মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম সাহিত্য সভা আৰু কিমান তললৈ যাব ?
মৃদুল কুমাৰ সন্দিকৈ
অৱশেষত সৰৱ হ’ল ৰাজ্যৰ বৌদ্ধিক সমাজ। সাহিত্য সভাৰ ভিতৰচ’ৰাত সংঘটিত অনিয়মৰ বিৰুদ্ধে মুখ খুলিলে ৰাজ্যৰ ২২ গৰাকী সাহিত্যিক-বুদ্ধিজীৱিয়ে। ২০১৭ চনত শতবৰ্ষ উদযাপনৰ নামত সাহিত্য সভাৰ পুৰণি কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰি লৈছিল পৰমানন্দ বাহিনীয়ে। সাহিত্য সভাৰ নিয়ম অনুসৰি দুবছৰীয়া কাৰ্যকাল অক্টোবৰত অন্ত পৰিব লাগে আৰু জুন-জুলাইত নতুন কাৰ্যনিৰ্বাহক গঠনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হয়। সভাৰ নিয়মাৱলীৰ বিৰুদ্ধে গৈ সাহিত্য সভাৰ মজিয়াত সাহিত্য সভাকেই শ্ৰাদ্ধ পতা পৰমানন্দ ৰাজবংশীকে ধৰি সভাৰ একাংশ কৰ্মকৰ্তাই অনীতিগতভাৱে এই কাম কৰিছিল। 

বাকী আৰ্থিক আৰু আন উত্থাপিত অভিযোগবোৰৰ মাজতেই এই নতুন অভিযোগে সাহিত্য সভাৰ মজিয়া এতিয়া জোকাৰি গৈছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অতি তলৰ পৰ্যায়লৈ নমা সাহিত্য সভাৰ বৰ্তমানৰ কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে অৱশেষত এইদৰে বৌদ্ধিক সমাজে মাত মতাৰ পিছত সভাৰ ভিতৰচ’ৰাত যে পৰমানন্দ বাহিনীয়ে নিকৃষ্ট ষড়যন্ত্ৰৰে ব্যক্তিস্বাৰ্থ সিদ্ধি কৰি আছিল সেয়া অধিক স্পষ্ট হৈ পৰিল। এই আহ্বানত সাহিত্য সভাৰ ভিতৰত সংঘটিত অনিয়মৰ বিৰুদ্ধে মাত মাতি নতুন কাৰ্যনিৰ্বাহক নিৰ্বাচন কৰি শতবৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনোৱাসকলৰ ভিতৰত আছে কেইবাজনো প্ৰাক্তন সাহিত্যসভাৰ সভাপতি। এই আহ্বানত স্বাক্ষৰ কৰা সকলৰ ভিতৰত হোমেন বৰগোহাঁই, ড০ লক্ষীনন্দন বৰা, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, কনকসেন ডেকা, বীৰেন্দ্ৰ নাথ দত্ত, ৰাধিকামোহন ভাগৱতী, নিৰুপমা বৰগোহাঁই, হাইদৰ হুছেইন, দিলীপ কুমাৰ হাজৰিকা, যতীন গোস্বামী, দয়ানন্দ পাঠক, ড০ শিৱনাথ বৰ্মন, গোবিন্দ প্ৰসাদ শৰ্মা, ড০ ৰমেশ পাঠক, খনিন বৰুৱা, হেমন্ত বৰ্মন আদি অন্যতম। 

