মনৰ কথাঃ ঈদ এতিয়াৰ, ঈদ তেতিয়াৰ:: ৰেহনা চুলতানা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মনৰ কথাঃ ঈদ এতিয়াৰ, ঈদ তেতিয়াৰ:: ৰেহনা চুলতানা

Share This
ঈদ - কাৰোবাৰ জীৱনত আনি দিয়ে আনন্দ। আকৌ আন কাৰোবাৰ জীৱনত কঢ়িয়াই আনে বিষাদৰ ছন্দ।

আমাৰ বাবে ঈদ মানে আনন্দ নে বিষাদ একো বুজি নাপাওঁ। মাথোঁ কিছুমান স্মৃতিয়ে মনটোত দোলা দিয়ে। সেই স্মৃতিৰ দোলাত উৰি মনটো কিছুসময়ৰ বাবে সতেজ হৈ উঠে।

সৰুতে ঈদ বুলি ক'লে এসপ্তাহৰ আগৰ পৰাই বজাৰ। নতুন কাপোৰ, নতুন জোতা, লিপষ্টিক, কাজল, চুলিত লগোৱা বেন, আলতা কত যে কি। কেইবাদিন আগৰ পৰাই বজাৰ কৰিয়ো ঈদৰ দিনাখনলৈয়ো বজাৰ শেষ নহয়। আৰু এতিয়া? ঈদ বুলি চোন একো কিনাই নহয়।

সৰুতে ঈদৰ জোন চোৱাৰ সমান আনন্দ ক'তোৱেই নাছিল। আবেলিৰ পৰাই গাঁৱৰ সকলো ল'ৰা ছোৱালী একেলগ হৈ পথাৰত গৌ গোট মাৰি থাকিছিলোঁ জোনটো চাবলৈ। অপেক্ষাৰ অন্তত যেতিয়া জোনটো সামান্য দেখা গৈছে ফূৰ্তিতে সকলোৱে একেলগে চিঞৰ-বাখৰ লগাইছোঁ আৰু জোনটো দেখাৰ লগে লগে চালাম জনাই লগে লগে মাক জোন উঠাৰ খবৰ দিবলৈ ঘৰলৈ দৌৰ দিছোঁ।
ঈদৰ আগদিনা আবেলিৰ পৰাই হাতত জেতুকা লগাব লাগিব সেই চিন্তা। গাঁৱত জেতুকা পাত বিচাৰি গৈছোঁ। ৰাতি সোনকালে ভাত খাই উঠি হাতত জেতুকা লগাই বহি থাকিছোঁ। যেতিয়ালৈকে হাতৰ জেতুকা শুকোৱা নাছিল বহিয়েই থাকিছোঁ। প্ৰতিযোগিতা চলিছে কাৰ হাতত কিমান বেছি ৰং লাগে এই লৈ। কেতিয়া ৰাতিটো পুৱাব কি যে চিন্তা তাৰ বাবে।
ৰাতিপুৱা পোহৰ নহওঁতে হাতে হাতে ঝাড়ু লৈ ৰাস্তালৈ ওলাই গৈছোঁ সাৰিবলৈ। ল'ৰাবোৰে লেম বা টৰ্চলাইট ধৰি ৰাখি আমাৰ ছোৱালীবোৰৰ পিছত থাকিছে, আমিবোৰে পথ সাৰি গৈছোঁ।

ঘৰত আহিয়েই গা পা ধুই নতুন কাপোৰ পিন্ধি প্ৰথমে ঘৰত চেৱাই খাই লৈছোঁ। মা-আব্বাক সেৱা কৰিছোঁ পইচাৰ লোভত। তাৰ পিছত আৰম্ভ হৈছে কোনে কিমান পইচা উঠাব পাৰে তাৰ প্ৰতিযোগিতাৰ। সম্পৰ্কীয় সকলোৰে ঘৰত গৈ উঠিছোঁ পইচা পোৱাৰ লোভত। খাবলৈ দিছে যদিও মনে মনে ভাবিছোঁ আগতে পইচাখিনি দিয়া হ'লেই ভাল আছিল। পইচা কেইটা হাতত লৈ কি যে ফুৰ্তি। কি কি যে কিনিছোঁ, খাইছোঁ তাৰ পাত্তা নাই।
সকলোৰে পৰা পইচা উঠোৱা পৰ্বৰ পিছত মাঠলৈ গৈছোঁ। বেলুন, পুতুলা, খেলনা সামগ্ৰী, হাতে হাতে লৈ ঘৰ পাইছোঁ। মুঠতে পৰম আনন্দৰ মাজেৰে ঈদৰ দিনটো পাৰ হৈছে। নাছিল কোনো কষ্ট, নাছিল কোনো অপূৰ্ণতা।
আজিকালি ঈদ বুলি ক'লে মনত সেই আনন্দৰ জোৱাৰ নাই। নাজানো সময় সলনি হ'ল নে পৰিৱৰ্তনৰ ধামমুখীয়াত আমিবোৰ সলনি হৈ গ'লোঁ। এনে লাগে আজিকালি ঈদৰ আনন্দ মাথোঁ নতুন পোছাক পিন্ধি চেল্ফি লোৱাতহে।
প্ৰায়ে ভাবো কিয় এনে হ'লোঁ? সেই সময় নাই নে পুৰণা সেই লগবোৰ নাই নে ডিজিটেলৰ প্ৰভাৱ?
বাৰু যিয়েই নহওক। ল'ৰালিৰ সেই ঈদৰ আনন্দ ঘূৰি আহক সকলোৰে জীৱনত। এই ঈদে সকলোৰে জীৱনত বিষাদৰ ছন্দ নহয়, আনন্দ কঢ়িয়াই আনক তাৰেই প্রার্থনাৰে সদৌটিলৈ ঈদৰ শুভেচ্ছা। উপৰৱালাই সকলোকে সুমতি দিয়ক। কোৰবাণীৰ মাংস অকল নিজে খাই বা খাই শেষ কৰিব নোৱাৰি পচাই পেলাই নিদি যিসকলৰ বাবে কোৰবাণী তেওঁলোকৰ মাজতো বিলাই দিয়ক, তেওঁলোককো খাবলৈ দিয়ক। সামৰ্থৱানসকলে মুক্ত হস্তে দান কৰক।ঈদৰ আনন্দ
ঈদ - কাৰোবাৰ জীৱনত আনি দিয়ে আনন্দ। আকৌ আন কাৰোবাৰ জীৱনত কঢ়িয়াই আনে বিষাদৰ ছন্দ।
আমাৰ বাবে ঈদ মানে আনন্দ নে বিষাদ একো বুজি নাপাওঁ। মাথোঁ কিছুমান স্মৃতিয়ে মনটোত দোলা দিয়ে। সেই স্মৃতিৰ দোলাত উৰি মনটো কিছুসময়ৰ বাবে সতেজ হৈ উঠে।

সৰুতে ঈদ বুলি ক'লে এসপ্তাহৰ আগৰ পৰাই বজাৰ। নতুন কাপোৰ, নতুন জোতা, লিপষ্টিক, কাজল, চুলিত লগোৱা বেন, আলতা কত যে কি। কেইবাদিন আগৰ পৰাই বজাৰ কৰিয়ো ঈদৰ দিনাখনলৈয়ো বজাৰ শেষ নহয়। আৰু এতিয়া? ঈদ বুলি চোন একো কিনাই নহয়।
সৰুতে ঈদৰ জোন চোৱাৰ সমান আনন্দ ক'তোৱেই নাছিল। আবেলিৰ পৰাই গাঁৱৰ সকলো ল'ৰা ছোৱালী একেলগ হৈ পথাৰত গৌ গোট মাৰি থাকিছিলোঁ জোনটো চাবলৈ। অপেক্ষাৰ অন্তত যেতিয়া জোনটো সামান্য দেখা গৈছে ফূৰ্তিতে সকলোৱে একেলগে চিঞৰ-বাখৰ লগাইছোঁ আৰু জোনটো দেখাৰ লগে লগে চালাম জনাই লগে লগে মাক জোন উঠাৰ খবৰ দিবলৈ ঘৰলৈ দৌৰ দিছোঁ।
ঈদৰ আগদিনা আবেলিৰ পৰাই হাতত জেতুকা লগাব লাগিব সেই চিন্তা। গাঁৱত জেতুকা পাত বিচাৰি গৈছোঁ। ৰাতি সোনকালে ভাত খাই উঠি হাতত জেতুকা লগাই বহি থাকিছোঁ। যেতিয়ালৈকে হাতৰ জেতুকা শুকোৱা নাছিল বহিয়েই থাকিছোঁ। প্ৰতিযোগিতা চলিছে কাৰ হাতত কিমান বেছি ৰং লাগে এই লৈ। কেতিয়া ৰাতিটো পুৱাব কি যে চিন্তা তাৰ বাবে।
ৰাতিপুৱা পোহৰ নহওঁতে হাতে হাতে ঝাড়ু লৈ ৰাস্তালৈ ওলাই গৈছোঁ সাৰিবলৈ। ল'ৰাবোৰে লেম বা টৰ্চলাইট ধৰি ৰাখি আমাৰ ছোৱালীবোৰৰ পিছত থাকিছে, আমিবোৰে পথ সাৰি গৈছোঁ।
ঘৰত আহিয়েই গা পা ধুই নতুন কাপোৰ পিন্ধি প্ৰথমে ঘৰত চেৱাই খাই লৈছোঁ। মা-আব্বাক সেৱা কৰিছোঁ পইচাৰ লোভত। তাৰ পিছত আৰম্ভ হৈছে কোনে কিমান পইচা উঠাব পাৰে তাৰ প্ৰতিযোগিতাৰ। সম্পৰ্কীয় সকলোৰে ঘৰত গৈ উঠিছোঁ পইচা পোৱাৰ লোভত। খাবলৈ দিছে যদিও মনে মনে ভাবিছোঁ আগতে পইচাখিনি দিয়া হ'লেই ভাল আছিল। পইচা কেইটা হাতত লৈ কি যে ফুৰ্তি। কি কি যে কিনিছোঁ, খাইছোঁ তাৰ পাত্তা নাই।
সকলোৰে পৰা পইচা উঠোৱা পৰ্বৰ পিছত মাঠলৈ গৈছোঁ। বেলুন, পুতুলা, খেলনা সামগ্ৰী, হাতে হাতে লৈ ঘৰ পাইছোঁ। মুঠতে পৰম আনন্দৰ মাজেৰে ঈদৰ দিনটো পাৰ হৈছে। নাছিল কোনো কষ্ট, নাছিল কোনো অপূৰ্ণতা।
আজিকালি ঈদ বুলি ক'লে মনত সেই আনন্দৰ জোৱাৰ নাই। নাজানো সময় সলনি হ'ল নে পৰিৱৰ্তনৰ ধামমুখীয়াত আমিবোৰ সলনি হৈ গ'লোঁ। এনে লাগে আজিকালি ঈদৰ আনন্দ মাথোঁ নতুন পোছাক পিন্ধি চেল্ফি লোৱাতহে।
প্ৰায়ে ভাবো কিয় এনে হ'লোঁ? সেই সময় নাই নে পুৰণা সেই লগবোৰ নাই নে ডিজিটেলৰ প্ৰভাৱ?
বাৰু যিয়েই নহওক। ল'ৰালিৰ সেই ঈদৰ আনন্দ ঘূৰি আহক সকলোৰে জীৱনত। এই ঈদে সকলোৰে জীৱনত বিষাদৰ ছন্দ নহয়, আনন্দ কঢ়িয়াই আনক তাৰেই প্রার্থনাৰে সদৌটিলৈ ঈদৰ শুভেচ্ছা। উপৰৱালাই সকলোকে সুমতি দিয়ক। কোৰবাণীৰ মাংস অকল নিজে খাই বা খাই শেষ কৰিব নোৱাৰি পচাই পেলাই নিদি যিসকলৰ বাবে কোৰবাণী তেওঁলোকৰ মাজতো বিলাই দিয়ক, তেওঁলোককো খাবলৈ দিয়ক। সামৰ্থৱানসকলে মুক্ত হস্তে দান কৰক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages