সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আমাৰ কেঁকোৰা প্রবৃত্তি, অসমীয়াৰ নেটৱৰ্কিং ইত্যাদি
শ্যামকানু মহন্ত
অলপতে মই ফেচবুক লাইভ কৰি আমাৰ কেঁকোৰা প্রবৃত্তি, ৰুণা ভূঞাৰ ট্ৰলিং, অসমীয়া নেটৱৰ্কিং ইত্যাদি সম্পর্কে কিছুমান কথা কৈছিলোঁ আৰু বিষয়টো ছ'চিয়েল মিডিয়াত বহু আলােচনা হৈছিল। সেই গােটেই বিষয়টো আজি ইয়াত। আলােচনা কৰিবলৈ ওলাইছোঁ।
১) ৰুণা ভূঞা এগৰাকী এডভােকেট। তেখেতে পাপনৰ ভিডিঅ’ত দেখাখিনি আপত্তিজনক বুলি এটা কেছ দিছে। তাক লৈ তেখেতক বহু ট্রলিং কৰা হৈছে। মই সকলােকে আহ্বান জনাইছোঁ যেট্রল কৰাটো বন্ধ কৰিব লাগে, এইটো উচিত নহয়। তেওঁ এজনী অসমীয়া ছােৱালী আৰু সকলােৰে মান-সন্মানৰ কথা ভাবি ট্রলিং কৰাটো বন্ধ হ'ব লাগে বুলি মই ভাবোঁ।

২) পাপনৰ বিষয়টো যিহেতু মহামান্য আদালতৰ হাতত। আমি এই সম্পর্কে একো নকওঁ। কেৱল ভগৱানক প্রার্থনা কৰিছোঁ যে পাপন নির্দোষী হৈ উভতি আহক আৰু আকৌ গান গাওক। দুদিনমান ধৰি টাইমছ নাউ আৰু বিশেষকৈ ৰিপাব্লিক টিভিত পাপনক যি প্রচণ্ড আক্রমণ কৰা হ’ল (নিজেই বিচাৰক হৈ) সি পাপনৰ কেৰিয়াৰত প্রচণ্ড আঘাত হানিলে। আমি পাপনৰ লগত কিছুমান অনুষ্ঠান কৰিছে। দেখিছে দেশৰ বিভিন্ন প্রান্তত পাপনৰ জনপ্রিয়তা, সংগীতৰ সর্বোচ্চ শিখৰলৈ ধাৱমান অৱস্থাত পাপনক এই ঘটনাইবহু পিছুৱাই নিব পাৰে। আমাৰ দুজন সম্পদ জুবিন আৰু পাপন। জুবিনে মুম্বাইত দদপাই আছিল কিন্তু আজিকালি তেওঁ এতিয়া অসমতে থাকি সংগীত আৰু চিনেমা কৰিবলৈ লৈছে। বাকী বহু প্রতিভাৱান শিল্পীথকা সত্ত্বেও মুম্বাইত থিতাপি ল'ব পৰা নাই। পাপনে অসমৰ কাৰণে আৰু বহুত কৰিবলৈ আছে। | এতিয়া আহোঁ আমাৰ কেঁকোৰা মানসিকতা সম্পর্কে। মই চাকৰি এৰাৰ পাছত মােৰ এজন সন্মানীয় জ্যেষ্ঠ প্রশাসনিক বিষয়াৰ লগত আলােচনা কৰিছিলোঁ। তেখেতক কৈছিলোঁ মােৰ ইচ্ছা উদ্যোগী হােৱাৰ, নিজে কিবা এটা কৰাৰ। সেই সময়ত দিল্লীত এটা ডাঙৰ চাকৰিৰ অফাৰাে আহিছিল। মই তেখেতক সুধিছিলোঁ তেখেতৰ উপদেশ সম্পর্কে। তেখেতে কৈছিল যে অসমত থাকিব নােৱাৰিবা তুমি। যিহেতু তুমি উদ্যমী মানুহ। কিবা নতুন কৰি থাকিবলৈ মন কৰি থাকিবা। কিছুমান কেঁকোৰাই মিলি বাতৰিকাকতত লিখিব আৰু ইমান জ্বলাব যাতে যুদ্ধক্ষেত্ৰৰ পৰা পৃষ্ঠভংগ দিবলৈ বাধ্য হ’বা। Best হৈছে তুমি লিখিব পাৰা, ক’ব পাৰা, তুমি ভাল ভাল কথা লিখা, কিতাপ লিখা, প্রবন্ধ মাজে-মধ্যে লিখি থাকা, বিতর্কৰ পৰা দূৰত। মই ক'লোঁ— উপায় কি মই ইয়াতে কাম কৰিব বিচাৰোঁ, তেতিয়া তেওঁ ক'লে যে এটা উপায় আছে। নিজৰ ছালটো গঁড়ৰ ছালৰ দৰে হ'ব লাগিব, ডাঠ। অতি হাস্যৰসিকতাৰে কোৱা কথাখিনি মই এতিয়াও মনত ৰাখি উপকৃত হৈছে৷ চাকৰি বাদ দিয়াৰ পাছত আমি এটা Project Management Company চলাবলৈ ল'লোঁ। তাত প্রায় এশতকৈ বেছি অসমীয়া অভিযন্তা তথা কাৰিকৰী শিক্ষাৰে শিক্ষিত যুৱকযুৱতীয়ে সংস্থাপন পাইছে। তাৰ লগে লগে আমি আমাৰ এটা ন্যাসৰ নামত আৰম্ভ কৰিলোঁ শংকৰদেৱ মুভমেন্ট, নর্থ ইষ্ট ফেষ্টিভেল দিল্লী, ৰঙালী, Colours of North East Mumbai ইত্যাদি কৰিলোঁ। ভগৱানৰ আশীর্বাদত অনুষ্ঠানকেইটাই প্রচণ্ড জনপ্রিয়তা পালে। দেশত প্ৰচাৰ মাধ্যমত স্থান পালে। উত্তৰ-পূবৰ বাবে সজাগতা হ’ল আৰু পর্যটন ক্ষেত্ৰত যথেষ্ট লাভ হৈছে। এই অনুষ্ঠানবােৰৰ পৰা নতুন উত্তৰ-পূবৰ খাদ্যৰ ৰেস্তোৰা হ'ল দিল্লীত। নতুন শিল্পী, ডিজাইনাৰ ইত্যাদিয়ে ৰাষ্ট্ৰীয় প্রেক্ষাপটত স্থান পালে।

অসমত হােৱা ৰঙালীত এইবাৰ প্রায় ৫০জন ট্যুৰ অপাৰেটৰ, লেখক আহি | চালে আৰু অসমৰ বিভিন্ন ঠাইত গৈ দেশৰ প্ৰচাৰ মাধ্যমত অসমৰ বিষয়ে লিখিলে। বিভিন্ন কামবােৰ কৰোঁতে পদে পদে আমি বাধাৰ সন্মুখীন হৈ আহিছে। কেতিয়াবা কিছুমান গােকাট মিছাৰ উৰা বাতৰি নাইবা ভুল তথ্য দি কাম বন্ধ কৰাৰ প্রচেষ্টা। কেতিয়াবা হতাশগ্রস্ত হৈ ভাবোঁ কি দৰকাৰ, বাদ দিওঁ। কিন্তু সেইমুহতত সেই দাদাজনৰ কথাটো মনত পৰে ছালখন গঁড়ৰ ছালৰ দৰে ডাঠ হ'লেহে পাৰিবা আৰু লগে লগে আকৌ হাতে-কামে লাগি যাওঁ। আচৰিত কথা যে এই বাধা দিওঁতা আমাৰে মানুহ, যাৰ লগত কোনাে কামৰ প্রতিদ্বন্দ্বিতা নাইবা সংঘাত হােৱাৰ কোনাে কাৰণেই নাই।

গঁড়ৰ ছালৰ দৰে বাধা-বিঘিনি অতিক্ৰম কৰি আমি কিছু সফল হৈছে। হাজাৰ হাজাৰ অসমীয়া ডেকা শক্তিৰ লগত সংযােগ হৈছে। তেওঁলােকক মাতি আনি আমি তেওঁলােকে ভালপােৱা সংগীতৰ আয়ােজন কৰিছোঁ আৰু কৈছোঁ শংকৰ গুৰুৰ কথা, চুকাফাৰ কথা, লাচিতৰ কথা নাইবা চিলাৰায়ৰ কথা। | অলপতে আমি অসমীয়া উদ্যমীৰ এক সন্মিলন পাতিছিলোঁ য'ত ভাগ লৈছিল প্রায় ৪০০ অসমীয়া যুৱক-যুৱতীয়ে। জে বি কলেজ, শিৱসাগৰ মার্চ, | জে ই চি, এ ই চি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী ইত্যাদি, প্রায় এশজন অসমীয়া নতুন উদ্যোগী মাতি অনা সন্মিলনটোত ভাগ লৈছিল ভেলাৰ কেপিটেলিষ্ট, বেংকাৰ, এঞ্জেল বিনিয়ােগী, অইলৰ ষ্টার্ট আপ ফাণ্ড, নেড়ফি, | মেণ্টৰ ইত্যাদিৰ লগতে কেইজনমান থলুৱা সফল উদ্যোগীয়ে। তাতে অসমীয়া নতুন উদ্যোগীৰ কাম, উচ্চাকাংক্ষা দেখি অভিভূত হৈছিলোঁ। 

সেই অনুষ্ঠানটোৰ সম্পর্কে আমাৰ অসমত ব্যাপকভাৱে আলােচনা হৈছিল। নতুন পুৰুষৰ চিন্তাধাৰা সলনি হৈছে। তেওঁলােকে দেশৰ বাকীসকলৰ লগতে একেলগে ফেৰ মাৰিব বিচাৰে, কাম কৰিব বিচাৰে। তাৰ কাৰণে আমাৰ মানসিকতাৰ পৰিৱৰ্তনৰ দৰকাৰ। আমাৰ প্ৰচাৰ মাধ্যমত বেছিকৈ গুৰুত্ব পাই অলাগতিয়াল খবৰে। বিশেষকৈ দৃশ্য-শ্ৰব্য মাধ্যমত পৰকীয়া প্রেম, চুৰিডকাইতি ইত্যাদিয়ে বেছি টি আৰ পি পায়। কিছুমানত চৰিত্র হননৰ কথাই | বেছি প্রাধান্য পায়। এটা প্রজন্মৰ বহু মানুহ নেতিবাচক চিন্তাধাৰাৰ হ'ল। প্রচাৰ মাধ্যমক বেছি দোষ দি এই কাৰণেই লাভ নাই যে মানুহে চায় নাইবা পঢ়ে কাৰণেই এই ধৰণৰ খবৰ ওলায়। | কিয় হৈছে এনেকুৱা? ১৩০ কোটি ভাৰতীয়ৰ মাজত অসমীয়াভাষী। প্রায় ১.৩ কোটি আমাৰ জনজাতীয় ভাই-ভনীসকলক ধৰি। তাৰ মাজত কোনােবা কলিতা, কোনােবা আহােম, গােসাঁই, বামুণ, বড়াে ইত্যাদি। কোনােবা নামনি অসমৰ, কোনােবা উজনি অসমৰ। একতা-মিলৰ অভাৱ। আমি শিল্পী-সাহিত্যিকক যথেষ্ট সম্মান দিওঁ, কিন্তু এজন উদ্যোগী, এজন কৰ্প'ৰেট প্রফেছনেক দিওঁনে? কৰ্প'ৰেট বুলিলে বেয়া শব্দ কৰি দিয়া হ'ল কিন্তু আমাৰ জীৱনৰ সকলাে দৰকাৰীবস্তু যেনেঃ টুথ ব্রাছ, মােবাইল ফোন, চাইকেল, গাড়ী সকলাে কৰ্প'ৰেট গােষ্ঠীয়েই প্রস্তুত কৰে। | জাতিটোৰ একতাৰ অভাৱ হ'লে দুর্বল হ’ব। এজন তেলুগু যেতিয়া আমেৰিকালৈ যায় তেওঁ প্রতিষ্ঠা হােৱাৰ পাছত নিজৰ গাঁৱৰ যি যােগ্য। সকলােকে আমেৰিকাত সংস্থাপন দিয়াৰ চেষ্টা কৰে। গাঁৱলৈ পইচা পঠায়। ঠিক সেইদৰে পাঞ্জাৱী, গুজৰাটী সকলােৱে নিজৰ জাতিৰ মানুহক আগবাঢ়ি যােৱাত সহায় কৰে।

সৌৰভ গাংগুলী ভাৰতীয় দলৰ পৰা বাদ পৰোঁতে বাঙালী জনতাই যি প্রতিবাদ কৰিছিল সি সকলােৰে জ্ঞাত। সেইটো ভাল নে বেয়া তাক দুয়ােফালেই ক'ব পাৰি কিন্তু জাতিটোৰ একতা প্রশংসনীয়। আমাৰ অসমতে থকা মাৰােৱাৰীসকলৰ পৰা বহু শিকিবলগীয়া আছে। এজন মাৰােৱাৰী ব্যৱসায়ী বিপদত পৰিলে এজনে আনজনক ধনে-বলে সহায় কৰি আগুৱাই লৈ যায়। আমি কৰোনে? আমি একেলগ হৈ এজনে আনজনক পর্যাপ্ত পৰিমাণে সহায় কৰাৰ সময় আহিছে।

কুৎসা ৰটনা, বদনাম ইত্যাদিৰ কু-সংস্কৃতি কমাই যােগাত্মক চিন্তাধাৰাৰ সময় এয়া। বিপদৰ সময়ত এজনে আনজনৰ লগত থিয় দিয়াৰ দৰকাৰ। জাতিটোক সবল কৰিব লাগে। কর্মদক্ষতা লাগে। আমাক উদ্যোগী লাগে, বিজ্ঞানী লাগে, কৃষক লাগে, বিশ্বমানৰ খেলুৱৈ লাগে। সেই যাত্ৰাত এজনে আনজনক সহায় কৰাৰ পৰিৱেশ লাগে। এইখন শংকৰদেৱ, বিষ্ণুৰাভা, জ্যোতিপ্রসাদ, ভূপেনদাৰ নিচিনা প্রতিভাশালী লােকৰ দেশ। আমি এক হৈ বহু কাম কৰিব পাৰোঁ। আহক, আমি অসমীয়া নেটৱৰ্কিং গঢ়োঁ, এক সমৃদ্ধিশালী জাতিৰ বুনিয়াদ গঢ়োঁ।
(লেখক এগৰাকী উদ্যোগী আৰু নিবন্ধকাৰ) 
লেখাটি আমাৰ অসম কাকতো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯১০১১-৩৬২৩৩

7 comments: