Friday, December 9, 2016

জীৱনৰ অনুভৱ

মাজুলীৰ চকুপানী আৰু প্ৰত্যাশা 
জ্যোতিৰূপম দত্ত
মোৰ কাৰ্য্যালয়ৰ দুটিমান কামৰ সংক্ৰান্তত কেইমাহমান আগতে মাজুলীলৈ গৈছিলো ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ বুলি পুৱাবেলাৰ আঠ বাজি ত্ৰিশ মিনিটত এৰিবলগীয়া ফেৰীখন কোনোমতে ধৰিবলৈ পাৰিলো ৷ ফেৰীখনৰ তলে ওপৰে অজস্ৰ মানুহ৷ বহাৰ কথাটো বাদেই থিয় হবলৈকো এডুখৰি ঠাই নাই ৷ কতো অকণো ঠাই নেদেখি ফেৰীখনৰ ওপৰৰ অংশলৈকে উঠি গলো ৷ তিনিখন ডাঙৰ গাড়ী আৰু বহু বাইক-চাইকেলেৰে থাহ খোৱা ফেৰীখনে সময়মতেই যাত্ৰা আৰম্ভ কৰিলে ৷ ক্ষন্তেকতে পুৱাবেলাৰ শান্ত লুইতৰ পৰা বলা এচাটি বতাহত গা-মন জুৰ পৰিল ৷ ফেৰীখনৰ চালকৰ কেবিনৰ কাষতে ৰেলিং এডালতে হেলান দি লুইতৰ অপুৰ্ব সুষমা চকুৰে পান কৰা আৰম্ভ কৰিলো ৷ এপাকত ফেৰীখনৰ চালকৰ কেবিনৰ চিচাৰ খিৰিকীখনেৰে ভিতৰলৈ ভুমুকিয়াই চাই দেখো চালকৰ সমুখত এডাল তেনেই সাধাৰণ ষ্টিয়েৰিং ৷ আন একো নাই ৷ ফেৰীখনৰ তলৰ অংশত থকা প্ৰকাণ্ড ইঞ্জিনটোৰ দায়িত্বত থকা মানুহজনক ইঞ্জিনটো চলোৱা বা বন্ধ কৰিবলৈ ইংগিত দিয়াৰ বাবে এটা সামান্য কলিংবেল ৷ অলপ দূৰ ভটিয়াই গৈয়েই ফেৰীখনৰ চালকে ইঞ্জিন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে ৷ ইঞ্জিন বন্ধ হলেও ভটিয়নি সোঁতত ফেৰীখন লাহে লাহে আগুৱাই গৈ থাকিল ৷ এনেতে ফেৰীখনৰ সমুখৰ ফালে এজনে বিজুলী বাঁহ এডালেৰে পানী জুখি জুখি ফেৰীখনৰ চালকৰ উদ্দ্যেশি চিঞৰি চিঞৰি গভীৰতা আৰু দিশৰ বিষয়ে কৈ গ’ল ৷ এপাকত শুনিলো, “আঢ়ৈ ফুট ! মাত্ৰ আঢ়ৈ ফুট ৷ বাওঁফালে যা !”

দুজনমানে ক’লে এয়া এক প্ৰতিদিনেই ঘটি থকা ঘটনা ৷ সদায়েই এই একেই পৰিস্থিতি ৷ লুইতৰ বুকু দিনে দিনে বাম হৈ আহিছে ৷ বালিত প্ৰায়েই নাওঁ বা ফেৰী লাগি ধৰে ৷ তেনে পৰিস্থিতিত কোনোবা বেলেগ ফেৰী বা নাওঁ আহিহে যাত্ৰীসকলক উদ্ধাৰ কৰে বা বিপদগ্ৰস্ত ফেৰী বা নাওখন মেৰামতি কৰিহে পাৰলৈ নিয়ে ৷ নতুন চৰকাৰৰ প্ৰস্তাবিত মাজু্লী-যোৰহাট সংযোগী দলংখনক লৈ সকলোৱেই আশাবাদী ৷ পিছে দলংখন সম্পুৰ্ণ হোৱালৈ কিছুসময়ৰ প্ৰয়োজন হ’ব ৷ এই সময়খিনিৰ বাবেই মাজু্লী-যোৰহাট সংযোগী জলপথৰ পৰিবহণৰ ক্ষেত্ৰত এক সুচিন্তিত তথা বিজ্ঞানভিত্তিক হ্ৰস্বম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হৈছে ৷ নিশাৰ যাত্ৰা বা কুঁৱলীৰ সময়ৰ যাত্ৰাৰ কথা বাদেই দিলো, ফটফটীয়াকৈ পোহৰ থকা সময়ৰ দিনৰ যাত্ৰাও নিৰাপদ তথা সময়সুচী অনুসৰি সুনিশ্চিত নহয় ৷ দুই-একৰ সৈতে কথা পাতি গম পালো যে প্ৰতিকুল বতৰত ফেৰী বা নাওঁৰ চালকে কেবল অভিজ্ঞতা বা আন্দাজমতেহে যাত্ৰী তথা বয়বস্তুৰ মেটমৰা সম্ভাৰৰ ফেৰী বা নাওঁ ইপাৰ-সিপাৰ কৰে ৷ অত্যাধুনিক জিপিএছ বা আণ্ডাৰৱাটাৰ ছ’নাৰৰ ব্যৱহাৰৰ কথা বাদেই দিলো, সেই যাত্ৰাত এটি সামান্য কম্পাছৰ ব্যৱহাৰো নেদেখিলো ৷ অসমৰ পথ-পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীৰ সুবিধাৰ অৰ্থে বহু অত্যাধুনিক দ্ৰুতবেগী তথা আৰামদায়ক বাছৰ আগমন ঘটিছে কিন্তু জলপথৰ পৰিবহনৰ ক্ষেত্ৰত এতিয়াও তাহানিৰ পুৰণি ফেৰী বা নাওঁকেইখনেই সাৰথি হৈয়েই আছে ৷ এফালে গুৱাহাটী তথা অসমৰ আন বহু চহৰ-গাওঁ-ভুঁইত সস্তীয়া জি.পি.এছ. লগোৱা বাহনৰ টিঘিলঘিলনি আনফালে অসমৰ এক ব্যস্ততম জলপথত কৌটিকলীয়া প্ৰযুক্তি ! 

যা হওক, কোনো বাধা-বিঘিনি নোহোৱাকৈ কমলাবাৰী ঘাট পালোহি ৷ মাজুলীত মই কোনো হোটেল বা চাৰ্কিট হাউছত নাথাকি চিনাকি এজনৰ ঘৰতেই থাকিম বুলি ঠিক কৰা আছিল ৷ মোৰ কৰ্মসুত্ৰে চিনাকি ল’ৰাজনে কিবা এৰাব নোৱাৰা ব্যস্ততাৰ বাবে তেখেতৰ মাজু ককায়েকজনকেই মোক ঘাটৰ পৰা তেখেতসকলৰ ঘৰলৈ নিয়াৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ যথাবিধি তেখেতৰ সৈতে সাক্ষাত হ’ল ৷ মাজুলীৰ এজন অমায়িক সুঠাম ডেকাল’ৰা ৷ ডেকাজনৰ মাৰ্জিত ব্যৱহাৰে মোক ক্ষন্তেকতে মুগ্ধ কৰিলে ৷ সেই সময়তে মোৰ বাবে অন্য এক বিস্ময় ৰৈ আছিল ৷ মোক নিবলৈ অহা সেই ডেকাজনৰ বৰ্তমানৰ কৰ্মক্ষেত্ৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা ৷ কথা পাতি গম পালো বসন্ত শৰ্মা নামৰ মাজুলীৰ সেই কৰ্মঠ ডেকাজন বিশ্বৰ এক অন্যতম পঞ্চতাৰকা ‘ক্ৰুইজ’ কোম্পানীৰ এজন অভিজ্ঞ ‘চেফ’ ৷ মাজুলীৰ বিদ্যালয়তে শিক্ষাজীৱনৰ পাতনি মেলি যোৰহাটৰ ‘NEIMS’ প্ৰতিষ্ঠানৰ পৰা হোটেল মেনেজমেন্ট বিষয়ত কাৰিকৰী শিক্ষা গ্ৰহণ কৰি কিছুবছৰ বাংগালোৰৰ পঞ্চতাৰকা হোটেলত কাম কৰাৰ পাছত আমেৰিকাৰ এই বিখ্যাত ‘কাৰ্ণিভেল ক্ৰুইজ’ কোম্পানীত যোগ দিয়ে ৷ লুইতৰ বুকুত সাতুৰি-নাদুৰি ডাঙৰ হোৱা মাজুলীৰ এই সু-সন্তানজনে ইতিমধ্যে সমুদ্ৰৰ নীলা পানীত সৰ্বসাধাৰণৰ বাবে আকাশ-কুসুম সদৃশ অৱসৰ বিনোদনৰ প্ৰকাণ্ড তৰী বা অত্যাধুনিক ‘ক্ৰুইজ’ জাহাজত পৃথিৱীৰ বহু দেশ ভ্ৰমিছে ৷ অবিবাহিত এই ডেকাজনে মাজু্লীত নিজৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ সৈতে ছুটী কটাবলৈ অহা সময়খিনিতে মোৰো এই যাত্ৰাৰ সময় মিলি যোৱাত যথেষ্ঠ আনন্দিত হ’লো ৷ মাজুলীত থকা সেই দুদিন এই ডেকাজনৰ সৈতে বহু সময় কটোৱাৰ সৌভাগ্য হ’ল ৷ অত্যাধুনিক প্ৰকাণ্ড প্ৰমোদ-তৰী এখনত উঠি সসাগৰা পৃথিৱী ভ্ৰমি ফুৰা কালচোৱাটো এই ডেকাজনে হেনো ইন্টাৰনেটৰ মাধ্যমেৰেই কাকত-পত্ৰ পঢ়ি নিয়মীয়াকৈ অসমৰ খবৰ-পাতি লৈ থাকে ৷ কথাত গম পালো এইজন ডেকা ফেচবুকৰ ‘অসমীয়াত কথা বতৰা’ গোটৰো সদস্য ৷

সেই নিম্ন-মধ্যবিত্ত পৰিয়ালটোৰ তিনিওজন সন্তানে অশেষ কষ্টেৰে বৰ্তমান সমাজত প্ৰতিষ্ঠিত হৈছে ৷ এই ডেকাজনেও নিজৰ উপাৰ্জনৰ এক বুজন অংশ ককায়েক তথা ভায়েকৰ ব্যৱসায়ৰ বাবে ব্যয় কৰা কথাটোৱে মোক আপ্লুত কৰিলে ৷ আজিৰ যৌথ পৰিয়ালত পৰিয়ালৰ এজন সহোদৰে আনজনক আৰ্থিকভাৱে সহায় কৰা কথাবোৰ যেন লাহে লাহে নোহোৱা হৈ আহিছে ৷ তাৰ মাজতেই এই ডেকাজনৰ কথা আৰু কামবোৰ অলপ হলেও ব্যতিক্ৰম যেন অনুভুত হ’ল ৷ সচাকৈয়ে, সামাজিক জীৱনত বতৰ্মান সৰ্বত্ৰে দেখা পোৱা নৈতিকতাৰ অৱক্ষয়ৰ ছাঁ মাজুলীৰ জনজীৱনত এতিয়ালৈকে পৰা নাই ৷ 

বসন্ত, মানে মাজুলীৰ সেই উদ্যমী ডেকাজনৰ লগত কথা পাতি মাজুলীৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বাৰুকৈয়ে জ্ঞাত হ’লো ৷ ডেকাই অত্যন্ত ক্ষোভেৰে জনালে, “মাজু্লীৰ গৰাখহনীয়া ৰোধৰ নামত আজিলৈকে বহু হেজাৰ কোটি খৰচ কৰা হ’ল ৷ পিছে বালিৰ বস্তাৰ নামত উটি যোৱা টকাবোৰ চহৰত আকাশলংঘী অট্টালিকা আৰু ৰাজপথত দৌৰা অত্যাধুনিক গাড়ীলৈহে ৰূপান্তৰিত হয় ৷ কেতিয়াবা ভাবো যে, বস্তাত বালি নভৰাই গৰাখহনীয়া ৰোধৰ আবন্টিত টকাৰে পাঁচটকীয়া মুদ্ৰা ভৰাই মাজুলীৰ চৌকাষে পাঁচটকীয়া মুদ্ৰাৰ পাহাৰসদৃশ মথাউৰি বান্ধি মাজুলীক ৰক্ষা কৰিব পৰা গ’লহেতেন !”

ডেকাজনৰ ক্ষোভৰ মৰ্মবেদনা অনুভৱ কৰি ব্যথিত হ’লো ৷ সৌ সিদিনাৰ কথা ৷ প্ৰায় দুমাহৰ আগতে প্ৰলয়ংকৰী বানে বনগাওঁ অঞ্চলৰ মথাউৰি খহাই পাঁচটি পৰিয়ালৰ ভেটি-মাটি উটুৱাই নি সমগ্ৰ মাজুলীৰ বাবেই বিপদৰ সৃষ্টি কৰিছিল ৷ এই কথা জ্ঞাত হোৱা মাত্ৰকে অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালদেৱে বনগাওঁৰ মথাউৰি তথা ৰিং-বান্ধটোৰ মেৰামতিৰ বাবে ১.৮০ কোটি টকা তৎকালীনভাৱে মোকোলাই দি জলসম্পদ বিভাগক যথোপযুক্ত ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল ৷ পিছে পৰিতাপৰ কথা যে প্ৰায় দুই কোটি টকাৰ ব্যয়সাপেক্ষ সেই মথাউৰিটোত যোৱা কেইদিনমান আগতে অহা মজলীয়া বানতেই পুনৰ আগৰ অৱস্থাপ্ৰাপ্ত হয় ৷ নৈপৰীয়া সদাশয় ৰাইজৰ প্ৰচেষ্টাত বালিৰ বস্তাৰে মথাউৰিটোৰ ফুটা হোৱা অংশ কেনেবাকৈ ঢাকি এক বৃহৎ অঘটন হোৱাৰ পৰা সমগ্ৰ মাজুলীবাসী ৰক্ষা পৰে ৷ প্ৰতিবাৰেই মুষ্টিমেয় কিছু অসাধু তথা দুৰ্নীতিপৰায়ণ লোকৰ বাবেই সমগ্ৰ মাজুলীলৈ ধ্বংসৰ অশনি সংকেত নামি আহে ৷ 

মাজুলীবাসীৰ বাবে আন এটা সমস্যা হ’ল চিকিৎসাসেৱা ৷ চৰকাৰীভাৱে যৎপৰোনাষ্টি চেষ্টা চলালেও সৰ্বসাধাৰণৰ বাবে মাজুলীত এতিয়াও চিকিৎসাসেৱা সুচল নহয় ৷ উন্নত চিকিৎসাসেৱাৰ বাবে মাজুলীবাসীয়ে এতিয়াও যোৰহাট চহৰৰ চিকিৎসক বা চিকিৎসালয়ৰ ওপৰতে নিৰ্ভৰশীল ৷ মাজু্লীবাসীৰ বাবে এক অত্যাধুনিক সা-সুবিধাযুক্ত চিকিৎসালয়ৰ প্ৰয়োজনীয়তাৰ কথা কোনেই দুনাই কৰিব নোৱাৰে ৷ সুখৰ কথা যে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷ 

এইবোৰ সমস্যাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি যাতায়াতৰ কথাটোও আহি পৰে ৷ সৰ্বসাধাৰণৰ বাবে সহজলভ্য তথা এক সুচল পৰিবহনৰ ব্যৱস্থা মাজুলীবাসীৰ বাবে বৰ্তমান অতীব প্ৰয়োজনীয় হৈ পৰিছে ৷ উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ পৰিবহন নিগমৰ তৰফৰ পৰা গুৱাহাটীলৈ ঢকুৱাখনা হৈ শীতাতপ নিয়ন্ত্ৰিত বাছসেৱা আৰম্ভ হৈছে ৷ কিন্তু পথৰ দুৰৱস্থাৰ হেতু এই পথছোৱা অতিক্ৰম কৰোতে প্ৰায় দহ-বাৰঘণ্টা সময়ৰ দৰকাৰ হয় ৷ অথচ মাজুলীৰ দক্ষিণপাৰৰ চহৰ যোৰহাটৰ পৰা গুৱাহাটীলৈ স্থলপথেৰে যাত্ৰাৰ সময় মাথো পাঁচৰ পৰা ছয়ঘন্টা ৷ গতিকেই যোৰহাট-মাজু্লী সংযোগী দলঙৰ দৰে দীৰ্ঘম্যাদী পৰিকল্পনাৰ সমানুপাতিকভাৱে হ্ৰস্বকালীনভাৱে প্ৰতিকুল পৰিবেশতো দিনে-নিশাই চলিব পৰা অত্যাধুনিক দ্ৰুতবেগী ফেৰী বা ‘হোভাৰক্ৰাফট’ সেৱা অতিকৈ প্ৰয়োজনীয় হৈছে ৷ 

এসময়ত মাজুলীৰ খাল-ডোঙাত বোকা-পানী খচি বৰ্তমান মহাসমুদ্ৰৰ ঢৌত উটি-ভাহি ফুৰা মাজু্লীৰ পাহোৱাল ডেকা বসন্তৰ দৰে নতুন প্ৰজন্মৰ অনেকজনৰ ওচৰত মাজুলীৰ প্ৰগতিৰ বাবে আমি প্ৰত্যেকজন অসমীয়াই দায়বব্ধ হোৱা উচিত ৷ অসম আৰু অসমীয়াৰ বাবে মাজুলী যেন এক সুজলা-সু্ফলা তথা চিৰ-যুগমীয়া সাংস্কৃতিক ঐতিহ্যৰ বাহকৰূপে অনন্তকাললৈ অক্ষুন্ন থাকে তাৰেই কামনা কৰিলো ৷

লেখকৰ ঠিকনাঃ হাতীশিলা, চন্দ্ৰপুৰ, গুৱাহাটী ৷ ফোন : ৯৮৬৪০১১৮১১

1 comment: