মনৰ কথাঃ খেলুৱৈৰ প্ৰতিভা, জাতি আৰু হিমা দাস:: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ খেলুৱৈৰ প্ৰতিভা, জাতি আৰু হিমা দাস:: শোণিত কুমাৰ গোস্বামী

মনৰ কথাঃ খেলুৱৈৰ প্ৰতিভা, জাতি আৰু হিমা দাস:: শোণিত কুমাৰ গোস্বামী

Share This
এটা জাতিৰ বাবে, এগৰাকী শিল্পীৰ পাছত সকলোকে সন্মোহিত কৰি ৰাখিৱ পৰা শক্তি এজন খেলুৱৈৰ হাতত থাকে। সেয়ে শিল্পীসকলৰ পাছত এই দেশত খেলুৱৈৰ জনপ্ৰিয়তা সৰ্বাধিক। যদিওৱা আজি কিছুদিন আগলৈ মাথো ক্ৰিকেট খেলা খেলুৱৈসকল হে দেশত ধন-জনৰে জনপ্ৰিয় হৈ আছিল। এতিয়া সময় সলনি হৈছে। হিন্দী চলচিত্ৰই ক্ৰিকেটৰ সলনি অন্য খেল আৰু সেই খেল খেলি বিশ্ব জিনিবলৈ সক্ষম হোৱা কাহিনীবোৰ দেখুৱাবলৈ ধৰাৰ পৰা জনসাধাৰণৰ গুৰুত্ব অন্য খেললৈ স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে। লগতে আছে সংবাদ মাধ্যমৰো প্ৰভাৱ। 

এই ক্ষেত্ৰত প্ৰথমেই নাম আহিব এম চি মেৰীকমৰ। মণিপুৰৰ এই বক্সিং খেলুৱৈগৰাকীয়ে কেইবাবাৰো বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা লাভ কৰাৰ পাছতো জনপ্ৰিয়তাৰ ক্ষেত্ৰত পাছপৰি আছিল। কিন্তু বলীউডী ছৱি মেৰীকমৰ মুক্তিৰ সময় আৰু অলিম্পিকত মেৰীৰ পদক লাভৰ সময় প্ৰায় সমসাময়িক আছিল বাবেই উচিতভাৱেই মেৰীকমৰ জনপ্ৰিয়তা তাৰকাৰ পৰ্যায়লৈ পৰিগণিত হৈছিল। তাৰ পাছত আমি ভিন্ন খেলত সফলতা-পদক পোৱা খেলুৱৈৰ নাম প্ৰতিদিনেই বাতৰিকাকতত পাবলৈ আৰম্ভ কৰিছো আৰু তেনেধৰণেই তেওঁলোকৰ জনপ্ৰিয়তা দেখিবলৈ পাইছো। এয়া ভাল কথা।
এইসকল খেলুৱৈৰ মাজতে কণিষ্ঠ খেলুৱৈ এগৰাকীৰ নাম যিগৰাকী অসমৰ সন্তান হঠাৎ সমগ্ৰ ভাৰতবৰ্ষত জনাজাত হৈ পৰিল। তেওঁ হৈছে অসমৰ হিমা দাস। নগাওঁ জিলাৰ এই সন্তানে যিদিনাখন অনুৰ্ধ বিশ্ব এথলেটিকছত ৪০০ মিটাৰ দৌৰত স্বৰ্ণপদক লাভ কৰিলে। আৰু এই খবৰ সংবাদ মাধ্যমত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় এথলিট মানে দৌৰবিদ বুলি প্ৰকাশ পালে তাৰ পাছত সমগ্ৰ ভাৰতবাসী যেন আনন্দত মতলীয়া হৈ পৰিল। অসম-অসমীয়াৰ গৌৰৱৰ কাৰণ ১৮ বছৰীয়া হিমা দাসে পাবলগীয়া সকলো সন্মান-পুৰস্কাৰ লাভ কৰিলে। তেওঁ এই ধাৰাও অব্যহত ৰাখিলে আৰু জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই সাফল্যৰ কৃতিত্ব কেৱল হিমাৰ। অৱশ্যেই প্ৰশিক্ষক নিপন দাসৰ প্ৰশিক্ষণৰ প্ৰভাৱো কোনেও নুই কৰিব নোৱাৰে। নিজৰ প্ৰচেষ্টাৰ ফলত আন্তঃৰাষ্টীয় পৰ্যায়ত সফল হোৱা হিমা নিশ্চয়কৈ আৰু কেইবাটাও প্ৰতিযোগিতাত পদক-সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। হিমাৰ এতিয়া লক্ষ্য হ’ব অলিম্পিকত স্বৰ্ণ লাভ কৰা। তাৰ বাবে তেওঁৰ ওপৰত সমগ্ৰ দেশবাসীৰ আৰ্শীবাদ আছে আৰু থাকিব। 

এইখিনিতে মই হিমা দাসৰ সফলতাৰ সমান্তৰালকৈ আলোচিত হোৱা দুটা বিষয়হে ইয়াত আলোচনা কৰিব বিচাৰিছো। আজিকালি সঁচৰাচৰ তৰ্ক-বিতৰ্কবোৰ ক্ষন্তেক সময়ৰ বাবে টিভি ষ্টুডিঅ’ত হয় আৰু দীৰ্ঘ সময়ৰ বাবে এই বিতৰ্কবোৰ সামাজিক মাধ্যম যেনে ফেচবুক-ৱাটচএপত চলি থাকে। 

জুলাই মাহৰ পৰাই চলি থকা তেনে এটা বিতৰ্ক আৰু বিশেষত ইংৰাজী ই-মাধ্যমত চলি থকা বিতৰ্ক হৈছে হিমা দাসৰ জাতিক লৈ হোৱা ভাৰতীয়ৰ জিজ্ঞাসা। হিমাই ফিনলেণ্ডত সফলতা পোৱাৰ পাছতেই আগতে কোনেও নাম নুশুনা এই ছোৱালীজনীনো কোন সেয়া জানিবলৈ সকলোৱে গুগুল কৰিছিল। আপোনালোক সকলোৱে হয়তো জানেই য়ে ইংৰাজী অভিধানত ক্ৰীয়া পদ হিচাপে অন্তৰ্ভূক্ত হোৱা গুগুল শব্দটোৰ অৰ্থই হৈছে ইন্টাৰনেটত কোনো বিষয় জানিবলৈ গুগুলত টাইপ কৰা কাম। এই অনুসৰি আপোনালোকে শুনি হয়তো আচৰিত হ’ব যে হিমা দাস সম্পৰ্কত জানিবলৈ গুগুল কৰা সকলে হিমা দাসৰ জাতৰ (Caste) বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ পাছত আহিছিল হিমা দাসৰ জাতিৰ (ethnicity) কথাটো। মানে হিমা দাস হিন্দু জাতিৰ কোনটো জাতৰ। এই সম্পৰ্কত আৰু এটা ঘটনাই মতানৈক্যৰ সৃষ্টি হৈছিল। সেয়া হৈছে একাংশ বাঙালী মাধ্যমে (ইচ্ছাকৃত নে ভুলবশত, সেয়া জনা নায়ায়) হিমা দাসক বাঙালী কন্যা বুলি অভিহিত কৰি বাতৰি পৰিৱেশন কৰিছিল আনকি কোলকাতাৰ ৰাজপথত হোৰ্ডি-বিজ্ঞাপন পৰ্যন্ত লগোৱা হৈছিল। এই একেই ভুল একাংশ বাঙালীয়ে পুনৰবাৰ হিমাই জাকাৰ্টাত পদক লাভৰ পাছতো কৰিছে। ই-জগতৰ এই খবৰ দুটাই এটা মহলত যথেষ্ট বিতৰ্ক আৰু খলকনি তুলিছিল। আৰু এই ঘটনা দুটাই আংশিক ভাৱে হ’লেও ভাৰতীয় সমাজ ব্যৱস্থাৰ মনোভাৱৰ কথা ব্যক্ত কৰিছে। হিমা দাসৰ জাত সম্পৰ্কত গুগুল কৰা অধিকাংশ লোক কেৰেলা, হাৰিয়ানা আৰু পশ্চিম বংগৰ আছিল। 

উল্লেখ্য যে, একেধৰণৰ কথা অলিম্পিকত পি ভি সিন্ধু আৰু সাক্ষী মালিকে পদক লাভৰ পাছতো ইন্টাৰনেটত হৈছিল। এনেবোৰ কথা সাধাৰণতে ইন্টাৰনেটত এইকাৰণেই হয় কিয়নো বাতৰি কাকত বা টিভি মাধ্যমত বিষয়ৰ তাৰতম্য ঘটি থাকে। কিন্তু ইন্টাৰনেট মানে সামাজিক যোগাযোগৰ মাধ্যম ফেচবুক-ৱাটচএপত এই বিষয়বোৰ দীৰ্ঘসময় ধৰি চলি থাকে। আৰু চলে অনাহক বিতৰ্ক। এয়া হৈছে বেয়া কথা। 

হিমাৰ সফলতাৰ কথালৈ উভটি আহিলে এতিয়া আমি সকলোৱে গুৰুত্ব মানে মন দিবলগীয়া কথা হৈছে সম্বৰ্ধনা আৰু আশা-মৰমৰ সাগৰে যেন হিমাক কোঙা কৰি নেপেলায়। হিমাই এছিয়াডত পদক লাভৰ পাছত শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱেও একে আশংকাই ব্যক্ত কৰিছিল। তেওঁ আনকি এই মন্তব্যও দিছিল যে ২০২০চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক খেলৰ সময়লৈ অন্ততঃ হিমা দাস ৰাজ্যৰ বাহিৰতেই থাকক। এই কথা কোৱাৰ তাৎপৰ্য এয়ে যে অসমীয়া মানুহ আৱেগিক মানুহ, তাৰোপৰি হিমাৰ বয়স এতিয়া কম। গতিকে এনে সময়ত তেওঁ আগন্তুক দিনকেইটাত অসমীয়া মানুহৰ পৰা লাভ কৰিবলগীয়া মৰম-চেনেহবোৰে যেন তেওঁক নিজৰ ইস্পিত লক্ষ্যৰ দিশত ধাৱমান হোৱাত বাধাৰ প্ৰাচীৰ হৈ থিয় নিদিয়ে। কিয়নো খেলুৱৈৰ মনস্তত্ব আৰু জীৱন ধাৰণৰ শৈলী যথেষ্ঠ কঠোৰ অনুশীলনৰ মাজত অতিক্ৰম হয়। মৰম চেনেহে মানুহৰ মন দুৰ্বল কৰি পোলোৱাৰ সম্ভাৱনা অধিক থাকে। কিম্বদন্তী দৌৰবিদ মিলখা সিঙৰ জীৱনীভিত্তিক ছৱি “ভাগ মিলখা ভাগ” ছৱিতো মিলখা সিঙৰ জীৱনলৈ অহা এই দিশটো আলোচিত/দেখুওৱা হৈছে। সেয়েহে অসমীয়া জাতিসত্বাই এই দিশটো মনত ৰখা উচিত হ’ব যে বিহু-পূজা-ৰাস বা অন্য অনুষ্ঠানৰ মাজত যেন হিমাক আৱদ্ধ কৰি নাৰাখে। হিমা দাসক আপোনালোকে সম্বৰ্ধনা-অনুদান বা মৰম দিবলৈ সময় পাব। আৰু আমাৰ বিশ্বাস যে অলিম্পিক প্ৰতিযোগিতাত ভাৰতৰ হৈ এথলেটিকচৰ প্ৰথমটো স্বৰ্ণ পদক জিকাৰ সন্মানো হিমা দাসেই পূৰণ কৰিব। এয়া সম্ভৱ হ’ব তেতিয়া, যেতিয়া আমি হিমা দাসৰ সৈতে একেলগে অনুশীলন কৰিম আৰু তেওঁক অলিম্পিকৰ স্বৰ্ণৰ বাবে প্ৰস্তুত কৰিম। এই কাৰ্যত প্ৰতিজন অসমীয়াই আগভাগ ল’ব লাগিব। তেতিয়াহে অসমীয়া জাতিসত্বা ভাৰতীয় সত্বাৰ সৈতে মিলিত হৈ হিমা দাসৰ নামেৰে বিশ্বত জিলিকি থাকিব।
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment