহী ৰাজকীয় ব্যক্তি আছিল সাৰৱতী টীকাই সুন্দৰকৈ প্ৰমাণ কৰিছে৷" পূব ভাৰতৰ অতীতৰ গুণী-জ্ঞানী অসাধাৰণ লোকসকলৰ কৃত্বিত্বৰ প্ৰতি সততে এই অঞ্চলৰ বাহিৰৰ সৰ্ব্বভাৰতীয় ইতিহাসবিদ আৰু বুদ্ধিজীৱি সকলে সদায়েই অৱজ্ঞা বা অনীহাৰ মনোভাৱ লৈ আহিছে৷ সেয়েহে আমিয়েই এই অঞ্চলৰ জনগণৰ ওচৰত উন্মোচিত কৰিব লাগিব আমাৰ সেই মহান লোক সকলে গঢ়ি থৈ যোৱা সমন্ময়ৰ ইতিহাস যাৰ প্ৰেৰণাৰে আমি আকৌ গঢ়িব পাৰিম অতীতৰ বৰ অসম হিচাবে নহ'লেও সকলোৰে ভাতৃত্ববোধ আৰু সমানাধিকাৰৰ ভিত্তিত ঐক্যবদ্ধ পূব ভাৰত৷ আমি মনত ৰখা উচিত অসম সহ পূব ভাৰত ভাগ ভাগ হৈ এশখন ৰাজ্যত পৰিণত হ'লেওঁ দিল্লীৰ শাসক গোষ্ঠীৰ কোনো অসুবিধা নহয়, বৰং আমাক হেলাৰঙে শাসন আৰু শোষণ কৰিবলৈ তেওঁলোকৰ সুবিধাহে হ'ব৷

সেয়েহে আজি অসমৰে এজন সুশাসক, শাসনৰ সু-আৰ্হি বিকাশ কৰোতা তথা জ্ঞান চৰ্চাৰ পৃষ্ঠপোষক মহাবীৰ চিলাৰায়ৰ জীৱন-কৰ্মৰ ওপৰত আলোকপাত নিশ্চয়কৈ জৰুৰী। চৰকাৰী বন্ধৰূপে ঘোষিত হোৱা চিলাৰায় দিৱসত প্ৰকৃততে এই কৰ্মময় জীৱনৰ ওপৰত সজাগতাৰ বাবে পদক্ষেপ ললেহে প্ৰকৃতাৰ্থত এই দিৱস পালন কৰাৰ অৰ্থ থাকিব আৰু সমাজৰ উত্তৰ-পুৰুষেই অতীতৰ ভেটিত সোনোৱালী ভৱিষ্যতৰ সপোন দেখিবলৈ উদ্বুদ্ধ হব।
লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment