প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৃথিৱীৰ কবিতা নাৰী
তৃপ্তি দাস 
হাৰ্গনভে কৈছিল -" তৰাবিলাক আকাশৰ কবিতা । পৃথিৱীৰ কবিতা নাৰী ।" নাৰীক বাদ দি সমাজ , সংস্কৃতি সকলো অসম্পূৰ্ণ । কিন্তু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পৰাধীনতাৰ শিকলিৰে নাৰীক বান্ধি ৰখা হয় । অতীতত আমাৰ সমাজত নাৰীৰ স্থান বাৰুকৈয়ে হতাশজনক আছিল । কন্যা শিশুৰ প্ৰতি অৱজ্ঞাৰ ভাব  পোষণ কৰা হৈছিল । বহু পিতৃ - মাতৃয়ে ভ্ৰ্ৰণৰ লিংগ পৰীক্ষা কৰোৱাই পৃথিৱীৰ পোহৰ দেখাৰ আগতেই কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰোৱাইছিল ।এনে কৰ্মৰ প্ৰতিৰোধৰ বাবে ১৯৭১ চনত সংসদত "The medical termination of pregnancy Act " খন গৃহীত হয় । "The prenata Diagnostics Techniques(Regulation and Prevention of misuse) Act" খন ১৯৯৪ চনত কাৰ্যকৰী হয় । এই আইন অনুসৰি কোনো মহিলাই গৰ্ভাৱস্থাৰ সময়ত লিংগ নিৰূপন পৰীক্ষা কৰোৱাব নোৱাৰিব। কন্যা সন্তানৰ প্ৰতি উদ্ৰেক হোৱা অনীহাৰ বাবে সমাজিক ব্যাধি স্বৰূপ যৌতুককো জগৰীয়া কৰিব পাৰি।


যৌতুকৰ বাবে বহু নাৰীয়ে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ লগতে শাৰীৰিক , মানসিক নিৰ্যাতনৰ বলি হ'ব লগীয়া হৈছে ।  শিক্ষিত সমাজত যৌতুকে  নাৰীৰ জীৱন দুৰ্বিষহ কৰিছে । যৌতুকৰ বাবেই অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা নাৰীৰ সংখ্যাও নিচেই কম নহয় । যৌতুক প্ৰথাৰ বিৰুদ্ধে প্ৰবল জনমতক আওকাণ কৰিব নোৱাৰি কেন্দ্ৰীয় চৰকাৰে ১৯৬১ চনত যৌতুক নিবাৰণী আইন ( Dowry prohibition Act , 1961) প্ৰণয়ন কৰে ।কিন্ত আইনে নাৰীৰ জীৱনৰ আন্ধাৰ নাশত যেন ব্যৰ্থ হৈছে । নাৰীৰ ৰক্ষা কৱচ হিচাপে , নাৰী সকলে যাতে শাৰীৰিক নিৰ্যাতন , যৌন নিৰ্যাতন , মৌখিক আৰু মানসিক নিৰ্যাতন , অৰ্থনৈতিক নিৰ্যাতনৰ পৰা মুক্তি পায় সেই উদ্দেশ্যৰে ২০০৬ চনৰ ২৬ অক্টোবৰৰ পৰা দেশজুৰি প্ৰযোজ্য হয় - " ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা সংক্ৰান্তীয় আইন ২০০৫"( The  Protection  of Women  from  Domestic  Violence Act 2005)। তথাপি জানো নাৰী সুৰক্ষিত ? আজিও জনঅৰণ্যত নাৰী নিৰাপদ নহয় ।

     ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয়  নাৰী দিৱস হিচাপে পালন কৰা হয়। ১৯১১ চনত ৰুচ কংগ্ৰেছত ক্লাৰা জেটকিনে ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰিব লাগে বুলি দাবী জনায়।  ১৯৭৫ চনত ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই সিদ্ধান্ত গ্ৰহণ কৰে । সেইদিন ধৰি ৮ মাৰ্চৰ দিনা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰি অহা হৈছে । বৰ্ণিল কাৰ্যসূচীৰে নাৰী দিৱস পালন কৰা পৰিলক্ষিত হয় । নাৰী দিৱসৰ কাৰ্যসূচী সফল ভাবে ৰূপায়িত হয় । কিন্তু দিৱসৰ তাৎপৰ্য যেন তল পৰি ৰয় । নাৰী দিৱসৰ সাৰুৱা ভাষণ সমূহে নাৰীৰ সুৰক্ষাৰ ক্ষেত্রত , সমস্যা সমূহ দূৰীকৰণৰ ক্ষেত্ৰত কেনে ভূমিকা পালন কৰিছে সিও লক্ষ্যণীয় বিষয় ।  নাৰী আৰু পুৰুষ এইখন পৃথিৱীৰ সহযাত্ৰী , সহযোগী ...। নাৰীয়ে কাৰ পৰা সমধিকাৰ , সুৰক্ষা বিচাৰে ? নাৰীৰ শত্ৰু কোন ?  লিংগ ভিত্তিক সমাজ ব্যৱস্থাই আমাৰ শিক্ষাক ভেঙুচালি কৰে । পুৰুষসকলক শক্তিশালী বুলি কোৱা হয় যদিও সম্প্ৰতি  নাৰীক দুৰ্বল বুলিব নোৱাৰি ।আজিৰ পৃথিৱীত নাৰী বন্দিত্ব হৈছে - নিজৰ প্ৰতিভা তথা দক্ষতাৰ বাবে ।বিভিন্ন ক্ষেত্রত চমক সৃষ্টি কৰা , পূৰ্বৰ অভিলেখ ভংগ কৰা নাৰীৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে । একবিংশ শতিকাত প্ৰায় সকলো ক্ষেত্ৰত  নাৰী উজলি উঠিছে । ৰিঅ' অলিম্পিকত পদক বিজয়েৰে কোটি কোটি ভাৰতীয় মুখত হাঁহি বিৰিঙায় - ভাৰত গৌৰৱ সাক্ষী মালিক ,পি ভি সিন্ধুৱে । অৱনী চতুৰ্বেদী , ভাৱনা কান্থ আৰু মোহনা সিঙে ভাৰতীয় বায়ুসেনা বাহিনীত মহিলা যুঁজৰু বৈমানিক ৰূপে অন্তভুক্ত হৈ সৌ সিদিনা ইতিহাস ৰচিলে ।  মানৱদৰদী , সন্ত মৰ্যদা প্ৰাপক মাদাৰ টেৰেচাই যদি আমাক  সম্প্ৰীতি , দয়া , মমতা আদিৰ কথা কৈছে " Iron lady " খ্যাত ইৰম শৰ্মিলা , কাৰনম মালেশ্বৰী ,মেৰী কম,বেবী হালদাৰ , বীৰুবালা ৰাভা  আদি নাৰীয়ে কৈছে  ধৈৰ্য , শক্তি , প্ৰতিভা , সমাজৰ প্ৰতি থকা ভালপোৱা আদিৰ কথা । নাৰীয়ে পৃথিৱীৰ বুকুত ন ন অভিলেখ গঢ়াৰ উপৰিও মহাকাশৰ বুকুতো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ৰাছিয়াত নিৰ্মিত মিগ - ৩৬ বিমান উৰুওৱা বিশ্বৰ প্ৰথম গৰাকী নাৰী হিচাপে পৰিচিত হয় - সুমন শৰ্মা নামৰ ভাৰতীয় নাৰী গৰাকী । মহাকাশত ১৯৪ দিন ১৮ ঘন্টা ৫৮ মিনিট সময় কটাই ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে অভিলেখ সৃষ্টি কৰিছিল । দেশৰ আগশাৰীৰ যুঁজৰু বিমান চুখয় - ৩০ এম কে আইৰ আৰোহী হৈ ইতিহাস ৰচনা কৰিছিল - প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলে । যুজাৰু বিমানৰ আৰোহী হোৱা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে প্ৰতিভা দেৱী সিং পাটিলে ইতিহাস ৰচনা কৰাৰ লগতে শব্দতকৈও অধিক বেগী চলন্ত যুঁজাৰু বিমানত আধা ঘন্টা সময় অতিবাহিত কৰা পৃথিৱীৰ প্ৰথম গৰাকী বয়োজ্যেষ্ঠ মহিলাৰূপে ৰাষ্ট্ৰপতি গৰাকীয়ে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় । এইসকল নাৰী মাত্ৰ কেইটামান উদাহৰণহে । অতিকৈ সুখৰ কথা যে - অসমৰ নাৰীয়ে ( কিশোৰী , যুৱতী সকলকো সাঙোৰা হৈছে ) নিজ নিজ প্ৰতিভাৰে অসমৰ আৰু  ভাৰতৰ ভৌগোলিক সীমাৰ সিপাৰেও  উজলি উঠিছে । 

      প্ৰজ্ঞা আৰু সাধনাৰে নিজৰ নাম সাহিত্যৰ জগতত খোদিত কৰিছে ভাৰতৰ তথা অসমৰ বহু নাৰীয়ে । এনে নাৰীৰ নাম থাউকতে লিপিবদ্ধ কৰাটো বহুত জটিল কৰ্ম ।সাহিত্য ,সংস্কৃতি , ৰাজনীতি , শিক্ষা , ক্ৰীড়া ,ব্যৱসায়  আদি সকলো দিশতে নাৰী আগুৱাই গৈছে । ঘৰ এখন নিয়াৰিকৈ চলাই, সন্তানৰ যত্ন লৈ  নাৰীয়ে পুৰুষৰ দৰে সকলো দিশতে সফলতা অৰ্জন কৰিছে । পৰনিৰ্ভৰশীল নাৰীৰ সংখ্যা পূৰ্বৰ তুলনাত কমিছে । নাৰীৰ সকল হৈ পৰিছে একক আৰু অন্যন্যা ।সমাজৰ ব্যাধি সমূহ দূৰ কৰাৰ বাবে নাৰী আৰু পুৰুষৰ সম্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজন । আমি  আন্তৰিকতা ,সহৃদয়তা আদিৰে এখন পৃথিৱী গঢ়ো আহক - য'ত নাৰী আৰু পুৰুষে একেলগে জীৱন উদযাপন কৰিব পৰে । নাৰীৰ বাবে পুৰুষ আৰু পুৰুষৰ বাবে নাৰী প্ৰেৰণাৰ উৎস হওঁক । আমাক আইন নালাগে । আমাক পুৰুষৰ সহায়ৰ হাতহে লাগে - এনেকৈ ক'ব পৰা পৰিৱেশ আমিয়ে সূচনা কৰোঁ আহক । নাৰী কেন্দ্ৰীক দুৰ্ঘটনা সমূহ দূৰ কৰিবলৈ নাৰী সকলৰ সাহসী পদক্ষেপৰো প্ৰয়োজন । সাহসৰ বাবেই আমি শিক্ষিতা আৰু স্বাৱলম্বীও হ'ব লাগিব । পৰিতাপৰ বিষয় যে - নীৰক নিৰ্যাতন ,  শোষণ , শাসন  আদি কেৱল পুৰুষেই কৰা নাই । বহু ক্ষেত্ৰত  নাৰীও  নাৰীৰ বৈৰী হৈছে ।  এই ক্ষেত্ৰত নাৰী কেৱল শিক্ষিত হ'লেই নহ'ব । মানসিকতাৰ সলনিৰো প্ৰয়োজন অনুভৱ কৰো ।  নাৰী দিৱস  নাৰী নিৰ্যাতনৰ কাহিনীৰে  বেদনাদায়ক  নহওঁক  । নাৰী দিৱস কেৱল সংকল্প , সিদ্ধান্ত গ্ৰহণৰ দিন নহওঁক  ।   বিভিন্ন ক্ষেত্ৰত নাৰীয়ে অৰ্জন কৰা  সাফলতাৰ  কথাৰে নাৰী দিৱস  অনুপ্ৰেৰণাৰ উৎস হওঁক  । জীৱন আৰু জগতৰ প্ৰেমত পৰক সকলো নাৰী । পৃথিৱীত  নাৰী আৰু পুৰুষে  উদযাপন কৰক - সুখৰ উৎসৱ ।        

No comments:

Post a Comment