মহীৰূহৰ লেখা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
এনআৰচিৰ প্ৰকাশৰ প্ৰাকমুহূৰ্তত
 কেন্দ্রীয় গৃহমন্ত্ৰীৰ আশ্বাস
ড° হীৰেন গোহাঁই
এনআৰচিৰ নামত হােৱা আমােলাতান্ত্রিক আতিশয্যৰ কথা ইতিমধ্যে ভাৰতজুৰি প্ৰচাৰ হৈছে। নাগৰিকত্ব আইন সংশােধন-বিৰােধী মঞ্চই প্রথমে তাক লৈ প্রতিবাদ জনাইছিল। মুশ্লিম নিপীড়ন বা বঙালী-নিপীড়নতকৈ এন-আৰ-চিৰ প্রস্তুতিত কেতবােৰ অমানুষিক আইন-সর্বস্ব ব্যৱস্থাই ঘােৰ অন্যায় কৰিছিল। ভাৰতৰ সাধাৰণ মানুহে নাগৰিকত্ব আদি আধুনিক ৰাষ্ট্ৰৰ কেতবােৰ নীতি-নিয়মৰ খুটি-নাটি নুবুজে। চৰকাৰৰ কামকাজো নির্ভুল নহয়। এনে পৰিস্থিতিত যান্ত্রিক আইন-সর্বস্ব মনােভাবেৰে নাগৰিকপঞ্জী প্রণয়ন কৰিবলৈ গ'লে বহুত অন্যায় হব। শেহতীয়াকৈ তাৰ বলি হৈছে কিছুসংখ্যক নিভাঁজ থলুৱা মানুহ, পুৰুষে-পুৰুষে যিসকল শ-শ বছৰ ধৰি অসমৰ বাসিন্দা হৈ আছে। এই পৰিস্থিতিয়ে কেন্দ্রীয় গৃহমন্ত্রীকো ৰাজ্য চৰকাৰক কেতবােৰ নির্দেশনা দিবলৈ বাধ্য কৰিলে। তেওঁ ৰাইজকো আশ্বাস দিছে যে এনআৰ-চিত নাম নাথাকিলেই বিদেশী ন্যায়াধিকৰণ বা ডিটেনছন চেণ্টাৰলৈ পঠোৱা নহয়। তদুপৰি সৰ্বসাধাৰণ ৰাইজক সহায় কৰিবলৈ বিনামূলীয়া ফোন-সেৱা, ৱেবছাইট, অনলাইন পৰামর্শদাতাৰ ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অজগৰৰ গা লৰিছে যেতিয়া ভালেই হৈছে। এন-আৰ-চি হয়তাে সাম্প্রতিক ভাৰতৰে এটা অতি উল্লেখযােগ্য পদক্ষেপ হব। কিন্তু নিশ্চিন্ত হবলৈ আমি কেইটামান কথা জানিবলৈ বিচাৰোঁ। সীমান্ত আৰক্ষী সম্প্রতি অতিশয় সক্রিয় হৈ জধে-মধে মানুহৰ নাম। বিদেশী ন্যায়াধিকৰণলৈ পঠোৱাৰ অভিযােগ উঠিছে। এনেয়ে এনআৰ-চিত নাম তােলাৰ উৎকণ্ঠা, তাতে যদি আকৌ বিদেশী ন্যায়াধিকৰণৰ একপক্ষীয় ex parte ৰায়ৰ খুন্দা আহে, মানুহ লেবেজান হবই। সেয়ে সীমান্ত আৰক্ষীক কিছু সংযত হবলৈকো নির্দেশ দিয়াটো ভাল হব। নহ'লে কেন্দ্রীয় গৃহমন্ত্ৰীৰ আশ্বাস পতানত পৰিণত হব। দ্বিতীয়তে বিনামূলীয়া ফোন-সেৱা, ৱেবছাইট, অনলাইন পৰামৰ্শই হয়তাে ৰাইজৰ ৫০% বা তাৰাে অধিক সংখ্যক মানুহক ঢুকি নাপাব। এইখন আমেৰিকা নহয়। সাধাৰণ মানুহ বহুত পাছ পৰি আছে। সেয়ে পঞ্চায়ত স্তৰলৈকে চৰকাৰী দিহা-পৰামর্শ গ'লেহে ৰাইজৰ উপকাৰত আহিব। 

