বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বৰ্ষান্ত বিচাৰঃ 
অসমীয়াই কি পালে, কি হেৰুৱালে
ৰক্তিম শৰ্মা
এটা বছৰ অতীত হ’ল ৷ পাৰহৈ যোৱা বছৰটোত অসমবাসীয়ে কি পালে কি হেৰুৱালে তাক সময়ৰ তুলাচনীয়ে নিশ্চয় নিৰ্ণয় কৰিব ৷ সাধাৰণ জনতাই কিন্তু বিগত বছৰটোত হতাশা আৰু দোমোজাৰ বাহিৰে অন্য একো নাপালে ৷ জাতি-মাটি-ভেটীৰ নিৰাপত্তাৰ আবেগেৰে শাসনভাৰ লোৱা তথাকথিত পৰিৱৰ্তনকামী চৰকাৰখনে বিগত বছৰটোত সম্পূৰ্ণ বিপৰীত চৰিত্ৰ উদঙাই দিলে ৷ বিগত বছৰত হিন্দুত্ববাদৰ উত্থান হ’ল , স্বাভাৱিকতে মুছলীমসকল আতংকিত হ’ল আৰু অন্য মৌলবাদো বাঢ়িল ৷ হিন্দুত্ববাদৰ উত্থানৰ ফলত বহিৰাগতৰ শক্তি বৃদ্ধি হ’ল ৷ বহিৰাগতই অসমীয়াৰ গাত হাত তুলিব পৰা হ’ল ৷ অসমীয়াৰ অস্তিত্বক বুঢ়া আঙুলী দেখুৱাই নাগৰিকত্ব আইন সংশোধনৰ কুছকাৱাজ ত্বৰাণ্বিত কৰা হ’ল ৷ এইদৰে অসমীয়া সমাজখনকেই ধ্বংস কৰি দিয়াৰ পৰিকল্পনা চলিল ৷ তাৰ মাজতেই পূৰ্বৰ জাতীয় শিবিৰবোৰৰ হিন্দুত্ববাদীৰ ওচৰত আত্মসমৰ্পন লগতে এচাম সুবিধাবাদী ভণ্ড জাতীয়তাবাদীৰো উত্থান বিগত বছৰটোত মনকৰিবলগীয়া দিশ ৷ বিগত বৰ্ষৰ আন এক উল্লেখযোগ্য দিশ হ’ল চৰকাৰৰ ফেচিষ্ট-পুলিচী শাসনৰ নগ্ন স্বৰূপ ৷ নাগৰিক পঞ্জীকলৈ নানান চক্ৰান্ত , ন্যায়ালয়ৰ ভৰ্ৎসনা আদি বিগত বৰ্ষৰ অন্যতম দিশ ৷


ৰাজনৈতিক আৰু সামাজিক বিষয়বোৰৰ লগতে অৰ্থনৈতিকভাবেও বিগত বৰ্ষত কেবল অনগ্ৰসৰতা আৰু উন্নয়নহীনতাই বিৰাজ কৰিলে ৷ বিমুদ্ৰাকৰণ ফ্লপ শ্ব’ত পৰিণত হোৱাৰ পিছত বিগত বৰ্ষত জিএছটি আনি বৃহৎ পুঁজিপতিক সন্তুষ্ট কৰিবলৈ উৎপাদিত সামগ্ৰীৰ লাভ নিশ্চিত কৰা হ’ল বিপৰীতে সাধাৰণ ক্ষূদ্ৰ ব্যৱসায়ীক ভাতে মৰাৰ দিহা কৰিলে ৷ নতুনকৈ আন এক জনবিৰোধী বিল অনাৰ সিদ্ধান্ত লোৱা হৈছে য’ত জনতাই সাঁচতীয়া ধনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব ৷ পুঁজিপতিক ঋণ দি দি দেউতীয়া হোৱা বেংকবোৰক ৰক্ষা কৰিবলৈ বা পুনৰ পুঁজিপতিৰ বাবে ঋণ বাট সুচল কৰিবলৈ নানান চক্ৰান্ত বিগত বৰ্ষৰ অন্যতম উল্লেখযোগ্য দিশ ৷

যোৱা বৰ্ষটোও প্ৰপাগাণ্ডা বৰ্ষ হৈ ৰ’ল ৷ চৰকাৰী-বেচৰকাৰী মাধ্যমবোৰে অহৰ্ণিশে প্ৰপাগাণ্ডা অব্যাহত ৰাখিল ৷ জনতাক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ মূল প্ৰপাগাণ্ডা হ’ল বাংলাদেশী উচ্ছেদ ৷ এই প্ৰপাগাণ্ডাৰ বলতেই আমচাঙত খিলঞ্জীয়াৰ মাটি ভেটি কাঢ়ি লোৱাৰ দিহাও কৰা হ’ল ৷ উচ্ছেদ ৰাজনীতিয়েই হৈ পৰিল অসমীয়া খিলঞ্জীয়াবিৰোধী চৰকাৰখনৰ মান ইজ্জতৰ বৈতৰণী পাৰ হোৱাৰ গো-নেগুৰ ৷ এফালে বাংলাদেশী মুছলমানৰ দ্বাৰা অসমীয়াৰ অস্তিত্ব হেৰুওৱাৰ ভয় দেখুৱাই থকা আনহাতে বাংলাদেশ চৰকাৰৰ সৈতে প্ৰত্যাৱৰ্তন বিষয়ত কোনো চুক্তি নকৰা , অসমীয়া খিলঞ্জীয়াৰ সংৰক্ষণৰ বাবে কোনো চিন্তা নকৰা যিদৰে এক ভণ্ডামি ঠিক তেনেদৰে চীনৰ নদীবান্ধৰ ভয় দেখুৱাই প্ৰপাগাণ্ডা কৰি আন্তৰ্জাতিক মঞ্চত একোডাল কৰিব নোৱাৰাৰ ব্যৰ্থতা লুকুৱাবলৈ মিডীয়াৰদ্বাৰা চীনক তুলাধুনা এক হাস্যকৰ প্ৰপাগাণ্ডা হৈ ৰ’ল ৷ এইবোৰ প্ৰপাগাণ্ডাকে ৰাইজে হজম কৰি গৈ থাকিল আৰু চৰকাৰে স্বস্তিৰে নাকত তেল দি কৰ্পোৰেটৰ তৈলমৰ্দন কৰি গৈ থাকিল ৷

ইমানৰ পিছতো অসমত গণতান্ত্ৰিক শক্তিবোৰ ঐক্যবদ্ধহৈ ফেচিষ্ট আৰু গণবিৰোধী শক্তিবোৰৰ চক্ৰান্ত আৰু আগ্ৰাসনৰ বিৰূদ্ধে শক্তিশালী গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিব নোৱাৰাটো বিগত বৰ্ষত বাম-গণতান্ত্ৰিক আৰু জাতীয় শিবিৰবোৰৰ এক অন্যতম বিফলতা হিচাপে চিহ্নিত হৈ ৰ’ল ৷ বিগত বৰ্ষত এক বিকল্প সন্মিলীত ৰাজনৈতিক মঞ্চ গঠন নোহোৱাটো আৰু তাৰবাবে একত্ৰিত হ’ব নোৱাৰাটো অসমৰ ইতিহাসত এক ট্ৰেজেদীহৈ ৰৈ গ’ল ৷

অসমীয়া সমাজখনেই হল কৃষিভিত্তিক আৰু ঘৰুৱা শিল্প প্ৰধান । এই কৃষি অৰ্থনীতি আৰু ঘৰুৱা শিল্পৰ মাজেৰেই বিকাশ লাভ কৰিছে অসমীয়া সংস্কৃতি আৰু সামাজিক মূল্যবোধ । কিন্তুএই দুয়োবিধ অৰ্থনীতিক বিকাশ হবলৈ নিদিয়া বাবে কৃষিৰ ক্ষেত্ৰটো পৰমুখাপেক্ষী হৈ পৰিছে অসমীয়া । প্ৰকৃততে এটা জাতিৰ জাতীয় চেতনাক ধ্বংস কৰিবলৈ তাৰ জাতীয় অৰ্থনীতিক ভাঙি দি বহিৰাগতৰ অৰ্থনীতি প্ৰতিষ্ঠা কৰা বৃটিছৰো কৌশল আছিল । সেই একেই কৌশল একেই ব্যৱস্থাৰেই আগবাঢ়িছে কেন্দ্ৰ-ৰাজ্য চৰকাৰ । ব্যক্তিগতকৰণ আৰু কৰ্পোৰেট প্ৰধান অৰ্থনীতি ব্যৱস্থাত জাতীয় গণ সমাজ- সংস্কৃতিৰ নিস্তাৰ নাই । সমবায়ভিত্তিক কৃষি পাম , ঘৰুৱা শিল্পৰ আধুনিকীকৰণ আদিৰ মাধ্যমত জাতীয় অৰ্থনীতিৰ বিকাশ নহলে জাতীয় সংস্কৃতি কৰ্পোৰেটকৰণৰ পৰা মুক্ত নহব । তাৰবাবে অসমবাসীৰ হাতত ৰাজনৈতিক আত্মনিৰ্ধাৰণৰ অধিকাৰ , সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ মাধ্যমত ৰাজনৈতিক-অৰ্থনৈতিক আমোল পৰিৱৰ্তনৰ দৰকাৰ ।

শেহতীয়াকৈ অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাট পৰিছে ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাৱৰ পৰা । ইয়াৰ বিৰূদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ লগতে এক শৈক্ষিক-সাংস্কৃতিক আন্দোলনৰ অতি জৰুৰি হৈ পৰিছে । পৰাগ কুমাৰ দাসে জাতীয় বিদ্যালয়ৰ মাজেৰে এক জাতীয় শিক্ষাৰ আন্দোলন গঢ় দিয়াৰ চেষ্টা কৰিছিল । ই এক সফল অনুস্থান আছিল যদিও কালক্ৰমত ইয়াৰ মুল উদ্দেশ্য স্তিমিত হৈ পৰিল আৰু জাতীয় বিদ্যালয়বোৰ কেৱল ব্যক্তিগত শিক্ষা প্ৰতিস্থান হৈ পৰা দেখা গল । সৰ্বশিক্ষাৰ কিতাপেৰে জাতীয় বিদ্যালয়ৰ পাঠদান চলি থকা দেখা গল বহু ঠাইত । গুনোৎসৱ পাতি চৰকাৰী বিদ্যালয়বোৰক সবলীকৰণ কৰাৰ প্ৰচেষ্টা কৰিছে যদিও ইয়াৰ ফলাফল কিমান দীৰ্ঘস্থায়ী হ’ব সেয়া অনাগত দিনে নিৰ্ণয় কৰিব ৷ অসমীয়াত্বক অপমান কৰি চৰকাৰী ধনেৰে দিনদয়াল নামৰ অখ্যাত হিন্দুত্ববাদী প্ৰৱক্তাৰ নামত একাধিক মহাবিদ্যালয় স্থাপন বিগত বৰ্ষত অসমীয়াৰ বাবে অন্যতম অপমানজনক ঘটনা আছিল ৷

অসমত জাতীয়তাবোধ জীয়াই আছে সৰ্বসাধাৰণ জনগনৰ প্ৰয়োজনত । এই প্ৰয়োজনেই ইয়াক আবেগ আৰু জাতীয় আকাংক্ষাৰ ৰূপ দিছে । এই আবেগ , প্ৰয়োজন আৰু জাতীয় আকাংক্ষাক নেতৃত্ব দিয়াৰ বাবে এক নিস্বাৰ্থ, উতসৰ্গিত সন্মিলীত জাতীয়তাবাদী শক্তিৰ অতীব প্ৰয়োজন । যি জাতীয়তাবাদ হব লাগিব জাতিৰ ৰাজনৈতিক -অৰ্থনৈতিক মুক্তিৰ , ঐক্য প্ৰতিষ্ঠাৰ ।ৰাজনৈতিক মুক্তি বুলি কলে পৰাগ দাসে কোৱা ধৰণে ভাৰতৰ ভিতৰত থাকিয়েই কেন্দ্ৰীভূত শোষণৰ আৰু আধিপত্যবাদৰ পৰা মুক্তিৰে মৰ্যদাপূৰ্ণভাবে সন্মিলীত জাতীয় আত্মনিয়ন্ত্ৰনৰ অধিকাৰ প্ৰতিষ্ঠা কেনেদৰে সম্ভৱ তাৰো চিন্তা চৰ্চা হোৱা দৰকাৰ । সন্মিলীত জাতি এটা জীয়াই থাকিবলৈ তাৰ প্ৰয়োজনীয় কাৰকবোৰ অনুধাবন কৰি ৰাজনৈতিক নেতৃত্ব দিব নোৱাৰিলে অসমীয়াত্বৰ বিপদ অনিবাৰ্য । অসমবাসীৰ বাবে জনবিৰোধী শক্তিবোৰৰ চক্ৰান্ত বুজি ধৰ্ম নিৰপেক্ষ-উদাৰ অসমীয়া জাতীয় সমাজখনক জীয়াই ৰখাৰ আৰু সাধাৰণ মানুহৰ হাতলৈ ক্ষমতা আজুৰি অনাৰ সংকল্পই নতুন বছৰৰ সংকল্প হোৱা উচিত ৷

No comments:

Post a Comment