মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিঃ
অসমৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিক আনক ৰাজ্য প্ৰশাসনলৈ
অসমৰ উন্নয়নৰ বাবে দক্ষ ব্যক্তিক আনক ৰাজ্য প্ৰশাসনলৈ
মৃণাল গোস্বামী
উন্নয়ন তথা আন্তঃগাঁঠনিগত কৰ্মৰাজিক অধিক গতিশীল কৰিবলৈ উপযুক্ত আৰু দক্ষ মানৱ সম্পদৰ অতীৱ প্ৰয়োজন। এই কথা বুজি পোৱা যায়, ব্যৱসায়িক ভাৱে সফল কোম্পানীবোৰলৈ দৃষ্টি দিলেই। উদাহৰণ স্বৰূপে, ধীৰু ভাই আম্বানীয়ে জাম নগৰ তেল শোধনাগাৰ বনোৱাৰ সময়ত পৃথিৱীৰ আটাইতকৈ দক্ষ পেট্ৰলিয়াম টেকন্লজি আৰু মেনেজমেণ্টৰ ব্যক্তি সকলক আনিছিল। তেওঁ আনকি চৰকাৰী উচ্চ প্ৰদস্থ অসামৰিক সেৱাৰ বিষয়া সকলকো চাকৰিৰ পৰা পদত্যাগ কৰাই উচ্চ দৰমহা দি আনিছিল তেওঁৰ কোম্পানীলৈ।
Add caption |
তাৰে এটা উদাহৰণ দিওঁ,,সেইসময়ত এজন আমেৰিকাৰ ব্যক্তি কোনোবা আমেৰিকাৰ তেল আৰু ৰেফাইনেৰী কোম্পানী ৰ CEO হিচাপে আছিল,তেওঁ খুব দক্ষ ব্যক্তি আছিল (নাম টো পাহৰিছো)। ধীৰু ভায়ে তেওঁৰ বিষয়ে গম পাই তেওঁক চাকৰি যাচিলে। তেওঁ হাঁহি উৰুৱাই দিলে,,ভাৰতত কি চাকৰি কৰিবলৈ আহিব। তেতিয়া ধীৰু ভায়ে তেওঁক ভাৰতলৈ ফুৰিবলৈ আৰু ৰেফাইনেৰীটো চাবলৈ মাতিলে। তেওঁ অনুৰোধ এৰাব নোৱাৰি আহিল। ধীৰুভায়ে তেওঁক হেলিকপ্টাৰে লৈ গল,,দেখুৱালে সকলো। ধীৰুভায়ে সুধিলে কিমান দৰমহা পোৱা তুমি এতিয়া,,তেওঁ কিবা এটা কলে,কিবা মিলয়ণ ডলাৰৰ সংখ্যা এটা। ধীৰুভায়ে কলে মই তোমাক তাৰ দুগুন দৰমহা দিম আৰু লগতে কোম্পানীৰ শ্বেয়াৰ। সেই ব্যক্তিজন থৰ লাগি ৰল,, সেইদিনাই তেওঁ আগৰ চাকৰি এৰি ধীৰুভাই ৰ শোধনাগাৰত CEO হিচাপেজইন কৰিলে।দক্ষ ব্যক্তিৰ সমহাৰেৰে জাম নগৰ ৰিফাইনেৰী আজি বিশ্বৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ যাৰ শোধন ক্ষমতা দৈনিক 1.2 4 মিলয়ণ বেৰেল বা দৈনিক প্ৰায় 19 কোটি 71 লাখ লিটাৰ তেল(এক বেৰেল=159 লিটাৰ) । মই ধীৰু ভাইৰ বন্দনা কৰা নাই, মই দক্ষ লোকৰ প্ৰয়োজনীয়তাৰ কথা কৈছো ,সাম্য বাদী সকলে আদানী আম্বানীৰ ব্যংগ কৰি কবিতা লিখে,শোষণ কৰা কয়, ,ইয়াতো তেওঁলোকে কিবা দেখিব। কিন্তু দেশৰ কোনোবাই নকৰা হলে অন্য বিদেশী কোম্পানী য়ে সেইঠাই পুৰালে হেতেন, Unilever, Nestle আদিৰ দৰে বহুজাতিক কোম্পানী য়ে তাৰ লক্ষ্য কৰা নাই তেওঁলোকে।
People is the biggest assets of a country or of a organisation. আমাৰ দেশৰ সকলো উচ্চ গুণ সম্পন শিক্ষা অনুষ্ঠানৰ যেনে আই আই টি, আই আই এম আদিৰ ছাত্ৰ ছাত্ৰী সকলক আমেৰিকাৰ ডাঙৰ কোম্পানী বিলাকে উচ্চ দৰমহা দি পঢ়ি থাকোতেই চাকৰি দিয়ে। তিনি কোটি লৈকে দৰমহা দিয়া শুনিছো। কিয় দিয়ে? কাৰণ তেওঁলোকে সদাই পৃথিৱীৰ আগশাৰীত থাকিব খোজে,,আৰু এই প্ৰতিযোগিতাৰ পৃথিৱীত আগশাৰীত থাকিবলৈ আগশাৰীৰ মগজু লাগিব। ভাৰত ,চীন,জাপান আদিকে ধৰি পৃথিৱীৰ উৎকৃষ্ট প্ৰতিভাসম্পন্ন ব্যক্তি সকল আমেৰিকাৰ কোম্পানী সমূহত নিয়োজিত। ভাৰতৰ কেইবাজনো ব্যক্তি আমেৰিকাৰ আটাইতকৈ ধনী কোম্পানী কেইবাটাৰো CEO । শুনিছো গুগলৰ CEO সুন্দৰ পিচায়ে বছৰি ছশ কোটি মান টকাৰ দৰমহা পাই। কিয় দিয়ে ইমান দৰমহা,,কাৰণ যিদৰে পাই সেইদৰে তেওঁলোকে কোম্পানীৰ বাবে আৰ্জন কৰে। এয়াই আমেৰিকাৰ শক্তি। ইয়াকে হয়তো কয় আজিৰ ভাষাত Brain Hunting,,অহৰহ নতুন প্ৰতিভাৰ সন্ধান আৰু চিকাৰ। আমি ভাৰতে আজিলৈকে এয়া বুজি নাপালো। কেৱল ব্রেইন ড্ৰেইন হৈছে কৈ কান্দি থাকো,,কেনেকৈ ড্ৰেইন টো বন্ধ কৰিব লাগে চিন্তা নকৰিলো। আইনষ্টাইন জাৰ্মানীত জন্ম হোৱা ইহুদী মূলৰ ব্যক্তি আছিল,,আমেৰিকাই তেওঁৰ প্ৰতিভা গম পাই দেশত আশ্ৰয় দিলে। আইনষ্টাইনৰ বাবেই আমেৰিকাই দ্বিতীয় বিশ্ব যুদ্ধ জিকিলে,কাৰণ আইনষ্টাইনৰ বাবেই এটম বম বনাব পাৰিলে আমেৰিকাই। এই গুনীক আদৰ কৰা গুণৰ বাবেই আমেৰিকা সদায় শীৰ্ষত থাকিব সক্ষম হৈছে।
আকৌ ধীৰু ভাইৰ কথালৈ আহো, তেওঁ শোধনাগাৰ বনাই থাকোতে তেওঁৰ কোম্পানীৰ বিষয়া সকলক লক্ষ্য বান্ধি দিছিল দৈনিক বিছ কোটি কৈ টকা খৰচ কৰিবলৈ,,অৰ্থাৎ মাহে ছশ কোটি টকা খৰচ কৰাৰ লক্ষ্য। অৱশ্যে আমাৰ চৰকাৰী বিষয়া সকলৰ দৰে খাই পেলাবলৈ দিয়া নাছিল,,কাম কৰিবলৈ দিছিল। খৰচ কৰিব পাৰিলে তেওঁক পুৰস্কৃত কৰিছিল আৰু নোৱাৰিলে জবাবদিহি কৰিছিল বা চাকৰি হেৰুৱাৰ ভয় আহিছিল। এয়া সকলো কৰ্পোৰেটৰে নিয়ম,,সকলোৰে টাৰ্গেট লৈ কাম কৰিব লাগে,বিনিময়ত পূৰাস্কিত হয়।
কিন্তু আমাৰ চৰকাৰত কি হয়?বাজেটত ধাৰ্য কৰা ধন খৰচ কৰিব নোৱাৰাত উলটি যায়। কিন্তু তাৰ বাবে চৰকাৰী বিভাগ আৰু বিষয়াই জবাব দিব নালাগে। বহুতে আবনটিত ধন খৰচ নকৰি বেংকত ফিক্স দিপজিত কৰি ৰাখে আৰু তাৰ সুত টো কিবা কিবি কামত খৰচ কৰে। ভাবি চাওক মাত্ৰ এশ কোটিৰ এবছৰৰ ফিক্স দিপজিত সুত ছয় কোটিৰ ওপৰত হয়,,আৰু সেই সুতৰ টকাৰ কোনো বিশেষ হিচাপ নাথাকে কাৰণ সেয়া বাজেটৰ অন্তৰ্ভুক্ত নহয়। এয়া এক বৃহৎ দুৰ্নীতি। চৰকাৰৰ ধন বেংকত ৰাখি সুত খাবলৈ নহয় ,,কাম কৰিবলৈহে আৰু সময়ত কাম নকৰিলে চৰকাৰে লোকচান ভৰে। কাৰণ বস্তু আৰু মজুৰিৰ মূল্য দিনক দিনে বাঢি গৈ থাকে। যিসময়ত দেশৰ আগশাৰীৰ ৰাজ্য বিলাকে ডিচেম্বৰৰ ভিতৰত বাজেটৰ ধন খৰচ কৰি কেন্দ্ৰৰ ওচৰত নতুন পুঁজি বিচাৰে তেতিয়ালৈকে আমাৰ অনুমোদিত ধন খিনিৰ আচঁনিয়ে প্ৰস্তুত নহয়,সেইকাৰণে আমাৰ ধন অন্য ৰাজ্য লৈ গুচি যায়,,কাৰণ কেন্দ্ৰীয় চৰকাৰে ধন খৰচ নকৰাকে ৰাখি থব নোৱাৰে। আৰু খৰচৰ ওপৰত ভিত্তি কৰি অনুপাতিক হিচাপে পৰৱৰ্তী পুঁজিৰ অবন্টন বাঢ়ে। কেন্দ্ৰই আমাক ইমান ধন দিলে কৈ আনন্দ কৰি লাভ নাই বা ধন নিদিলে কৈ দুখ কৰিও লাভ নাই,,গোটেই খিনি কথা আমাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে।
বৰ্তমানৰ সোণোৱাল ডাঙৰীয়া চৰকাৰে দক্ষ ব্যক্তি আনক প্ৰশাসনত যদি কামত গতিশীলতা আৰু ৰাজ্যৰ সমৃদ্ধি বিচাৰে। কাৰণ অসমৰ টকা ঘূৰি যোৱা কেইবাদশক আগৰে বেমাৰ ,এইকেইজন ডক্টৰৰ দ্বাৰা( বিষয়া), চিকিৎসা কৰি নতুন ফল নাপাই, ৰাজ্যৰ অৱস্থাও একে থাকিব। নতুন ব্যক্তিৰ সন্ধান কৰক,,কোনো কথা নাই যে তেওঁ জেষ্ঠ হব লাগিব বা প্ৰশাসনীয় বিষয়া হব লাগিব,যিকোনো ক্ষেত্ৰৰ , যিকোনো কৰ্মৰ মানুহ হব পাৰে তেওঁ। বিজ্ঞানী হব পাৰে,ব্যৱসায়ী হব পাৰে,মেনেজমেণ্টৰ মানুহ হব পাৰে , প্ৰাক্তন সেনা বিষয়া হব পাৰে,যি কোনো উপযুক্ত ব্যক্তি। ইনফচিছৰ CEO নন্দন নিলেকাননীক ভাৰত চৰকাৰে চৰকাৰী নিযুক্তি দিছিল,,তেনেকুৱা অনেক উদাহৰণ আছে। উপযুক্ত মানুহ নিয়োগ কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে এজন মুখ্যমন্ত্ৰীৰ,,সেই ক্ষমতা প্ৰয়োগ কৰক, ৰাজ্যক সমৃদ্ধিশালী কৰাৰ খাতিৰত ,এয়া সময়ৰ আহ্বান। দক্ষ ব্যক্তি আমাৰ সম্পদ আৰু অদক্ষ ব্যক্তি আমাৰ বোজা ।
No comments:
Post a Comment