অসমীয়া ভাষাৰ বিক্রম 
অসম সাহিত্য সভাই চৰকাৰক চৰমপত্র দিছে যে অসমৰ সকলাে অঞ্চলতে অসমীয়াক চৰকাৰী ভাষা হিচাবে প্ৰৱৰ্তন কৰিব লাগে, আৰু সকলাে বিদ্যালয়তে অসমীয়া ভাষাক মাধ্যম কৰিব লাগে। তেওঁলােকৰ উদ্দেশ্য হয়তাে মহৎ। কিন্তু আজিৰ স্পর্শকাতৰ মুহূর্তত এনে এটা দাবী এনে ধৰণে উত্থাপন কৰাটো বােধহয় সমীচিন নহয়।

এতিয়া কাচাৰ জিলাত অসমীয়া উগ্রজাতীয়তাবাদে বঙালী ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ ওলাইছে বুলি তীব্র প্রচাৰ চলােৱা হৈছে। মানুহাে উত্তেজিত হৈ আছে। এনে সময়ত কাচাৰতাে অসমীয়াক শিক্ষাৰ মাধ্যম কৰিব লাগে বুলি দাবী কৰিলে নিশ্চয় সি প্ৰৰােচনামূলক হঠকাৰী পদক্ষেপ হব। আন কিছুমান অঞ্চলতাে একেই প্রতিক্রিয়া হব। আমাৰ ৰাজ্যখনত কংগ্ৰেছৰ ২০০১ চনৰ পৰা একাদিক্রমে তিনিটা কাৰ্যকালত যেতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয় গহৰা গজাদি গজি উঠিছিল, তেতিয়া অসম সাহিত্য সভাকে মই কাতৰ আহ্বান দিছিলোঁ যাতে এইবােৰ বিদ্যালয়ত ভালদৰে অসমীয়া ভাষা-সাহিত্য শিকোৱাৰ বাবে পদক্ষেপ লয়। সাহিত্য সভা বাদেই, অভিভাৱকসকলাে নির্বিকাৰ হৈ থাকিল। কেবাটাও প্রজন্ম ডাঙৰ হ’ল অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান বা তাৰ প্রতি শ্রদ্ধা নােহােৱাকৈ। এওঁলােকে স্বজাতিৰ প্রতি কোনাে সহমর্মিতা বা দায়িত্ববােধ অনুভৱ নকৰাই স্বাভাৱিক। এতিয়া “হায়, হায়” কৰিলে কি হব? | আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰা ভাল হব। কেন্দ্ৰত ক্ষমতা। দখল কৰা শক্তিবােৰে দেশৰ সংঘীয় চৰিত্ৰটো বৰ পছন্দ নকৰে আৰু নানা উপায়ে তাক দুর্বল কৰি এখন এককেন্দ্রিক জাতিৰাষ্ট্ৰ গঢ়িবলৈ বিচাৰে। কংগ্রেছে কামটো কৰে এৰাধৰাকৈ আৰু নৰম পন্থাৰে। বিজেপিয়ে জোৰ-জদস্তি কৰি। 

নানা কৌশলেৰে ৰাজ্যিক তথা আঞ্চলিক ভাষা-সংস্কৃতিৰ গুৰুত্ব হ্রাস কৰিবলৈ বিচৰা হৈছে। তামিল বাঙালীৰ কথা কিছু বেলেগ। কিন্তু অসমীয়াৰ দৰে ভাষাক চেপি-খুন্দি শেষ কৰিবলৈ বিচাৰে। আৰু অসমীয়া ভায়াসকলেও দেখেন “যাে হুকুম”, “জী হুজুৰ” বুলি মানি লয়। | এটা কথা মন কৰিবচোন। আগতে দহটকীয়া-এশটকীয়া নােটবােৰ । ডাঙৰ আকাৰৰ আছিল। প্রত্যেকখনতে পঢ়িব পৰাকৈ ভাৰতৰ প্ৰধানপ্রধান ভাষাবােৰত টকাৰ সংখ্যা আখৰত লিখা থাকে। এতিয়া নােটবােৰ কেন্দ্র তথা ৰিজাৰ্ভ বেংকৰ কৃপাত মেকুৰিকণীয়া হ'ল। পাঁচ টকাই নে পঞ্চাছ টকাই, দহ টকাই নে দুশ টকাই, ধৰা টান। তাত বিভিন্ন ভাষাৰ লিপিত থকা কথাবােৰ এচুকত এনেকৈ দিয়া হৈছে যে চকুতে নপৰে। ৰাজ্যিক ভাষাবােৰৰ প্রতি কেন্দ্ৰৰ সন্মান থকা হ'লে কেতিয়াও এনে। নহ'লহেঁতেন। বেজবৰুৱাই তাহানি কম দুখত ৰগৰ কৰি গীত লিখিছিলনে, “শােৱা ঐ শােৱা অসমীয়া” বুলি ? অসমৰ সম্পদ সৃষ্টি | অসমক ভালপােৱা সকলাে অর্থনীতিবিদেই কয় যে বিদেশীৰ । মূলধনেৰে অসমীয়া মানুহক চহকী কৰিব নােৱাৰে, যদিহে সেই মূলধনৰ ওপৰত অসমৰ মানুহৰ নিয়ন্ত্রণ নাথাকে। অন্যথা সেই মূলধনে অসমক কেৱল শােষণহে কৰিব। এনেয়েও সেই বৃহৎ মূলধনৰ লগত যােগাযােগ কেন্দ্রীয় চৰকাৰৰহে বেছি থাকে। আমাৰ এমুঠিমান মানুহৰ চাকৰিয়ে সেইবােৰ উদ্যোগ বা ব্যৱসায়ৰ শােষক চৰিত্ৰ বিলুপ্ত নকৰে।

অথচ অসমৰ থলুৱা মানুহৰ হাতত এনে বৃহৎ পৰিমাণৰ ধন নাই যে তাক উদ্যোগ সৃষ্টিত খটুৱাব পাৰে। সিদিনাখন এক আড্ডাত এগৰাকী জনাবুজা লােকে ক'লে যে অসম চৰকাৰৰ হাততে এনে সম্পদ সৃষ্টি তথা আঞ্চলিক উন্নয়নৰ যথেষ্ট সমল এতিয়াও আছে। তেওঁ ক'লে যে তেওঁৰ জন্মস্থান হাজোৰ ওচৰত হাঁহ-মুৰ্গীৰ এখন চৰকাৰী ফার্ম আছিল, এসময়ত যত বহুসংখ্যক হাঁহ-কুকুৰা পালন কৰা হৈছিল, ট্রাকত ভৰাই তাৰ পৰা প্ৰায়ে আন ঠাইৰ বজাৰলৈ চালান দিয়া হৈছিল, আৰু কণীও উৎপাদন তথা চালান হৈছিল। তাত সাতজন কর্মচাৰী, দুজন পশুপালন বিষয়া আছিল। এতিয়া ফার্মখন আছে, সাতজনকৈ কৰ্মচাৰীও আছে, হাঁহ-মুর্গী পালনৰ সকলাে প্রয়ােজনীয় ব্যৱস্থা আছে, অথচ এটাও হাঁহ বা মুর্গী নাই। চৰকাৰৰে কোনাে আগ্রহ নাই। অথচ স্থানীয় তথা ৰাজ্যৰ অৰ্থনীতিত এনে ফার্মবােৰে যথেষ্ট ইতিবাচক প্রভাৱ পেলাব পাৰে। অসমত এনেদৰে বিকল হৈ যােৱা ফার্ম আৰু আছে। চৰকাৰে অলপ ধন ব্যয় কৰিলেই সেইবােৰ পুনৰ। উৎপাদনক্ষম হােৱাৰ উপৰি সিহঁতে স্থানীয় অর্থনীতি সজীৱ কৰিব। পাৰে। একে ধৰণে অসমত (যেনে জোঙাল বলহু গড়ৰ কাষত) কেবাখনাে ডাঙৰ মীন-পালনক্ষেত্র (fishery) আছে যত এসময়ত যথেষ্ট মাছ উৎপাদন হৈছিল। এতিয়া নব্য উদাৰ অর্থনীতি আৰু দালালিৰ মানসিকতাত অভ্যস্ত চৰকাৰে সেইবােৰ মৰহি মৰি যাবলৈ এৰি দিছে। জাতি-মাটি-ভেটি ৰক্ষাৰ চমৎকাৰ ব্যৱস্থা।

অসমৰ বিষয়া-বিশেষই জোৰ দি ক'লে যে অন্ধৰ মাছত ফর্মেলিন দিয়া হয়, অন্ধ্র নে কর্ণাটকৰ বিষয়া আহি ক'লে যে ফর্মেলিন নাই। সাতদিন মাছৰ চালান বন্ধ হােৱাৰ পিছত পুনৰ মাছ চালান আগৰ। দৰে চলি আছে। অসমৰ বিষয়া-বিশেষজ্ঞই এই সাধাৰণ কথাটোও জোৰ দি সাব্যস্ত কৰিব নােৱাৰিলে নে? তেনেহ'লে তেওঁলােকৰ জ্ঞানবুদ্ধিৰ ওপৰত আমাৰ কি বিশ্বাস থাকিব? কিছুমান মানুহে সন্দেহ কৰিছে যে টকাৰ ৰাসায়নিক প্রভাৱেই ফর্মেলিন গুচাই পেলালে। এইটোও এটা আত্মঘাতী কাৰবাৰ। থলুৱা মাছ উৎপাদনত ইও এটা। উশাহ-নিশাহ বন্ধ হােৱা কঁচ লগালে। 

কার্গিল যুদ্ধৰ ৰহস্য
কার্গিল যুদ্ধক দেশৰ বীৰ সৈনিক সকলৰ আৰু দেশখনৰে অন্যতম সফল অভিযান বুলি ঢাক-ঢােল বজাই উদ্যাপন কৰা হৈছে। আমিও যুদ্ধত নিহত ভাৰতীয় বীৰ সৈনিক সকলৰ প্রতি শ্রদ্ধা পােষণ কৰোঁ। কিন্তু তেওঁলােকৰ প্রাণহানিৰ বাবে সেই সময়ত গাদীত থকা ভাৰত। চৰকাৰৰাে কোনােবা দায়ী আছিল নেকি, সেই প্রশ্ন অমীমাংসিত হৈ। ৰ’ল। কার্গিল এলেকাটোত পর্বৰ্তৰ বুকুত গাঁত খানি বহু পকী বাংকাৰ সজোৱা হৈছে। তাতেই অতি উচ্চ পর্বতমালাৰ শীতকালৰ প্রচণ্ড ঠাণ্ডাত ভাৰতীয় সৈনিকে সুসজ্জিত হৈ আশ্ৰয় লৈ সীমাৰ সিপাৰলৈ নজৰ ৰাখে। কেতিয়াবা তাপমাত্রা অতি বেছি হ'লে বেছিভাগ বাংকাৰ খালি ৰখা হয়, কিন্তু অলপ নামনিৰ ৰাস্তাৰে ভাৰতীয় সেনাৰ অনবৰত টহলদাৰি (patrolling) চলি থাকে, যাতে শত্ৰুৱে অতর্কিতে। বাংকাৰবােৰ দখল কৰি ভাৰতৰ ওপৰত আক্রমণ চলাব নােৱাৰে। ১৯৯৯ চনৰ বসন্ত কাল আৰম্ভ হােৱাৰ লগে-লগে সেই এলেকাৰ । ব্রিগেডিয়াৰ সুৰিন্দৰ সিঙে বাৰে বাৰে তেওঁৰ উর্ধ্বতন কর্তৃপক্ষক উৎকণ্ঠাৰে জনাই আছিল যে সেই স্পর্শকাতৰ অঞ্চলত অতি বিপজ্জনকভাবে এমাহৰাে অধিক কাল টহলদাৰি বন্ধ ৰখা হৈছে। কাৰণ তেওঁ নাজানে, কিন্তু তেওঁ সঁকিয়াই দিছিল যে সি পাকিস্তানি । সেনাবাহিনীক ভাৰতক শ’লঠেকত পেলােৱাৰ সুযােগ দিব। কর্তৃপক্ষই তেওঁৰ কথাত কর্ণপাত নকৰিলে। ফলত সুযােগ পাই পাকিস্তানি সেনা হু-হুকৈ কিন্তু নিঃশব্দে পৰ্বতৰ বাংকাৰ দখল কৰি আগুৱাই আহিল। কার্গিল যুদ্ধ আৰম্ভ হৈছিল এই অভাৱনীয় পৰিস্থিতিত। অতি কষ্টে আৰু বহু সেনা আৰু অস্ত্র শস্ত্ৰৰ ক্ষয়ৰ বিনিময়ত ভাৰতে কার্গিলত পুনৰ দখল সাব্যস্ত কৰিছিল।

কথাটো যেতিয়া জনাজনি হ’লতেতিয়া তাৰ ফল হ’ল কি? সেনাবাহিনীৰ ভিতৰুৱা কথা সংবাদপত্রক জনােৱাৰ জগত ব্রিগেডিয়াৰ সুৰিন্দৰ সিঙৰ বিচাৰ আৰু শাস্তি (বদলি) হ’ল!! তেওঁ কৰ্ত্তব্যনিষ্ঠাৰ পুৰস্কাৰ নাপালে।

প্রসংগক্রমে, ভাৰতীয় সেনাবাহিনীৰ বৃহত্তম বিজয় জেনৰেল ছেম মানে’কশ্বৰ সামৰিক নেতৃত্ব আৰু ইন্দিৰা গান্ধীৰ সাহসী, বলিষ্ঠ ৰাজনৈতিক নেতৃত্বত পূর্ব পাকিস্তানত বিপুল পাকিস্তানি সেনাবাহিনীৰ ওপৰত ভাৰতীয় সেনাৰ বিজয়। পৰাজিত পাক সেনাধ্যক্ষ লেঃ জেনৰেল নিয়াজিয়ে ৯৬০০০ পাক সৈন্যৰ সৈতে ভাৰতীয় সেনাধ্যক্ষৰ আগত আত্মসমর্পণ কৰিছিল। সি কার্গিলতকৈ বহু বেছি ডাঙৰ, গুৰুত্বপূর্ণ বিজয়, যাৰ ফলত পাকিস্তানৰ এফাল হেৰাল। ১৯৬২ৰ পৰাজয়ৰ পিছত ই ভাৰতীয় সেনাৰ মনােবল বঢ়ালে। এই যুদ্ধৰ কথা এতিয়া শুনা নাযায়, বােধহয় ইন্দিৰা গান্ধীৰ আমােলত হােৱা বাবে! চাদুল্লাৰ বিষয়ে আকৌ এবাৰ ?

গেৰুৱা গণিত
অসম চৰকাৰৰ মুৰব্বী হিচাবে (ঔপনিবেশিক চৰকাৰে দিয়া যৎসামান্য। ক্ষমতাৰে) দীর্ঘকাল কাৰ্যনির্বাহ কৰা চাদুল্লাৰ কথা অসমৰ মানুহে এতিয়া। বিশেষ একো নাজানে। জানে কেৱল এনেকুৱা এটা কথা যে তেওঁ কৌশলেৰে অসমত পূর্ববংগীয় মুশ্রিম মানুহক মাটি পট্টন দি অসমক মুশ্লিম সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিল। কথাটো তথ্যনিষ্ঠ হােৱা নাই। চাদুল্লাৰ ভুল-ভ্রান্তি স্পষ্টকৈ উল্লেখ কৰিও তেওঁৰ ভূমিকাৰ সুবিচাৰ কৰা উচিত। সেইটো সম্ভৱতঃ এই। কাৰণে কৰা হােৱা নাই যে মানুহে সেই ধৰণৰ ধাৰণা এটা লৈ থাকিলে অসমত এটা মুশ্লিম-বিদ্বেষী তল-সোঁত বােৱাই ৰাখিব পৰা যায়।

 বহুতে আনকি চাদুল্লাক পূর্ববংগীয় মুশ্লিম বুলিও ভাবে।  ১৯৩৭ চনত অৱস্থাৰ পিকত মুশ্লিম লীগত যােগ দিয়া চৈয়দ মহম্মদ চাদুল্লাই ক্রমে তীব্র সাম্প্রদায়িক ৰূপ ধাৰণ কৰা মুশ্লিম লীগৰ নানা নীতি আৰু কাৰ্যসূচী গ্রহণ কৰিবলৈ বাধ্য হলেও ক্রমে ভিতৰি বিচলিত আৰু উদ্বিগ্ন হৈ পৰিছিল যেন লাগে।যি কাৰণে তেওঁ ১৯৪৭ চনৰ আগে আগে। বিধানসভাত গ্রুপিং আঁচনিৰ বিৰুদ্ধে গােপীনাথ বৰদলৈ তথা কংগ্রে’ছে। উত্থাপন কৰা প্ৰস্তাৱক গােপনে সহায় কৰিছিল, আৰু নিজে মুশ্লিম লীগৰ নেতা হৈও জিন্নাৰ কুখ্যাত Direct Action Day (প্রত্যক্ষ সংগ্রাম দিৱসৰ প্রতি সঁহাৰি নিদি অসমত সাম্প্রদায়িক সংঘৰ্ষৰ দাবানল জ্বলিবলৈ দিয়া নাছিল। যাৰ ফলত মুশ্লিম লীগৰ প্ৰভাৱশালী জননেতা মৌলানা ভাসানিয়ে গােটোৱা ৬৫০০০ মুজাহিদ অভিযান কাৰ্য্যকৰী নহ’ল। প্রধান মন্ত্রী বৰদলৈয়েও পৰিস্থিতি বুজি এই সময়ছােৱাত। প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে উচ্ছেদ বন্ধ ৰাখিছিল (ডঃ অমলেন্দু গুহ, প্লেন্টাৰ। ৰাজৰ পৰা স্বৰাজলৈ, অনু গােপাল দলৈ, অন্বেষা, পৃঃ ৩৬৩)। 

 বাংলাদেশী হিন্দুৰ সমৰ্থনত অসমক মুশ্রিমৰ হাতৰ পৰা ৰক্ষা কৰাৰ চমৎকাৰ সংকল্প ঘােষণা কৰা এগৰাকী নব্য-বিজেপি মন্ত্রী আৰু তেওঁৰ think-tank আৰু wite-tankৰ সদস্যসকলে সম্প্রতি দাবী কৰিছে যে। তাহানিৰ প্ৰভাৱশালী নেত্রী পুষ্পলতা দাসে গ্রুপিং আঁচনিৰ প্ৰস্তাৱৰ বিৰুদ্ধে বৰদলৈক চাদুল্লাই গােপনে সহায় বুলি লিখি থৈ যােৱা কথাৰ কোনাে ভিত্তি নাই। কাৰণ তেওঁলােকৰ মতে ১০৮ জনীয়া বিধানসভাত কংগ্ৰেছৰ সপক্ষে ৫৮জন সদস্য আছিল। ৫৮জন সদস্য আৰু সমর্থক থকাৰ অৰ্থ মাত্র ৪জন সদস্য সংখ্যাগৰিষ্ঠতা। বিপক্ষৰ কূটকৌশলে এনে নিশকতীয়া সংখ্যাগৰিষ্ঠতাক সহজে বিপদত পেলাব পাৰে।  আৰু এটা কথা think-tank আৰু wite-tank সকলে লক্ষ্য কৰা। নাই। সেইটো হৈছে যে ১০৮ জনীয়া বিধানসভাত মুকলি নির্বাচনৰ বাবে। মাত্র ৪৭খন আসন আছিল নির্ধাৰিত। অধিক সংখ্যক আসনেই সংৰক্ষিত-মুশ্লিমৰ বাবে সংৰক্ষিত আসন আছিল ৩৪খন, চাহ-মালিকৰ  বাবে সংৰক্ষিত ৯খন, ভৈয়াম জনজাতিৰ বাবে ৪খন, পাহাৰী জনজাতিৰ বাবে ৫খন, চাহ-শ্ৰমিকৰ বাবে ৪খন। দেখ দেখ কথা যে কেৱল ৪৭খন আসন দখল কৰি কংগ্রে’ছে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা নাই। তেওঁলােকে সংৰক্ষিত আসনৰ পৰা জয়লাভ কৰা প্রার্থীৰাে সমর্থন পাব লাগিব। এই সমর্থন লাভত চাদুল্লাৰ গােপন যােগাযােগে সহায় কৰি দিছিল বুলি ধৰিব পাৰি।

 আৰ-টি-আই আইনৰ প্রস্তাৱিত সংশােধন 
 অখিল গগৈ প্রথমে কেনেকৈ বিখ্যাত হৈ পৰিছিল, মনত পেলাওক। আৰ-টি-আই আইনৰ সহায় লৈ তেওঁ কে’বাজনাে কৃতী আৰু আন্তৰিকতাসম্পন্ন যুৱকক সংগঠিত কৰি গােলাঘাটৰ অসামৰিক যােগান ব্যৱস্থাত ব্যাপক লুণ্ঠন আৰু দুর্নীতি ধৰা পেলাইছিল। গােলাঘাটৰ সমূহ ৰাইজ তাৰ পৰা উপকৃত হৈছিল। এনেদৰে ভাৰতৰ বিভিন্ন প্রান্তত চৰকাৰী মন্ত্রী-বিষয়াৰ বহু জনবিৰােধী আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপ উন্মােচন আৰু প্রতিহত কৰি আৰ-টি-আই আইনে গণতন্ত্রক শক্তিশালী কৰাৰ উপৰি নাগৰিক চেতনাকো উজ্জীৱিত কৰিছিল। বর্তমান কেন্দ্রীয় চৰকাৰে আইনখনৰ “সংশােধন” ঘটাব খুজিছে। হঠাতে, বিশেষ আলােচনা নকৰাকৈ সংশােধনী আইন এখন সংসদত উত্থাপন কৰি। এই চৰকাৰ কেৱল হিন্দু ৰাষ্ট্ৰৰ প্ৰস্তাৱক নহয়, নিজেও ৰাষ্ট্রৰ। সকলাে ক্ষমতা কেন্দ্রীভূত কৰি এখন একনায়কত্ববাদী চৰকাৰ প্রতিষ্ঠা। কৰিবলৈ কৃতসংকল্প। নাগৰিকত্ব আইন সংশােধনী বিধেয়ক আৰু আৰটি-আইৰ সংশােধনী বিধেয়কৰ উদ্দেশ্য একে ধৰণৰ। 

 ‘দি হিন্দু কাকতৰ ২৬ জুলাই সংখ্যাৰ এটা প্ৰবন্ধত (লেখিকাদ্বয় অঞ্জলী ভৰদ্বাজ আৰু অমৃতা জহ্রি) কোৱা হৈছে যে দেশৰ প্রধান তথ্য আয়ুক্তকে ধৰি শীঘ্ৰে তথ্য আয়ােগৰ ১১জন সদস্যৰ ৮জনৰে আসন শূন্য হৈ পৰিব, আৰু মুখ্য তথ্য আয়ুক্ত নির্বাচন তথা নিযুক্তিৰ ক্ষমতা তথা দায়িত্ব কেৱল প্রধান মন্ত্ৰীৰ। তথ্য আয়ােগৰ সদস্য নিযুক্তিত চৰকাৰৰ কোনাে উৎসাহ নাই।

সংশােধনী বিধেয়কখনে আয়ােগৰ সদস্য সকলৰ বেতন, বানচ, কাৰ্যকাল আৰু নিযুক্তিৰ চৰ্তবােৰ নিৰ্ধাৰণ কৰাৰ ক্ষমতা চৰকাৰক দিব খুজিছে। পূর্বে এই সকলাে আৰ-টি-আই আইনতে সন্নিবিষ্ট কৰা আছিল। স্পষ্টকৈ সংশােধনৰ উদ্দেশ্য আয়ােগৰ স্বতন্ত্রতা ধ্বংস কৰি তাক চৰকাৰৰ হাতৰ পুতলাত পৰিণত কৰা। চৰকাৰখনৰ অতি গহিত স্বৈতন্ত্রী চৰিত্ৰৰ ই শেহতীয়া প্রমাণ। নাগৰিকৰ তথ্য জনাৰ অধিকাৰ সার্থক গণতন্ত্ৰৰ চৰ্ত্ত। চৰকাৰে তাক ধ্বংস কৰিব খুজিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages