ASD 184: 4TH APRIL - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 184: 4TH APRIL

ASD 184: 4TH APRIL

Share This

অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                                            Assamese MID-DAY on Social Media

             প্ৰথম বছৰ ১৮৪তম সংখ্যাঃ  ৪ এপ্ৰিল ২০১৩

    (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰ


সুখৰ খবৰঃ

১. অসমৰ মুগা শিল্পই ভৌগোলিক মান্যতা প্ৰাপ্তিৰ বাট প্ৰশস্ত হোৱাৰ সুখবৰ ৷ মুগাৰ ভৌগোলিক মান্যতাৰ পঞ্জীকৃত স্বত্বাধিকাৰী প্ৰতিষ্ঠান অসম বিজ্ঞান প্ৰযুক্তি পৰিবেশ পৰিষদে তৈয়াৰ কৰি উলিয়ালে প্ৰতীক চিহ্নঃ পঞ্জীয়নৰ বাবে পঠালে চেন্নাইলৈ ৷ 

২. নাছাৰ প্ৰকল্প প্ৰতিযোগিতাঃ বিশ্বৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিলে নলবাৰীৰ হিমপ্ৰবালে ৷

৩. আজি এঘাৰ বজাত প্ৰকাশ পাব টেটৰ জড়িয়তে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিযুক্তি পাব লগা ১৬ জিলাৰ প্ৰাৰ্থী তালিকাঃ চৰকাৰী ৱেব চাইটত ৷

৪. বিহুৰ আগতেই নিয়মীয়া পদত নিযুক্তি পাব ১২হাজাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ৷
৫. স্বাস্থ্য মন্ত্ৰীয়ে কৰিলে সদনত ঘোষণাঃ ধঁপাত নিষিদ্ধকৰণ বিধেয়ক কেবিনেটলৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

৬. ক্ৰমে উতপ্ত হৈছে অসমৰ ৰাজনৈতিক বতাহঃ বিসম্বাদক লৈ গগৈ-কলিতাৰ বৈঠকঃ তিনিদিনৰ বাবে অসমলৈ দ্বিগবিজয় সিং, ৬ এপ্ৰিলত কাৰ্যনিৰ্বাহক ৷

৭. শুৱালকুছি কাণ্ডক লৈ ৰাজ্যপালক উপযু্ক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনালেগৈ অ.গ.প নেতৃত্বই 

৮. ব্ৰহ্মপুত্ৰৰ চাপৰিত আটক হ’ল পাঁচ জনকৈ চোৰাং চিকাৰী ৷

৯. বিধান সভাত গৃহীত হ’ল তিনিখনকৈ সংশোধনী বিলঃ দ্য আছাম প্ৰ’টেকছন অৱ ইণ্টাৰেষ্ট অৱ ডিপ’জিটৰ্ছ, দ্যা আছাম প্ৰিজনছ বিল আৰু ৰাজহ বিভাগৰ দ্য ইণ্ডিয়ান ষ্টাম্প ( আছাম এমেণ্ডমেণ্ড বিল)

১০. ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ নুমলীগঢ়ৰ পৰা বগীবিললৈ বহলোৱাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে দিলে ১৯৩৩কোটি টকাৰ অনুমোদনঃ তিনিটা খণ্ডত সংবৰ্ধনৰ বাবে বনালে যোজনা ৷

১১. এইবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ ইংৰাজী অনুবাদ “গ্ৰেট চংছ” বিশ্ব বজাৰত মুকলিৰ বাবে লৈছে পদক্ষেপঃ ই-বুকৰ ৰূপত বিক্ৰী কৰিবলৈ ওলাইছে আমাজান.কমত ৷

১২. লক্ষ্ণৌস্থিত বীৰবল সাহানী ইণষ্টিউট অৱ পেলিঅ’ বটানীৰ জীৱাশ্ম বিজ্ঞানী ডঃ সাধন কুমাৰ বসুমতাৰীক ৰংজুলিৰ ছটা সংগঠনে জনালে ৰাজহুৱা সম্বৰ্ধনা ৷

দুখৰ খবৰঃ

১. কানাডাৰ বৈদেশিক মন্ত্ৰালয়ৰ চাঞ্চল্যকৰ তথ্যঃ বিশ্বৰ বিপজ্জনক অঞ্চলৰ মানচিত্ৰত স্থান পালে অসমে; ধুবুৰী, কোকৰাঝাৰ চিনাক্ত হ’ল সাম্প্ৰদায়িক জিলা ৰূপে ৷

২. মানাহত পুনৰ গঁড় হত্যাৰ খবৰঃ কাটি নিলে খৰ্গ, নখ, মাংস ! মানাহৰ দুষ্প্ৰাপ্য পহুৰ মাংস এতিয়া গুৱাহাটীত সহজলভ্যঃ গ্ৰাহকৰ তালিকাত বহু নেতা-বিষয়া-ব্যৱসায়ী ৷

৩. সংসদীয় সচিবৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হ’ল ৬কোটি টকা ৷

৪. ৰাজ্যত মূৰ দাঙি উঠিছে নতুন বিদ্ৰোহী সংগঠনেঃ আৰ এন এল এফৰ ৫জনকৈ কেডাৰ গ্ৰেপ্তাৰ, অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ ৷

৫. ধেমাজিত গ্ৰেপ্তাৰ হ’ল চাৰিজনকৈ আলফা সদস্যঃ গুলী আৰু পিষ্টল উদ্ধাৰ ৷

৬. ডিব্ৰুগড় বিমান বন্দৰ আধুনিকীৰণত কেলেংকাৰীৰ অভিযোগঃ চি বি আই তদন্তৰ উঠিল দাবী ৷

৭. নলবাৰী ৰে’ল ষ্টেছনত কয়লা ছিণ্ডিকেটক লৈ উতপ্ত পৰিবেশঃ ছিণ্ডিকেটৰ গুণ্ডাৰ হাতত প্ৰহৃত হ’ল স্থানীয় যুৱক ৷

৮. নগাঁৱত সুৰাৰ নামত ৩৫কোটিৰো অধিক ৰাজহ সংগ্ৰহ, নতুন গ্ৰাহকৰ সংখ্যা ১২ শতাংশ বৃদ্ধিৰ চিন্তাজনক খবৰ ৷

৯. উত্তৰ প্ৰদেশৰ মুজাফৰপুৰত চাৰি ভগ্নীক একেলগে এচিড আক্ৰমণ কৰাৰ ঘটনাই নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত পুনৰ দেশক কৰিলে লজ্জ্বানত ৷

বোল বচনঃ
ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ক’লে-"জীৱনৰ অন্তিম যাত্ৰা আৰম্ভ, সপোন দেখাৰ সময় শেষ; হাইকামাণ্ডে বিচাৰিলেও মুখ্যমন্ত্ৰী নহওঁ!”

দেশৰ প্ৰধান মন্ত্ৰীয়ে ক’লে- “দুৰ্নীতি দেশৰ সমস্যা, বিনিয়োগৰ বাবে বিদেশী কোম্পানীক আদৰিবইতো লাগিব”৷

ডঃ মৃনাল মিৰি দেৱে সদৌ গুৱাহাটী মিচিং কেবাঙৰ সভাত ক’লে-”ভাষাই হৈছে এখন সমাজৰ মূল্যবোধৰ ভঁৰাল ৷”

এন জি অ’ৰ ৰাজ্যিক অভিবৰ্তনত হেম ভাই-”বন্ধ সংস্কৃতিয়ে বিধ্বস্ত কৰিছে অসমৰ অৰ্থনীতি”৷

No comments:

Post a Comment