সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


অসমৰ বন আৰু পৰিৱেশঃ স্পৰ্শকাতৰ কিছু চিন্তা
ড° বিজয় কৃষ্ণ চেতিয়া 

সাম্প্ৰতিক সময়ত অসমত বন্যপ্ৰানী আৰু মানুহৰ সংঘাত এক সাধাৰণ ঘটনালৈ পৰিণত হোৱা যেন আমাৰ অনুভৱ হয় আৰু ইয়াৰ সমসাময়িকভাৱে বন্যপ্ৰানীৰ হত্যা ঘটনাবোৰকও একোটা সাধাৰণ নিত্য নৈমত্তিক ঘটনা দৰে চৰকাৰ বা ৰাইজে গণ্য কৰিবলৈ লোৱা যেন আমাৰ অনুভৱ হয়।

যদিও অসমৰ নতুন পৰিৱৰ্তনকামী চৰকাৰৰ বনমন্ত্ৰী গৰাকীৰ উদ্যম শলাগিব লগীয়া, তথাপিও বনবিভাগৰ কৰ্ম সংস্কৃতিকলৈ অসমীয়া ৰাইজ যে যোৱা ডেৰটা বছৰে যে সন্তষ্ট নহয়, সেই কথাও স্পষ্ট।


যোৱা ডেৰটা বছৰে বনবিভাগৰ কৰ্মসূচী সমূহ বিশ্লেষণ কৰিলে আমি অনুভৱ কৰোঁ, অসম চৰকাৰৰ বন বিভাগটো এটা বিয়াগোম নিষ্কমা বিভাগ। কিয়নো বিয়াগোম বিভাগটোৰ বহুত বিষয়া, উপ-বিষয়া থকা স্বত্বেও চোৰাং বালি ট্ৰাক ধৰিবলৈ, চোৰাং কাঠৰ কুণ্ডা ধৰিবলৈ, অবৈধ পাহাৰ খন্দা বন্ধ কৰিবলৈ, চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়ৰ খবৰ লবলৈ, হাতী মৰাৰ খবৰ ল'বলৈ মাননীয়া মন্ত্ৰী মহোদয়াই স্বয়ং ঢপলিয়াই যোৱাটোৱে নিশ্চয়কৈ আমাৰ ধাৰণাটোকে শুদ্ধ বুলি প্ৰতীয়মান কৰে।এই ধাৰণাক আৰু সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে আমাৰ মনত তলৰ প্ৰশ্নবোৰৰ সূচনা হয়,

১। বন বিভাগত মন্ত্ৰী মহোদয়াক বাদ দি বাকী সকলো ৰাজহুৱা ধন

অপচয় কৰা মানৱসম্পদ ।

২। বিভাগীয় মন্ত্ৰী গৰাকী বিভাগৰ বৰমূৰীয়া সকলক নিয়ন্ত্ৰণ ও

পৰিচালনা কৰিবলৈ সক্ষম নহয়।
৩। বন বিভাগৰ কোনো সুনিদিষ্ট বৈজ্ঞানিক কৰ্ম-সংস্কৃতি নাই।

মহোদয়া ছটা মাহ বাগৰি যোৱা পিছত আজি তাৰিখত আমি অনুভৱ কৰোঁ অসমত বন্যপ্ৰানী-মানুহৰ স্ংঘাত আৰু বনপ্ৰানী হত্যা সমস্যাটো স্থায়ী সমাধানৰ স্বাৰ্থত এটা আবেগ বৰ্জিত বৈজ্ঞানিক পৰিৱেশ গঢ়ি তোলা অতিকৈ প্ৰয়োজন আহি পৰিছে। আমাৰ চিন্তাৰে ঢুকি পোৱা কিছু দিশৰ প্ৰতি আপোনাৰ দৃষ্টিআৰ্কষণ কৰা চেষ্টা কৰিলোঁ,

১। ভাৰতীয় ৰেলৱে , অসম পৰিবহন বিভাগ আৰু আপোনাৰ বন বিভাগে বন্য প্ৰাণী সুৰক্ষাৰ বাবে নূন্যতম উমৈহতীয়া কাৰ্যসূচী (Common Minimum Programme) প্ৰস্তুত কৰিব নোৱাৰে নে? এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হব পৰিবহন সংস্থাসমূহক জীৱ-জন্তু অহা-যোৱা কৰা বাটসমূহত (animal corridor) গ্ৰহন কৰিব লগীয়া প্ৰয়োজনীয় সাৱধানতাৰ প্ৰতি সজাগ ও দায়বদ্ধ কৰা।এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে GIS Mapping দ্বাৰা জীৱ-জন্তুৰ বাটসমূহ চিনাক্তকৰণ কৰি, সেইসমূহক বনবিভাগৰ মেপত তথা webpage ত সন্নিবিষ্ট কৰা হওঁক আৰু লগতে এইদিশত জনসচেতনতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী গ্ৰহন কৰা হওঁক।এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে North Eastern Space Application Centre, Umiam,Meghalaya য়ে ২০০৭-২০১১ বৰ্ষৰ বাবে অসমৰ গঁড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলত “Habitat mapping and identification of corridors for the movements of elephant using remote sensing and GIS in selective site of Assam” শীৰ্ষক এক অধ্যয়ণ কৰিছিল। এই অধ্যয়ণৰ মূল লক্ষ্য আছিল দ্বীপৰবিল আৰ ইয়াৰ দাঁতি কাষৰীয়া বনাঞ্চলত হাতী-মানুহ সংঘাতৰ কাৰণ নিৰূপণ কৰা আৰু এই অঞ্চলত ৰেলৱে(Railway)বাবে হোৱা হাতী দূৰ্ঘটনা অঞ্চলসমূহ সঠিকভাৱে চিনাক্ত কৰি, হাতীৰ দূৰ্ঘটনা সংখ্যা হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা। আমি বিশ্বাস কৰোঁ, এনেধৰণৰ অধ্যয়ণৰ আজি তাৰিখত আৰু প্ৰয়োজন আছে, লগতে উপৰোক্ত সমস্যা দুটা সঠিক সমাধানৰ স্বাৰ্থত এই অধ্যয়ণসমূহৰ পৰা স্ংগৃহীত তথ্যসমূহৰও সঠিক বৈজ্ঞানিক বিশ্লেষণৰ খুবেই প্ৰয়োজন আছে বুলি আজি তাৰিখত আমি অনুভৱ কৰোঁ।

২। হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ আপোনাৰ বিভাগে ভাৰতৰ বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ case study বোৰ অধ্যয়ণ কৰা ব্যৱস্থা কৰিছে নে? ভাৰতৰ উৰিষ্যা, ছতিশগড় আৰু ঝাৰখণ্ডত প্ৰতি বছৰে প্ৰায় ৬৫% লোকৰ মৃত্যু হাতী মানুহৰ সংঘাতৰ বাবে হয়। এই ৰাজ্যবোৰে সমস্যাটো ৰোধ কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচী আৰু আপোনাৰ বন বিভাগে প্ৰস্তুত কৰা কাৰ্যসূচীৰ এক তুলনামূলক অধ্যয়ণৰ ব্যৱস্থা কৰিলে আমি অনুভৱ কৰোঁ আমাৰ ৰৈ যোৱা ভুল সমূহ চিনাক্তকৰণত সুবিধা হব আৰু সময়োপযোগী আচঁনি প্ৰস্তুত কৰাত সহায়ক হব। (প্ৰয়োজনত elephant in the room শীৰ্ষক পুস্তিকাখন google ত বিচাৰি পঢ়িব পাৰে)

৩। অসমত বৰ্ধিত চাহ বাগিছা বা কিছু উদ্যোগৰ পৰিৱেশ সুৰক্ষা নীতি আওকান কৰা মনোভাৱে হাতী মানুহৰ সংঘাতক নতুন মাত্ৰা দিছে বুলি আপুনি অনুভৱ কৰে নে? উদাহৰণ স্বৰূপে নুমলীগড় শোধনাগাৰৰ দেৱাল ভাঙিবলৈ National Green Tribunal(NGT) য়ে দিয়া নিৰ্দেশক আপুনি কি বুলি বিবেচনা কৰিব। আমি শংকিত নহয় এই ভাঙিবলৈ দিয়া নিৰ্দেশৰ বাবে , আমি শংকিত MoEF য়ে ‍‍‍১৯৯৬ চনতে নিৰ্ধাৰণ কৰা No Development Zone ত কেনেকৈ কোনে নিৰ্মাণৰ অনুমতি দিলে, এইবোৰ কেনে চিন্তাৰ প্ৰতিফলন। আৰু শেহতীয়াকৈ শোণিতপুৰত ৰামদেৱৰ প্ৰস্তাৱিত আয়ুবেৰ্দিক ফাৰ্মত বন্যহস্তীৰ কৰুণ মৃত্যুও আমাৰ দৃষ্টিত পৰিৱেশ সুৰক্ষা বা বন্যপ্ৰানী সুৰক্ষা আওকান কৰা এক উৎকৃষ্ট উদাহৰণ।

