ইন্ধনহীন খাদ্যঃ অসমীয়া ‘বোকা চাউল’য়ে লাভ কৰিলে জি.আই টেগৰ স্বীকৃতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইন্ধনহীন খাদ্যঃ অসমীয়া ‘বোকা চাউল’য়ে লাভ কৰিলে জি.আই টেগৰ স্বীকৃতি

ইন্ধনহীন খাদ্যঃ অসমীয়া ‘বোকা চাউল’য়ে লাভ কৰিলে জি.আই টেগৰ স্বীকৃতি

Share This
অসম আৰু অসমীয়াৰ প্ৰাকৃতিক তথা পাৰম্পৰিক সম্পদৰ পৰিচয়বোৰক আধুনিক বিশ্বৰ পথাৰত মান্য যোগ্য স্বীকৃতি দিওৱাৰ ক্ষেত্ৰখনলৈ আহিছে এটি নতুন সুখবৰ। সেয়া হৈছে, এয়ে যে অসমীয়া ‘বোকা চাউল’(Mud Rice)য়ে ভাৰত চৰকাৰৰ ইণ্টেলেকচুৱেল প্ৰপাৰটিজ ইণ্ডিয়া (IPI)য়ে ভৌগোলিক পৰিচয়ৰ সূচক (Geographical Identification) ৰ স্বীকৃতি লাভ কৰাৰ সুখবৰ প্ৰকাশ কৰিছে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে। 

বোকা চাউল (বৈজ্ঞানিক নাম Oryza sativa) প্ৰকৃততে এক প্ৰকাৰৰ কোমল চাউল বুলিয়েই কব পাৰি। ইয়াৰ খেতি নলবাৰী, বৰপেটা, কামৰূপ, দৰং, বাক্সা আদি জিলাত বেছিকৈ কৰা হয়। নামনি অসমৰ কৃষক সকলৰ মাজত অতিশয় জনপ্ৰিয়  বোকা চাউলে ভৌগোলিক ভাবে 'অসমীয়াৰ প্ৰাকৃতিক সঁচ' ৰূপে চৰকাৰী স্বীকৃতি লাভ কৰাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি বিবেচিত হৈছে। কোমল চাউল (Soft rice), বৰা চাউল (Sticky rice)ৰ দৰেই একক পৰিচয়ৰ বোকা চাউলে ইয়াৰ দ্বাৰা বিশ্বৰ 'ৰেডিমেড জলপান'ৰ বজাৰতো নিজৰ খোপনি পুতিবলৈ সক্ষম হব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, হেমন্ত বৈশ্যৰ নেতৃত্বৰ সামাজিক সংগঠন ‘লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ’ (নলবাৰী) আৰু এটা সংস্থা সীমান্ত কলিতাৰ নেতৃত্বৰ চেণ্টাৰ ফৰ এনভাইৰেনমেণ্ট এডুকেচন(CEE), গুৱাহাটীয়ে ২০১৬ চনত বোকা চাউলৰ বাবে পৃথক জি.আই আৰু পেটেণ্টৰ বাবে আবেদন জনাইছিল। এই দুয়োটা সংস্থাই ২০১৪ চনৰ পৰা অসমৰ থলুৱা জাতৰ প্ৰায় ৩০,০০০ প্ৰকাৰৰ ধানৰ জাতৰ সংৰক্ষণৰ বাবে কাম কৰি আছে। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ-প্ৰযুক্তি বিভাগৰ এক অধ্যয়ন মতে বোকা চাউল অতি পুষ্টিকৰ, ইয়াত ১০.৭৩ শতাংশ ফাইবাৰ, ৬.৮ শতাংশ প্ৰটিন থাকে। কোমল চাউলৰ সৈতে ইয়াৰ পাৰ্থক্য আছে, কাৰণ কোমল চাউলত গৰম পানী দিব লগীয়া হয়, কিন্তু বোকা চাউলত ঠাণ্ডা পানী দি আধা ঘণ্টা ৰাখিলেই খাব পৰা হয়গৈ। সেয়ে ই শূণ্য ইন্ধনৰে খাদ্য উপযোগী হৈ উঠাৰ সক্ষমতা থকা খাদ্য আৰু সেয়ে কেন্দ্ৰীয় চৰকাৰে ইয়াক বাৰিষাৰ বানৰ সময়ত ৰিলিফৰ বাবেও ব্যৱহাৰ কৰিলেও সাধাৰণ মানুহৰ বাবে অতি সহায়ক হব বুলিও সংস্থাকেইটিয়ে দাবী কৰিছে। 

বোকা চাউলে লাভ কৰা জি.আই টেগৰ স্বীকৃতিৰ ফলত এতিয়া বিশ্বৰ কোনো দেশ বা সংস্থাই এই বিশেষ প্ৰকাৰ বা জাতৰ ধান বিধক ‘অসমৰ’ বাহিৰৰ বুলি দাবী কৰিব নোৱাৰিব। বিশ্বৰ বজাৰত ই মাৰ্কেট দখল কৰিলেও ইয়াৰ ভৌগোলিক পৰিচয় অসমৰ বিশেষ ধান ৰূপেই পৰিচিতি লাভ কৰিব।

No comments:

Post a Comment