মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
আশাত বন্দী জীৱন 
লীলাকান্ত পায়েং 
শেহতীয়াকৈ কার্বি-আংলং আৰু শিৱসাগৰ জিলাত সংঘটিত হোৱা দুটা পৃথক ঘটনাই ভাবিবলৈ বাধ্য কৰালে যে আমি মানৱ জাতি সঁচাই যান্ত্রিক হৈ পৰিছোঁ। কার্বি-আলংঙৰ ঘটনাটো অন্ধবিশ্বাস-কুসংস্কাৰৰ কু-ফল। কিন্তু শিৱসাগৰ জিলাত সংঘটিত সন্তানৰ অৱহেলাৰ বাবে পিতৃ-মাতৃয়ে মৃত্যুক কৰুণ ভাবে সাবটিব লগীয়া হোৱা ঘটনাই মোৰ মনক অধিক চিন্তিত কৰি তুলিলে আৰু এনে হৃদয় বিহীন মানুহবোৰৰ বাবে একলম লিখিবলৈ বাধ্য কৰালে। 
প্রতিজন মানুহৰ মুখলৈ চালে দেখা যাই যে প্রতিজনে গোমা, কঙাল মুখ কঢ়িয়াই লৈ ফুৰিছে আৰু আমি যেন হাঁহিবলৈ পাহৰি জুবিনদাই গোৱা গীত ‘আমি যেন যন্ত্র’ হৈ পৰিছোঁ। আজি কিছু বছৰৰ আগেয়ে হিন্দী ছবি জগতত তেনে এক কাহিনীৰে অমিতাভ বচ্চন আৰু হেমা মালিনীৰ অভিনীত ‘ভাগৱান’ নামৰ ছবিখনে আজিৰ যান্ত্রিক যুগত সন্তানে কিদৰে মাক-দেউতাকক অৱহেলা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে তেনে এক সুন্দৰ বার্তা প্রেৰণ কৰিছিল। ছবিখনত পৰেশ ৰাহুলৰ মুখত এক সুন্দৰ সংলাপ আছিল-‘বৃদ্ধাৱস্থাত যদি নিজৰ সন্তানে মাক-দেউতাকক সেৱা-শুশ্রষা দিব নোৱাৰে তেন্তে সন্তান হোৱাতকৈ নোহোৱাই ভাল। সন্তান যদি এনেকুৱাই হয় তেন্তে মোৰ সন্তান নহ’ল ভালেই হ’ল’। 

এই পৃথিৱীত মানৱ জাতিয়ে একমাত্র প্রাণী যি আনৰ জীৱনক আনন্দ আৰু সুখময় কৰি তুলিব পাৰে। মানুহেই একমাত্র সর্বেসর্বা প্রাণী যি আনজনৰ দুঃখৰ সময়ত সমভাগী হ’ব পাৰে, সুখৰ সময়ত সুখৰ ৰং বুটলিব পাৰে আৰু বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব পাৰে। কিন্তু বর্তমান সময়ৰ সমাজৰ বাস্তৱ দৃশ্যবোৰ প্রত্যক্ষ কৰি ক’ব পাৰি যে এই চহৰত মানুহ মানুহ হৈ থকা নাই। মানুহবোৰ এতিয়া হৃদয়বিহীন একো একোটা মেচিন আৰু যাৰ কোনো ধৰণৰ আৱেগ-অনুভতি নাই। মই, আপুনি প্রতিজনে এইখন নিসংগ চহৰৰ পথিক। মাথো এটাই জীৱন। জন্মৰ যোগেদি এই জীৱনৰ আৰম্ভনি ঘটে আৰু মৃত্যুত সমাপ্ত হয়। জীৱনত যে আমি কি নিবিছাৰোঁ। এই জীৱন দুই দিনীয়া বুলি জানিও আমাৰ যে জীৱনৰ ক’ত যে সপোন নাই, ক’ত যে হেঁপাহ নাই। হয়ও এই জীৱন যে আশাতেই বন্দী। এই সপোনৰ সীমা নাই। ঠিক তেনেকৈ সীমা নাই আমাৰ ব্যস্তততাৰ। এই জীৱনৰ বাটত আমাৰ যে কিমান সমন্ধ গঢ়ি উঠে এইবোৰ হিচাপ আমাৰ হাতত নাই। মা-দেউতাৰপৰা আৰম্ভ কৰি ককাই-ভাই, বাই-ভনী, খুৰা-খৰী, আইতা-ককাদেউতা, বন্ধু-বান্ধৱী আৰু ক’ত যে কিমান সমন্ধ। সমন্ধৰ অবিহনে আমাৰ জীৱন আধৰুৱা। জীৱনৰ বাটত এনেকৈ লগ পোৱা বন্ধু-বান্ধৱৰ কথা বাদেই দিয়কছোন। নিজৰ তেজৰ সমন্ধ থকা মা-দেউতা, খুৰা-খুৰী, মামা–পেহী, দাদা-ভাইটি, বাইদেউ-ভণ্টী বর্তমান কিমান জন মানুহে সমন্ধবোৰ গভীৰ কৰি ৰাখিছে। 

আজি সমন্ধবোৰ মাত্র এক দলিল চুক্তি। ভগৱানতকৈ সকলোৰ ওপৰত থকা সমন্ধ হৈছে মা-দেউতা যি আমাক জন্ম দি পোহ-পাল কৰি ডাঙৰ কৰি তুলিলে। যি আইয়ে নিজৰ পেটত আমাক ন মাহ ৰাখি নিজে কষ্টত আছিল এই আইক বিনিময়ত কি দিলোঁ। যিজন পিতাই ৰ’দ-বৰষুণক নেওচি কষ্টৰ ঘাম মাটিত পেলাই আহিছে আপুনি-মই কি দিলোঁ। যেতিয়া মোৰ-আপোনাৰ জন্ম হৈছিল আই-পিতাইৰ মুখত এক আনন্দৰ হাঁহি বিৰিঙিছিল আৰু আমাক লৈ দেখিছিল অশেষ আশা-আকাংক্ষা আৰু সপোন। সৰুতে আইৰ কোলাত আমি নিৰাপদ অনুভৱ কৰিছিলোঁ আৰু পিতাইৰ হাতৰ আঙুলিত ধৰি এই পৃথিৱীত থিয় হৈ হ’বলৈ শিকিছিলোঁ। আমাৰ মুখত যেতিয়া মা-দেউতা শব্দ দুটি ফুটি উলাইছিল আই-পিতাই আনন্দত আত্মহাৰা হৈ উঠিছিল। নিজৰ মাটি-বাৰী, সম্পদ আদি বিক্রী কৰি হ’লেও নিজেই নাখাই-নবৈ আমাক স্কুল, কলেজ, বিশ্ববিদ্যালয়ত পঢ়ুঁৱালে। এদিন সন্তানে চাকৰি কৰিব, সংসাৰ কৰিব আৰু নাতি-নাতিনীৰ সৈতে উমলিব। এই বাস্তৱ জীৱনত মাক-দেউতাকে কেতিয়াও নিজৰ সন্তানৰ পৰা বিনিময়ত একো নিবিচাৰে। কিন্তু বৃদ্ধাৱস্থাৰ সময়বোৰ তেওলোক নিজৰ সন্তান-বোৱাৰী, নাতি-নাতিনীৰ সৈতে কটাব বিচাৰে। অপ্রিয় হ’লেও এটা কথা সত্য যে প্রায় বেছিভাগ ঘটনাত দেখা যায় যে সন্তানে বিয়া-বাৰুহ কৰোৱাৰ পাছতেই সন্তানে নিজৰ মাক-দেউতাকক অৱহেলা কৰিবলৈ ধৰে। পূর্বতেই আমাৰ দৰে চহৰবোৰত এনে ধৰণৰ ঘটনা কম আছিল যদিও বর্তমান অত্যাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতেই হৈছে আমি বেছিকৈ ধন-দৌলত আৰু পইচাৰ পাছে পাছে দৌৰিছোঁ। এতিয়া আমি আমাৰ তেজ-মঙহৰ সমন্ধতকৈ পইচা, ধন-সম্পত্তিৰ সমন্ধক গুৰুত্ব দিছোঁ। অলপ মান বয়স হ’লে আমি আমাৰ মা-দেউতাক আনৰ আগত চিনাকি দিবলৈ টান পাও। ঘৰত উৎসৱ-পার্বণ হ’লে দুৱাৰত তলা মাৰি আৱদ্ধ কৰি ৰাখো। কাৰণ নিজৰ ষ্টেন্ডার্ড লাইফ তল যাব। আনকি বহু ঘৰত দেখা যাই যে বোৱাৰীয়েকে ককাক-আইতাকৰ মৰমৰ পৰা নিজৰ ল’ৰা-ছোৱালীক আঁতৰাই ৰাখে। লাহে লাহে সন্তানে নিজৰ মা-দেউতাকক লেই-লেই, ছেই-ছেই কৰিবলৈ ধৰে আৰু অৱশেষত তেঁওলোক নিসংগ হৈ পৰে। অকলশৰে বহি মনে মনে চকুলো টোকে কিন্তু সন্তানে এই চকুলো দেখা নাপায়। যি সময়ত আটাইতকৈ সন্তানৰ প্রয়োজন হৈ পৰে তেনে সময়ত ঘৰৰ চোকত মাক-দেউতাকক পেলাই থৈ দিও নহ’লে বৃদ্ধাশ্রমত পেলাই থৈ দিও। কাৰণ নিজৰ মাক-দেউতাকক চাবলৈ বা যত্ন ল’বলৈ আমাৰ সময় নোহোৱা হৈ পৰে। কিন্তু তাতোকৈ আমি ফেচবুক, হোৱাটচ আপ তথা ছ’চিয়েল মিডিয়াত ঘণ্টাৰ পাছত ঘণ্টা ধৰি ব্যস্ত থাকি সময় পাৰ কৰিব পাৰোঁ কিন্তু নিজৰ মা-দেউতাকক মাত এষাৰ দিবলৈ সময়ৰ অভাৱ। এটা কথা সত্য যে আজি আমি আমাৰ মা-দেউতাকক যি ব্যৱহাৰ তথা অৱহেলা কৰি আছোঁ হয়তো এই বৃদ্ধাৱস্থাৰ সময় আমাৰো আহিব। হয়তো আমাৰো সেই দিন আহিব। আজি বিশ্বত এনেবোৰ ঘটনাৰ বাবে বৃদ্ধাশ্রমৰ সংখ্যা বৃদ্ধি পাইছে। আকৌ নিজ সন্তানে কৰা দুব্যৱহাৰৰ বাবে আত্মহত্যাৰ সংখ্যাও বৃদ্ধিও পাবলৈ ধৰিছে। কিছুমান দেশত নিসংগতা দূৰ কৰিবৰ বাবে বিভিন্ন প্রতিষ্ঠান আৰম্ভ হৈছে। আমাৰ বাবে যাতে পাছৰ প্রজন্মৰ প্রভাৱ নপৰে তাৰ বাবে আজিহে মা-দেউতাৰ বাবে এদিন কিয়, প্রতিদিনে আৰু মৃত্যূলৈকে হৈ পৰ’ক মা-দেউতাৰ দিন। কাৰণ এই পৃথিৱীত আই-পিতাইৰ সমান হ’ব কোন.........।। 
লেখকৰ ফোনঃ৮০১১৭৭৮০৩৮, চেতিয়া গাঁও, ৱার্ড নং-৫, উত্তৰ লখিমপুৰ-৭৮৭০০১, লখিমপুৰ, অসম

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages