ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেলেণ্ডাৰঃ চিনেমা হিচাবে কিমান সফল?
ডালিম দাস
'কেলেণ্ডাৰ' নতুন বৰ্ষৰ এখন উল্লেখযোগ্য ছবি। ইয়াৰ জৰিয়তে হিমজ্যোতি তালুকদাৰ অসমীয়া চিনেমাৰ শেহতীয়া নতুন তৰংগৰ ভাগীদাৰ হৈ পৰিল l পৰিচালকৰ সামগ্ৰিক (পৰি)কল্পনা পৰিষ্কাৰ, কাহিনী কথনৰ কৌশল সহজ, সীমাৰ ভিতৰত পৰিস্থিতিৰ পৰ্যৱেক্ষণ আৰু ৰূপায়ন মন কৰিবলগীয়া । অৰুণ নাথ, ৰিমঝিম ডেকা আৰু মলয়া গোস্বামীৰ অভিনয় সাৱলীল , জথৰতাবিহীন । ইয়াতে অসমীয়া মধ্যবিত্তৰ প্ৰাত্যহিক জীৱনৰ ছবি--যাক ক'ব পাৰি জীৱন যাপনৰ চিত্ৰ (image of living) --বিশ্বাসযোগ্যভাৱেই ফুটি উঠিছে । তেনেই পৰিচিত আৱাহাৱা আৰু পৰিস্থিতিৰ ৰূপায়নৰ বাবেই ছবিখন কিছুদূৰ দৰ্শকৰ দৰ্পন হ'বগৈ পাৰিছে ।
গতি কিছু মন্থৰ হ'লেও পৰিচালকৰ পৰিমিতিবোধ আৰু শৈল্পিক নিয়ন্ত্ৰণৰো কিছু উমান নিদিয়াকৈ নাথাকে; আৰু এনেকৈ হয়তো তেওঁ‌ পিছলৈ নিজা এটা শৈলীও গঢ় দিব পাৰে । কিন্তু শিল্পৰ অৰ্থ নিশ্চয় 'টেকনিক'ৰ প্ৰয়োগতেই সীমিত নহয়, মানৱীয় অভিজ্ঞতাৰ ৰূপায়নৰ সামগ্ৰিকতালৈ ই ব্যাপ্ত । এই ৰূপায়নৰ অনিবাৰ্য পদ্ধতি বাস্তৱবাদ বুলি ভৱাৰ সকাম নাই, কিন্তু শিল্পী /স্ৰষ্টাৰ  বাস্তৱবোধ ইয়াৰ যে অন্যতম চৰ্ত, সেই কথা নুই কৰা নাযায় l 'কেলেণ্ডাৰ'ৰ বাস্তৱবোধ সীমিত l কাহিনীৰ সৰলতা এনে সীমাৱদ্ধতাৰ সাধাৰণ কাৰণ নহ'ব পাৰে; আপাতঃ সৰল কাহিনী বা ঘটনাৰ মাজেৰেও ৰসোত্তীৰ্ণ শিল্পৰ ঐশ্বৰ্য ফুটি উঠিব পাৰে। কেলেণ্ডাৰত এই সীমাৱদ্ধতা কাহিনীৰ দুৰ্বলতাৰ মাজেৰে ওলাই পৰিছে।


একধৰণৰ সমালোচনামূলক দৃষ্টিভংগীৰে হয়তো পৰিচালকে এই সীমা ডেই গভীৰ শিল্প-দৃষ্টি অৰ্জন কৰিব পাৰিলেহেতেন। উদাহৰ্ণস্বৰূপে 'কেলেণ্ডাৰ'ত মানুহৰ অপূৰ্ণ হৈ ৰোৱা সৰু সৰু প্ৰত্যাশা ফুটি উঠিছে, কিন্তু ইয়াৰ মধ্যবিত্তীয় পৰিমণ্ডলটো আওকান কৰিব নোৱাৰি ।


পৰিয়ালৰ ভৰণ-পোষণ আৰু সামাজিকতাৰ ঘেৰৰ মাজতেই সৰু সৰু আশা-স্বপ্নৰ সন্ধানেৰে মধ্যবিত্ত সীমাৱদ্ধ; নিজৰ আশা-আকাংক্ষাক লৈ যিমান উদ্বিগ্ন, সেই অনুপাতে কৰ্কশ বাস্তৱৰ বোধৰ মাজেৰে সাহসেৰে নিজক অতিক্ৰমি যোৱাৰ তাগিদা তাকৰ। কেলেণ্ডাৰ'ৰ প্ৰথম ভাগত উপস্থাপিত হৈছে কাকতি দম্পতিৰ একাকীত্বৰ সমান্তৰালকৈ পুত্ৰৰ জীৱিকাৰ সংকট। এই সংকটেই আছিল কাহিনীৰ প্ৰথমাৰ্ধৰ আৱেগিক ভাৰকেন্দ্ৰ। কিন্তু সেই সংকট সংবেদনশীল ৰূপত মূৰ্ত হৈ নুঠিল, যাৰ বাবে হয়তো প্ৰয়োজন আছিল পৰিস্থিতিৰ অধিক সূক্ষ্ম অনুধাৱন , details আৰু ভিন্ন ব্যঞ্জনাৰ জৰিয়তে ইয়াৰ ৰূপায়ন। এইখিনিৰ অভাৱৰ বাবে পুত্ৰৰ  স্বীকাৰোক্তিৰ অভিঘাত সেৰেঙা। মাকৰ সমুখত ৰাজাৰ (গুঞ্জন ভৰদ্বাজ) অসহায় স্বীকাৰোক্তিয়ে কাহিনীক এটি শীৰ্ষবিন্দুত ( climax) উপনীত কৰোৱাইছে সঁ‌চা, কিন্তু পতি-পত্নীৰ পাৰস্পৰিকতাই যেন পুত্ৰৰ সমস্যাক সামৰি সুতৰি থৈ দিলে! মনোৰমা কাকতিয়ে ৰোগাতংকত ভোগা গিৰিয়েকক ল'ৰাৰ আচল অৱস্থাৰ কথা কৈ 'টেনশ্যন' দিব নুখুজিলে l কাহিনীটোৰ ঠিক এই কেঁ‌কুৰীতেই পৰিচালকে বাস্তৱানুৱৰ্তীতাৰ পথ এৰি সমাহিত মেল'ড্ৰামাৰ বাট ল'লে l আনহাতে ৰাজাৰ অৱস্থাটো ভালদৰে মূৰ্ত হৈ নুঠিল, এনেকি পৰিয়ালটোৰ ওপৰত ইয়াৰ প্ৰভাৱ আংশিক হৈয়েই ৰ'ল।


প্ৰশ্ন হ'ব পাৰেঃ পুত্ৰৰ সংকট চিনেমাখনৰ মূল বিষয় নহয়, মূল সমস্যাটো মাক-দেউতাকৰ নিঃসংগ-অসহায় অৱস্থাটো। কিন্তু পুত্ৰ-সান্নিদ্ধ্যৰ প্ৰত্যাশাতকৈও পুত্ৰৰ অৱস্থাৰ জ্ঞান অধিক বেদনাদায়ক; কিন্তু এনেকৈয়ে দম্পতিহালে এক সামাজিক সংকটৰ মুখামুখী হ'লহেতেন, আৰু ই চিনেমাখনক অন্য, অপ্ৰত্যাশিত গতি দিলেহেতেন; এই কৰ্কশ বাস্তৱৰ মোকাবিলা কৰোঁ‌তে মধ্যবিত্ত জীৱন আৰু চিন্তাৰ দ্বন্দ্ব-পৰিহাস উন্মোচিত হৈ পৰিলেহেতেন।

এতিয়া অন্য এটা প্ৰসংগলৈ আহোঁ‌। অতীত সমাজৰ যি কাঠামোৱে জৈৱিক বান্ধোনৰ কেতবোৰ  প্ৰমূল্য সজীৱ কৰি ৰাখিছিল, বিশ্বায়ন-উত্তৰ আৰ্থ-সামাজিক পৰিস্থিতিত সেইবোৰত বহুলাংশে বস্তুতঃ অকাজী হৈ পৰিল। জীৱিকাৰ বৰ্ধনশীল চাপ, বস্তুগত প্ৰয়োজনৰ ভীৰ আৰু পূঁ‌জিকেন্দ্ৰিক জীৱনৰ দাবীয়ে পাৰিবাৰিক সম্পৰ্কসমূহত অভূতপূৰ্ব ধৰণে আউল লগালে। ইয়াৰেই এটা সূঁ‌তি--পিতৃ-মাতৃৰ প্ৰতি অনাদৰ-অৱজ্ঞাৰ ক্ৰমবৰ্ধমান পৰিঘটনা। এইখিনিতেই বৃদ্ধাশ্ৰমৰ সামাজিক তাৎপৰ্য ; বৃদ্ধাশ্ৰমৰ ধাৰণাৰ সৈতেই সন্তানৰ অৱহেলাৰ একোটা প্ৰাক-ইতিহাস সাঙোৰ খাই থাকে (বৃদ্ধাশ্ৰমৰ ব্যৱহাৰিক উপযোগিতাৰ কথা কবলৈ যোৱা নাই)। আনধৰণে ক'বলৈ হ'লে, বৃদ্ধাশ্ৰম সেই অৱহেলাৰ সূচক বা স্মাৰক । 'কেলেণ্ডাৰ'ত মনোৰমা কাকতিয়ে সেই সামাজিক ইংগিত / অৰ্থ বুজি পায়, সেয়ে নিতান্তই ব্যৱস্থাপনা-সূলভ ব্যৱহাৰিক বিচাৰেৰে বৃদ্ধাশ্ৰমৰ প্ৰস্তাৱ আগ নবঢ়াই পুত্ৰ-বোৱাৰীৰ ভৱিষ্যত অনাদৰৰ (মিছা) আশংকা এটা প্ৰকাশ কৰিছে; অৰ্ণৱ কাকতিয়ে এই প্ৰস্তাৱ পোনচাটেই নাকচ কৰিছে, কাৰণ তেনে আশংকা অমূলক l যি কাৰণতেই নহওক, দম্পতিহালে বৃদ্ধাশ্ৰমৰ এই সামাজিক ইংগিত ব্যৱহাৰ কৰিছে বা ইয়াক স্বীকৃতি দিছে। কিন্তু কাকতি সম্পূৰ্ণ সংশয়মূক্ত নে? বহু উদগ্ৰীৱ আয়োজনৰ পিছত বোৱাৰী নাহিব বুলি জানি তেওঁ‌ খেদ প্ৰকাশ কৰিছে--"আজিকালি সময়বোৰ নিমিলাই হ'ল কাৰো "। পুত্ৰই অকস্মাত দিল্লীলৈ উভতিব লগীয়া হ'লত তেওঁ‌ উৰুকাৰ আয়োজন নাকচ কৰিছে। জুই পুৱাই থকা উৰুকাৰ ৰাতিৰ দৃশ্যত বিচ্ছুৰিত ফিৰিঙতি আৰু অৰুণ নাথৰ মুখৰ অভিব্যক্তিয়ে একধৰণৰ বিপন্নতাকেই ফুটাই তুলিছে। সন্তানৰ উষ্ণ সান্নিধ্যৰ অভাৱৰ এটা অব্যক্ত খেদ চিনেমাখনত বিয়পি আছে; বৃদ্ধাশ্ৰমৰ সামাজিক ইংগিত এই প্ৰেক্ষাপটত অপাংক্তেয় নহয় ; আৰু এনেকৈয়ে ক'ব নোৱৰাকৈয়ে চিনেমাখনত সন্তানৰ অনাদৰৰ এটা অধিপাঠ ৰচিত হৈছে l সমস্যাটো হ'ল, পুত্ৰৰ জীৱিকাৰ সংকট আৰু বৃদ্ধশ্ৰমৰ সামাজিক ইংগিত কাহিনীৰ দুই অপাংক্তেয় উপাদান। অৱস্থাৰ বিচাৰে বৃদ্ধাশ্ৰমৰ এই ইংগিত নাকচ কৰে, আনহাতে বৃদ্ধাশ্ৰমে পুত্ৰৰ অৱস্থাৰ বিচাৰ অপ্ৰাসংগিক কৰি তোলে। যদি বৃদ্ধাশ্ৰমৰ এই ইংগিতটো অপ্ৰাসংগিক, পৰিচালকে অন্য এটা সামাজিক সমস্যাৰ পৰা আঁ‌তৰি আহিছে। আনহাতে বৃদ্ধাশ্ৰম আৰু দিল্লীস্থিত পুত্ৰৰ মাজত সহৃদয়, সমস্যাবিহীন যোগাযোগ কাহিনীৰ মূল দ্বন্দ্ব নিৰসনৰ বাবে ব্যতিক্ৰমী উদ্ভাৱন! (এই প্ৰশ্ন অমূলক নহয়--পুত্ৰৰ সংকট দূৰ হ'ল নে?)

আমাৰ মন্তব্যঃ বাস্তৱৰ যধাৰ্থ অন্বেষণ আৰু সজীৱ জীৱনবোধে কাকতি-দম্পতিৰ দৈনন্দিনতাৰ অলপীয়া ফ্ৰেমতেই আমাক অনন্য চলচিত্ৰ-অভিজ্ঞতা প্ৰদান কৰিলে l পৰিচালকৰ নিষ্ঠা আৰু যোগ্যতাৰ যি ইতিবাচক চানেকি 'কেলেণ্ডাৰ'ত পাওঁ‌, ক'ব পাৰি যে এই প্ৰত্যাশা ভিত্তিহীন নহয় । নিঃ সন্দেহে আমি বাট চাই ৰ'ম ভৱিষ্যতলৈ ।
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment