Saturday, February 18, 2017

চিন্তন

শতবর্ষীয় অসম সাহিত্য সভা
আৰু কিছু ইতিবাচক চিন্তা
অভিনন্দন গোস্বামী
শেহতীয়াকৈ বিভিন্ন বাক-বিতন্ডা তথা বির্তকৰে লুটুৰি-পুতুৰি হলেও সভাই যেন শতবর্ষীয় অধিবেশনৰ যোগেদিয়েই ৰাইজৰ অকুন্ঠ মৰম-সমর্থন তথা আর্শীবাদৰ দ্বাৰা ভবিষ্যত দিনবোৰৰ বাবে নকৈ মূৰ তুলি উঠাৰ সন্জীৱনী শক্তি লাভ কৰিলে৷ সভাৰ এনে এক জটিল সন্ধিক্ষণত অসমৰ ৰাইজ সভাৰ কাষত থিয় দিয়াটো অতিশয় প্ৰয়োজনীয় আছিল আৰু তাকেই কৰি যেন সকলোৱে প্ৰমাণিত কৰিলে অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ আকুলতা বর্তমানেও হ্ৰাস পোৱা নাই৷ আজিৰ পৰা ১০০ বছৰ পূর্বে চিৰনমস্য সাহিত্যকান্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ সভাপতিত্বত শিৱসাগৰতে যেতিয়া সভাই প্ৰাণ পাই উঠিছিল তেতিয়াও অসমীয়া ভাষাক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰাৰ এক প্ৰবল প্ৰত্যাহবান সন্মুখত আছিল৷ সেই সময়ৰ পৰা যোৱা এশটা বছৰত অসমীয়া ভাষাৰ উত্তৰণৰ পৰা আৰম্ভ কৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ যি অবিৰত যাত্ৰা চলি আহিছে তাত সভাৰ ভূমিকা তথা অৱদান অনস্বীকার্য্য৷ অজিৰ দিনত বিভিন্ন স্বার্থলোভী অসাহিতিক্যৰ কেকোঁৰা চেপাত সভাই প্ৰাণৰ বাবে কক্বকালেও শিৱসাগৰ অধিবেশনেই যেন সাহিত্য সভাক এক নতুন জীৱন দিলে৷ সময় আহি পৰিছে এক নতুন উদ্ভাৱনী চিন্তাধাৰাৰে সভা তথা অসমীয়া ভাষাক আগুৱাই লৈ যোৱাৰ৷ তেনে কৰিবলৈ যাওতে সভাই এক শক্তিশালী ভূমিকা তথা সঠিক দিক-নির্দেশনা প্ৰদান কৰাটো সকলোৰে কাম্য৷ সভাৰ ভৱিষ্যত কর্মপন্হা সঠিকভাবে নির্ধাৰণ কৰিবলৈ ৰাইজৰ মৰম চেনেহে নিশ্চিতভাবে উৎসাহিত কৰিব৷

ৰুগীয়া হৈ পৰা সাহিত্য সভাক শতবর্ষীয় অধিবেশনে নতুনকৈ প্ৰাণ দিলেও সভাৰ সু-স্বাস্হ্য বাহাল ৰাখিবলৈ উপযুক্ত তথা যোগ্য ব্যক্তিৰ হাতত পৰৱর্তী নেতৃত্ব প্ৰদান কৰাটো এক অন্যতম দ্বায়িত্ব তথা প্ৰত্যাহবান৷ যোৱা এশটা বছৰত বহুকেইজন নমস্য সাহিত্যকে সভাপতিৰ আসন অলংকৃত কৰাৰ পাছতো শতবর্ষীয় অধিবেশনত সন্মানীয় সভাপতিৰ আসনখন উকা হৈ ৰ’ল! ই সভাৰ ভৱিষ্যৎ সম্পর্কে অশনি সংকেত নহয়নে? তদুপৰি সভাৰ শতবর্ষীয় অধিবেশনত বহুকেইজন সন্মানীয় সাহিত্যিক তথা প্ৰাক্তন সভাপতি অনুপস্হিত থকাটোৱো এক চিন্তনীয় বিষয়৷ অতি শীঘ্ৰে এজন সুযোগ্য ব্যক্তিৰ হাতত সভাৰ দ্বায়িত্বভাৰ অর্পণ কৰাটো সময়ৰ আহবান৷ অন্যথা অসমৰ ৰাইজে মৰম- আর্শীবাদেৰে মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰা অনুষ্ঠানটো পুনৰ ৰুগীয়া হৈ মৃত্যুৰ দুৱাৰদলিলৈ ধাপলি মেলিবলৈ বেছি দিন নালাগিব! সভাৰ ভিতৰচৰাত ৰাজনীতি অব্যাহত থকালৈকে বা জাতীয় স্বার্থতকৈ ব্যক্তিস্বার্থই প্ৰাধান্য পোৱালৈকে কোনো সন্মানীয় ব্যক্তি যে সভাপতিৰ আসন অলংকৃত কৰিবলৈ আগবাঢ়ি নাহিব সেয়াও নিশ্চিত৷ কিয়নো প্ৰদূষিত নদীত গা ধুই লেতেৰা হবলৈ কোনেও নিবিচাৰে৷ যিধৰণে গাড়ীচালকজন দক্ষ নহলে গাড়ীখন দুর্ঘটনাগ্ৰস্হ হোৱাৰ আশংকা থাকে ঠিক একেধৰণে সভাই আগন্তক সময়ত সুযোগ্য নেতৃত্ব লাভ নকৰিলে গতিপথৰ পৰা বিচ্যুত হোৱাৰ সম্ভাৱনাই অধিক৷ এইক্ষেত্ৰত অসমবাসীয়ে সজাগ দৃষ্টি ৰখাটো প্ৰয়োজন৷ সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজনক লপা-থপা দি অপদস্হ কৰাৰ ঘটনাৰ পৰা ৰাইজৰ ধৈর্য্যচুর্তিৰ উমান পোৱা গৈছেই৷ আগন্তক সময়তো যে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটিব তাক কোনেও নিশ্চয়তা দি কব নোৱাৰে৷ গতিকে বাহিৰৰ পৰা ধুৱাই পখলাই সভাক নিকা কৰিলেও ভিতৰৰ ময়লাখিনিক আতঁৰাবলৈ যে প্ৰয়োজনত ৰাইজ নিজেই আগবাঢ়ি আহিব সি ইতিমধ্যে পৰিষ্কাৰ হৈ পৰিছে৷ গতিকে আগন্তক দিনবোৰতো সাহিত্য সভাক জাতীয় অনুষ্ঠান হিচাবেই থাকিবলৈ দিয়াটো সকলোৰে কাম্য৷

আগন্তক দিনবোৰত সভা তথা অসমীয়া ভাষাই কোনদিশে গতি কৰিব সেয়া মূলত নির্ভৰ কৰিছে উঠি অহা নৱ-প্ৰজন্মৰ ওপৰত৷ গতিকে সাহিত্য সভাৰ ভিতৰচৰাত নতুন প্ৰজন্মৰ লেখক-সাহিত্যক তথা সাহিত্যপ্ৰেমীক বিশেষ মর্য্যদা তথা আসন দিয়া উচিত৷ দেখা যায় আজিকালি নৱ প্ৰজন্মৰ বহুতো প্ৰতিভাশালী লেখক-লেখিকাই ফেচবুক তথা বিভিন্ন ছ’ছিয়েল মিডিয়াৰ জৰিয়তে মঞ্চ তৈয়াৰ কৰি সাহিত্য চর্চা অব্যাহত ৰাখিছে৷ এনেবোৰ লেখা পঢ়িলে বা দেখিলে ভাষাটোৰ ভৱিষ্যৎ সর্ম্পকে এক ইতিবাচক চিন্তাধাৰা মনত গঢ় লৈ উঠে৷ তেনেবোৰ লেখক-লেখিকাক উৎসাহ-উদ্দীপনা যোগাই তেওঁলোকৰ সৃষ্টিকর্ম প্ৰসাৰিত কৰিবৰ বাবে এক সুবিধাজনক পৰিবেশ সৃষ্টি কৰি দিয়াৰ দ্বায়িত্ব সাহিত্য সভাৰ নাইনে? কাৰণ পৰৱর্তী এশ বছৰত অসমীয়া সাহিত্যক সঠিক দিশত আগবঢ়াই নিয়াত এওলোকেও মূল্যবান অৰিহনা যোগাবলৈ নিশ্চিতভাবে সক্ষম হব৷ শতবর্ষৰ সোণালী ক্ষণত এনে কেতবোৰ চিন্তাই ভাষাটোক উজ্জীৱিত কৰিব পাৰে৷

দেখা গল যে অসমবাসীক উৎসাহিত কৰি জেৰেঙা পথাৰৰ অধিৱেশনথলীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ সাহিত্যপ্ৰেমী ৰাইজৰ সোঁত বল৷ বহুসংখ্যক স্কুলীয়া কণ কণ ছাত্ৰ-ছাত্ৰীও আহিল৷ বুজিব পৰা বয়স নহলেও মানুহৰ সমাগম দেখি তেওঁলোকৰ মনতো হয়তো সভাৰ গুৰুত্ব তথা মহত্ব সর্ম্পকে কিছু চিন্তা মনত গঢ় লৈ উঠিব৷ এনে ক্ষেত্ৰত অভিভাৱক সকলেও সভাৰ গুৰুত্ব সর্ম্পকে নিজৰ সন্তানৰ আগত ব্যাখ্যা আগবঢ়াই তেওঁলোকৰ মনত সাহিত্য সভা তথা অসমীয়া সাহিত্যৰ প্ৰতি কিছু শ্ৰদ্ধা তথা আগ্ৰহৰ ভাব পোষণ কৰিবলৈ চেষ্টা কৰা উচিত৷ ১৯৯৪ চনত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ শিৱসাগৰ অধিৱেশনলৈ মা-দেউতাৰ লগতে ময়ো গৈছিলো৷ বিশেষ বুজিব পৰা বয়স হোৱা নাছিল যদিও চাৰিওফালে জনসমুদ্ৰ দেখি সাহিত্য সভাক কিবা এটা ডাঙৰ বস্তু বুলিয়েই মনতে ধৰি লৈছিলো আৰু সেইদিন ধৰি আজিলৈকে সাহিত্য সভা তথা অসমীয়া সাহিত্যৰ প্ৰতি শ্ৰদ্ধাৰ ভাব মনত বর্তি আছে আৰু ভৱিষ্যতলৈও থাকিব৷ গতিকে ৰাইজৰ বিপুল সমাগমে যে উঠি অহা প্ৰজন্মৰ মাজত সভাৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰ বীঁজ ৰোপন কৰিব সেয়া নিশ্চিত৷

প্ৰতিখন জিলা আৰু মহকুমা সদৰত সভাৰ তৰফৰ পৰা এটিকৈ সংগ্ৰহালয় বা পুথিঁভৰাল স্হাপন কৰাটো এক যুগান্তকাৰী সিদ্ধান্তৰূপে পৰিগণিত হব পাৰে৷ যিহেটো পুথিঁৰ দ্বাৰাহে সাহিত্যৰ মৌ-ৰস পান কৰাটো সম্ভৱ, সেয়েহে পুথিঁভৰাল স্হাপনৰ দ্বাৰা সাহিত্যৰ সুগন্ধি সর্বদিশতে বিয়পি পৰাত সহায়ক হব৷ তেনে পুথিঁভৰাল তথা সংগ্ৰহালয় হব লাগিব আর্কষণীয়, সভাৰ এশ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰাৰ ওপৰিও ইতিহাসৰ নমস্য সাহিত্যকসকলৰ গুণ গৰিমাক স্পষ্ট ৰূপত জিলিকাই তুলিব লাগিব৷ তদুপৰি অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টিসমূহৰ এক ডিজিটেল আর্কাইভো সভাই গঢ়ি তোলা উচিত যাতে দূৰ-দূৰণিত তথা অসমীয়া সাহিত্যপ্ৰেমী সকলে অনলাইনযোগে ইয়াৰ সোৱাদ লব পাৰে৷

শিৱসাগৰে অসম সাহিত্য সভাক এক নতুন জীৱন দিলে ঠিকেই কিন্তু ইয়াক সঠিক দিশত আগুৱাই নিবৰ বাবে অসমৰ প্ৰতিজন নাগৰিকৰে গধুৰ দ্বায়িত্ব আছে৷ সভাক কুচক্ৰৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰি প্ৰকৃত সাহিত্যপ্ৰেমী ব্যক্তিক সভাপতিৰ আসনত অধিষ্ঠিত কৰিব লাগিব৷ সভাৰ বেমেজালিৰ বাবে যিসকল পুৰোধ্যা ব্যক্তিয়ে বিতুষ্ট হৈ গুচি গৈছিল তেওঁলোককো পুনৰ ঘূৰি আহি বহুমূলীয়া পৰামর্শ তথা দিক-নিদের্শনা আগবঢ়াবলৈ অনুৰোধ জনাব লাগিব৷ জাতিৰ স্বার্থত সভাই কিছু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব৷ অসমীয়া সাহিত্যৰ ভৱিষ্যৎ উজ্জ্বল, সাহিত্য সভাৰো ভৱিষ্যৎ উজ্জ্বল৷ মাথো চিৰদিনৰ বাবে অসমবাসীৰ মৰম-চেনেহ তথা আর্শীবাদৰ প্ৰয়োজন৷ ‘চিৰ চেনেহী মোৰ ভাষা জননী’- এই বাক্যশাৰী অসমবাসীৰ ৰক্ত-ধমণীত সর্বকাললৈ প্ৰবাহিত হৈ থাকিব৷
মহাৰাষ্ট্ৰ, পুনে, মোবাইলঃ ০৮৪০২৮৫২৮০১

No comments:

Post a Comment