মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিহু সন্মিলনীৰ নিয়ম বিতৰ্ক বনাম জুবিন গাৰ্গ
সাগৰ হাজৰিকা
বিহু মঞ্চত জনপ্রিয় গায়কৰ উদ্ধতালি সন্দৰ্ভত অনেকবাৰ বিতৰ্ক সূচনা হৈছে। অসমৰ সংবাদ মাধ্যমবোৰৰ লগতে সামাজিক গণ-মাধ্যমবোৰতো এই বিষয়ৰ ওপৰত বহুলভাৱে চৰ্চা হৈছে। অনেক সময়ত আমিও এনে বিতৰ্কত ভাগ লৈছো। অৱশ্যে ইয়াৰ পূৰ্বৰ আলোচনাৰ বিষয় বস্তু আছিল বিহু মঞ্চত মুম্বাই মাৰ্কাৰ সংগীত পৰিবেশনকলৈ।প্ রথমতেই আমি কৈ থব খুজিছো অসমীয়া জাতিৰ আৱেগ অনুভূতিক আঘাত সনা কোনো ধৰণৰ কাৰ্যক আমি সমৰ্থন জনাব নোৱাৰো, সেয়া সাংস্কৃতিক অথবা ৰাজনৈতিক যি ক্ষেত্রৰে নহওক লাগে। কিয়নো এই বিষয়বোৰৰ সৈতে সদায় জাতিটোৰ আত্মসন্মান আৰু আত্মমৰ্যাদাৰ বিষয়তো জড়িত হৈ আছে।

আমি স্বীকাৰ কৰো কেৱল ভাষা-সংস্কৃতি জীয়াই থাকিলেই এটা জাতি জীয়াই থাকিব নোৱাৰে, জাতি এটা জীয়াই থাকিলেহে ভাষা-সংস্কৃতিও জীয়াই থাকিব, আৰু দুয়োটাই পাৰস্পৰিক ভাৱে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰশীল। তথাপিও বিহু এতিয়া অসমীয়া জাতিৰ আয়ুসৰেখা । সেয়ে বাপতি সাহোন এই বিহু ঘৰৰ চোতালতে হওক বা মঞ্চতেই হওক গছ তলতেই হঁওক অথবা পথাৰতে হওঁক বিহুৰ প্রকৃত ঐতিহ্য, পৰম্পৰা, তাৎপৰ্য যিমান দূৰ পাৰি সকলোৱে সুৰক্ষিত ৰাখিবলৈ যত্নপৰ হ’ব লাগে। বিহুকলৈ অনেকে মাজে সময়ে টুলুঙা মন্তব্যকৰা কৰা দেখা পাওঁ। সেইচামৰ মতে বিহু যৌৱনৰ উৎসৱ। সেয়ে বিহু গানত যৌৱনৰ আৱেদন আৰু অশ্লীলতা থাকিবই। এই ধাৰণাৰ আধাৰতে এচাম লম্পটে সীমা চেৰাই গৈ কেৱল বিতৰ্ক আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সৃষ্টিৰ নামত ধাৰাবাহিকভাৱে অশ্লীল আধুনিক বিহু কেচেট নিৰ্মান কৰি গৈছে। এনে কেচেটৰ গানবোৰ কাৰোবাৰ মুখত শুনিলেও কানত সোপা দিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। বিশেষকৈ মুখত নাম লব লগীয়াকৈ কেইজনমানে এই ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ কৰা অপচেষ্টাও গৰিহণাযোগ্যই নহয়নে?

"অতীতত সৰহ ভাগ মানুহেই আছিল কৃষিজীৱী। জীৱিকাৰ তাড়নাত তেওঁলোকে মুকলি আকাশৰ তলত, মুকলি পথাৰত, নৈৰ পাৰত, পৰ্বত-পাহাৰৰ নামনিত নতুনকৈ খেতি-বাতি কৰিবলৈ শিকিলে। দিনটোৰ বেছি সময় মুকলি প্রকৃতিৰ বুকুত কৃষিকৰ্মত জড়িত থাকিব লগা হোৱাত তেওঁলোকৰ মনত প্রকৃতিৰ প্রভাৱ আছিল গভীৰ আৰু আন্তৰিকতা অপৰিসীম। নিজৰ কষ্টোপাৰ্জিত ফচল দেখি তেওঁলোক আত্মহাৰা হৈছিল আৰু আনন্দত নৃত্য কৰিবলৈ লৈছিল। প্রকৃতিৰ ৰূপ-লাৱণ্যত মতলীয়া হৈ ডেকা গাভৰু ঢাপলি মেলিছিল মুকলি আকাশৰ বুকুলৈ; উদ্দাম নাচ-গানেৰে পথাৰ মুখৰিত কৰিছিল। তেওঁলোকে ধাৰণা কৰিছিল এইদৰে নাচ-বাগ কৰিলে খেতি পথাৰ উৰ্বৰা হয়,শস্যসম্ভৱা হয়। এইদৰে নৃত্য-গীতৰ পৰাই আহিছিল বিহুৰ ধাৰণা। একালৰ বিহু আছিল স্বতঃস্ফূৰ্ত, প্রাণময়। উদ্দাম যৌৱনৰ পাৰ ভাঙি বাৰিষাৰ ধল বাগৰাদি ডেকা-গাভৰু ঢাপলি মেলিছিল বৰগছ-জৰিগছৰ তললৈ, মুকলি পথাৰলৈ, নৈৰ পাৰলৈ ।"( সাহিত্য ডট অৰ্গ, ১৪ এপ্ৰিল,২০১৪ )।

এতিয়া প্রশ্ন হৈছে কোনে এই বিহুক কি উদ্দেশ্যৰে অসমীয়া যুৱক যুৱতীৰ অশ্লীল তামাচা বুলি প্রচাৰ চলাইছিল। কোনবোৰ বুৰঞ্জীত ইয়াৰ বৰ্ণনা বহলভাৱে পোৱা যায় ? আমি জনাত আধুনিক অসমীয়া বুৰঞ্জীবোৰতহে বিহু সন্দৰ্ভত এনে বৰ্ণনা সৰ্বাধিক। ইয়াৰ উদ্দেশ্যও এটাই অসমীয়া জাতিক হেয়জ্ঞান কৰা। তাৰ প্রমাণ হৈছে ১৮২৯ চনত ৰচিত হলিৰাম ঢেকিয়াল ফুকনৰ “আসাম বুৰঞ্জী”। এইখন বুৰঞ্জীৰ ১০৩ পৃষ্ঠাত বিহু সন্দৰ্ভত উল্লেখ আছে এনেধৰণে-“বৈশাখেৰ সংক্রান্তির দিন অবধি ৭দিৱস পৰ্য্যন্ত চড়ক না হইয়া বিহুর গান একটা হইয়া থাকে। তাহাতে সাধারন লোকের স্ত্রীলোক ও লম্পট পুরুষ সকল একত্র হইয়া অত্যন্ত জুগুপসিত নৃত্যগীত করিয়া থাকে।পল্লীগ্রামে সৰ্ব্বাপেক্ষা এই পৰ্ব্ব অধিক কিন্তু এই কুরীতি কামরূপে নাই সৌমারে অধিক।…….” । অসমীয়া জাতিৰ ৰীতি নীতি, পৰম্পৰা তথা আজিও অক্ষুন্ন থকা চহকী স্বকীয়তাবোৰ দেখিলে কোনে বিশ্বাস কৰিব যে এই জাতিটো সৌ সিদিনাৰ লৈকে ইমান বৰ্বৰ আছিল (?) উল্লেখযোগ্যযে তাই ভাষাত লেখা তথা এই ভূ-খণ্ড আক্রমণ কৰিবলৈ অহা মোগলৰ শক্তিৰ লগত অহা বুৰঞ্জী লেখকৰ বৰ্ণনাটো এনে কথা উল্লেখ নাই। তেওঁসবৰ লেখাত অসমীয়াৰ শৌৰ্য-বীৰ্যৰ বৰ্ণনাৰ লগতে চহকী পৰম্পৰাবোৰৰহে উল্লেখ সৰ্বাধিক। এতিয়া হতাশাব্যঞ্জকভাৱে আমি দেখা পাইছো এই বিকৃত আধুনিক বুৰঞ্জীবোৰক আধাৰ কৰি অসমীয়া জাতিৰ মান-সন্মানক আঘাত সানিবলৈ পুনৰ এচাম তথাকথিত কাণ্ডজ্ঞানহীন গায়ক আগবাঢ়ি আহিছে। এই বিষয়ে দীঘলীয়া আলোচনাৰ অৱকাশ আছে।

এতিয়া আহো মূল প্রসঙ্গলৈ। “বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি” হৈছে গুৱাহাটীৰ বৃহৎ বিহু সন্মিলনীবোৰৰ এখন উমৈহতীয়া মঞ্চ। গত ১৩ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত এই মঞ্চখনৰ সাধাৰণ সভাই ৰঙালী বিহুৰ সময়ত বিহু সন্মিলনী সমিতিসমূহে কিছুমান নীতি –নিয়ম মানি চলিবলৈ পৰামৰ্শ আগবঢ়াই । পৰামৰ্শসমূহৰ ভিতৰত অন্যতম আছিল ১.বিহু মঞ্চৰ অনুষ্ঠানসমূহ নিশা ১২বজাৰ ভিতৰত সমাপ্ত কৰিব লাগিব।২.বিহু মঞ্চত শিল্পীসকলে অসমীয়া পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি অনুষ্ঠান পৰিবেশন কৰিব লাগিব।৩.ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহ ৩১ বহাগৰ ভিতৰত সমাপ্ত কৰিব লাগিব। উল্লেখ্যযে ,বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি এই সিদ্ধান্তসমূহক ফটোৱাজাৰি কৰা বুলি বৈদ্যুটিত সংবাদ মাধ্যমসমূহত ব্যাপক প্রচাৰ কৰা দেখা গ’ল।কেইবাজনো জনপ্রিয় গায়কে ইয়াৰ ওপৰত মতামত প্রকাশ কৰাও দেখা পালো।এই সন্দৰ্ভত গত নিশা অসমৰ জনপ্রিয় গায়ক জুবিন গাৰ্গে “বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি”ৰ এই পৰামৰ্শসমূহ নামানো বুলি এক প্রকাৰে প্রত্যাহ্বানেই জনালে। থোৰতে কৈ থোৱা ভাল হ’ব কেৱল শিল্পীসকলৰে নহয় সকলোলোকৰে ব্যক্তিগত স্বাধীনতাক আমি সন্মান কৰো। তথাপিও “বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি”য়ে গায়ক-গায়ীকা সকলৰ প্রতি আগবঢ়োৱা পৰামৰ্শক ফতোৱা জাৰি কৰা বুলি কোৱাৰ আমি পক্ষপাতি নহয়। বিগত সময়ছোৱাত বিহু মঞ্চক কেন্দ্রকৰি সৃষ্টি হোৱা অযথা বিতৰ্কবোৰৰ অন্ত পেলাবলৈকে বিহু সন্মিলনী সমিতিবোৰ ঐক্য হৈ এনে সিদ্ধান্ত লৈছে।

১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন হোৱাৰে পৰা আজিলৈকে বহুত বাদানুবাদৰ সৃষ্টি হ’ল।সেইসমূহৰ ভিতৰত বিহু মঞ্চত মুম্বাই মাৰ্কা গীত পৰিবেশন,মঞ্চত গায়কৰ অভব্য আচৰণ,থলুৱা কৃষ্টি সংস্কৃতিক গুৰুত্ব নিদি সামাজিক গ্রহণযোগ্যতা নথকা অনুষ্ঠান পৰিবেশন ইত্যাদি হৈছে অন্যতম। আমাৰ কথা বিহু মঞ্চ এখন হৈছে অসমীয়া সংস্কৃতিৰ showcase ৰ দৰে। গ্রাম্য সৰল জনজীৱনৰ পৰা বিহুক মঞ্চলৈ অনাৰ মূলতে উদ্দেশ্য আছিল অসমৰ চহকী সংস্কৃতিক বহি জগতৰ সৈতে পৰিচয় কৰি দিয়া,কেৱল ৰসাস্বাদনৰ বাবে নহয়। সেয়ে অসমক ভালপোৱা প্রতিজন সুস্থ ৰুচিবোধ সম্পন্নলোকে বিহু মঞ্চত বিজতৰীয়া গীত নৃত্য পৰিবেশন কৰাতো কামনা নকৰে। অন্তত বিহুৰ কেইদিন নিজৰ স্বকীয়তা পদৰ্শন কৰিবলৈ সকলোকে আহ্বান জনোৱাতো কিদৰে ফটোৱাজাৰি কৰা হ’ল ? সেয়ে সকলোৰে প্রতি আমাৰ আহ্বান ঘৰৰ চোতালতে হওক বা মঞ্চতেই হওক গছ তলতেই হঁওক অথবা পথাৰতে হওঁক বিহুৰ প্রকৃত ঐতিহ্য, পৰম্পৰা, তাৎপৰ্য সকলোৱে সুৰক্ষিত ৰাখিবলৈ যত্নপৰ হওঁ আহক। এয়ে আমাৰ মনৰ কথা, পিছে আপোনাৰ মনেও জানো সংস্কৃতিৰ অনুপম বৈশিষ্ট্যবোৰ কলুষতা নসনাকৈ নিকা কৰি ৰখাৰেই জানো পক্ষ নলয়? 

No comments:

Post a Comment