ৰাজ্যৰ এইসকল সাহিত্যিক-বুদ্ধিজীৱিৰ শেহতীয়াকৈ হ’লেও এই বিষয়টোক লৈ মাত মাতিবলৈ বাধ্য হ’ল। চকুৰ সন্মুখতেই এনে বহু অনিয়ম সংঘটিত কৰি ধৰা পৰা পৰমানন্দ ৰাজবংশী তথা সাহিত্যসভাৰ পদবীধাৰীসকল ইয়াৰ পাছতো উলংগ হ’বলৈ বাকী নাই। যদি তেওঁলোকে জাতীয় স্বাৰ্থৰ প্ৰতি ইমান দিনে কাম কৰি আহিছিল তেনে তেওঁলোকৰ বিৰুদ্ধে ইমান বেছি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো পদবী খামুচি ধৰি জাতীয় সংগঠনটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যুক্তি ক’ত? অতি চতুৰভাৱে পৰমানন্দ ৰাজবংশী তথা তেওঁৰ সংগীসকলে সাহিত্যসভাক ব্যক্তি বিশেষৰ অনুষ্ঠান কৰি পেলাইছে। খেয়াল-খুচি মতে যি ইচ্ছা তাকেই কৰিবলৈ ধৰিছিল। ১৯১৭ চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। পৰৱৰ্তীসময়ত লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি ৰাজ্যৰ প্ৰায়সকল প্ৰতিষ্ঠিত সাহিত্যিকে এই অনুষ্ঠানক আগুৱাই লৈ গৈ জাতীয় জীৱনৰ দিক নিৰ্ণয়ত এক ভূমিকা গ্ৰহণ কৰাত জনমুখী তথা সৰ্বজনৰ শ্ৰদ্ধেয় অনুষ্ঠানৰূপে গঢ় দিছিল। ৯০ দশকৰ পিছৰপৰা সাহিত্যসভাৰ মজিয়াত লবীকেন্দ্ৰিক প্ৰৱণতা অধিক গাঢ় পৰাত তেনে এচাম লোকৰ নিয়ন্ত্ৰণলৈ গৈছিল সাহিত্য সভা। কিন্তু পূৰ্বৰ সকলো মান-মৰ্যাদাক ধূলিৰে মোহাৰি শতবৰ্ষ গৰকিবলগা এটা জাতীয় অনুষ্ঠানক আজিৰ পৰ্যায়লৈ নিয়াত পৰমানন্দ বাহিনীৰ ভূমিকা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। তেখেতসকলৰ দৰে লোকসকলে সাহিত্য সভাৰ ধ্বংসৰ অভিযানত নামি পৰি শতবৰ্ষৰ নামত কি কু-অভিপ্ৰায়েৰে এনে কাৰ্য সংঘটিত কৰিলে সেয়াও লক্ষণীয় বিষয়। এতিয়াও ন্যুনতম লজ্জাবোধ থাকিলে সাহিত্য সভাৰ মজিয়াৰপৰা তেওঁলোকে স্বইচ্ছাই অব্যাহতি লোৱাটোৱেই বিচাৰে ৰাইজে। কোম্পানীৰ বিজ্ঞাপনত অংশ লৈ আভিজাত্যৰ নামত পৰমানন্দ বাহিনীৰ আঙুলিৰ ইছাৰাত উঠা-বহা কৰা বৰ্তমানৰ সাহিত্য সভাৰ সভাপতিজনৰ ভূমিকাক লৈয়ো চৌদিশে আলোচনা হৈছে। তেখেতৰ সাহিত্যৰ সৃষ্টিৰ সৈতে সাহিত্য সভাৰ সভাপতি ৰূপে গ্ৰহণ কৰা ভূমিকা তুলনা নহয়। নিন্দিত পৰমা বাহিনীৰ সৈতে একেখন নাৱত উঠি সভাক ধ্বংসৰ মুখলৈ ঠেলি দি সভাপতিৰ মৰ্যাদাক ধৰি ৰাখিব নোৱাৰা ড০ ধ্ৰুৱজ্যোতি বৰাৰ দৰে বিশিষ্ট সাহিত্যিকে এই মুহুৰ্তত অন্তত উপলব্ধি কৰা উচিত তেওঁ কাৰ পক্ষত অৱস্থান কৰিব। 

সভাৰ এই বিতৰ্কৰ মাজতেই পৰম আগ্ৰহৰে সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠিত কৰিবলৈ ৰৈ থকা শিৱসাগৰবাসী তথা অসমবাসীৰ মনবোৰ আজি সেমেকি উঠিছে। এজন পৰমানন্দ ৰাজবংশীৰ বাবেই সভাৰ মৰ্যাদা যেন আজি চুৱাপাতনিতহে ৰৈছেগৈ। ইয়াৰ পাছত অসমৰ ৰাইজে এই জাতীয় অনুষ্ঠানক উদ্ধাৰৰ বাবে পৰমানন্দ বাহিনীক সাহিত্য সভাৰ মজিয়াৰপৰা গতিয়াই উলিয়াই দিলেও ক’বলগা একো নাথাকিব। ন্যুনতম আত্মসন্মান ৰক্ষা কৰি সভাৰ মজিয়াৰপৰা তেওঁলোকে প্ৰস্থান কৰাৰ বাদে এতিয়া আৰু বিকল্প নাই। সাহিত্য সভাৰ সৈতে জড়িত দায়িত্বশীল তথা সভাক সঁচা অৰ্থত ভালপোৱা লোকসকলে এই সুযোগ গ্ৰহণ কৰি সভাক উদ্ধাৰ কৰাৰ সময় এয়া। বাৰে বাৰে ইটোৰ পাছত সিটো অভিযোগত অভিযুক্ত এইসকল লোকক নাকত ৰুমাল দি সাহিত্য সভাৰ ভিতৰচ’ৰাৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ এতিয়া সকলো ওলাই অহাৰ সময়।

No comments:

Post a Comment