কথা-বাৰ্তা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
জাপানৰ সাহিত্যিক মাছাতছুগু ওন’ৰ সৈতে এটা সন্ধিয়া
 আবিদ আজাদ 
জাপান আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ চলি থকা মৈত্ৰী সম্পৰ্কৰ অংশ স্বৰূপে এক বিশেষ কাৰ্যসূচীত ইম্ফ’ললৈ অহা জাপানৰ প্ৰতিষ্ঠিত আকুতাগৱা (Akutagawa) সাহিত্যিক বঁটা প্ৰাপ্ত যুৱ সাহিত্যিক মাছাতছুগু ওন’ (Masatsugu Ono) ৰ সৈতে যোৱা ২৬ ফেব্ৰুৱাৰীৰ সন্ধ্যা গুৱাহাটীৰ উজান বজাৰৰ চাহ ঘৰ ‘টি ষ্টোৰী’ত এক অনানুষ্ঠানিক বৈঠকত লগ ধৰিছিলোঁ । মাছাতছুগু ওন’ সৃষ্টিশীল সাহিত্যিক তথা জাপানৰ ৰিক্কিঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক। জাপানৰ সাম্প্ৰতিক ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক বিষয় সম্পৰ্কেও তেওঁ সচেতন । তেওঁৰ ৰচনাত জাপানৰ মুখ্যধাৰাৰ বিষয়বোৰতকৈ প্ৰান্তীয় (পেৰিফেৰেল) চিন্তা-ধাৰাই অধিক প্ৰাধান্য পাই বুলি তেওঁ বিশ্বাস কৰে । ভৌগলিকভাৱে অসমো এক প্ৰান্তীয় অঞ্চল । তেওঁৰ সৈতে জাপানৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কথা পাতোতে বিভিন্ন দিশত অসমৰ ভৱিষ্যতৰো এক চানেকি আমি দেখিবলৈ পাইছিলোঁ । আমাৰ এই বাৰ্তালাপত অংশ গ্ৰহণ কৰিছিল বৈঠকটোৰ আয়োজক তথা আই আই টি, গুৱাহাটীৰ অধ্যাপক মৃগাংক মধুকল্য, জাপানৰ অন্য এগৰাকী সদস্য ট’ম’ক’ কুৰৈৱা, ছ’চিয়েল এক্টিভিষ্ট তথা ‘বেক বেঞ্চাৰ কেফে’ৰ স্বত্বাধিকাৰী বনমল্লিকা চৌধুৰী, শিল্পী দেৱানন্দ উলুপ, ধৰ্মেন্দ্ৰ প্ৰসাদ, সঞ্জীৱ কলিতা আৰু ড° আফতাব আলি আহমেদে । ট’ম’ক’ কুৰৈৱা (Tomoko Kuroiwa) পেচাগতভাৱে এগৰাকী কিউৰেটৰ আৰু বৰ্তমান তেওঁ দিল্লী নিবাসী । আলোচনাৰ মূল কথা তলত সাক্ষাৎকাৰ ৰূপত তুলি ধৰা হ’ল :

প্ৰশ্ন: শ্ৰী অন’, আপোনাৰ সৈতে কথা পাতিবলৈ অহাৰ পূৰ্বে ইন্টাৰনেটত আপোনাৰ বিষয়ে পৰিচয়মূলক কথা কিছু পঢ়ি আছিলোঁ । জাপানৰ প্ৰতিষ্ঠিত ‘আকুতাগৱা’ বটাপ্ৰাপ্ত আপোনাৰ শেহতীয় গ্ৰন্থ ‘ন বছৰ পূৰ্বৰ এটি প্ৰাৰ্থনা’ (A Prayer Nine Years Ago) ৰ বেছ প্ৰশংসা পঢ়িবলৈ পালোঁ । তাতোকৈ অধিক আপোনাৰ বিষয়ে নাজানো । আপোনাৰ এই যাত্ৰাৰ বিষয়ে অকণমান কওক ।

মাছাতছুগু ওন’: মোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা বাবে ধন্যবাদ । জাপানৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অইট’ চহৰৰ পৰা কিছু দূৰৰ এখন সৰু গাঁৱত মোৰ জন্ম । ওঠৰ বছৰলৈ তাতেই পঢ়া-শুনা কৰিছিলোঁ । তাৰপিছত টকিঅ’ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যাওঁ । প্ৰথমে তাত আইন বিষয়ত পঢ়িবলৈ লৈছিলোঁ যদিও ফৰাচী সাহিত্যৰ প্ৰতি আকৃষ্ট হওঁ আৰু আইন পঢ়া বাদ দি ফৰাচী সাহিত্যৰ অধ্যয়ন আৰম্ভ কৰোঁ । নব্বৈৰ দশকত জাপানী যুৱ চামৰ মাজত ফৰাচী সাহিত্য খুবেই জনপ্ৰিয় আছিল । টকিঅ’ বিশ্ববিদ্যালয়তো তাৰ প্ৰভাৱ পৰিছিল আৰু ফুকো, ডেৰিডা আদিৰ দাৰ্শনিক তত্বৰ বহুল চৰ্চা হৈছিল । ব্যক্তিগতভাৱে মোক ফুকোই প্ৰভান্বিত কৰিছিল । তেওঁৰ কিছু কাম মই অনুবাদো কৰিছিলোঁ । কিন্তু পিছলৈ অনুভৱ কৰিবলৈ লৈছিলোঁ যে ফুক’ৰ চিন্তাজগতক বুজিবলৈ চেষ্টা কৰাটো মোৰ পক্ষে সহজ নহয় । সেই সময়চোৱাতে ফ্ৰেন্স-কেৰিবিয়ান সাহিত্যৰ প্ৰতিও মোৰ চিনাকী হৈছিল । বিশেষকৈ ফ্ৰেন্স-কেৰিবিয়ান লেখক পেট্ৰিক চমৈজিউৰ প্ৰতি । ফ্ৰেন্স-কেৰিবিয়ানসকলৰ ইতিহাস-সংস্কৃতিৰ ওপৰত লিখা চমৈজিউৰ বৰ্ণনা শৈলীয়ে মোক প্ৰভাম্বিত কৰিছিল । তেনেতে ১৯৯৬ চনত পেৰিছ বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ এটা স্ক’লাৰশ্বিপ লাভ কৰোঁ আৰু ফ্ৰান্সলৈ গুচি যাওঁ । ... পেৰিছ বিশ্ববিদ্যালয়ৰ পৰিৱেশ ঐতিহাসিক ভাৱেই অতি বৈপ্লৱিক । নানান ধৰণৰ প্ৰতিবাদ হয় তাত । তাৰ প্ৰফেচাৰসকল একো একোজন অসাধাৰণ লেখক আৰু কবি । মোৰ চিনাকী হৈছিল তেনেকুৱা এজন প্ৰফেচাৰৰ সৈতে যি আছিল একেসময়তে এজন কবি, সমালোচক আৰু অনুবাদক । তেওঁ মোক পৰিচয় কৰাই দিছিল “পো এণ্ড ছি” (Po & sie) নামৰ এখন ফৰাচী কবিতা আলোচনীৰ সৈতে । আলোচনীখনৰ সৈতে চিনাকী হোৱাটো আছিল মোৰ জীৱনৰ এটা ডাঙৰ আৱিষ্কাৰ । তাত ছুডানৰ পৰা অহা ৰিফিউজি সকলৰ ওপৰত লিখা কবিতাবোৰে মোক প্ৰভান্বিত কৰিছিল । ফ্ৰান্সত থকা সময়ছোৱাত এই ছুডানীজ প্ৰব্ৰজনৰ ওপৰত মই অধ্যয়নো কৰিছিলোঁ । 

প্ৰশ্ন: ফ্ৰান্সত ছুডানীজ ৰিফিউজিৰ ওপৰত আপুনি যিহেতু অধ্যয়ন কৰিছে, আমি অইন বিষয়ে আগবঢ়াৰ পূৰ্বে, সমগ্ৰ বিশ্বত আজি প্ৰব্ৰজনৰ যি দৃশ্যপট – বিশেষকৈ যুদ্ধ-বিগ্ৰহৰ ফলত বা জীৱিকাৰ তাড়নাত মধ্য-প্ৰাচ্যৰ পৰা আন দেশলৈ হোৱা প্ৰব্ৰজন – তাৰ ওপৰত আপোনাৰ মতামত কি ? 

মাছাতছুগু ওন’: ফ্ৰান্সৰ ক্ষেত্ৰত ৰিফিউজি সমস্যাই মহাসংকটৰ ৰূপ লোৱাৰ আগলৈ ফ্ৰান্সৰ লোকে প্ৰব্ৰজনক গ্ৰহণ কৰিবলৈয়ে প্ৰয়াস কৰিছিল । মই বহুতো ফ্ৰেন্স লোকক লগ পাইছোঁ যি ৰিফিউজিসকলৰ আগমনক বিৰোধিতা কৰা নাছিল । কিন্তু ফ্ৰান্সতো সোঁপন্থী লোক আৰু দল-সংগঠন আছে । তেওঁলোকে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছিল । 

প্ৰশ্ন: একে দৃশ্য আমি তুৰ্কীতো দেখিবলৈ পোৱা গৈছিল । যুদ্ধ-বিধস্ত ছিৰিয়াৰ ৰিফিউজিসকলক তুৰ্কীৰ জনসাধাৰণে প্ৰথম অৱস্থাত মানৱীয় দৃষ্টিভংগীৰে চাইছিল আৰু গ্ৰহণ কৰিছিল । কিন্তু পিছৰ পৰ্যায়ত সেই প্ৰব্ৰজন যেতিয়া ভয়ংকৰ ৰূপ ল’লে, ক্ৰমম্ন্বয়ে তাৰ বিৰোধিতা হ’বলৈ ধৰিলে । ছিৰিয়ান ৰিফিউজিৰ প্ৰব্ৰজনৰ ফলত তেওঁলোকৰ সভ্যতা - সংস্কৃতি প্ৰভাম্বিত হ’ব বুলি আৰু স্থানীয়লোকৰ নিয়োগ তথা সংস্থাপন প্ৰব্ৰজনকাৰীৰ হাতলৈ যাব বুলি শংকিত হৈ পৰিছিল ।

মাছাতছুগু ওন’: জাপানোতো একে অৱস্থা । এয়া লজ্জাজনক কথা যে জাপানৰ দৰে দেশৰ চৰকাৰে ৰিফিউজি গ্ৰহণ কৰাৰ বিৰোধিতা কৰে । আমাৰ জাপানী সমাজখন হৈছে বৃদ্ধলোকৰ সমাজ । ইয়াত জনসংখ্যা দ্ৰুততাৰে হ্ৰাস পাবলৈ ধৰিছে । ফলত কাম কৰা মানুহ নোহোৱা হৈছে । তথাপি অইন দেশৰ ৰিফিউজি গ্ৰহণ কৰা নহয় । ... ২০২০ চনত জাপানত অলিম্পিক খেল হ’ব। টকিঅ’ৰ অলিয়ে-গলিয়ে এতিয়া অগণন কন্সট্ৰাকচনৰ কাম চলি আছে । এছিয়াৰ বিভিন্ন দেশ যেনে - বাংলাদেশ, চীন, তুৰ্কী, নেপাল আদি দেশৰ পৰা যোৱা শ্ৰমিকে এইবোৰত কাম কৰিছে । তেওঁলোকক জাপানত কাম কৰিবলৈ দিয়া হৈছে কিন্তু সেয়া অবৈধভাৱেহে । জাপানৰ যি যুৱ-প্ৰজন্ম তেওঁলোকে এই ধৰণৰ কাম কৰিবলৈ পচন্দ নকৰে । তেওঁলোকে আমেৰিকালৈ যাব বিচাৰে, ডাঙৰ আই টি কোম্পানীত চাকৰি কৰিব বিচাৰে । জাপানৰ এটা ডাঙৰ সমস্যা হৈছে ইয়াৰে যুৱপ্ৰজন্মই কৃষি-কৰ্ম কৰিব নিবিচাৰে । কৃষিত বৃহৎ মুনাফা হয়তো নাথাকিব পাৰে কিন্তু তাৰ উপাৰ্জনেৰে সুন্দৰকৈ জীৱন যাপন কৰিব পৰা যায় । কৃষি-কৰ্মক তেওঁলোকে কষ্টৰ কাম হিচাপে গণ্য কৰে । ফলত কৃষিত ব্যক্তিগতকৰণ আৰম্ভ হ’বলৈ ধৰিছে । চৰকাৰেও তাৰ উদ্গণি দিবলৈ বিচাৰে । যদিও জাপানৰ কৃষিক্ষেত্ৰ খুবেই সংৰক্ষণশীল । ... জাপানী সমাজৰ বাবে বৰ্তমান অনুপ্ৰৱেশ এটা ডাঙৰ ইছ্যু । নগৰ অঞ্চলত বৃহৎ সংখ্যক শ্ৰমিকৰ প্ৰয়োজন । আনহাতে গ্ৰামাঞ্চলৰ মানুহে অনুপ্ৰৱেশৰ বিৰোধিতা কৰে । বেছিভাগ ৰাজনীতিকেই গ্ৰামাঞ্চলক প্ৰতিনিধিত্ব কৰে আৰু যিহেতু তেওঁলোকে ইলেকচনত হাৰিব নিবিচাৰে সেয়ে প্ৰব্ৰজনৰ ওপৰত তেওঁলোকে বিশেষ চৰ্চা কৰিব নিবিচাৰে । তেওঁলোকে গ্ৰামাঞ্চলত গৈ ভাষণ দিয়ে – আমি তোমালোকক সুৰক্ষা দিম, আমি অনুপ্ৰৱেশৰ বিৰোধিতা কৰিম । 

ট’ম’ক’ কুৰৈৱা: আপুনি এজন লিখক হিচাপে জাপানৰ এই বিষয়বোৰ আপোনাৰ ৰচনাত কেনেকৈ সংযোগ কৰিছে বা তুলি ধৰিবলৈ যত্ন কৰিছে ?

মাছাতছুগু ওন’: মোৰ গল্প বা ৰচনাৰ এটা প্ৰধান বিষয় হৈছে জাপানৰ প্ৰান্তীয় অঞ্চলৰ সমাজ, সংস্কৃতি আৰু জীৱন-জীৱিকা। বিশেষকৈ মোৰ নিজৰ ঠাইৰ জাপানী সমাজখনৰ । আধুনিক জীৱন-শৈলীৰ মানদণ্ড নিৰ্ধাৰণৰ যি প্ৰচণ্ড প্ৰভাৱ জাপানী সমাজত পৰিছে, স্থানীয় সংস্কৃতিত যি পৰিৱৰ্তন দেখা দিছে, ফলত স্থানীয় লোকৰ মাজত যি নিসংগতা, বিভ্ৰান্তি আদি দেখা দিবলৈ লৈছে সেয়া মোৰ লেখাত সম্প্ৰসাৰিত কৰিবলৈ যত্ন কৰোঁ । অনুপ্ৰবেশ বিষয়টোৰ ক্ষেত্ৰত, কোনো বিদেশী বা অচিনাকী লোক আহি যদি জাপানৰ কোনো এক ক্ষুদ্ৰ সমুদায়ত প্ৰৱেশ কৰে, কি কি পৰিৱৰ্তন দেখা দিব পাৰে সেয়া গল্পৰ মাজেৰে মই তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ ।

মৃগাংক মধুকল্য: উদ্যোগীকৰণৰ ফলতেও হওক বা আন কাৰণতেই হওক জাপানীলোকৰ প্ৰতি সাধাৰণতে এটা ধাৰণা আছে যে তেওঁলোক খুবেই দ্ৰুতিশীল । তেওঁলোকে ‘ইণ্ডাষ্ট্ৰিয়েল স্পীড’ত চলিব বিচাৰে । মই জানো যে এয়া সকলো জাপানীৰ ক্ষেত্ৰত সত্য নহয় । ভাৰতীয় দৃষ্টিভংগীৰে যদি চোৱা যায় বিশেষকৈ আমাৰ এই প্ৰান্তৰ মানুহক লাহে লাহে চলি ভালপোৱা লোকৰ দেশ বুলি ভবাৰ এক মানসিকতা আছে । আপোনালোকৰ জাপানতো তেনেকুৱা কোনো প্ৰান্ত আছে নেকি য’ৰ বাসিন্দাসকলে উদ্যোগীকৰণৰ ফলত দেখা দিয়া ‘ইণ্ডাষ্ট্ৰিয়েল স্পীড’ক পচন্দ নকৰে, কাম কৰিব ভাল নাপায়, লাহে লাহে চলিবলৈ ভাল পায় ... ?

মাছাতছুগু ওন’: মই যি দেখিছোঁ জাপানৰ লোক এই স্পীডৰ প্ৰকোপত পৰি ভাগৰি পৰিছে । ফলত তেওঁলোকৰ মাজত গ্ৰাম্য জীৱনক আদৰ্শ হিচাপে চোৱাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে । কিন্তু গ্ৰামাঞ্চলতো সমস্যাৰ শেষ নাই । মোৰ সমূদায়তে যদি চায়, অকল বৃদ্ধলোক দেখিব । তেওঁলোকৰ হস্পিতেললৈ যোৱাৰ সমস্যা, বজাৰলৈ যোৱাৰ সমস্যা, গাড়ী চলোৱাৰ সমস্যা এনে অনেক সমস্যা থাকে । বিচৰামতে কতো যাব নোৱাৰে । স্কুলবোৰো ভালকৈ নচলে । সৰু সৰু সমূদায়ৰ এই বাস্তৱ ছৱিবোৰ মোৰ গল্প-উপন্যাসত মই অংকন কৰিবলৈ চেষ্টা কৰোঁ । কিছুমান সমালোচকে সেয়ে ক’ব খোজে যে মোৰ লেখাত হেনো কেৱল বৃদ্ধ আৰু প্ৰতিবন্ধী লোকহে থাকে ! আচলতে মই সমাজৰ সামন্যলোকৰ কথা লিখিবলৈ চেষ্টা কৰোঁ ।

প্ৰশ্ন: ডিজিটেলাইজচনে মানুহৰ দৈনন্দিন জীৱনত কিদৰে প্ৰভাৱ পেলাইছে ? জাপানৰ মানুহ সুখী নে ?

মাছাতছুগু ওন’: চৰকাৰৰ মতে জাপানৰ অৰ্থনীতি ঠিক-থাকে চলি আছে । নিবনুৱাৰ হাৰো অতি কম । মই যিহেতু এখন বিশ্ববিদ্যালয়ৰ শিক্ষক সেয়ে চাকৰি বিচাৰি থকা বহুতো ছাত্ৰ-ছাত্ৰীক মই দেখিবলৈ পাওঁ । সিহঁতৰ মতে পাঁচ বছৰ আগৰ তুলনাত বৰ্তমান চাকৰি সহজতে পোৱা যায় । কিন্তু কি জানে, তেওঁলোকে যিধৰণৰ চাকৰি বিচাৰে তেনেকুৱা চাকৰি নাপায় । চাকৰিৰ প্ৰস্তাৱ দিয়া কোম্পানী অনেক আছে কিন্তু সেইবোৰ বেছিভাগেই তুলনামূলকভাৱে সৰু কোম্পানী। ছাত্ৰ-ছাত্ৰীবোৰে বিচাৰে ডাঙৰ কোম্পানীৰ চাকৰি । ডাঙৰ কোম্পানীত চাকৰি পোৱাটো সহজ নহয় ।

প্ৰশ্ন: প্ৰেম, বিবাহ, সম্পৰ্ক এইবোৰৰ প্ৰতি বৰ্তমানৰ প্ৰজন্মৰ দৃষ্টিভংগী কেনেকুৱা ?

মৃগাংক মধুকল্য: ইয়াৰ সৈতে জৰিত অন্য এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ । ইউৰোপিয়ান জাৰ্ণেল কিছুমানত জাপানৰ “ছাতোৰি জেনেৰেশ্বন’’ৰ বিষয়ে এসময়ত লেখা-মেলা হৈছিল । “ছাতোৰি জেনেৰেশ্বন” হৈছে বিশেষকৈ টকিঅ’ৰ এক ধৰণৰ যুৱ প্ৰজন্ম যি প্ৰেম-ভলপোৱা এইবোৰ একো বিশ্বাস নকৰে । সিহঁতক ৰোমাঞ্চ নালাগে, টকা-পইচা নালাগে, ডাঙৰ গাড়ী নালাগে । সিহঁতে অকলশৰীয়া জীৱন যাপন কৰি ভাল পায় ।

মাছাতছুগু ওন’: টকিঅ’ৰ দৰে মহানগৰত তেনে এক শ্ৰেণীৰ লোক থকাটো আচৰিত হ’ব লগীয়া কথা নহয় । মই ‘হিকিকোমোৰি’ৰ উদাহৰণ দিব বিচাৰিম । ‘হিকিকোমোৰি’ হৈছে যি ঘৰত সোমাই থাকি ভাল পায় । তেওঁলোকে ঘৰত সোমাই লৈ মোবাইল-কম্পিউটাৰত ব্যস্ত থাকি, মোবাইল গেম খেলি, ‘অনলাইট চাট’ কৰি দিনটো কটায় ...। আনহাতে মোৰ বহুতো ছাত্ৰ আছে যি পাৰ্ট-টাইম কাম কৰে আৰু ক্লাছলৈ নাহে । সিহঁতক কেতিয়াবা ক্লাছত নহাৰ কাৰণ সুধিলে কয় - টিউচনৰ পইচা দিবলৈ পাৰ্ট-টাইম কাম কৰিব লগীয়া হয় । জাপানী ছাত্ৰ তেওঁলোকৰ ভৱিষ্যতকলৈ খুবেই শংকিত । জাপানৰ যুৱ-প্ৰজন্মক আচলতে দুটা অংশত ভাগ কৰিব পাৰি । এটা অংশ খুবেই উচ্চাকাংক্ষী । তেওঁলোকে দেশ-বিদেশ ফুৰিব বিচাৰে, আমেৰিকাত যাব বিচাৰে, ডাঙৰ কোম্পানীত কাম কৰিব বিচাৰে । আনহাতে আনটো অংশ হৈছে যি জাপানৰ পৰা ওলাব নিবিচাৰে । ভয় কৰে বিদেশলৈ যাবলৈ । কিছুমান ছাত্ৰই আনকি মোক কয় – বিদেশত যোৱাৰ কি প্ৰয়োজন, ইন্টাৰনেটতে সকলো চাব পাৰি দেখোন ! ... .. আপোনালোকৰ ভাৰতখন হৈছে এখন বিচিত্ৰতাৰে ভৰা দেশ । ইয়াত এখন ভাৰততে অনেক ভাৰত দেখিবলৈ পোৱা যায় । নানান ভাষা, ধৰ্ম-বিশ্বাস, জাতি, সংস্কৃতি, ৰীতি-নীতি ... । বিচিত্ৰতা আপোনালোকৰ জীৱনৰ লগৰী । পাৰ্থক্যৰ সৈতে আপোনালোক অভ্যস্ত । আনহাতে জাপানখন হৈছে এখন সজাতীয় (Homogenous) দেশ । মোৰ ছাত্ৰ-ছাত্ৰীবোৰৰ কথা যদি কওঁ, সিহঁতে নিজৰ সমাজখনক বৈসাদৃশ্যহীন এখন উত্তম সমাজ বুলি ভাৱে । স্কুলত সিহঁতে ইংৰাজী পঢ়ে, কিন্তু বাহিৰত সিহঁতৰ ইংৰাজী কোৱাৰ প্ৰয়োজন নহয় । জাপানত সকলোৱে জাপানী ভাষাতে কথা পাতে । স্মাৰ্টফোনত চাট কৰক, টুইটাৰ কৰক, গেম খেলক সকলোবোৰ জাপানী ভাষাত উপলব্ধ । জাপানত যিহেতু বিচিত্ৰতা নাই সেয়ে তেওঁলোক আনলোকৰ প্ৰতি বা আন লোকে সিহঁতৰ প্ৰতি কি ভাবিব সেই লৈ খুবেই সন্দেহবাদী । আনৰ সৈতে পটককৈ মিলিব নোখোজে । জাপানত এমপ্লইমেন্টৰ হাৰ অধিক, ল’ৰা-ছোৱালীবোৰে সহজতে কাম পায় । সেয়া ভাল কথা । কিন্তু কামবোৰ বেচিভাগেই কণ্ট্ৰেকচুৱেল বা অস্থায়ী হোৱা বাবে উপাৰ্জন খুব সীমিত হয় আৰু অৰ্থৈতিক ভৱিষ্যত হয় অনিশ্চিত । সেই উপাৰ্জনেৰে নিজে চলা, প্ৰেম কৰা, ফুৰিবলৈ যোৱা এইবোৰ চলি যায় কিন্তু বিয়া কৰোৱা বা সংসাৰ পতাৰ কথা ভবাটো সহজ নহয় । জাপানত এইবোৰ খুবেই খৰচী কাৰবাৰ ।

প্ৰশ্ন: মহিলা কৰ্মচাৰীসকলে এইক্ষেত্ৰত কি ভাবে ?

মাছাতছুগু ওন’: জাপানী সমাজ মহিলাৰ প্ৰতি খুবেই পক্ষপাতিত্বমূলক । যেনে ধৰক – মহিলা এগৰাকী যদি চাকৰি পায় আৰু তাৰপিছত বিয়া হয় আৰু সন্তান জন্ম দিয়ে, তেওঁ চাকৰি ত্যাগ কৰিবলৈ বাধ্য ।ট’ম’ক’ কুৰৈৱা: মাতৃত্বজনিত চুটি কেৱল সেইসকল মহিলা চাকৰিয়ালেহে পায় যি ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰে । মাছাতছুগু ওন’: এবাৰ চাকৰি এৰাৰ পিছত পুনৰাই সেই কোম্পানীত চাকৰি পোৱাটো সহজ নহয় । মই এনেকুৱা বহুতো জাপানী যুৱতী দেখো যি চাকৰি কৰে কিন্তু চাকৰি হেৰোৱাটো নিবিচাৰে । সেয়ে সন্তান জন্ম দিয়া ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাথাকে । বহু যুৱতীৰ তেনেকৈয়ে ৩৫-৪০ বছৰ বয়স পাৰ হৈ যায় । জাপানত জনসংখ্যাৰ হাৰ নিম্নগামী হোৱাৰ এয়াও এক কাৰণ বুলি ক’ব পৰা যায় ।

মৃগাংক মধুকল্য: মহিলাৰ অধিকাৰৰ বাবে মাত দিয়া ফেমিনিষ্ট গ্ৰুপবোৰৰ কি স্থিতি জাপানত ?

মাছাতছুগু ওন’: জাপানৰ ফেমিনিষ্টসকল হৈছে মূলত ৱেষ্টাৰ্ন ধাৰাৰ ফেমিষ্ট । তেওঁলোকে ৱেষ্টাৰ্ন ফেমিনিজৰ পোষকতা কৰিব বিচাৰে ।

মৃগাংক মধুকল্য: এছিয়ান ফেমিনিষ্টসকলৰ সমস্যা তাতেই ! গাঁৱৰ মানুহৰ চিন্তাধাৰাৰ বিবিধতা বা এগৰাকী শ্বেতাংগ মহিলা আৰু এজন কৃষ্ণাংগ পুৰুষৰ মাজত যি সামাজিক বা মনস্তাত্বিক প্ৰভেদ সেয়া ৱেষ্টাৰ্ন ফেমিনিজমে তুলি ধৰিবলৈ অপৰাগ । শেহতীয়াকৈ এগৰাকী বৃটিছ দাৰ্শনিকে “জেন’ফেমিনিজম”ৰ ওপৰত লিখিছে । তেওঁৰ সৈতে মই কথা-বতৰা পাতোঁ । আমাৰ ফেমিনিষ্টসকলক কিন্তু তাৰ ওপৰত চৰ্চা কৰা দেখা নাপাও । “জেন’ফেমিনিজম” হৈছে মূলত শ্ৰমৰ সৈতে জড়িত । সকলো মানুহেই শ্ৰমৰ সৈতে কেনেবাকৈ নহয় কেনেবাকৈ জড়িত আৰু সেয়ে ই অধিক বাস্তৱসন্মত । এছিয়ান সমাজত সাধাৰণতে ব্যক্তি এগৰাকীক জন্ম দিয়াৰ ক্ষমতাৰ ওপৰত তেওঁৰ উপযোগিতা বিচাৰ কৰা হয় । পুৰুষে যিহেতু গৰ্ভধাৰণ নকৰে সেয়ে চব্বিছ ঘন্টাই কাম কৰিব পাৰে – এই বিচাৰেৰেও পুৰুষ-মহিলাৰ সামাজিক প্ৰভেদ বিচাৰ কৰা হয় । ৱেষ্টাৰ্ন ফেমিনিষ্টসকলে এটা কথা বুজিব চেষ্টা নকৰে যে কিছুমান ক্ষেত্ৰত ৱেষ্টাৰ্ন ফেমিনিজমক মহিলাৰ বিৰুদ্ধেই ব্যৱহাৰ কৰা হৈ আহিছে । আমেৰিকান ফেনোমেনাটো হৈছে - মহিলা বিয়া হ’ব নালাগে, গৰ্ভধাৰণ কৰিব নালাগে, সন্তান জন্ম দিব নালাগে, গৰ্ভ-নিৰোধক ব্যৱহাৰ কৰিব লাগে আৰু ফলত কি হৈছে - নমৰালৈকে সীমাহীন কাম কৰিব পৰা লেবাৰফ’ৰ্চ এটাৰ সৃষ্টি কৰা হৈছে । তেওঁলোকে ইয়াৰ কোনো বিকল্প দিব পৰা নাই । জাপানী ফেমিনিষ্টসকলে সেয়ে এইসম্পৰ্কে কিছু নতুন চৰ্চা কৰা উচিত । চাইনীজ ফেমিনিষ্টৰ পৰাতো আৰু সেয়া আশা কৰিব নোৱাৰি ! যদিও চাইনীজ চ’চাইটিত মহিলাৰ স্থান যথেষ্ট উচ্চ ।

প্ৰশ্ন: যুৱ-প্ৰজন্মৰ মাজত ড্ৰাগচ-আসক্তি আছেনে ?

মাছাতছুগু ওন’: জাপানৰ যুৱ-প্ৰজন্ম নিজৰ ভৱিষ্যত লৈ খুবেই অসুৰক্ষিত আৰু শংকিত । ড্ৰাগচ বা মদক লৈ তেওঁলোকৰ আসক্তি (addiction) নাই । 

প্ৰশ্ন: এটা কথা জানিব বিচাৰিছোঁ । আমাৰ নিউজ চেনেলবোৰত প্ৰায় প্ৰতিটো সন্ধিয়াই দৰ্শকক ভীতিগ্ৰস্ত কৰাকৈ উত্তৰ ক’ৰিয়াৰ ওপৰত নিউজ পৰিবেশন কৰা হয় । অপোনালোকতো উত্তৰ কোৰিয়াৰ চুবুৰিয়া দেশ । উত্তৰ কোৰিয়া সম্পৰ্কে জাপানী সাধাৰণ জনগণৰ প্ৰতিক্ৰিয়া কেনেকুৱা ?

মাছাতছুগু ওন’: বহুতো জাপানী বিশেষজ্ঞই ক’ব বিচাৰে যে উত্তৰ কোৰিয়াৰ দৰে সম্পদহীন দুখীয়া দেশ এখনে যদি আমেৰিকা বা জাপানৰ দৰে দেশক আক্ৰমণক কৰিবলৈ যায় পুনৰবাৰ ঠিয় হোৱাতো তেওঁলোকৰ বাবে কেতিয়াও সম্ভৱ নহ’ব । সেই কথা উত্তৰ কোৰিয়াইয়ো জানে । কিন্তু জাপানী চৰকাৰ আৰু মিডিয়াই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ইমানেই অতিৰঞ্জিত প্ৰচাৰ চলাই আহিছে যে সৰ্বসাধাৰণ জাপানী লোক উত্তৰ কোৰিয়াক লৈ শংকিত আৰু ভীতিগ্ৰস্ত । ৰিক্সাচালক এজন যদি এই সম্পৰ্কে সোধে তেওঁ ক’ব উত্তৰ কোৰিয়াই আমাক আক্ৰমণ কৰিব । ট’কিয়ত পাঁচ-ছটামান ৰাষ্ট্ৰীয় নিউজ চেনেল আছে । হ’বলগীয়া ট’কিঅ অলিম্পিকৰ বাবে বৰ্তমান বেছিভাগ প্ৰ’গ্ৰামেই অলিম্পিক কেন্দ্ৰিক । কিন্তু তাৰ পূৰ্বে প্ৰতিটো পুৱাই আটাইকেটা চেনেলতে উত্তৰ কোৰিয়াক লৈ অতিৰঞ্জিত বাতৰি সম্প্ৰচাৰিত কৰা হৈ আহিছিল । উত্তৰ কোৰিয়াই আক্ৰমণ কৰিলে দেশৰ কি দশা হ’ব নিউজ এংকৰবোৰে ডিবেট-আলোচনাৰ দ্বাৰা সেইবোৰ নাটকীয়াভাৱে দেখুৱাই আহিছিল । উত্তৰ কোৰিয়াই যে জাপান আক্ৰমণ কৰিব, আন বহুতো বিশেষজ্ঞৰ দৰে সেয়া ময়ো বিশ্বাস নকৰোঁ । কিন্তু অতিৰঞ্জিত নিউজবোৰ চাই সাধাৰণ ৰাইজ তেনেকৈ বিশ্বাস কৰিবলৈ বাধ্য । ফলত অতীজৰ পৰা যিসকল কোৰিয়ান লোক জাপানত বাস কৰি আহিছে তেওঁলোকৰ সৈতে স্থানীয় জাপানী লোকৰ সম্পৰ্ক সিমান ভাল নহয় । জাপানত কোৰিয়ান লোকক পক্ষপাতিত্বমূলক ব্যৱহাৰ কৰা হয় । এই সমস্যাটো সমাধান কৰাও সহজ নহয় । আগতে জাপান আৰু উত্তৰ কোৰিয়াৰ মাজত ফেৰী চলিছিল । কোৰিয়ান লোকৰ অঙহী-বঙহীৰ মাজত অহা-যোৱা চলিছিল । বৰ্তমান সেয়া বন্ধ হৈ আছে । 

প্ৰশ্ন: জাপানত লিখক এজনে লেখা-মেলা কৰি জীৱিকা অৰ্জন কৰিব পাৰে নে ?

মাছাতছুগু ওন’: প্ৰতিষ্ঠিত লিখকৰ বাবে সেয়া সম্ভৱ । কাকতে-পত্ৰই লিখিলে ভাল মাননি পোৱা যায় । কিন্তু নতুন লিখকৰ বাবে লেখা-মেলা কৰি জীৱন নিৰ্বাহ কৰাটো সহজ নহয় ।

প্ৰশ্ন: যুৱ-প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ পৰিৱেশ কেনেকুৱা ?

মাছাতছুগু ওন’: কিতাপ খুব কম পঢ়ে । আপুনি যদি জাপানৰ মেট্ৰ’ অঞ্চললৈ যায় দেখিব সকলোৰে হাতে হাতে স্মাৰ্টফোন আৰু তাত তেওঁলোকে খেলি আছে গেম । মানুহে কিতাপ কিনা বাদ দিছে । ই-বুক বা আনকি kindle তো মানুহে কিতাপ নিকিনা হৈছে । টুইটাৰ আৰু ইনষ্টাগ্ৰাম খুব জনপ্ৰিয় । সেইবোৰতে ব্যস্ত থাকে । জাপানত মোবাইল গেম ইণ্ডাষ্ট্ৰী খুবেই আগবঢ়া ।

প্ৰশ্ন: কিতাপ পঢ়িবলৈ যদি পাঠকেই নোহোৱা হৈছে, লিখকে লিখি আছে কিয় ?

মাছাতছুগু ওন’: কিতাপ পঢ়া মানুহ নিশ্চয়ে কমিছে কিন্তু তথাপিও এটা নিৰ্দিষ্ট সংখ্যক মানুহে এতিয়াও কিতাপ পঢ়ে । এয়া বৰ চিন্তা কৰিবলগীয়া কথা যে জাপানত আজিৰ প্ৰজন্মই কিতাপ পঢ়িবলৈ বাদ দিছে, চিন্তা কৰিবলৈ বাদ দিছে । চিন্তা কৰিলেই তেওঁলোকৰ ভাগৰ লাগে ।

মৃগাংক মধুকল্য: ছাত্ৰ-ছাত্ৰীক পঢ়াওতে তেন্তে অসুবিধা নাপায় নে ?

মাছাতছুগু ওন’: নিশ্চয় । সাংঘাতিক অসুবিধা পোৱা যায় । ক্লাছত ছাত্ৰ-ছাত্ৰীবোৰে ক্ৰিটিকেল চিন্তা কৰাটো মই বিচাৰো । কিন্তু কোনো এটা বিষয়ৰ ওপৰত যেতিয়া তেওঁলোকৰ সৈতে আলোচনা কৰিব বিচাৰো তেওঁলোকে অকল মূৰটো ল’ৰাই থাকে । কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিবিচাৰে । তেওঁলোকৰ ব্যৱহাৰ খুবেই ভাল কিন্তু তেওঁলোকে চিন্তা নকৰে । মোৰ বিভাগটো হৈছে সাহিত্যৰ । ছাত্ৰ-ছাত্ৰীবোৰক মই কওঁ - চিনেমা চাবলৈ যোৱা, থিয়েটাৰলৈ যোৱা, কিতাপৰ দোকানলৈ যোৱা । কিন্তু তেওঁলোক সেইবোৰত যাবলৈ অকনো আগ্ৰহ প্ৰকাশ নকৰে ।

মৃগাংক মধুকল্য: জাপানক যিবোৰ ভাল কথাৰ বাবে আমি জানো লাহে লাহে সেইবোৰ দেখোন নাইকিয়া হৈ যাব তেনেহ’লে !

মাছাতছুগু ওন’: এয়া এক ভয়াবহ সমস্যা । আজি আবেলি আপুনি মোক কিতাপৰ দোকান এখনলৈ লৈ গৈছিল । তেনেধৰণৰ কিতাপৰ দোকান জাপানত দেখিবলৈ পাবলৈ নাই । (পাণবজাৰৰ ‘ৱেষ্টাৰ্ন বুক ডিপো।) জাপানৰ সৰু চহৰবোৰত এতিয়া এখনো কিতাপ দোকান দেখিবলৈ নোপোৱা অৱস্থা । কিতাপ কিনিব লগা হ’লে মানুহে ‘এমাজন’ৰ পৰা কিনে ।

প্ৰশ্ন: লাইব্ৰেৰীৰ ক্ষেত্ৰত কি অৱস্থা ?

মাছাতছুগু ওন’: লাইব্ৰেৰীৰ অৱস্থা বেয়া নহয় । বহুতো লাইব্ৰেৰীৰ ব্যক্তিগতকৰণো হৈছে । জানেই জাপানী সমাজখন হৈছে বয়সীয়া লোকৰ সমাজ । বয়সীয়া লোক সকলে লাইব্ৰেৰীত গৈ সময় কটায় । কিতাপ কিনি পঢ়াতকৈ তেওঁলোক লাইব্ৰেৰীলৈ যায় । 

প্ৰশ্ন: আমাৰ ইয়াত জাপানৰ চেৰী ফুল আৰু হাইকু অতি জনপ্ৰিয় । প্ৰায় চাৰি দশক পূৰ্বেই অসমৰ এগৰাকী অতি শ্ৰদ্ধাৰ কবি নীলমণি ফুকনে জাপানী কবিতা আৰু হাইকু অসমীয়ালৈ অনুবাদ কৰি তাহানিতে অসমৰ পাঠকক চিনাকী কৰাই দিছিল । জাপানত এতিয়াও হাইকু লিখা হয় নে ?

মাছাতছুগু ওন’: সঁচাকৈ ! ইয়াত জাপানী কবিতাৰ অনুবাদ হোৱা বুলি জানি খুবেই সুখী হ'লো । জাপানত হাইকু লিখা আৰু পঢ়া কিছু সংখ্যক লোক এতিয়াও আছে । হাইকুৰ আগৰ ৰূপটো অলপ সলনি হৈছে । 

প্ৰশ্ন: আশা কৰোঁ এদিন আপোনাৰ কিতাপো অসমীয়ালৈ অনুবাদ হ'ব । আমাক সময় দিয়া বাবে ধন্যবাদ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages