Friday, December 25, 2015

পৰ্যবেক্ষণ

নতুন বটলত পুৰণি মদেৰে 
কি সপোন দেখিব অসমৰ জনতাই
ডাঃ বিৰাজ কুমাৰ শৰ্মা
বৰ্তমান সময়ত কংগ্ৰেছৰ অপশাসনত ৰাইজ অতিষ্ঠ হৈ সমাগত ২০১৬ বৰ্ষত হ’বলগা বিধানসভা নিৰ্বাচনত এক বিকল্পৰ সন্ধানত নামি পৰিছে আৰু এক যোগ্য নেতৃত্বৰ প্ৰত্যাশা কৰিছে যাতে অসমৰ দৰে এখন সমস্যাজৰ্জৰ ৰাজ্যত সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এক বলিষ্ঠ নেতাই ৰাজ্যখনৰ নেতৃত্ত্ব লৈ আগবাঢ়িব পাৰে। এই কথা সৰ্বজনবিদিত যে ২০১৬ চনত যি দলৰেই চৰকাৰ নহওক কিয়, ৰাজ্যখনৰ সামূহিক উন্নয়ন সাধিবলৈ হ’লে যে এক কঠিন প্ৰত্যাহ্বানৰ সন্মূখীন হ’ব লাগিব সেইয়া ধূৰূপ। কাৰণ বৰ্তমানৰ কংগ্ৰেজ চৰকাৰৰ অপশাসনে ৰাইজক এনেদৰে অতিষ্ঠ কৰি তুলিছে যে অনাগত নিৰ্বাচনত কংগ্ৰেছক একেসা দিয়াৰ স্বাৰ্থত অন্য দলৰ চৰকাৰ সকলোৰে কাম্য আৰু এই কথা সকলোৰে মুখে মুখে।

তৰুণ গগৈ নেতৃত্ত্বাধীন কংগ্ৰেছ চৰকাৰৰ তৃতীয়টো কাৰ্যকালে ৰাইজক এনেদৰে বিতুষ্ঠ কৰি তুলিছে আৰু ৰাইজৰ এই ক্ষোভৰ অগনি মনতে উমি উমি জ্বলি আছে। তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত যিমানেই ফটাঢোল নবজাওক কিয়, এই কাৰ্যকালটোত কংগ্ৰেছ চৰকাৰৰ সাফল্য বুলিবলৈ হয়তো একো নাই | ক্ষমতাৰ খকত ৰাজনৈতিক দলৰ নেতাসকলৰ নিকৃষ্ট ৰাজনীতি, ৰাজ্যৰ জনপ্ৰতিনিধিৰ ব্যক্তিগত লাভালাভৰ বাবে নিজৰ কৰ্তব্যলৈ পিঠি, বিসম্বাদ আদিয়ে যেন সমস্যাজৰ্জৰ আমাৰ ৰাজ্যৰ জনসাধাৰণক একো ফল দিবলৈ সক্ষম নহ’ল। এনে এক সন্ধিক্ষণতেই আকৌ অসমত বিৰোধী দলৰ অভাৱৰ ছবিখন সুস্পষ্ট হৈ পৰিল। আনহাতে এনে এক সময়তে ৰাজ্যৰ ৰাজনীতিত এক শক্তিশালী ৰাজনৈতিক বিকল্পৰ অভাবেও যেন ৰাজ্যৰ জনসাধাৰণক হতাশাত পেলোৱাত অৰিহণা যোগাইছে।

অসম আন্দোলনৰ গইনা লৈ অসমত দুবাৰকৈ শাসনৰ বাঘজৰী হাতত লোৱা অসম গণ পৰিষদ আজি অস্তিত্ত্বৰ সংকটত, বদৰুদ্দিন আজমল নেতৃত্ত্বাধীন এ.আই.ইউ.ডি.এফ.ৰ ৰাজনীতি লুঙী টুপিৰ মাজতেই যেন আবদ্ধ, নাই কোনো বিজ্ঞানসন্মত দৃষ্টিভংগী। আনহাতে কৃষক নেতা অখিল গগৈৰ নেতৃত্ত্বত শেহতীয়াকৈ ভূমিষ্ঠ হোৱা গণমুক্তি সংগ্ৰাম সমিতিলৈকো ৰাইজৰ তেনে কোনো 'ৰাজনৈতিক' আকৰ্ষণ অদ্যপি পৰিলক্ষিত হোৱা নাই। এনে এক সন্ধিক্ষণত সকলোৱে পৰম আশা ৰাখিছিল ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত। এটা সময়ত অসমৰ ৰাজনীতিত অস্পৃশ্য হৈ থকা ভাজপাৰ প্ৰতি জনসমৰ্থন বাঢ়ি আহিছিল। কাৰণ পৰম্পৰাগত কলুষিত ৰাজনীতিৰ পৰিবৰ্তে কিছুমান নতুন মুখৰ ভাজপালৈ আগমনে তথা ৰাজ্যখনৰ শিক্ষিত আৰু বিদ্বৎ মহলৰ বহুতেই ভাজপাৰ প্ৰতি আগবঢ়োৱা আৰু প্ৰত্যক্ষ আৰু পৰোক্ষ সমৰ্থনে এই কথা নিশ্চিত কৰিছিল যে অসমৰ ৰাজনীতিত পৰিবৰ্তনৰ লক্ষ্যৰে ভাৰতীয় জনতা পাটিৰ উত্থানে অসমত এক নতুন দিগন্তৰ সূচনা কৰিব।| যি সময়ত সকলোৱে ৰাজ্যখনৰ বৃহ্ত্তৰ স্বাৰ্থৰ পৰিবৰ্তে নিজৰ ব্যক্তিগত স্বাৰ্থত ৰাজনীতিৰ ক্ষেত্ৰত ব্যস্ত আছিলে, তেনে এক সময়তো কিন্তু কেইজনমান স্থিতপ্ৰজ্ঞ ব্যক্তিয়ে কঠিন সময়তো ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি ৰাজ্যত সুদৃঢ় কৰিবলৈ হাতে কামে লাগি পৰিছিল।


সময় বাগৰিল। দেশৰ ৰাজনীতিতো পৰিবৰ্তনৰ সূচনা হ’ল। আৰু ইয়াৰ লগে লগে অসমৰ ৰাজনৈতিক পৰিবৰ্তনও হ’বলৈ ধৰিলে। এসময়ৰ অস্পৃশ্য ভাৰতীয় জনতা পাৰ্টিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক নতুন সম্ভাবনাৰ দিশ মুকলি কৰিলে। কিন্তু তেনে এক সময়তে যেন ভাজপাৰ মাজত আহি দেখা দিলে অন্য এক প্ৰত্যাহ্বান। ব্যক্তি আহিলে হয় কিন্তু নেতৃত্ব দিব পৰাকৈ নেতৃত্বৰ অভাবহে দলটোত সুস্পষ্ট হ’বলৈ ধৰিলে। কাৰণ ৰাজনীতি কৰিবলৈ হ’লে অকল স্থিতপ্ৰজ্ঞ বা বিদ্ব্যৎ হ’লেই নহব, আন আনুষাংগিক গুণ কিছুমানো থাকিব লাগিব। তেনে এক জটিল সন্ধিক্ষণতেই দলৰ স্থিতি শক্তিশালী কৰাৰ নামত আন দলত নিজৰ ৰাজনৈতিক ভৱিষ্যত সুস্থ নেদেখি অন্য দলৰ পৰা বিভিন্ন আমদানিকৃত নেতা-পালিনেতাৰে ভাজপাৰ চোতাল ভৰি পৰা দেখা গৈছে। নক’লেও হ’ব যে আজিৰ দিনৰ ৰাজনীতিত নীতি-আদৰ্শৰ কোনো স্থান নাই আৰু নীতি-আদৰ্শক চুৰিকাঘাত কৰি অকল যদি ক্ষমতা দখলেই একমাত্ৰ অভিপ্ৰায় হয়, তেনে পৰম্পৰা অব্যহত থাকিলে অদূৰ ভৱিষ্যতে ভাজপাই অসমৰ শাসনভাৰ দখল কৰিলেও একো ফল নহব আৰু জনসাধাৰণৰ সমস্যা সমস্যা হৈয়ে থাকি যাব।

কাৰণ নীতি-আদৰ্শ এজন ব্যক্তিৰ নিশাটোৰ ভিতৰতে সলনি হোৱা বস্তু নহয়। ভিতৰত কদৰ্যতা জীয়াই ৰাখি বাহ্যিকভাৱে নীতি-আদৰ্শৰ আৱৰণেৰে এজন ব্যক্তিয়ে কেতিয়াও সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব নোৱাৰে আৰু নীতি-আদৰ্শতকৈ তেওঁৰ দৃষ্টিত ব্যক্তিস্বাৰ্থ ইহে অধিক প্ৰাধান্য পাব। অসমে আজি এক ভয়াবহ যুগসন্ধিৰ মাজত দিন নিয়াব লগা হৈছে। অসমৰ দৰে এখন বিভিন্ন জাতি-জনজাতিৰ সমাহাৰৰ এখন ৰাজ্যত এজন উদাৰবাদী তথা ৰাজ্যখনৰ সমূহ জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আগবাঢ়িব পৰা নেতাৰহে অতিশয় প্ৰয়োজন। অকল মাত্ৰ নিজ জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ লক্ষ্যৰে গঠিত ৰাজনৈতিক দলে অসমৰ সমূহীয়া উন্নয়ন সাধন কৰিব নোৱাৰে। অসমত আজি এনে এজন নেতাৰ প্ৰয়োজন যিজনৰ চিনাকি কোনো বিশেষ জাতি-জনজাতিৰ প্ৰতিনিধি হিচাবে নহয়, তেখেতত পৰিচয় এনে সংকীৰ্ণতাৰ উৰ্দ্ধত এজন সৰ্বগ্ৰহণযোগ্য নেতা ৰূপেহে চিনাকি থাকিব লাগিব যিয়ে সমাজলৈ পৰিবৰ্তন আনিবৰ বাবে বলিষ্ঠ নেতৃত্ব ল’ব পাৰে |


অসমৰ জনতাই পৰিবৰ্তনৰ সপোন দেখিছে। কিন্তু এই কথা অনস্বীকাৰ্য যে একেগৰাকী শাসকেই কাউৰীয়ে ম’ৰা চৰাইৰ পাখি পিন্ধাৰ লেখিয়াকৈ নিশাৰ ভিতৰতে পোছাক সলনি কৰি প্ৰতীক চিহ্নৰ পৰিবৰ্তনেৰে ৰাজ্য এখনলৈ পৰিবৰ্তন আনিব নোৱাৰে! কোনো স্থিতপ্ৰজ্ঞ ব্যক্তিৰে মাত্ৰ এটি নিশাৰ ভিতৰত নীতি-আদৰ্শ সলনি হ’ব নোৱাৰে আৰু নীতি-আদৰ্শ এৰাতিৰ ভিতৰতে সলনি কৰিব পৰা বস্তু নহয়। এখন সমাজৰ পৰিৱৰ্তন সাধিবলৈ হ’লে লাগিব সকলো জাতি-জনগোষ্ঠীৰ প্ৰতি এক সমভাবপন্ন বলিষ্ঠ নেতৃত্ব, যাৰ থাকিব লাগিব দূৰদৰ্শিতা তথা ক্ষমতা আৰু ব্যক্তিস্বাৰ্থৰ উৰ্দ্ধত এক সামাজিক দায়িত্ববোধ।

আজি আমি দেখিবলৈ পাইছো যে ক্ষমতাৰ স্বাৰ্থতহে অসমৰ ভিন্নাদৰ্শৰ নেতা কৰ্মীৰ মাজত অহি-নকুল সম্পৰ্ক হৈছে, ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত নহয়। সেইদিনা এজন ৰাজনৈতিক নেতাই কোনো লুকঢাক নকৰাকৈ কৈ উঠিল যে ৰাজনীতিৰ মূল লক্ষ্য ই হৈছে হেনো ক্ষমতা। যদি ক্ষমতাই ৰাজনৈতিক দলৰ মূল লক্ষ্য হয়, তেন্তে খাদী কাপোৰ আৰু গান্ধী টুপি পিন্ধি ৰাইজক আভুৱা ভৰি সমাজ পৰিৱৰ্তনৰ সপোন কিয় দেখুওৱা হয়? এই উত্তৰ হয়তো আমাৰ ৰাজনৈতিক নেতাসকলৰ নাই।এয়াই নেকি আমাৰ আজিৰ ৰাজনৈতিক নেতাৰ আদৰ্শ! এনে এচাম ৰাজনীতিকৰ হাতত দেশ পৰিচালিত হ’বৰ বাবেই আমাৰ স্বাধীনতা সংগ্ৰামী সকলে প্ৰাণ বিসৰ্জন দিছিল নেকি, এনে এচাম শাসক দেশবাসীক উপহাৰ দিবৰ বাবেই মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আদিয়ে আহোপুৰুষাৰ্থ কৰিছিলে নেকি?

আনহাতে শেহতীয়াকৈ বিহাৰৰ বিধানসভা নিৰ্বাচনক লৈ উৎসাহিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ তাত স্পষ্ট হৈ পৰিছে যে তাত গণতন্ত্ৰ নহয়, এককথাত লালুপ্ৰসাদ যাদবৰ পৰিয়ালতন্ত্ৰৰহে যেন জয় হৈছে। আৰু দেশ কঁপাই তোলা কেলেংকাৰীৰ নায়ক লালুপ্ৰসাদ যাদৱৰ উত্থানহে ভাজপাৰ বিৰোধীতাৰ নামত সম্ভৱ হৈ পৰিছে | এই কথাই যেন উৎসাহিত কৰিব আনকো। বিহাৰৰ নিৰ্বাচনী ফলাফলক আদৰ্শ হিচাবে দাঙি ধৰি আগবঢ়াতো হ’ব অতিশয় দূৰ্ভাগ্যজনক কাৰণ তাত একপ্ৰকাৰ মোডীবিৰোধী শিবিৰৰহে জয় হৈছে, সুস্থ গণতন্ত্ৰৰ জয় হৈছে বুলি একাষাৰতে এতিয়াও ক’ব পৰা হোৱাগৈ নাই। কিন্তু যিয়েই নহওক কিয়, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সৈতে অসমৰ ভৱিষ্যতৰ প্ৰশ্ন যে জড়িত হৈ থাকিব সেইয়া নিশ্চিত। কিন্তু ইয়াৰ পিছতো যদি ভোটাৰে সুতা-কম্বল, এবাণ্ডোল টিনপাত আৰু মদ-মাংসৰ লোভতেই যদি নিজৰ বহুমূলীয়া ভোটতো এইবাৰু বিক্ৰী কৰে, তেন্তে একো পৰিবৰ্তন আশা কৰিব নোৱাৰো। আমি সকলোৱেই পৰিবৰ্তন লাগে বুলি চিঞঁৰিহে থাকো, কিন্তু নিজকে কেতিয়াও পৰিবৰ্তন কৰিব নোখোজো।

No comments:

Post a Comment