মহীৰূহৰ লেখা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এন আৰ চিৰ আন্তর্জাতিকীকৰণ
ড° হীৰেন গোহাঁই

যােৱা জুন মাহৰ মাজমানৰ কথা। দিল্লীৰ পৰা এদল ডেকা সাংবাদিক মােৰ ঘৰলৈ আহিল ফোন কৰি। বহিবলৈ দিয়াৰ পিছতেই এগৰাকীয়ে মােলৈ গুলী মৰাদি প্রশ্ন এটা মাৰি পঠিয়ালে ? ‘বাৰু ছাৰ, কওকচোন এনআৰচিৰ ভেঁকোভাওনা পাতি মুশ্লিম সকলক কেনেকৈ জুলুম কৰা হৈছে? মােৰ ধৈৰ্য্যচ্যুতি ঘটিল। মই ক'লোঁ- ‘তােমালােকক কোনে ক'লে এন-আৰ-চি ভেঁকো-ভাওনা বুলি? তােমালােকে জানানে, অসমৰ সমূহ ৰাইজে কৰা দাবীৰ ফল এই এন-আৰ-চি ?” তেওঁলােকে নিতাল মাৰিলে, কিন্তু চকুৱে-মুখে অবিশ্বাসৰ চিন ফুটি উঠিল। মই তেতিয়া কুৰি শতিকাতে আৰম্ভ হােৱা প্ৰব্ৰজন সমস্যা লৈ অসমৰ সামাজিক ৰাজনৈতিক পৰিস্থিতি ক্রমে জটিল হৈ পৰা, সাম্প্রদায়িক ৰাজনীতি আৰু পাকিস্তান দাবীৰ প্ৰভাৱ, অসমত গ্রুপিং আৰু পাকিস্তান-বিৰােধী তুমুল আন্দোলন, অসম আন্দোলন আৰু অসম চুক্তিৰ কথা বিৱৰি কৈ এন-আৰ-চিৰ পটভূমি ব্যাখ্যা কৰিলোঁ। সকলােৱে ৰ-লাগি শুনিলে কেৱল এজনে নির্লিপ্তভাবে ভৰি নচুৱাই নচুৱাই বহি থাকিল। যি বুজা গ'ল এইবােৰ কথা তেওঁলােকে আগতে কাৰাে মুখত শুনা নাই। পূর্বনির্ধাৰিত এটা বিশ্বাস বা ধাৰণা লৈ আহি ইয়াত ‘fact-finding বা তথ্যানুসন্ধান কৰিছে। যাৰ সময়ত তেওঁলােকে কথাবােৰ জনােৱা বাবে মােক নথৈ ধন্যবাদ দি গ'ল।

কিন্তু তেওঁলােকে আৰু কাক-কাক লগ ধৰিলে নাজানো। শুনিবলৈ পাইছোঁ fact-finding team বা চৰজমীন তদন্তকাৰী দলৰ প্রতিবেদন প্রকাশ পাইছে। তাতাে এন-আৰ-চিৰ বিৰুদ্ধেই সংশয় প্রকাশ কৰা হৈছে। যদিও মােৰ বক্তব্যৰ অলপমান হেনাে পৰিশিষ্টত দিয়া হৈছে। এতিয়া। এই দলটোক অসমলৈ পঠোৱা লােকসকল কোনাে ষড়যন্ত্রকাৰী তথা অসমবিৰােধী ব্যক্তি নহয়। কিন্তু সন্দেহ হয় যে তেওঁলােকক ইতিপূর্বে কিছুমান ন্যক্ত স্বার্থজড়িত, মানুহে বাৰুকৈয়ে প্রভাৱিত কৰিছে, আৰু ফলত সমস্ত এন-আৰ-চি প্রস্তুতিৰ প্রক্রিয়াটোকে মাৰাত্মক মুশ্লিমবিৰােধী বা জাতিবিদ্বেষী অভিযান বুলি তেওঁলোেক পতিয়ন গৈছে। তেওঁলােকে পঠোৱা দলটোৱেও আহি সেই পূর্বনির্ধাৰিত সিদ্ধান্তৰ অনুকূলেহে ‘fact’ বা ‘তথ্য’ বিচাৰিছে আৰু বিচাৰি পাইছে। (যিসকল অপেক্ষাকৃত বয়স্ক লােকো এওঁলােকৰ লগত অসমলৈ অহা বুলি প্রকাশ, তেওঁলােকে আমাক লগ ধৰিলে।) ইতিমধ্যে আমেৰিকাৰ নিউয়র্ক চহৰত ঘাঁটি পুতি AWAZ নামৰ ইণ্টাৰনেটৰ জৰীয়তে গঠিত এক সংস্থাই (Web Portal) ইয়াকে লৈ বিশ্বজুৰি অসমত ৰহিংগিয়াৰ ওপৰত হােৱাৰ নিচিনা এক মুশ্লিম বিৰোধী  আক্ৰমণৰ যাে-জা চলা বুলি তুমুল প্রচাৰ চলাইছে। তাৰ মূল বক্তব্য হৈছে এয়ে যে অসমত ৭০ লাখ মুশ্লিমৰ নাগৰিকত্ব বিলােপ কৰি তেওঁলােকক ৰাষ্ট্রহীন’ (stateless) কৰাৰ আয়ােজন চলিছে। তদুপৰি তেনে লােকসকল গণহত্যাৰ বলি হ'ব বুলিও কোৱা হৈছে। ভাৰতৰ কেইগৰাকীমান জনাজাত মানৱ-অধিকাৰ কর্মীও তাত জড়িত হৈছে। একপক্ষীয়, আংশিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি চলােৱা এই অতি ক্ষতিকৰ প্ৰচাৰে হেনাে চাৰে সাত লাখ লােক সমর্থন পাইছে। তাৰ এক পৰিণাম হৈছে অসমত মুশ্লিমসকলৰ মানৱ-অধিকাৰ লােপ কৰা হৈছে বুলি ৰাষ্ট্ৰসংঘলৈ AWAZ-এ যুগুতােৱা আবেদন, আৰু ফলস্বৰূপে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগৰ নিৰীক্ষক (rapporteur) চাৰিগৰাকীয়ে ভাৰতৰ গৃহমন্ত্ৰীলৈ পঠিওৱা জাননী তথা অভিযােগসমূহ। ভাৰতৰ মানৱ-অধিকাৰ কর্মীকেইজন বিভ্রান্ত হােৱাৰ কাৰণ বােধহয় এয়ে যে বিজেপিৰ প্ৰশ্ৰয়ত আৰু আৰ-এছএছৰ সক্রিয় অভিযানৰ ফলত ভাৰতৰ নানা ঠাইত এচাম উগ্র হিন্দুত্ববাদীয়ে নিৰীহ মুশ্লিমৰ ওপৰত নিপীড়ন-নিধনৰ কাৰ্যসূচী ৰূপায়ণ কৰা কথাটো সঁচা। অসমত এনআৰচিৰ প্রণয়ন তেনে এক কাণ্ড বুলি তেওঁলােক সেয়ে সহজে পতিয়ন গৈছে। এন-আৰ-চিৰ নামত কৰবাত হিন্দুত্ববাদীয়ে অসমত এনে ঘটনা ঘটাবও পাৰে। কিন্তু সমগ্র এন-আৰ-চি প্রণয়নৰ প্ৰক্ৰিয়াটোকে মুশ্লিম নির্যাতনৰ ষড়যন্ত্র বােলাটো অতি আপত্তিজনক আৰু গৰিহণযােগ্য। ইয়াৰ ফল কিন্তু অসমত মাৰাত্মক তীব্র ধর্মীয় মেবিভাজনাে হ'ব পাৰে। কথাটো মই স্পষ্টভাৱে তেওঁলােকৰ এগৰাকীক জনাই দিছো।

এই কথা ঠিক যে অসমত কিছুমান ঠাইৰ মুশ্লিম মানুহ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। কিন্তু হাৰাশাক্তিৰ পৰা হিন্দুও হাত সাৰি যােৱা নাই, আৰু আনকি কোনাে-কোনাে নিভাঁজ থলুৱা অসমীয়ায়াে তাৰ পৰা পৰিত্ৰাণ পােৱা নাই। এইবােৰ জুলুম সদায় ইচ্ছাকৃত নহয়। দেশ-বিভাজনৰ পিছৰে পৰা শিথিল হৈ থকা নাগৰিকত্বৰ ব্যৱস্থাৰ ফলত আজি বিষয়টো নিতান্ত আমােলাতান্ত্রিক পদ্ধতিৰে খৰধৰকৈ সমাধান কৰিব খােজাও হঠকাৰিতা। দলিলত নিজৰ তথা বংশপৰিয়ালৰ নামৰ ভুল-চুক, ঠিকনাৰ অনিবাৰ্য্য সাল-সলনি আদি কথা বিশুদ্ধ আমােলাতান্ত্রিক আৰু কঠোৰ দৃষ্টিভংগীৰে চোৱাৰ ফলতাে এনে ঘটনা ঘটিছে। এইটোও সঁচা যে উচ্চতম ন্যায়ালয়ে প্রক্রিয়াটো নিজৰ নিৰীক্ষণলৈ (monitoring) অনাৰ পিছত বেছ সুস্থিৰ আৰু প্রণালিবদ্ধভাবেই কামটো আগবাঢ়িছিল। কিন্তু বিজেপি চৰকাৰৰ নাগৰিকত্ব সম্পর্কে থকা সাম্প্রদায়িক পক্ষপাতিত্বৰ ফলত তাৰ জেঙা যােৱা দুবছৰে বহুত বাঢ়িছে, আৰু মুশ্লিমসকলৰ ওপৰত হেঁচাও বাঢ়িছে।

২০১৬ চনত সংসদত উত্থাপন কৰা নাগৰিকত্ব আইন সংশােধনী বিধেয়কখনে কাৰ্যতঃ লাখ-লাখ বাংলাদেশী হিন্দুক নাগৰিকত্ব দিয়াৰ প্রস্তাৱ কৰাত ভাৰতৰ ধৰ্মনিৰপেক্ষ গণতন্ত্রবাদী সকলেতাে আপত্তি কৰিছেই, অসমৰ ৰাইজৰ বিভিন্ন অংশৰ পৰা সি প্রবল প্রতিৰােধৰ সন্মুখীন হৈছে। গ্রীষ্মকালীন অধিৱেশনত বিধেয়কখন উত্থাপিত নহ'লেও বৈদেশিক দপ্তৰৰ মন্ত্রী সুষমা স্বৰাজে সংসদত বিধেয়কখনৰ সপক্ষে বিতং ওকালতি কৰিছে। (তেওঁ এপিনে কৈছে যে বাংলাদেশ চৰকাৰে হিন্দুৰ ওপৰত নিপীড়ন বন্ধ কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিছে, আনপিনে এইটোও কৈছে যে বাংলাদেশ হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়া উচিত। কাৰ্যকাৰণ সম্পর্ক পৰিষ্কাৰ নহ'ল।) ই এনআৰচিৰ ওপৰত এক পৰােক্ষ আক্রমণ।

অসমত বিজেপি চৰকাৰ প্রতিষ্ঠিত হােৱাৰ পিছৰ পৰা এনআৰ-চিৰ প্ৰস্তুতিত কিবা নহয় কিবা আহুকাল লাগি আছে, লগাইছে চৰকাৰেই। প্রথমতে বহু সংখ্যক বিষয়াক ৰাজ্য চৰকাৰৰ কাম আছে বুলি ডেপুটেশ্বনৰ পৰা আঁতৰাই নিলে, কিন্তু নানা ক্ষেত্ৰত চৰকাৰৰ কর্ম-তৎপৰতা তাৰ পিছত মুঠেই বৃদ্ধি পােৱা দেখা নগ'ল। তাৰ পিছত এন-আৰ-চিৰ নামত ধার্য্য ধন মুকলি কৰিবলৈ কেন্দ্রই বিস্তৰ কেৰােঘেঁহাে লগালে, যি বাবে উচ্চতম ন্যায়ালয়েও কঠোৰ মন্তব্য কৰিলে। এন-আৰ-চিৰ কামত ৰাজ্য চৰকাৰৰ পিনৰ পৰা নিয়ােজিত কেবিনেট উপসমিতিয়েও বাংলাদেশী হিন্দুক নাগৰিকত্ব দিয়াৰ পৰামর্শ দিলে কেন্দ্ৰই পাৰপত্র আইন, বিদেশী আইন ১৯৪৬, আদিত সংযােজন কৰা নতুন বিধি-নিয়মৰ আলমত। এইবাৰাে উচ্চতম ন্যায়ালয়ৰ ধমক খালে। এইবাৰ চৰকাৰেই ক'বলৈ ধৰিলে যে খচড়া প্রকাশ হ'বৰ সময়ত ভীষণ গণ্ডগােল’ লাগিব পাৰে। প্ৰথমখন খচৰা প্ৰকাশ পাবৰ সময়ত স্বয়ং এন-আৰ-চিৰ সমন্বয়কজনে ব্যাপক অশান্তিৰ আশংকা প্রকাশ কৰিলে। চৰকাৰ আৰু এখােপচৰা। প্রায় যুদ্ধসদৃশ প্রস্তুতি চলালে। কিন্তু বহু সংখ্যক লােকৰনাম প্রথম খচৰাৰ পৰা বাদ পৰাৰ পিছতাে সংখ্যালঘু অঞ্চলবােৰ শান্তিপূর্ণ হৈয়ে থাকিল। ৰাইজে ধৈৰ্য্য ধৰি শুধৰণিৰ বাবে অপেক্ষা কৰিলে। অশান্তি হলে যে কাৰাে লাভ নহ'ব, ধাণ্ডাবাজ মহলবােৰৰহে সুবিধা হ’ব, আটায়ে বুজিলে। সংখ্যালঘু ৰাইজ তাৰ বাবে অভিনন্দনৰ পাত্র।

চূড়ান্ত খচৰা প্ৰকাশৰ পূর্বেও ঠিক একে ধৰণৰ অশান্তি সৃষ্টিৰ চেষ্টা চলিছে। চৰকাৰে ৮৫টা চি আৰ পিৰ কোম্পানি আনিয়েই সন্তুষ্ট হােৱা নাই, আৰু ১৫০টা অনােৱাৰ ব্যৱস্থা কৰিছে আৰু বাতৰি কাকতত ৰজনজনাই সেই বাতৰি দিছে। কাকতালীয়ভাবে সীমান্ত-আৰক্ষীয়েও ধুমধাম ‘সন্দেহজনক’ নাগৰিকক বিদেশী ন্যায়াধিকৰণলৈ চালান দিছে, আৰু তৎপৰতাৰে বিদেশী নধৰা বাবে ন্যায়াধিকৰণে উচ্চ ন্যায়ালয়ৰ ধমক খাইছে। একে সময়তে নির্বাচনী আয়ােগেও ক্ষীপ্ৰতাৰে ডি-ভােটাৰৰ তালিকা পঠাই আছে আৰু ডি-ভােটাৰসকলক ডিটেনশ্বন চেণ্টাৰ (অথবা জেললৈ) লৈ পঠোৱা হৈছে। ডি-ভােটাৰক কিয় এনেদৰে আবদ্ধ কৰিব, তাৰ আইনীযুক্তি দুর্বল। চাৰিওপিনৰ পৰা একে সময়তে এনে চাপৰ সন্মুখীন হােৱা বাবে স্বাভাৱিকতে সংখ্যালঘু ৰাইজ তীব্র উদ্বেগত ভুগিছে।

এই কথা মই বুজিব পৰা নাই যে, যথেষ্ট কঠোৰ আৰু নিচ্ছিদ্র পৰীক্ষা-ব্যৱস্থাৰে এন-আৰ-চিত নাম অন্তর্ভুক্ত কৰা হয়। এনেস্থলত তেনে এজন ব্যক্তি কেনেকৈ বিদেশীন্যায়াধিকৰণত বিদেশী সাব্যস্ত হ'ব পাৰে? বা বিদেশী ন্যায়াধিকৰণে প্রকৃত নাগৰিক বুলি ৰায় দিয়া এজন ব্যক্তি কেনেকৈ এন-আৰ-চিত নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব? এইবােৰ খেলিমেলি শীঘ্ৰে দূৰ কৰা ৰাষ্ট্ৰৰ দায়িত্ব নহয়নে? আৰু এই সময়তে চৌদিশে ৰৱ উঠিছে, ‘হাঁহাকাৰ হ’ব’, ৰক্তপাত হ'ব, নিৰমেধ হ’ব!’ নাগৰিকপঞ্জীৰ পৰা মানুহ বাদ পৰিলেই নৰমেধ হ’ব, এনে উগ্র প্রচাৰ কোনে, কি উদ্দেশ্যৰে কৰি আছে?

এইটো ভাবিবলগীয়া কথা যে এক বিশেষ ৰাজনৈতিক শিবিৰৰ পৰা আতংক বিয়পােৱাৰ যৎপৰােনাস্তি চেষ্টাৰ সমান্তৰালভাবে আন্তর্জাতিক মঞ্চতাে মুশ্লিম নিপীড়ন’বা মুশ্লিম নিধন’ৰ প্ৰচাৰ তুংগত উঠিছে। ভাৰতৰ কিছু মানৱ-অধিকাৰ কৰ্মীয়ে একো নজনাকৈ তাৰ সহযােগী হৈছে। অর্থাৎ হিন্দুত্বশিবিৰ আৰু মুশ্লিম ৰক্ষাৰ আৱাজ দিয়া শক্তিৰ চেষ্টা এটা বিন্দুত গৈ মিলিছে। কোনাে বিশ্বব্যাপী অপশক্তিৰ খেল নেকি এইটো?

তেওঁলােকে ভাবিয়েই চোৱা নাই কিয় লাখ-লাখ মুশ্লিম মানুহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক নেওচা নিদি, তাৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা নকৰি তাত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ বিধিমতে আবেদন জমা দিছে আৰু প্রয়ােজনীয় দলিল দাখিল কৰিছে। কাৰণ এন-আৰ-চিয়েই তেওঁলােকক স্থায়ী নিৰাপত্তা দিব বুলি তেওঁলােকেও ভৰসা কৰিছিল। কিবা ভুল হলে অপৰিসীম ধৈৰ্য্যৰ শুধৰণিৰ চেষ্টা কৰিছে। তথাপি এন-আৰ-চিৰ কৰ্তৃপক্ষই যান্ত্রিকভাৱে কাম কৰি তেওঁলােকক কিছু নিৰুৎসাহ কৰিছে।

ধিং কলেজৰ প্রাক্তন অধ্যক্ষ ড° ৰিয়াজুদ্দিন আহমেদ মােৰ পুৰণি চিনাকি। সত্তৰ দশকৰ আৰম্ভণিতে তেওঁ মােৰ তত্ত্বাৱধানত পি এইচ ডিৰ বাবে গৱেষণা আৰম্ভ কৰিছিল। তেওঁ তেতিয়া বিবাহিত। অর্থাৎ আন প্রমাণ কিবা থাকক বা নাথাকক তেওঁৰ পত্নীৰ পৰিয়াল যে ১৯৭১ৰ পূৰ্বৰ মানুহ, কোনাে সন্দেহনাই। তেওঁৰ পত্নী মনােৱাৰা বেগমক বিদেশী ন্যায়াধিকৰণৰ (FT) পৰা হাজিৰ হ’বলৈ কেইবাবাৰাে জাননী দিয়াত তেওঁ যথাসময়ত ন্যায়াধিকৰণৰ আদালতত উপস্থিত হৈছিল। প্রতিবাৰেই ন্যায়াধিকৰণৰ সদস্য অনুপস্থিত থকাত তেওঁৰ গােচৰ অমীমাংসিত হৈ ৰয়। ইতিমধ্যে তেওঁ কৰ্কট ৰােগত আক্ৰান্ত হৈছে আৰু চিকিৎসাধীন হৈছে অসমৰ বাহিৰত। এতিয়া যদি তেওঁৰ অনুপস্থিতিত তেওঁৰ বিপক্ষে ন্যায়াধিকৰণে Ex parte ৰায় দি তেওঁক ডি-ভােটাৰৰ শাৰীত পেলাই দিয়ে, কোনাে সংগত কাৰণ নােহােৱাকৈ নিতান্ত অন্যায়ভাৱে তেওঁক ডিটেনশন কেম্পলৈ পঠিয়াই দিয়া হ'ব পাৰে। ই এক অতি নির্মম ঘটনা। এনে ধৰণৰঘটনা আৰু বহুত ঘটিছে। কিন্তু এইবােৰৰ প্ৰধান কাৰণ নাগৰিকত্বৰ বিষয়টো অতি অমানুষিক যান্ত্রিক ভাবে, আমােলাতান্ত্রিক ভাবে বিবেচনা কৰা। আমি নাগৰিকত্ব আইন সংশােধন-বিৰােধী মঞ্চ’ৰ পৰা আৰু যুটিয়াভাবে বান-গণতান্ত্রিক ঐক্য মঞ্চ'ৰ সৈতে, এই ধৰণৰ কাৰ্যপন্থাৰ তীব্র প্রতিবাদ কৰিছোঁ, আৰু এন-আৰ-চিৰ সমন্বয়ক গৰাকীকো সাক্ষাৎ কৰিছোঁ। সংবাদ মাধ্যমত আমাৰ বক্তব্য প্রকাশ পাইছে।

কিন্তু যদিও হিন্দুত্ববাদী শিবিৰে সমগ্ৰ প্ৰক্ৰিয়াটো ধর্মীয় পক্ষপাতেৰে পৰিচালিত হােৱাটো বিচাৰে, নাগৰিকত্ব প্রয়াসী তথা নাগৰিকত্বৰ দাবীদাৰ ৰাইজে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্রক্রিয়াটো ন্যায়সংগতভাবে চলিব বুলি আশা কৰি আছে, ভুল সংশােধনৰ সুযােগ পাব বুলি ভৰসা কৰি আছে। কেৱল এই সময়তে সীমান্ত আৰক্ষী (Border Police) চৰকাৰৰ হেঁচাত অতিশয় তৎপৰ হৈ পৰি প্রক্রিয়াটোৰ ৰূপায়ণ ধোঁৱাকোৱা কৰি পেলাইছে বুলি ভাব হয়। সি যি নহওক, এনআৰচিৰ উদ্দেশ্য মুশ্লিম-নিপীড়ন নহয়, বা বর্তমান অতি সক্রিয় হৈ পৰা এটা বিশেষ মহলে প্রচাৰ কাৰ দৰে বঙালী নিপীড়নাে নহয়। ইয়াৰ উদ্দেশ্য অসমৰ থলুৱা জাতি-জনজাতিৰ অস্তিত্ব ৰক্ষাৰ আধাৰ হিচাবে নাগৰিকত্ব সবল ভিত্তিত স্থাপন কৰা। তাৰ ত্রুটি-বিচ্যুতিৰ সংশােধন হ’ব লাগে, আইন প্রয়ােগত মানৱতাৰ দৃষ্টিকোণাে থাকিব লাগে। কিন্তু এনআৰ-চি প্রস্তুতিত বিধি-পথালি দিয়াত অসমৰ কোনাে শুভবুদ্ধিসম্পন্ন লােকৰ সমর্থন নাই।

সুখৰ কথা যে অসমৰ হিন্দু-মুছলমান নির্বিশেষে নাগৰিকত্বৰ বৈধ অহর্তা থকা সৰহসংখ্যক লােকেই বাহিৰৰ এইবােৰ স্বার্থান্বেষী বা বিপথে পৰিচালিত মহলৰ প্ৰচাৰত বিশেষ সঁহাৰি দিয়া নাই। মই অভিবাসী মুশ্লিমৰ আৰু হিন্দুৰ বহু সংগঠনৰ লগত কথা হৈছে। তেওঁলােকে কৈছে যে উক্ত প্রচাৰৰ কথা তেওঁলােকে খবৰ কাগজৰ জৰিয়তে জানিব পাৰিছে, কিন্তু এন-আৰ-চিৰ বিৰুদ্ধে তেওঁলােকে কোনাে অভিযানত যােগ দিয়া নাই। অসমৰ এমুঠি মুশ্লিম আৰু বঙালী হিন্দু ইয়াত জড়িত হ'ব পাৰে। প্রতিবাদ কৰাৰ অধিকাৰ তেওঁলােকৰ আছে। কিন্তু এন-আৰ-চি প্রণয়ণ বানচাল কৰাৰ কোনাে অধিকাৰ তেওঁলােকৰ নাই। ধর্মীয় আৰু ভাষিক সংখ্যালঘুৱে অসমত অভিসন্ধিমূলক মহলৰ প্ৰচাৰে সৃষ্টি কৰা মােহৰ পৰা নিজকে মুক্ত কৰি ৰাখিব লাগিব। তেওঁলােকে যেন পাহৰি নাযায় যে পুলিচ-চি আৰ পিৰ বেহুত নিৰাপত্তা বিচৰা এক আত্ম-প্ৰতাৰণা। তেওঁলােকৰ নিৰাপত্তা তথা শান্তিপূর্ণ স্বাভাৱিক জীৱনৰ প্রকৃত ভসা আছে প্রধানকৈ থলুৱা জনগণৰ আস্থা আৰু বিশ্বাসতহে। ঐতিহাসিক কাৰণ তথা সাম্রাজ্যবাদী চক্রান্তত দুয়াে পক্ষৰ মাজত ব্যৱধান গঢ় লৈছে। এই ব্যৱধান দূৰ কৰাৰ বাবে এন-আৰ-চি এক সার্থক পদক্ষেপ। হিন্দু আৰু মুশ্লিম সাম্প্রদায়িকতাই এন-আৰ-চিক পথভ্রষ্ট কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে আৰু কৰিব, তাত বিভ্রান্ত হলেই অসমত পুনৰ অবিশ্বাস, অশান্তি, সংঘাতৰ পৰিবেশ সৃষ্টি হ’ব, যি চিৰকাল আমাক বিপর্যস্ত কৰি ৰাখিব। বিলাতৰ সুপ্রতিষ্ঠিত আলােচনী Economistত পাঁচ জুলাই সংখ্যাত লেখকৰ নাম গােপনে ৰাখি সমস্ত ঘটনাৱলীৰ এক মাৰাত্মক পক্ষপাতগ্রস্ত আৰু ক্ষতিকৰ ব্যাখ্যা এক প্রধান প্রতিবেদন’ত (Lead story) দাঙি ধৰা হৈছে। তাত লেখকে কৈছে, “Assam's pursuit of slow, democratic, and legally sanctioned ethnic cleansing is also causing friction with the central goverment, Not because the two disagree in priciple. The same party rules both state and centre. The trouble is that the government in Delhi is backing another law, which specifically states that India will hencefaith accept refugees from neighbouring countries only if they are Hindu, Sikh, Buddhist or Christian..., Yet, instead of attractive applause from assamese chauvim ists the law raises red flag because thousands more Hindu refugees from Bangladesh might invade their state." (ধীৰে-সুস্থে, আইনসন্মত বৈধতাৰে, গণতান্ত্রিকভাবে অসমে অনুসৰণ কৰা জনগােষ্ঠীয় চাফাই কাৰ্য্যই কেন্দ্ৰৰ লগতাে সংঘাতৰ জন্ম দিছে। এই কাৰণে নহয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত নীতিগত পার্থক্য আছে। দুয়ােটা চৰকাৰ এটা দলে চলাইছে। আহুকাল এইখিনিতে যে কেন্দ্রই আন এখন আইনৰ পােষকতা কৰিছে যি চুবুৰীয়া দেশবােৰৰ পৰা নির্দিষ্টভাৱে হিন্দু, বৌদ্ধ, শিখ বা খ্রীষ্টান শৰণাৰ্থীকহে গ্ৰহণ কৰিব।... কিন্তু অসমীয়া উগ্রজাতীয়তাবাদীবিলাকৰ প্রশংসাৰ ঠাইত সেইখন আইনে ক্ষোভহে সঞ্চাৰ কৰিছে, কিয়নাে আৰু বহু হেজাৰ হিন্দু শৰণাৰ্থীয়ে বাংলাদেশৰ পৰা সিবিলাকৰ ৰাজ্য আগ্রাসন কৰিব।)।

এই অনুচ্ছেদটোৰ ভাষা আৰু সাৰমৰ্ম টলকি চাওক। এন-আৰ-চি প্রণয়ন যে হিন্দু, মুছলমান, থলুৱা, অভিবাসী নির্বিশেষে অসমৰ সকলাে লােকে শান্তিসম্প্রীতিৰ এক মজবুত আধাৰ হিচাপে বিচাৰিছিল তাৰ কোনাে উল্লেখ নাই। কোৱা হৈছে যে ৰাজ্যইহে এই প্রক্রিয়া চলাই আছে, তাত যে কেন্দ্ৰৰাে স্পষ্ট ভূমিকা আছে, ভাৰতৰ মহাপঞ্জীয়কো (Registrar General of India) প্রক্রিয়াটোত জড়িত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত যে প্রক্রিয়াটো চলি আছে, তাৰ বিন্দুমাত্র উল্লেখাে তাত নাই। অতি তির্যক শ্লেষাত্মক ভাষাত তাক গণতান্ত্রিক, আইনী আৱৰণ থকা গােষ্ঠীগত নির্মূলকৰণৰ ৰূপ দিয়া হৈছে। কেন্দ্ৰৰ নাগৰিকত্ব আইন সংশােধনী বিধেয়কৰ বিৰােধিতা কৰা সকলােকে তাত ‘উগ্রজাতীয়তাবাদী’ চাবমােহৰ মাৰি দিয়া হৈছে। | এই প্রতিবেদনখনৰ অনামা লেখকে এনেকৈও লিখিছে যে অসমৰ সংখ্যাগৰিষ্ঠ অসমীয়া সকলে তেওঁলােকৰ জাতীয় অস্তিত্ব জংঘলী জনজাতিৰ দ্বাৰাও’ (by Junglee Tribes) আক্রান্ত হােৱা বুলি অভিযােগ কৰিছে। ই যে এক ভিত্তিহীন, ৰুচিহীন অসমীয়া-বিৰােধী কটুক্তি সন্দেহ নাই। উক্ত আলােচনীৰ সম্পাদকীয় দৃষ্টিকোণাে নিশ্চয় সন্দেহজনক। আমাৰ মনত কোনাে সন্দেহ নাই যে এইধৰণৰ ভাষাৰ প্রয়ােগে প্রমাণ কৰে, এই নিবন্ধ প্রকৃততে কোনাে প্রতিবেদন নহয়, বৰং এক পক্ষপাতগ্রস্ত প্রচাৰহে। তদুপৰি ইয়াৰ অন্তৰালত অদৃশ্য সাম্রাজ্যবাদী অপশক্তিৰ হাত থকা খুবেই সম্ভৱ। কিন্তু স্বাধীনতাৰ পূর্বে ‘গ্রুপিং’ আৰু পাকিস্তান প্রস্তাৱৰ বিৰুদ্ধে যেনেকৈ ধর্ম, ভাষা নির্বিশেষে সকলাে শুভবুদ্ধি সম্পন্ন অসমীয়া ঐক্যবদ্ধ হৈ দুয়ােটাকে প্রতিহত কৰিছিল। তেনেকৈ আজিও সকলাে শুভবুদ্ধি সম্পন্ন অসমবাসী মিলি এই চক্রান্ত প্রতিহত কৰিব। উক্ত দুই আন্দোলনৰ সময়ত অসমৰ জনগণে ঔপনিবেশিক শক্তি আৰু সাম্প্রদায়িক মহলৰ যৌথ ষড়যন্ত্র আৰু সৰ্বভাৰতীয় নেতৃত্বৰ শিথিলতা তথা অৱহেলাৰ বিৰুদ্ধে প্রবল গণতান্ত্রিক আৰু অহিংস গণপ্রতিৰােধেৰে সাফল্য অর্জন কৰিছিল। আজিও কৰিব লাগিব।

সংযােজনঃ এন-আৰ-চিৰ চুড়ান্ত খছৰা প্ৰকাশৰ পিছত বাদ পৰা সকলে নিজৰ নাগৰিকত্বৰ দাবীসাব্যস্ত কৰিবলৈ যথেষ্টসুযােগ পাব বুলি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে। কিন্তু এনেদৰে বাদ পৰা লােকৰ সংখ্যা বহু লাখ হলে এমাহ সময় সংশােধনৰ বাবে যথেষ্ট নহ'ব। অন্ততঃ তিনিমাহ মান সময় দিয়া উচিত।

(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু লেখকৰ মৌখিক অনুমতি ক্ৰমে সুখ-দুখত ইউনিকোডীয় সংস্কৰণ প্ৰকাশ তথা সংৰক্ষণ কৰা হৈছে।) 
লেখকৰ সুখ-দুখত প্ৰকাশিত সকলো লেখা একত্ৰে পঢ়িবলৈ ক্লিক কৰকঃ http://www.xukhdukh.com/search/label/DR-HIREN-GOHAIN

No comments:

Post a Comment