সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
শিশুৰ উপযোগী অসমীয়া এপ 'মইনামেল'
নমস্কাৰ ! 

আশা কৰোঁ কুশলে আছে !

আজিৰ সময়ত ল'ৰা-ছো‌ৱালীৰ হাতৰপৰা মোবাইলটো কাঢ়ি অনাটো আজিৰ সময়ত সঁচাই এটা দুৰূহ কাম। ক’বলৈ গ’লে,এয়া প্ৰকৃততে সময়ৰে আহ্বান । সিহঁতৰ সমানে সমানে হয়তো আমিবোৰো অধিক ‘স্মাৰ্ট’ হ’ব পাৰিব লাগিব । হয়, ইন্টাৰনেট-মোবাইলৰ কু-প্ৰভা‌ৱবোৰৰ পৰা বচাই ৰাখিবলৈ এতিয়া আৰু আপুনি মোবাইলটো সিঁহতৰ হাতৰ পৰা আঁজুৰি অনাৰ প্ৰয়োজন নাই- মাথো সিহঁতক ব্য‌ৱহাৰ কৰিবলৈ দিয়ক ‘মইনা-মেল’ নামৰ সম্পূৰ্ণ অসমীয়া ভাষাৰ এই নতুন এপটো। ইয়াত সিঁহতৰ স্কুলৰ কিতাপৰ কথা থকাৰ উপৰিও আছে বহু নজনা কথা, দেশ-বিদেশৰ শিশু-উপযোগী খবৰ,জ্ঞানৰ সঁফুৰা,গল্প-সাধু-কবিতা-উপন্যাস আৰু আজৰি সময়ত কৰিব পৰা অনেক ভাল লগা কামৰ ভাণ্ডাৰ! ছ‌ৱি অঁকা, বিজ্ঞানৰ মডেল বনো‌ৱা, দবা-খেল শিকা- এইবোৰৰ লগতে সিহঁতে পাব উন্নত সাহিত্যৰ নমুনা,উদ্ভা‌ৱনী শক্তিৰ জাগৃতি,ব্যক্তিত্ব বিকাশৰ সাধনা তথা মগজুৰ অনুশীলন । মুঠতে আৰু হাজাৰটা বৰ্ণিল উপাদান লৈ ‘মইনামেলে’ এতিয়া নতুন আশাৰ সূচনা কৰিছে! এপটো ইনষ্টল কৰিবৰ বাবে গুগল-প্লেষ্টোৰত গৈ ‘মইনা-মেল’ বুলি লিখি অনুসন্ধান কৰক, নতুবা এই লিংকত টিপক – https://play.google.com/store/apps/details?id=com.moinamel.moinamel

শুভেচ্ছাৰে,

মইনামেল ডট কমৰ হৈ,
অৰুণজ্যোতি দাস

No comments:

Post a Comment