Tuesday, December 13, 2016

চিন্তন

শিৱসাগৰলৈ পৰিৰ্ৱতন আহিব নে?

ড° বিজয় কৃষ্ণ চেতিয়া
“শিৱসাগৰ” নামটো উচ্চাৰণ কৰা লগে লগে যেন প্ৰতিজন অসমীয়াক অসমীয়া জাতিৰ উত্থানৰ বৌদ্ধিক আৰু সাংস্কৃতিক চেতনাই জাগ্ৰ্ত কৰি তোলে। নকৰিবই বা কিয়? 

আহোমৰ ছশবছৰৰ সোণালী অধ্যায়ৰ সাক্ষী কোন, নিশ্চয়কৈ শিৱসাগৰ,

“অৰুণোদয়”, আধুনিক অসমীয়া বৌদ্ধিক শক্তিৰ প্ৰথম স্বীকৃতিৰ জন্ম ক’ত, নিশ্চয়কৈ শিৱসাগৰত,

“অসম সাহিত্য সভা”ৰ, অসমৰ সাহিত্য আৰু বৌদ্ধিক মহলৰ উমৈহতীয়া মঞ্চ, প্ৰথম অধিবেশন ক’ত, নিশ্চয়কৈ শিৱসাগৰত।

শিৱসাগৰে অসমৰ বৌদ্ধিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, ক্ৰীড়া আদি প্ৰতিটো দিশতে শ্ৰীউত্থানৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান দি আহিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু আজি অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপণৰ প্ৰাকক্ষণত “শিৱসাগৰ”ৰ সমস্যা সাগৰত ডুবি উশাহ লব নোৱৰা এক অৱস্থা সৃষ্টি হৈছে, আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ শিৱসাগৰৰ গৌৰৱজ্ব্ল ইতিহাস যেন ক্ৰ্মান্ব্য়ে শেষ হবলৈ গৈ আছে। 

কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰি নে? আনিব নোৱাৰিনে শিৱসাগৰলৈ এক পৰিবৰ্তনৰ জোৱাৰ, উন্নয়ণৰ এক সঠিক ধাৰা। নিশ্চয়কৈ পাৰি, কি নাই শিৱসাগৰৰ। 

প্ৰাকৃতিক সম্পদত চহকী হোৱাৰ বাবেই ONGC ৰ এখন বিশেষ কৰ্মস্থলী শিৱসাগৰ। কিন্তু এখন তৈল চহৰ হিচাপে শিৱসাগৰে প্ৰ্কৃত স্বীকৃতি পাইছে নে? ভাৰতৰ আনবোৰ তৈল চহৰৰ যেনেদৰে আৰ্থসামাজিক উন্নয়ণ হৈছে শিৱসাগৰৰ হৈছে নে? আমাৰ দৃষ্টিত নাই হোৱা।উদাহৰণস্বৰূপে ৰাজস্থানৰ “বাৰমি”ক লব পাৰি। আমাৰ দৃষ্টিত ONGC য়ে শিৱসাগৰ পৰা যিমান ব্যৱসায়িক লাভ অৰ্জন কৰিছে শিৱসাগৰৰ উন্নয়ণৰ বাবে আৰু কৰাৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত শিৱসাগৰীয়া ৰাইজেও মানসিকতাৰ সলনি কৰা প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰোঁ। কোটি টকা খৰছ কৰি জাকজমকতাৰে বিহু সন্মিলন পাতিলেই ‘জাতি’ জীয়াই নাথাকে জাতিক জীয়াই ৰাখিবলৈ জাতিৰ মৌলিক সমস্যা সমূহক বাস্তৱ সন্মত আৰু বিজ্ঞানসন্মত চিন্তাৰে সমাধান কৰা পথ বিচাৰি উলিয়াব পাৰিব লাগিব।

শিৱসাগৰৰ কিছু সমস্যা আৰু এইবোৰৰ সমাধানৰ উপায় এইখিনিতে আমাৰ সীমিত জ্ঞানেৰে আলোচনা কৰিব বিচাৰিছোঁ, 

১।শিৱসাগৰ বুলি ক’লে আমাৰ মনলৈ অহা প্ৰথমটো কথা হ’ল শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত চহৰ।বিশ্ব প্ৰেক্ষাপটলৈ চালে আমাৰ দৃষ্টিগোচৰ হয় যে বিশ্বৰ প্ৰতিখন ঐতিহ্যমণ্ডিত চহৰেই আজি দিনত বৃহৎ পৰ্যটন উদ্যোগলৈ ৰূপান্তৰিত হৈছে।কিন্তু আমাৰ দৃষ্টিত একবিংশ শতিকাৰ বিশ্বৰ চকুতলগা প্ৰযুক্তিগত উত্থানৰ পিছতো শিৱসাগৰ এইক্ষেত্ৰত পিছ পৰি আছে।আহোমৰ ছশবছৰৰ সোণালী অধ্যায়ৰ বিৰল সৃষ্টি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, সুউচ্চ শিৱ দৌল আৰু জয় দৌল, কোনোদিনেই নুশুকোৱা দুটাকৈ বিশাল পুখুৰী শিৱসাগৰ আৰু জয়সাগৰ পুখুৰী থকা পিছটো শিৱসাগৰ কিয় এখন সবাংসুন্দৰ পৰ্যটন নগৰীলৈ ৰূপান্তৰিত নহ’ল বা হোৱা নাই।এইক্ষেত্ৰত দুটা বিশেষ কাৰণ আমাৰ দৃষ্টিত পৰে আৰু এই কাৰণ দুটাত গুৰুত্ব দিয়াটো আমি জৰুৰী বুলি অনুভৱ কৰোঁ,

ক।আন্ত:গাঁঠনিৰ অভাৱ: পৰ্যটনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল সুপৰিকল্পিত সুদৃঢ় আন্ত:গাঁঠনি, যিটো শিৱসাগৰত আজিও অভাৱ।শিৱসাগৰৰ নগৰৰ মাজেদি যোৱা এ.টি ৰ’ডকে ধৰি চহৰখনৰ প্ৰায়বোৰ পথৰ যি জৰাজীৰ্ণ ৰূপ ইয়ে চহৰখনক পৰ্যটনমুখী কৰাত প্ৰ্ধান বাধা ৰূপে থিয় দি আছে বুলি আমাৰ অনুভৱ হয়।সেইয়ে আমি আশাকৰোঁ পৰিবৰ্তনৰ বতৰা অনা নতুন চৰকাৰ খনে এইক্ষেত্ৰত এক ইতিবাচক ভূমিকা লব।

খ।দ্বিতীয়তে পৰ্যটনৰ বাবে প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱ শিৱসাগৰৰ ক্ষেত্ৰত আমি অনুভৱ কৰোঁ।ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় স্তৰত শিৱসাগৰৰ পৰ্যটনক আৰ্কষণীয় ৰূপত উপস্থাপন কৰা হোৱা নাই যেন আমাৰ অনুমান হয়। আমাৰ ধাৰণাই কয় কেৱল শিৱসাগৰৰ পৰ্যটনে আন্ত:ৰাষ্ট্ৰীয় স্তৰত গুৰুত্ব নাপাব পাৰে কিন্তু যদিহে আমি শিৱসাগৰ, যোৰহাট, মাজুলী আৰু কাজিৰঙাক সাঙুৰি এক ‘পৰিকল্পিত বহুমুখী পৰ্যটন ক্ষেত্ৰ’ গঢ়ি তোলা হয়, তেন্তে শিৱসাগৰৰ লগতে উল্লেখিত আন কিখন ঠাইয়ে স্তৰত বিশেষ গুৰুত্ব লাভ কৰিব বুলি আমি বিশ্বাস ৰাখিব পাৰোঁ। এনে পৰিকল্পনাৰে যদিহে আমি আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যটন প্ৰ্তিষ্ঠানক অসমৰ প্ৰ্তি আকৰ্ষিত কৰিব পাৰোঁ, ই অসমৰ নিবনুৱা সমস্যা উপশম কৰাত কিছু যে সকাহ দিব এই কথা ধুৰূপ।

শিৱসাগৰৰ পৰ্যটনৰ ক্ষেত্ৰত আৰু দুটা দিশ এইখিনিতে উল্লেখ কৰি থব বিচাৰোঁ যিদুটা দিশত নতুন চৰকাৰক গুৰুত্ব দিবলৈ আমি অনুৰোধ কৰোঁ, 

ক। বৃটিছৰ দিনত দিখৌ নদীৰ ওপৰত নিৰ্মীত বিৰল কপি দলং খনক ‘পৰ্যটন উৎস’ হিচাপে গুৰুত্ব দি ইয়াক সুৰক্ষিত কৰা ব্যৱস্থা গ্ৰহন কৰিব লাগে।

খ।শিৱসাগৰত অৱস্থিত অসমৰ পক্ষী অভয়াৰণ্য পানী দিহিংক পৰ্যটনমূখী কৰি তুলিবলৈ প্ৰয়োজনীয় আন্ত:গাঁঠনি নিৰ্মাণত চৰকাৰে গুৰুত্ব দিব লাগে।

২।এতিয়া আহোঁ শিৱসাগৰৰ আন এটা প্ৰধান সমস্যা বানপানী আৰু গৰাখহনীয়া সমস্যালৈ।এই সমস্যা দুটা সমাধানৰ কথা চিন্তা কৰিবলৈ হ’লে আমি বিচাৰি উলিয়াব লাগিব শিৱসাগৰৰ দুখন মুখ্য নৈ দিখৌ আৰু দিচাংৰ ওপৰত কেনেধৰণৰ গৱেষণামূলক অধ্যয়ণ আজি তাৰিখলৈকে কৰা হৈছে। আমাৰ দৃষ্টিত কিন্তু তেনেই কম সংখ্যাক গৱেষণামূলক অধ্যয়ণহে এইক্ষেত্ৰত কৰা হৈছে। আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে বিশ্বাস কৰোঁ শিৱসাগৰৰ বান আৰু গৰাখহনীয়া সমাধানৰ ক্ষেত্ৰত এক বিশদ Geo-Technical অধ্যয়ণৰ প্ৰয়োজন আছে, কিয়নো শিৱসাগৰৰ নৈ দুখনৰ soil quality আৰু seepage সমস্যা ওপৰত অধ্যয়ণ নহ’লে গৰাখহনীয়া সমস্যাৰ ফলপ্ৰ্সূ সমাধান হব বুলি আমাৰ বিশ্বাস নহয়। তেনেদৰে বান সমস্যা সমাধানৰ ক্ষেত্ৰত নদীৰ অৱবাহিকা ব্যৱস্থাপনা (watershed management) ওপৰত গুৰুত্ব দি পানীক সমস্যা (Problem) হিচাপে নহয় সম্পদ (resource) হিচাপে ব্যৱহাৰ কৰাত চৰকাৰে ইতিবাচক ভূমিকা ললে আমাৰ বিশ্বাস এই সমস্যাই এক ফলপ্ৰসূ সমাধানৰ পথ বিচাৰি পাব। 

৩। শেষত শিৱসাগৰৰ স্বাস্থ্য খণ্ডলৈ বিশেষ ৰেঙনি কঢ়িয়াই অনা ONGC ৰ প্ৰ্স্তাৱিত Super Specialty Hospital খনৰ কাম আজিলৈকে কিয় আৰম্ভ হোৱা নাই এই বিষয়টো আমাৰ দৰে সাধাৰণ শিৱসাগৰীয়া ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰ্স্তাৱিত Rajiv Gandhi Institute of Petroleum Technology নিৰ্মাণ কৰ্ম খৰতকীয়া হোৱাটোও শিৱসাগৰৰ একান্তই কামনা কৰে। 
লেখাটোৰ শেষত নতুন চৰকাৰখনলৈ আমাৰ এটাই অনুৰোধ, শিৱসাগৰক সমস্যা মুক্ত কৰি শিৱসাগৰৰ অৰুণোদয় দিনৰ গৰিমা অটুত ৰখাত চৰকাৰ খনে প্ৰশ্ংসাসূচক পদক্ষেপ গ্ৰহণ কৰক। 


No comments:

Post a Comment