মনৰ কথাঃ পাপ্পাৰাজি চেনেলৰপৰা হিমাক বচাব লাগিব:: পেইম থি গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ পাপ্পাৰাজি চেনেলৰপৰা হিমাক বচাব লাগিব:: পেইম থি গোহাঁই

মনৰ কথাঃ পাপ্পাৰাজি চেনেলৰপৰা হিমাক বচাব লাগিব:: পেইম থি গোহাঁই

Share This
সূত্ৰ: কেইদিনমানৰ পিছত হিমাই অসমত পদাৰ্পণ কৰিব। তাৰ পিছত কি কি হ'ব। কি কি কৰিব লাগিব। 

১) কোনোবা চেনেলে সম্ভৱত তেওঁক 'হাইজেক' কৰিব। বাটৰ পৰাই হাইজেক কৰি গাড়ীৰ পিছফালে উঠাই গাড়ীতে শ্বুটিং চলিব আৰু এংকৰে মুৰ্খৰ দৰে সুধিব - "ডিঙিত গামোচাখন লৈ তোমাৰ (স্পৰ্ধা, আপুনিও নকয়।) কেনে অনুভৱ আহিছিল?" এই চেনেল পাপ্পাৰাজিৰ পৰা হিমাক বচাব লাগিব। 

২) কোনোবা চেনেলে গাঁৱত শ্বুটিং কৰিবগৈ। সন্মুখত কেমেৰা, পিছে পিছে এংকৰে হিমাক লৈ বিচাৰি ফুৰিব তাহানিতে উজুটি খোৱা গছৰ মূড়া, ৰাস্তাত ওখ হৈ থকা শিলগুটি, মাটিৰ দম। খোজ কাঢ়ি কাঢ়ি এংকৰে সুধিব "এই শিলচটাত উজুটি খাওতে ভাবিছিলানে (স্পৰ্ধা, আপুনিও নকয়) এদিন জাকাৰ্টাৰ ট্ৰেকত দৌৰিবা গৈ?" (উদাহৰণ -ৰীমা দাস। স্বৰ্ণকমল লাভ কৰাৰ পিছত এংকৰে ৰীমাক লৈ ফুৰিছিল আৰু ক'ত ক'ত শ্বুটিং কৰিছিল সেইবোৰ বিচাৰি ফুৰিছিল।) এনে চেনেল পাপ্পাৰাজিৰ পৰা হিমাক বচাব লাগিব। 
৩) কোনোবা মুখ্য সম্পাদকে নিজৰ টক শ্বলৈ মাতি আনি সুধিব -"এই যে অসমত হত্যা, ধৰ্ষণ...এই লৈ তোমাৰ (স্পৰ্ধা - আপুনিও নকয়) মতামত কি? (সেই মতামত আৰু টেনচন লৈ তাৰমানে হিমাই ফিনলেণ্ড, চেক ৰিপাবলিক, ইন্দোনেছিয়া ঘূৰি ফুৰিব লাগে!) নহ'লে সুধিব পাৰে -"ইমান দিন বাহিৰত থাকোতে হেঁপাহৰ অসমীয়া খাদ্যলৈ মনত পৰিছিল নে?" বা সুধিব -"বাহিৰত নিজকে অসমৰ বুলি চিনাকি দিওতে গৰ্ববোধ আহেনে? চেনেলৰ এনে অত্যাচাৰৰপৰা হিমাক বচাব লাগিব। 

৪) অসমত থাকে মানে অসমীয়াই ৰেহাই নিদিয়ে হিমাক। সম্বৰ্ধনা, গামোচা 'বৰ্ষণ'ৰ লগতে মেডেল চুই চাবলৈ অহাৰপৰা ফিনলেণ্ড বেছি ধুনীয়া নে ইন্দোনেছিয়া ধুনীয়া সুধিবলৈ অহাজনলৈ মাতষাৰ দিব লাগিব। ভি.আই.পি আৰু সংগঠনৰ লীডাৰসকল আছেই। সেই সকলোবোৰ বাতৰি ল'বলৈ 'পাৰ্মেনেণ্টলি' চেনেলৰ সাংবাদিক ২৪ × ৭ মজুত থাকিবই। এনে অত্যাচাৰবোৰৰপৰা হিমাক বচাব লাগিব। 

বিঃদ্ৰঃ - কোনোবা কাকতে হিমা কোটিপতি হ'ল বুলি লিখাৰ ঔদ্ধত্যও দেখুৱালে। গুপ্তধনেৰে, কলাধনেৰে নহয়, নিজৰ প্ৰতিভাৰে কোনোবাই কোটিপতি হওতেও কোনোবাই নিউজ আইটেম বিচাৰি পায়। 

বিঃদ্ৰঃ - কোনো মুখ্য সম্পাদকৰ সৈতে আমাৰ বন্ধুত্ব নাই। কাৰোবাৰ আছে যদি পঠিয়াই দিয়ক।

সম্পাদনাকক্ষৰ সংযোজনঃ অৰ্জুন বঁটা বিজয়ী অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাইয়ো আজি টিভিৰ পৰ্দাত হিমাক অসমলৈ নাহিবলৈ আৰু বাহিৰতে থাকি প্ৰস্তুতি চলাই যাবলৈ আহ্বান জনায়। অসমত কোনে কি বেজী দিব কোনো ঠিকনা নাই বুলি উদ্বেগ প্ৰকাশ কৰি সংগঠন, চেনেল আদিয়ে সম্বৰ্ধনাৰ জোৱাৰ তুলিব খেলুৱৈ গৰাকীৰ সময় নষ্ট কৰিব বুলি শংকা প্ৰকাশ কৰে বিশিষ্ট ক্ৰীড়াবিদ গৰাকীয়ে।

No comments:

Post a Comment