এইখিনিতে বন আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় মন্ত্ৰী মহোদয়াৰ দৃষ্টি আৰ্কষণৰ বাবে উপস্থাপন কৰিব বিচাৰিছোঁ, বিষয়টো হ’ল “কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া পৰিৱেশ সুৰক্ষা চিন্তা আৰু ইয়াৰ সফল ৰূপায়ণত ৰাজ্য চৰকাৰৰ দায়বদ্ধতা”। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী মাননীয় প্ৰকাশ জাভেদকাৰে ২০০৬ চনৰ “পাৰিপাৰ্শ্বিক প্ৰভাৱ জৰীপ” বিষয়ক জাননীখনৰ (Environmental Impact Assessment,Notifification 2006)সংশোধন ঘটাই Gazette of India, vide SO No.141 (E) দ্বাৰা এক নতুন জাননী জাৰি কৰে। এই জাননী দ্বাৰাই “পাৰিপাৰ্শ্বিক প্ৰভাৱ জৰীপ”ৰ ওপৰত নিৰ্ভৰ কৰি B2 গোটৰ খনিৰ (বিশেষকৈ বালি খনি আৰু গৌণ মণিক খনি) বাবে প্ৰস্তুত কৰা পাৰিপাৰ্শ্বিক অনুজ্ঞাপত্ৰ প্ৰদানৰ কতৃত্ত্বক বিকেন্দ্ৰীকৰণ(decentralization)কৰি এই কতৃত্ত্বক জিলা পৰ্য্যায়লৈ সম্প্ৰসাৰিত কৰা ব্যৱস্থা কৰে। এই বিকেন্দ্ৰীকৰণৰ মূল উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষা বিষয়ক গুৰুত্ব দি বালি খনন(sand mining), গৌণ মণিক খনন (minor mineral mining) আদি প্ৰক্ৰিয়া সমূহক সৱল কৰা। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিক সফল কৰি তুলিবলৈ জিলা পৰ্য্যায়ত তলত উল্লেখ কৰা ধৰণে দুখনকৈ কমিটি গঠনৰ নিৰ্দেশ দিয়া হয়,

ক।জিলাৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ জৰীপ কৰ্তৃপক্ষ (District Environmental Impact Assessment Authority, DEIAA): B2 গোটৰ খনিৰ বাবে প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ জিলা উপায়ুক্ত অধীনত গঠিত এইখন এখন চাৰিজনীয়া উচ্চ পৰ্য্যায়ৰ কমিটি। এই কমিটিখনৰ আন সদস্যসকল হ’ল, ৰাজহ খণ্ড বিষয়া, জিলা বন বিষয়া আৰু উপায়ুক্তই নিব্বাচিত কৰা বিশেষজ্ঞ।

খ।জিলা পৰ্য্যায়ৰ বিশেষজ্ঞ অনুমোদন কমিটি(District Level Expert Appraisal Committee, DEAC): প্ৰথমখন কমিটিক সহায় কৰিবলৈ জিলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা অধীনত গঠন কৰা এইখন এখন ১১ জনীয়া কমিটি।এই কমিটিত ভূ-তত্ত্ববিদ, ৰিৰ্মট ছেনছিং বিশেষজ্ঞ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্যকে আদি কৰি জিলা প্ৰতিটো কাৰিকৰী বিভাগৰ প্ৰতিনিধিক অন্তভূক্ত কৰা হয়।

ওপৰৰ ব্যাখ্যাখিনি দ্বাৰা পৰিৱেশ সুৰক্ষা ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সূক্ষ্ম বৈজ্ঞানিক চিন্তাৰে গ্ৰহন কৰা আঁচনি বিষয়ে এক সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হ’ল।

এতিয়া আহোঁ মূল প্ৰসংগলৈ, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমৰও প্ৰতিখন জিলাতে উপৰোক্ত কমিটি দুখন গঠন কৰা হ’ল, প্ৰতিখন কমিটিতে প্ৰয়োজনীয় বিশেষজ্ঞও অন্ত:ভূক্ত কৰা হ’ল।কিন্তু বৰ্তমান সময়ত এই কমিটি সমূহ কিমান কৰ্মদক্ষ, এই বিষয়লৈ ৰাইজৰ মনত ক্ৰমাত সন্দেহ অনুভূত হোৱা যেন আমাৰ অনুভৱ হয়। কাৰণ শেহতীয়াকৈ খবৰ কাগজত পোৱা বহুকেইটা খবৰ মতে অসমৰ দুই এখন জিলাত নদীৰ গৰাখহনীয়া হোৱা অঞ্চলতে বালি খননৰ অনুমতি দিয়া হৈছে।গতিকে সন্দেহ অনুভূত হোৱাটো অমূলক নহয় আৰু এনেধৰণৰ চিন্তাৰ পৰা দুটা কথা অনুমান কৰিব পাৰি,

ক।জিলা কমিটি সমূহ পৰিৱেশ সুৰক্ষা প্ৰতি দায়বদ্ধ নহয়।

খ।কমিটিৰ সদস্যসকল প্ৰয়োজনীয় পৰিৱেশ বিজ্ঞানৰ কাৰিকৰী জ্ঞানত চহকী নহয়।

আমি অনুভৱ কৰোঁ খনিজ সম্পদৰ খনন তথা উন্নয়ণ দেশীয় অৰ্থনৈতিক ব্যৱস্থাৰ বাবে অতিকৈ প্ৰয়োজন, কিন্তু একেসময়তে আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ এই উন্নয়ণৰ ফলত প্ৰাকৃতিক ভাৰসাম্যত বিঘ্নিত হব নালাগিব। আৰু ইয়াৰ বাবে উপৰোক্ত জিলা কমিটি দুখনে নিজা দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব লাগিব। এইক্ষেত্ৰত উপৰোক্ত কমিটি দুখনক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমাৰ কিছু চিন্তা তলত উল্লেখ কৰিলোঁ,

ক।পৰিৱেশ সংক্ৰান্তীয় অনুজ্ঞাপত্ৰ লাভৰ বাবে মানিব লগীয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো নিয়ামাৱলী জিলাৰ সংশ্লিষ্ট বিভাগত সহজে উপলব্ধ হওঁক। প্ৰয়োজনত জিলা উপায়ুক্তৰ webpage ত ইয়াক সন্নিৱিষ্ট কৰা হওঁক।

খ।প্ৰতিখন জিলাৰে আধুনিক GIS Geological Map প্ৰস্তুত কৰা হওঁক আৰু ভূ-তাত্ত্বিক স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্তকৰণৰ ব্যৱস্থা কৰা হওঁক।

গ।প্ৰতিখন জিলাতে সাম্ভাৱ্য খনি প্ৰদূষণৰ জৰীপ (Mining population) কৰা ব্যৱস্থা কৰা হওঁক।

ঘ।পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিষয়ত জনসচেতনতা বৃদ্ধিৰ বাবে পঞ্চায়ত পৰ্য্যায়ত সঘনে আলোচনা চক্ৰ, কৰ্মশালা আদি আয়োজন কৰা ব্যৱস্থা কৰা হওঁক।

শেষত বিভাগীয় মন্ত্ৰী মহোদয়ালৈ আমাৰ এটাই অনুৰোধ, আপোনাৰ উদ্যামী মনক লৈ আমাৰ তিলমাত্ৰও সন্দেহ নাই, মাথো এই উদ্যমক সুচিন্তিত সময়োপযোগী ব্যৱস্থাপনাৰে আগুৱাই নিয়াৰ প্ৰদক্ষেপ গ্ৰহণ কৰক আৰু অসমৰ বন বিভাগটোক সৰ্বাংগ সুন্দৰ কৰি তোলক। 
লেখকঃ ভূতত্ত্ববিদ শিৱসাগৰ,অসম। মোবাইল- ৯৯৫৪২-৫৩৫৫৩

No comments:

Post a Comment