চিন্তনঃ আমি ভাৰতত কিয় থাকিব লাগে? ::পৰেশ মালাকাৰ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তনঃ আমি ভাৰতত কিয় থাকিব লাগে? ::পৰেশ মালাকাৰ

Share This
আমি ভাৰতত কিয় থাকিব লাগে? কিহৰ কাৰণে? কি কয় হে? অসমৰ আছে কি? তেল,চাহৰ কথা নক’ব, জনাই জানে সেইবোৰ এতিয়া কিমান অৰ্থকৰী হৈ আছে? আৰু আমাৰ হাবি মানে বনজ সম্পদ? গোটেইবোৰ ফফৌফৌ? বাহিৰৰ পৰা হাবি, ভিতৰলৈ গ’লে সেইবোৰত একো নাই, গাড়ী চলাই ঘূৰি ফুৰিব পাৰি!আৰু থাকিল কি? বানপানীখিনি? হ’ব, বানপানীক সম্পদ বুলি কৈ টেঁটুফালি চিঞৰি একো লাভ নাই? আমাৰ যিহে সত ? সেইবোৰ ফুটাই থাকি একো লাভ নাই? মাল গাড়ী আৰু লৰী কেইখন বন্ধ হওকচোন, চাওঁ কিমান দিনলৈ আপোনালোকে ফুটনি মাৰিব পাৰে? ভাৰতে নুখুৱালে আমি দেখোন লঘোনে মৰিম! এই কথাবোৰ সঁচা আৰু মিছা!

আচৰিত কথা? একেবোৰ কথা কেনেকৈ একে সময়তে সঁচা আৰু মিছা হ’ব পাৰে? পাৰে৷এতিয়া পৃথিবীৰ অতি চহকী ঠাই কিছুমান আদিতে কঙাল আছিল৷ একো নাছিল সেইবোৰত!জাপান,চিংগাপুৰৰ ইতিহাস পঢ়িব, গম পাব৷ সংকটক সামৰ্থ্যলৈ আৰু অসুবিধাক সুবিধালৈ পৰিবৰ্তন কৰিছিল এই ঠাইবোৰে৷গতিকে ভাৰত অবিহনে অসম মৰি উছন হ’ব তেনে কথা নহয়৷অসুবিধা হ’ব, সেই অসুবিধাক মানুহে সুবিধালৈ নিব৷সদায়, শান্তি, সৌম্য, বিশ্ব ভাতৃত্বৰ কথা কোৱা, ভাৰতীয় ঐক্য সংহতিৰ কথা কোৱা, আলফাৰ বিচিছন্নতাবাদৰ বিৰোধিতা কৰা মোৰ দৰে মানুহ এজনৰ মনলৈ ভাৰতৰ পৰা বেলেগ হোৱাৰ কথা কিয় আহিল? নাই মই অসম ভাৰতৰ পৰা বেলেগ হৈ আহিব লাগে বুলি কোৱা নাই, বা নকওঁ৷ কিন্তু ভাৰতীয় কৰ্তৃত্ববাদৰ মই ঘোৰ বিৰোধী৷ 

অসমৰ সাধাৰণ মানুহ আৰু দেশৰ বাকীচোৱা ঠাইৰ সাধাৰণ মানুহৰ মাজত কি পাৰ্থক্য আছে? একো নাই৷ কিন্তু পাৰ্থক্য কৰে, কোনে কৰে জানে নে? ক্ষমতা কেন্দ্ৰবোৰে কৰে৷ ক্ষমতাৰ কথা কওঁতে মই কেৱল ৰাজনৈতিক ক্ষমতাৰ কথা কোৱা নাই৷ ৰাজনীতিতে মাত্ৰ ক্ষমতা আছে বুলি নাভাবিব৷ ক্ষমতাৰ কথাটো দাৰ্শনিক আৰু সমাজ বিজ্ঞানী ফুক’ৱে বৰ সুন্দুৰকৈ ব্যাখ্যা কৰি থৈ গৈছে৷ ভাৰতৰ কিমান ক্ষমতা কেন্দ্ৰ আছে আপুনি জানেনে? বহু ৰাজনীতি, সংস্কৃতি, শিক্ষা, পাণ্ডিত্য, সাহিত্য,বিজ্ঞান আদি আটাইবোৰৰে, আৰু সকলো ক্ষেত্ৰতে চৰকাৰৰ লগত থকা, চৰকাৰৰ লগত নথকা, চৰকাৰ বিৰোধী ক্ষমতা কেন্দ্ৰও আছে৷ এই ক্ষমতা কেন্দ্ৰবোৰৰ ঘাই ঘৰ দিল্লীত আৰু বাকী মূল চহৰবোৰত যেনে মুম্বাই,চেন্নাই, বাঙ্গালোৰ, হাইদাৰাবাদ আদি চহৰবোৰত, কলিকতাৰ শক্তি আজিকালি কমি আহিছে৷ এই ক্ষমতা কেন্দ্ৰবোৰৰ মূল শক্তিটো হৈছে তথাকথিত মূল সুঁতি সংস্কৃতি৷ 

এই চহৰবোৰত ভিন ভিন ক্ষেত্ৰৰ মানুহবোৰৰ মাজত এটা অনানুষ্ঠানিক যোগসূত্ৰ আৰু বান্ধোন আছে৷ তেওঁলোক আটাইৰে, মনত ৰাখিব, সকলো ক্ষেত্ৰৰে প্ৰতিষ্ঠান আৰুপ্ৰতিষ্ঠানবিৰোধী উভয় শিবিৰৰ কথাই কৈছোঁ মই, আকৌ পশ্চিমৰ লগত এটা বৰ সুচল আৰু পোনপটীয়া যোগসূত্ৰ আছে৷ ভাৰতে ৰাজনীতি, সমাজনীতি, সাহিত্য সংস্কৃতি, শিল্প বিজ্ঞান মানে সকলো ক্ষেত্ৰতে কি কৰিব কি নকৰিব সেই সকলো সিদ্ধান্ত লোৱাৰ গৰাকী হ’ল মহা নগৰ কেন্দ্ৰীক ক্ষমতা কেন্দ্ৰবোৰ, সকলো ক্ষেত্ৰতে তেওঁলোকৰ কৰ্তৃত্ব, মাতব্বৰী ৰজিব,আপোনাৰ,মোৰ দৰে প্ৰান্তৱৰ্তী মানুহৰ কথা নৰজে৷এতিয়া কোনোবাই ক’ব পাৰে কি সেই কমিটিবোৰত আমাৰ মানুহ নাথাকে নেকি বা তেওঁলোকে বিভিন্ন ৰাজ্যৰ প্ৰতনিধি নলয় নেকি? পাৰিলে নললেহেঁতেন, কিন্তু চৰকাৰী কথাবোৰত ল’বলৈ বাধ্য, বেচৰকাৰীবোৰত লয়, নলয় তেওঁলোকৰ নিজৰ কথা৷ চৰকাৰী, বেচৰকাৰী, বিশেষকৈ চৰকাৰী কমিটিবোৰত প্ৰান্তবোৰৰ পৰা কেনে মানুহ ল’ব লাগে তেওঁলোকে খুব ভালদৰে জানে,তাত গভীৰ ৰাষ্ট্ৰৰ(Deep State) প্ৰভাব অতি সুস্পষ্ট৷ তেওঁলোকে ৯৯% ক্ষেত্ৰতে এনে মানুহ সেই কমিটিবোৰলৈ নিৰ্বাচিত কৰিব যিবোৰ মানুহ এই ক্ষমতা কেন্দ্ৰবোৰে অনায়াসে গ্ৰাস কৰি ল’ব পাৰে, তেওঁলোকৰ নিজৰ বহতীয়া কৰি ল’ব পাৰে৷ আৰু আমাৰ ইয়াৰ বিশাৰদ, বাহ দিল্লীয়ে মাতিছে, উৰা জাহাজেৰে যাব, ভাল অতিথিশালাত থাকিব আৰু কি লাগে? মিটিঙৰ দিনা পাৰিলে দুষাৰ ক’লে, ক’বলৈ আকৌ ইংৰাজী, হিন্দীত অলপ দখলো থাকিব লাগিব নহয়, নোৱাৰিলে নাই৷ কোনে নো চাবলৈ যাব তেওঁ কি কৈছে কি নকৈছে! গতিকে সিদ্ধান্ত দিল্লীয়ে যেনেকৈ বিচাৰে তেনেকৈয়ে হ’ব, তাত প্ৰান্তৰ কথা নৰজিব৷ 

কিয় আপোনালোকে পাহৰি গ’ল নেকি জেমচ মিলৰ কথা, সাম্ৰজ্যবাদী আৰু ঔপনিবেশিক ইতিহাসবিদসকলৰ কথা? তেওঁলোকে কি কৈছিল? ভাৰতৰ আছে কি, ভাৰতীয় মানুহৰ আছে কি ইহঁতক শিক্ষিত,সভ্য আৰু আধুনিক কৰিব লাগিব, অলপ ইফাল সিফালকৈ দিল্লীয়েও এতিয়া প্ৰান্তবোৰৰ বিষয়ে সেইদৰেই ভাবে৷ গতিকে আমাক কয় তোমালোকৰ কি প্ৰয়োজন তোমালোকে নিজেই নাজানা!আমি হে তোমালোকতকৈ বেছি ভালকৈ জানোঁ৷গতিকে আমাৰ বিষয়ে তেওঁলোকে সিদ্ধান্ত লয়৷ চৰকাৰ বা গভীৰ ৰাষ্ট্ৰই কয় তোমালোকক এইবোৰ লাগে আমি কওঁ হয়, প্ৰতিস্থান বিৰোধী উদাৰ বামপন্থীসকলে ক’ব তোমালোকক এইবোৰ নালাগে তাৰ বিৰোধিতা কৰা আমি বিৰোধিতা কৰিম৷ ৰাজনীতিৰ খেলখনতো আৰু বাহাদুৰি খেল৷ অ এওঁলোক বিদ্ৰোহী, আনা লাহে লাহে কিবা কৰি ফুচুলাই আনি আলোচনা কৰা, ভাল হোটেলত ৰাখিবা, এবাৰ দুবাৰ এনেদৰে দিল্লীলৈ অনা নিয়া কৰি থাকিলে দিল্লীৰ ৰমক জমকে, সা-সুবিধাই মন কোমোল কৰি পেলাব,আপোনা আপোনি স্থিতি সলনি হ’ব৷বচ,বিলাস বৈভৱ ঢালি দিয়া দেখিবা সময়ত সকলো চিজিল হৈ গৈছে৷ একে কথা অন্যবোৰ ক্ষেত্ৰতো৷ 

বৰ বেচি উদাহৰণ দি নাথাকোঁ, মাত্ৰ এটা কথা কওঁ৷ আমাৰ বৌদ্ধিক আৰু শিক্ষাসদী মহলৰ দিল্লীৰ লগত মানে মহানাগৰিক শৈক্ষিক বা বৌদ্ধিক কেন্দ্ৰৰ লগত কেনে সম্পৰ্ক৷ আচলতে এই ক্ষেত্ৰতো মূল চালিকা শক্তি নিৰ্ভেজাল বৌদ্ধিক বা শৈক্ষিক এষঁণা নহয়, প্ৰায় ৯৯% ক্ষেত্ৰতে ই আত্মোন্নয়নৰ আকাঙ্খাৰে পৰিচালিত৷ ৰাজনীতিৰ লগত ইয়াৰ পাৰ্থক্য এটাই- ই ইমান পোনপটীয়া নহয়, ই বক্ৰ,জটিল৷ কিন্তু উদ্দেশ্য একেটাই বৌদ্ধিক আৰু শিক্ষিসদী ক্ষমতা কেন্দ্ৰত প্ৰৱেশ আৰু প্ৰতিষ্ঠা লাভ৷ তাৰবাবে কি গান গাব লাগে, কি সুৰত গাব লাগে তাত তেওঁলোক সিদ্ধহস্ত৷ প্ৰতিষ্ঠানবিৰোধী সকলৰ ক্ষেত্ৰত কি হ’ব? উদাৰ বামপন্থীসকলে কি কয়?হয় আমি কি বিৰোধিতা কৰিম তাৰ বাগ্দধাৰ নিশ্চিত কৰি দিব তেওঁলোকে৷ মই কিয় এই কথাবোৰ লিখিছোঁ? এই কথাবোৰ লিখাৰ উপলক্ষ্য আৰু উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশপোৱাৰ পিছত অসমৰ বাহিৰত এই সন্দৰ্ভত হোৱা প্ৰতিক্ৰিয়া৷ বিষয়টো সম্পৰ্কে একো নজনাকৈ মহানাগৰিক ক্ষমতা কেন্দ্ৰৰ মানসিকতাৰে গোটেই বিষয়টো সম্পৰ্কে দিয়া তেওঁলোকৰ মতামত৷ তোমালোকে আমাৰ বিষয়ে যদি ইমানেই কম জানা, আৰু আমাক যদি ইমানেই অৱজ্ঞা কৰা তোমালোকৰ লগত আমি কিয় থাকিব লাগে? মই এই প্ৰশ্নটো ক্ষমতা কেন্দ্ৰবোৰৰ ধ্বজাধাৰীবোৰক হে কৰিছোঁ, ভাৰতৰ সাধাৰণ মানুহক কৰা নাই, আৰু সেই কাৰণেই আমি ভাৰত হৈ আছোঁ৷ 

মই যে আমাৰ অসমৰ দিল্লীৰ লগত উঠাবহা কৰা শিক্ষাসদী বা বৌদ্ধিক মহলৰ কথা কৈছিলোঁ, অসমৰ বাহিৰত এন আৰ চিৰ অপপ্ৰচাৰৰ প্ৰতিবাদ কৰাত তেওঁলোকৰ ভূমিকা কি? আচৰিত কথা তেওঁলোকে বিষয়টো সম্পৰ্কে একো কোৱা নাই তেনে নহয়, কৈছে৷ কিন্তু কোৱাৰ ধৰণটো বৰ বঢ়িয়া, সাপো মৰক লাঠীও নাভাঙক( এই উপমাটো এৰিবৰ হ’ল, এতিয়া সাপ কিয় মাৰিব লাগে?) অৰ্থাৎ দুয়োকুল ৰক্ষা পৰক৷ মহানগৰিক শিক্ষাসদী ক্ষমতা কেন্দ্ৰতো তেওঁলোকৰ কোনো অপযশ নহওক আৰু অসমৰ মানুহেও জানক তেওঁলোকে বিষয়টো সম্পৰ্কে নিশ্চুপ হৈ থকা নাই৷আৰু আন কিছুমান দিল্লীৰ চেলপেনটোকাইতো এই বিষয়টো সম্পৰ্কে টু শব্দ এটা কৰা নাই৷ কোনে মাত মাতিলে জানে নে আমাৰ যিবোৰ ডেকা ল’ৰা ছোৱালী অসমৰ বা আনকি ভাৰতৰ বাহিৰত আছে তেওঁলোকে কিন্তু অসমৰ বাহিৰত এন আৰ চি সম্পৰ্কে হোৱা অপপ্ৰচাৰৰ যোগ্য উত্তৰ দিছে৷ তেওঁলোকৰ ভূমিকা বৰ প্ৰশংসাৰ৷ আচল কথাটো হ’ল ভাৰতে অসমৰ বিষয়ে কি ভাবে সেইটো ডাঙৰ কথা নহয়, আমি আমাৰ বিষয়ে কি ভাবোঁ সেইটোহে ডাঙৰ কথা৷ আমি সঠিক কাম কৰিছোঁ নে বেঠিক কাম কৰিছোঁ? আমি কৰবাত কিবা ভুল কৰিছোঁ নেকি? আমি যদি ভুল কৰা নাই তেনেহ’লে আমাৰ বিষয়ে যিয়ে যি ভাবে ভাবি থাকক৷ কেৱল আমি আমাৰ মাজত সংহতি আৰু ঐক্য বজাই ৰাখিব পাৰিব লাগিব৷ আমি অসমত মানে আমি আমাৰ মাজত যদি সঠিক কৰ্ষণ কৰিছোঁ আমাৰ ভয় কি?

লেখাটি ”দৈনিক অসম”ত প্ৰকাশিত, লেখকৰ অনুমতি ক্ৰমে পুনৰ ইউনিকোডত অসমীয়াৰ সুখ-দুখত প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages