বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইউনিফৰ্ম চিভিল কোড আৰু 
মুছলীম দেৱানী আইন সংশোধন
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন

ভাৰতৰ সকলো নাগৰিকৰ বাবে এক অভিন্ন দেৱানি বিধি বা ইউনিফর্ম সিভিল কোড বাস্তবায়নৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰীয় আইন কমিচনে এক জনমত সংগ্ৰহৰ প্রক্রিয়া আৰম্ভ কৰিছে। তেওঁলোকে দেশৰ সকলো নাগৰিকৰ পৰা দেশত প্ৰচলিত বিভিন্ন দেৱানী আইন বিষয়ত মতামত বিছাৰিছে। মুছলমানসকলৰ মাজত তিনি তালাক প্রথা বা হিন্দু সমাজত কোনো কোনো অংশত মৈত্রী-কাঢ়ি নিয়া বা বহুবিবাহৰ দৰে বিষয়ত যিবোৰ প্ৰথা বৰ্তমানে প্ৰচলিত সেইক্ষেত্ৰত নাগৰিকসকলৰ মতামত কি তাক নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। অৱশ্যে ভাৰতৰ মুছলীম পাৰ্চনেল ল’ বোর্ডে এই প্রক্রিয়া বৰ্জনৰ আহ্বান জনাই অভিযোগ কৰিছে যে ইউনিফর্ম চিভিল কোড প্রণয়নৰ নামত আইন কমিচনে দৰাচলতে বিজেপি চৰকা্ৰৰ গোপন এজেণ্ডা বাস্তবায়িত কৰিব বিচাৰিছে। সেয়ে ভাৰতৰ মুছলমান সমাজৰ আটাইতকৈ প্রভাৱশালী সংগঠন মুছলীম পাৰ্চনেল ল’ বোর্ডে এই জনমত সংগ্ৰহৰ ক্ষেত্ৰত তীব্র আপত্তি দৰ্শাইছে। বোর্ডৰ সদস্য হজৰত মৌলানা ওৱালি ৰহমানিয়ে দিল্লিত সাংবাদিক মেলৰ জৰিয়তে জনাই যে ভাৰতীয় জনগনে এই প্রক্রিয়া বৰ্জন কৰা উচিত। কাৰণ বহুধর্মীয়, বহু মতাদৰ্শৰ দেশ ভাৰতত ইউনিফর্ম চিভিল কোড কেতিয়াও প্রযোজ্য হ’ব নোৱাৰে। বিবাহ, বিবাহ-বিচ্ছেদ, সম্পত্তি বা উত্তৰাধিকাৰৰ দৰে বিষয়বোৰ বিভিন্ন ধর্মৰ পাৰ্চনেল আইনৰ অধীন আৰু আইন কমিচনে এই বিষয়বোৰত হস্তক্ষেপ কৰা উচিত নহয়। ইফালে আইন কমিচনে নিজৰ ৱেবচাইটত চাৰি পৃষ্ঠাৰ এটি প্রশ্নপত্র আপলোড কৰি লিখিছে যে দেশখনত অব্যাহত থকা সামাজিক অন্যায় প্ৰথাসমূহ দূৰীকৰণৰ উদ্দেশ্যে এক সমান নাগৰিক আইন প্রণয়ন কৰিব পৰা যায় নে নাযায় তাক নিশ্চিতিৰ উদ্দেশ্যে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। প্রশ্নপত্রত মুছলমানসকলৰ মাজত প্রচলিত তাৎক্ষনিক তিনি তালাক প্রথা সম্পূৰ্ণৰূপে ৰদ কৰা, বাহাল ৰখা অথবা এই ক্ষেত্ৰত সংশোধনৰ প্ৰয়োজনীয়তা সম্পৰ্কত নাগৰিকসকলৰ মতামত বিচৰা হৈছে। হিন্দুসকলৰ ক্ষেত্রত নাৰীয়ে পৈত্ৰিক সম্পত্তিৰ উত্তৰাধিকাৰ সম্পৰ্কত সহজ আইন পৰিবর্তন কৰা উচিত হয় নে নহয়, সেই ক্ষেত্ৰটো মতামত আহ্বান কৰা হৈছে। খ্রিষ্টানসকলৰো বিবাহ বিচ্ছেদ চূড়ান্ত কৰাৰ আগেয়ে দুবছৰ বাধ্যতামূলকভাবে অপেক্ষা কৰা যি ৰীতি আছে, সেয়া কিমানদুৰ নাৰী-বিৰোধী সেই ক্ষেত্ৰটো ভাৰতীয় নাগৰিকসকলে মতামত দিব পাৰিব। ফলত এটা কথা স্পষ্ট ভাৰতৰ প্রায়কেইটা প্রধান ধর্মৰ বিভিন্ন বিতর্কিত বিষয়সমূহক লৈ ৰাষ্ট্ৰীয় আইন কমিচন মতামতৰ আহ্বান কৰিছে। স্মৰ্তব্য যে কমিচনে আইন মন্ত্রণালয়ৰ পৰামর্শদাতা হিচাবে কাম কৰে আৰু প্ৰত্যক্ষভাৱে আইন প্রণয়নৰ কোনো ক্ষমতা তেওঁলোকৰ নাই।

এই জনমত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশতে তুমুল বিতৰ্কৰ সুত্ৰপাত হৈছে। বহুতে অভিযোগ কৰিছে যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ আগেয়ে এনে বিষয়বোৰ উত্থাপন কৰি চৰকাৰে পুণৰবাৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে। স্মৰ্তব্য যে ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ডাত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন প্ৰথমৰ পৰাই আছে। উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত বিশেষকৈ এনেধৰণৰ বিষয়বোৰে স্থান লাভ কৰে। চৰকাৰখনে ভাৰতৰ সংবিধানখন সংশোধন কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰথমতে তেওঁলোকে সংবিধানৰ প্ৰিয়েম্বোলত থকা ধৰ্মনিৰপেক্ষ শব্দটো উঠাই দিয়াৰ পোশকতা কৰে। তাৰ পাছৰ পৰ্যায়ত ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াত পৰিবৰ্তন অনা বিষয়ক বিতৰ্কৰ সুচনা হয়। ভাৰতীয় নাগৰিকত্ব আইন সংশোধন বিষয়টো দেশখনত তুমুল বিতৰ্কৰ সুত্ৰপাত হয়। এইবাৰ চৰকাৰে ইউনিফৰ্ম চিভিল কোডৰ বিষয়টোৰ গইনা লৈ নিজ এজেণ্ডা আগবঢ়াই নিয়াৰ চেষ্টা কৰাৰ অভিযোগ মুঠেও বাহুল্য নহয়। সংবিধান সংশোধন কৰাত আপত্তি থাকিব নোৱাৰে, কাৰণ বহুবাৰ হৈছেও। কিন্তু দেশখনৰ অখণ্ডতা, বৈচিত্ৰৰ মাজত ঐক্যৰ যি বিশালতা, তাৰ ওপৰত প্ৰশ্নচিহ্ন সৃষ্টিকাৰি বিষয়বোৰ এৰাই চলাই ভাল। আইন প্ৰক্ৰিয়াত যদি পৰিবৰ্তন বিচাৰিছে, যদি প্ৰতিজন নাগৰিকক ন্যায়প্ৰদানেই উদ্দেশ্য হয় তেন্তে বিচাৰাধীন গোচৰসমূহ ত্বৰান্বিত কৰি খৰটকিয়া ন্যায় প্ৰদানত গুৰুত্ব আৰোপ কৰক। যদি নাৰীক সমমৰ্যাদা প্ৰদানেই যদি উদ্দেশ্য হয় তেন্তে এই বিষয়ত গুৰুত্ব প্ৰদান কৰক যে পুৰুষৰ তুলনাত নাৰীৰ সংখ্যা কিয় কম, ভ্ৰূণহত্যা কেনেকৈ ৰোধ কৰিব পাৰি। নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব, নাৰী নিৰ্যাতন ৰোধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰক।

চৰকাৰে গুৰুত্ব সহকাৰে লব পৰা বহুতো বিষয় আছে। কিন্তু চৰকাৰে অভিন্ন, সমান দেৱানী প্ৰৱৰ্তনৰ পোষকতা কৰিছে কিয়? বিভিন্ন ধৰ্মাৱলম্বীৰ ধাৰ্মিক ৰীতি-নীতি একে হ'বই নোৱাৰে। জন্ম, মৃত্যু, বিবাহ প্ৰতিটো বিষয়তে বিভিন্ন ধৰ্মাৱলম্বীৰ ৰীতি-নীতি সম্পূৰ্ণ সুকীয়া। আনকি মৃত্যুৰ পাছত কোনোবাই অগ্নীৰে দাহ সৎকাৰ কৰে আৰু আন কোনোবাই কবৰ দিয়ে। এনে নীতিবোৰ বিভিন্ন ধৰ্মাৱলম্বীৰ নিজ নিজ নিয়মাৱলীৰ আওতাত সন্নিবিষ্ট। কিন্তু এনে বিবিধতাৰ মাজতো সকলোৱে সুখে শান্তিৰে থকাৰ প্ৰয়াস কৰি আহিছে। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰো নিজস্ব সুকীয়া ৰীতি-নীতি আছে। সেইবাবেই নগালেণ্ড বা মিজোৰামত সুকীয়া আইন প্ৰণয়নৰ ব্যৱস্থা আছে। যদি অভিন্ন তথা সমান আইন প্ৰৱৰ্তন কৰা হয় তেন্তে ৩৭১কৰ দৰে অনুচ্ছেদ বাতিল কৰিব লাগিব। অৱশ্যে চৰকাৰৰ হৃদয় পৰিবৰ্তনো হ'ব পাৰে। তেওঁলোকে সংখ্যলঘু মুছলমানৰ আৰ্থ সামাজিক উত্তৰণৰ কথাও ভাৱিব পাৰে। মুছলমান মহিলাসকলৰ সমমৰ্যাদাৰ কথাও ভাৱিব পাৰে। যদি সেয়ে হয় তেন্তে কেৱল তালাক কিয় অশিক্ষিা, দৰিদ্ৰতাৰ দৰে বিষয়বোৰৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগে। কাৰণ অশিক্ষা, অজ্ঞতাৰ বাবেহে তালাক বা বহুবিবাহৰ দৰে প্ৰথা বৰ্তি আছে। জনাবুজা, শিক্ষিত লোকে তেনে প্ৰথাৰ আশ্ৰয় লোৱা পৰিলক্ষিত নহয়। বৰ্তমান তেনে প্ৰথা লুপ্তপ্ৰায়। তৎস্বত্বেও এনে বিষয়বোৰ টানি অনাৰ ৰহষ্যহে বুজা টান। বিবাহ বিচ্ছেদ কোন ধৰ্মৰ লোকৰ মাজত অধিক প্ৰচলিত তাৰ পৰিসাংখ্যিক অবকলন কৰি লোৱা ভাল।

ইফালে মুছলীম পাৰ্চনেল ল বোৰ্ডৰ আকোৰ গোজ স্থিতিয়েও সমস্যাবোৰ জটিল কৰিছে। তাৎক্ষণিক তিনি তালাক বা বহুবিবাহৰ দৰে বিষয়বোৰ সংশোধনৰ পক্ষপাতি কিয় নহয় তাকলৈ চিন্তাৰ উদ্ৰেক হোৱা স্বাভাৱিক। শ্বৰিয়ত আইন আৰু কোৰৱানৰ হাৱালা দি সকলো ঠিকেই আছে বুলি উভটগোৰে নাচিলে নহ'ব। বিভিন্ন মুছলীম দেশত এই প্ৰথা সংশোধনী হৈছে বা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে। কিছুমান ভ্ৰান্ত ধাৰণাৰ বশবৰ্তী হৈ নাৰীবিৰোধী, অইছলামীয় প্ৰথাৰ সংস্কাৰ সাধন নকৰিলে উন্নতিৰ দিশে আগুৱাই অগ্ৰসৰ হ’ব নোৱাৰিব। আমাৰ সমাজ বিশেষকৈ ভাৰত, বাংলাদেশ, পাকিস্থানত এটা ভ্ৰান্ত ধাৰণা আছে যে তালাক তালাক তালাক বুলি স্বামীয়ে তিনি বাৰ ক'লেই তালাক হৈ যায়; যেন ই লৰা ধেমালি, এক পুতলা দৰা-কইনাৰ হে খেল। এনেবোৰ কুপ্ৰথাই ইচলামক আৰু সমগ্ৰ মুছলমান সমাজক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। কিন্তু প্ৰকৃতাৰ্থত তালাক প্ৰথা কি, ইয়াক ইচলামৰ দৃষ্টিত পৰ্যালোচনা কৰা উচিত। তালাক প্ৰথা হৈছে বিবাহ বিচ্ছেদ কৰা এটি দীঘলীয়া প্ৰক্ৰিয়া| যেতিয়া স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় তেতিয়া দুয়োজনে মিলি প্ৰথমে মিমাংসা কৰাৰ প্ৰয়াস কৰিব লাগে। ইয়াৰ পাছতো যদি মিমাংসা নহয় তেতিয়া পৰিয়ালৰ মানুহ মাতি আনি মিমাংসাৰ চেষ্টা চলাব লাগিব। তাৰ পাছতো যদি সফল নহয় তেতিয়া বিবাহ বিচ্ছেদৰ এই পন্থা অৱলম্বন কৰিব পাৰিব। যেতিয়া স্বামীয়ে তালাক দিব তেতিয়া লগত দুজন সাক্ষী থকাটো বাধ্যতামূলক। ইয়াৰ পাছত অৰ্থাৎ তালাক হৈ যোৱাৰ পাছত তিনিমাহলৈ তেঁওলোক একেলগে একেখন ঘৰত থাকিব পাৰিব কিন্তু কোনো শাৰিৰীক সম্বন্ধ স্থাপন কৰিব নো্ৱাৰিব। তিনিমাহ সময় একেলগে থাকিবলৈ দিয়া হয় যাতে তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ অনুশোচনা হয়; পুনৰ বিবেচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পাছতো যদি মিমাংসা নিস্পত্তি নহয় তেন্তে প্ৰকৃতাৰ্থত তালাক হ'ব। আৰু তালাক দিলে স্বামীয়ে মহিলা গৰাকীক দিবলগীয়া সামগ্ৰী তথা দেনমোহৰ (বিয়াৰ সময়ত পুৰুষে মহিলাক দিবলগীয়া যাবতীয় ধন-সম্পত্তি) আদি সকলো মহিলা গৰাকীক দিব লাগিব| প্ৰশ্ন উত্থাপন হোৱা স্বাভাৱিক যে কেৱল পুৰুষেহে মহিলাক তালাক দিব পাৰে, মহিলাই পুৰুষক তালাক দিব নোৱাৰে নেকি? আচলতে তালাক হৈছে বিবাহ বিচ্ছেদৰ এটা প্ৰক্ৰিয়াহে আৰু পুৰুষে মহিলাক বিবাহ বিচ্ছেদ কৰা প্ৰথাক তালাক বুলি কোৱা হয়। মহিলাই তালাক দিব নোৱাৰে যদিও বিবাহ বিচছেদ কৰিব পাৰে। ইচলামত ৫ প্ৰকাৰে বিবাহ বিচ্ছেদ কৰিব পাৰে
১) স্বামী-স্ত্ৰীৰ সৰ্বসন্মতি ক্ৰমে,
২) তালাক প্ৰথা (ওপৰত উল্লেখ কৰা অনুসৰি)
৩) মহিলাই পুৰুষ দিয়া বিবাহ বিচ্ছেদ (divorce), ইয়াক আৰবীত ইচমাহ বুলি কোৱা হয়। (নিকাহ নামা – Marriage Agreementত উল্লেখ থকাটো জৰুৰী)
৪) কাজিৰ দ্বাৰাও বিবাহ বিচ্ছেদ কৰিব পাৰে। উল্লেখযোগ্য যে কোনো মহিলাক স্বামীয়ে যদি স্ত্ৰীৰ অধিকাৰ নিদিয়ে তেন্তে কাজিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিব পাৰে,
৫) যদি স্ত্ৰীৰ স্বামীক পছণ্ড নহয় তেতিয়া তাই স্বামীক তালাক দিবলৈ অনুৰোধ কৰিব পাৰে। ইয়াক কোলহ বুলি কোৱা হয়।

কিন্তু উক্ত নীতি-নিয়ম এচামে নিজৰ কুঅভিপ্ৰায় চৰিতাৰ্থ কৰিবলৈ তাৎক্ষণিক ভাৱে তিনিবাৰ তালাক দি এই প্ৰথাৰ অপব্যাৱহাৰ অব্যাহত ৰাখিছে। কিছুমানে আকৌ আধুনিক তথ্য প্ৰযুক্তি অপব্যৱহাৰ কৰি ফোনযোগে বা এছএমএছ কৰি নতুবা ইমেইল যোগেও তিনি তালাক দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। ই সম্পূৰ্ণ অইচলামীয় আৰু একপ্ৰকাৰ ভণ্ডামী। যেন নাৰী পেলনীয়া সামগ্ৰী, Use and Throw. এনে প্ৰথাৰ সংস্কাৰ সাধন অতিকৈ জৰুৰী। একেদৰে বহুবিবাহ প্ৰথাও মহিলাবিৰোধী কুপ্ৰথা। সেয়ে শিক্ষিত চামৰ লগতে মৌলানা, আলিম, উলেমাসকল আগুৱাই আহি আমুল পৰিবৰ্তনেৰে কলুসিত সমাজৰ সংস্কাৰ সাধন কৰিব লাগে। বিস্তৃতভাৱে এই প্ৰথাৰ আইনগতভাৱে সকলোৱে বুজিব পৰাকৈ মুল্যায়ন হ’ব লাগে। কেৱল বিজেপি চৰকাৰৰ কাৰ্যকালত এই আইনসমুহ সংশোধনৰ পোশকতা কৰা বাবেই ভুল বুলি অপপ্ৰচাৰ চলালে নিজৰে ক্ষতি হ'ব। ধৰি লওক গোৰ মাৰি গঙ্গাত পেলাইছে। অৱশ্যে এই কথা উল্লেখ কৰা ভাল যে মুছলীম পাৰ্চনেল আইন সংশোধন আৰু ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন দুটা সম্পূৰ্ণ পৃথক বিষয়। এটা আনটোৰ পৰিপূৰক নহয়।

No comments:

Post a Comment