ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
লোকেল গুজৱত 
কৰক হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. ৰামুৰাম মাধৱৰ টুইটাৰ অঙঠাৰ যোগেদি পৰহি গোটেই দেশতে সদৌ ভাৰত প্ৰতিমূৰ্তি আক্ৰমণ প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰা হয়। দেশৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে ৰঙা-তৃণমূলীয়া দুৰ্বৃত্ত সমাজেও দলমত নিৰ্বিশেষে কোনো ভেদাভেদ নাৰাখি ইয়াত অংশগ্ৰহণৰ বাবে ওলাই অহাত প্ৰধানসেৱকীয়েও দুখ প্ৰকাশ কৰিবলৈ বাধ্য হয়। কোনোবাই কাৰোবাৰ প্ৰতিমূৰ্তিৰ মূৰ ভাঙি ফুটবল খেলা আৰু প্ৰতিদ্বন্দীৰ পাৰ্টিয়ে কাৰোবাৰ মুখত ছাই সনাকে ধৰি দুই এটা অপ্ৰীতিকৰ ঘটনাৰ বাতৰিও আমালৈ আহি আছে বুলি 'গুজৱ নিউজ'ত প্ৰকাশ।

২. ৰাষ্ট্ৰ পৰ্যায়ৰ কেঁকোৰা খেল এখন অলপতে সদৌ সফল অসমীয়া এমুঠিমানৰ মাজত সফলতাৰে অনুষ্ঠিত হৈ যায়। এই খেলখনত কৰ্ট-কেছাৰীত খেলা কৰা মানুহৰ লগতে, টিভিৰ পৰ্দাত চিঞৰাৰ অভিলেখ গঢ়া আৰু গীতমাতৰ বাবাভক্ত গুৰু এজনেও সক্ৰিয় অংশগ্ৰহণ কৰি খেল জমাই তোলে। সেই আপাহতে ৰাজ্যিক পৰ্যায়তো কীটকীট ভূঞাকে ধৰি হালধীয়া, নীলা, বেঙুনীয়া ভিন্ন ৰঙৰ খবৰ বিক্ৰেতায়ো সিৰ ফুলাই নিজৰ অৰিহণা যোগায় বুলিও জানিব পৰা গৈছে।

৩. নামনি অসমত এতিয়া হাইড্ৰামা মুহিলাৰীয়ে 'মাটিৰ অধিকাৰ কাঢ়িমেই কাঢ়িম' নামৰ এখন নাটক অনুষ্ঠিত কৰি লাজত পৰাৰ খবৰ পোৱা গৈছে। প্ৰতিবাদী খেলৰ পকনীয়াত পৰি এতিয়া হাইড্ৰামাই মানুহ মাত্ৰেই ভুল বুলি নাটক সামৰণি ঘোষণা কৰাৰো বাতৰি পোৱা গৈছে।

৪. হেৰাই গল নেকি কনপোনা গগৈ। সদৌ অসম নিৰুদ্দেশ বাতৰিত প্ৰকাশ পোৱা মতে মাছৰ মতা-মাইকীৰ বিশেষজ্ঞ কনপোনা গগৈ কোনো চেনেল, বাতৰি আদিত বিচাৰি পাবলৈ নোহোৱা গৈছে। মানুহে শংকা কৰা মতে নাতিলৰা গগৈৰ ককাক আইতাক বগামানুহৰ দেশলৈ গৈহে ৰাইজৰ টেন পাৰ্চেণ্ট মৰম বিচৰা কনপোনা নিৰুদ্দেশ হৈ থকা বুলি  গোপনে খবৰ প্ৰকাশ পাইছে। অহা ২০১৯ৰ আগে আগে ভোটৰ নাটত ভাও লবলৈ অৱশ্যেই তেওঁ ভুমুকি মাৰিব বুলিও গুজৱ নিউজৰ সূত্ৰত প্ৰকাশ।

৫. সদৌ অসম হাতোৰা কংগ্ৰেছৰ বৰঘৰত এতিয়া 'ৰাজা বনাম ৰকী' নামৰ এখন দলাদলিৰ খেল তীব্ৰগতিত চলি থকাৰ উমান পোৱা গৈছে। ৰকী ককায়ে অৱশ্যে পাপমোচনৰ বাবে অচিৰেই পদুম পাতৰ তলত আশ্ৰয় লোৱাৰ সম্ভাৱনাৰ কথাও বতাহত কমোৱা তুলা উৰাৰ দৰেই উৰি ফুৰাৰো খবৰ প্ৰকাশ পাইছে।

৬. সদৌ অসম বেংকত ধনথোৱা নাগৰিক সংঘই এচবিআইক নাম সলনি কৰি দুয়োফালে ধাৰ থকা কৰত বেংক নাম দিবলৈ আহ্বান জনাইছে। থলেও কাটে, উলিয়াইলেও ধন কটাৰ পৰা উপায় নোহোৱা হোৱা সাধাৰণ নিঃকিন গ্ৰাহক সংঘই তেওঁলোককো নীৰভ মোদীৰ দৰে অলপ বহল অন্তৰেৰে দান দক্ষিণা কৰি উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ জনাই পইচা মন্ত্ৰী টেটলী চাহাবলৈ চিঠি লিখাৰ কথাও সূত্ৰত প্ৰকাশ পাইছে।

৭. অসম আকৌ উন্নতিৰ পথত জয় আই বোল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি দক্ষিণৰ বিয়াৰ দৰেই অসমীয়া জীয়াৰী সকলে লমালমে সোণ পিন্ধি তেওঁলোকৰ সৈতে সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে। তুলাৰ পৰা গৈ কেজিত সোণ পিন্ধা সংস্কৃতিৰ আগমনে অসমৰ অৰ্থনীতিক উন্নতিকে প্ৰতীয়মান কৰিছে বুলিও ৰাইজৰ পইচা মন্ত্ৰী হেমেনে নাক মোহাৰি মন্তব্য কৰিছে।

৮.  অসমৰ বাপতি সাহোন চান্দা বৰঙণিৰ তিনিমহীয়া উতসৱ কাষ চাপি অহালৈ চাই সদৌ অসম বৰঙণি কালেক্টৰ সন্থাৰ মাজত ব্যাপক উদ্দীপনা অহাৰ খবৰ পোৱা গৈছে। ৰঙীন চান্দা বহীৰ ছপা কামৰ পৰা অসমৰ ভিন্ন প্ৰেছে তত নোপোৱা অৱস্থা হোৱা বুলিও জানিব পৰা গৈছে। শিল্পী সংঘয়ো ৰাইজক মুক্তহস্তে দান কৰি তেওঁলোকৰ অৱস্থা টনকীয়াল কৰাৰ বাবে সকলো চংস্কৃতি প্ৰেমীলৈ আহ্বান জনাইছে।

৯. অসমৰ দ্ৰুতবেগী নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই এই নাট্যবৰ্ষৰ বাবে মাত্ৰ ত্ৰিশখন নাটক লিখি উলিয়াইছে। তাৰে ভিতৰত 'ফোঁট লোৱা ৰজা', 'ধুৰন্ধৰ কী জয়' আৰু 'সঁচা কলেনো কি ডাল হব' নামৰ নাটক কেইখনে এইবাৰ অসমৰ নগৰে চহৰে খলকনি তোলাটো খাটাং হৈ পৰা বুলিও হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে বুলিও জানিব পৰা গৈছে।

১০. লুইতৰ বুকুত চলি থকা বুলড্ৰেজাৰ মহোতসৱৰ সফল সামৰণিৰ পাছতহে লুইতৰ বুকুলৈ বানৰ প্ৰৱেশ কৰিবলৈ দিয়া হব বুলি ৰাজ্যৰ টুইটাৰ বিপ্লৱী সকলে প্ৰকাশ কৰিছে। এইবাৰ নৈৰ পাৰত অধিক পূজা-অৰ্চনা কৰি বানৰ কৱলৰ পৰা ৰাইজক ৰোধ কৰাৰ বাবে চৰকাৰে কোটি টকাৰ বাজেটি অচিৰেই পাছ কৰিব বুলিও গুজৱ নিউজে প্ৰকাশ কৰিছে।

No comments:

Post a Comment