Thursday, February 23, 2017

সাম্প্ৰতিক প্ৰসংগ

সাহিত্য সভাঃ আৰু কিমান পৰমানন্দ বাকী আছে?

ৰক্তিম গোস্বামী
সাহিত্য সভাৰ ইতিহাসত এটা অভাবনীয় ঘটনা ঘটিল।ঘটনাৰ নায়ক সেই একেজনেই- পৰমানন্দ ৰাজবংশী।তেওঁৰ কলংকিত অতীত আৰু সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানক তেওঁ একনায়কত্ববাদী স্বভাৱেৰে ধ্বংসপ্রায় কৰি পেলোৱাৰ আক্ষেপত শিৱসাগৰীয়া ৰাইজে তেওঁক বাৰংবাৰ সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিবেশনৰ পৰা আঁতৰি থাকিবলৈ সোঁৱৰাই দিছিল কিন্তু তেওঁ আওঁকাণ কৰিলে ৰাইজৰ ইচ্ছাক যাৰ পৰিণতিত সংঘটিত হ’ল এটা অভাৱণীয় ঘটনাৰ। এই ঘটনাক কেন্দ্র কৰি এতিয়া কেইবাটাওঁ প্রশ্নৰ উদয় হৈছে- 

প্রথম, শিৱসাগৰত যি হ’ল সেয়া উচিত আছিল নে? 

দ্বিতীয়তে, সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাৰ এই দশাৰ বাবে কেৱল পৰমানন্দ ৰাজবংশীয়ে জগৰীয়া নে? 

তৃতীয়তে, এই ঘটনাৰ পৰা আমি কি শিক্ষা ল’ম? 

শেষত অসম সাহিত্য সভাক সচা অৰ্থত এক জাতিহৈতেষী অনুষ্ঠান হিচাপ অনাগত দিনত কি দৰে গঢ় দিব পৰি?

আইন ও মানবীয় দৃষ্টিকোণ তথা এখন সভ্য সমাজৰ আচৰণ হিচাপে অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনত যি হ’ল সি একেষাৰতে নিন্দনীয় যদিওঁ কথাটো সিমানতে শেষ নহয়।এই ঘটনাৰ খৱৰ ৰাষ্ট্র হোৱাৰ লগে লগে ৰাইজৰ যি প্রতিক্রিয়া দেখা গ’ল তাৰ পৰা এইটো স্পষ্ট যে পৰমানন্দৰ এই দূৰ্দশাত ৰাইজ দৰাচলতে পৰম আনন্দিতহে হ’ল।সকলোৱে সমস্বৰে এষাৰ কথাই ক’লে যে এইয়া তেওঁৰ প্রাপ্য আছিল।এইয়া তেওঁ নিজেই আৰ্জি লোৱা কৰ্মৰ ফল। দৰাচলতে তেওঁ খুজি কিল খালে আৰু এই কিল খাবৰ বাবে তেওঁ শিৱসাগৰবাসীৰ ধৈৰ্যৰ বান্ধ চিঙি নোযোৱা পৰ্যন্ত প্রৰোচিত কৰিলে।ঘটি যোৱা ঘটনা আৰু ৰাইজৰ প্রতিক্রিয়াৰ পৰা এনে ভৱ হয় যে যি দৰে মৃত্যুদণ্ড দিয়াটো আজিৰ সভ্যসমাজত গ্রহণীয় নহয় যদিওঁ কাচবৰ দৰে অপৰাধীৰ বাবে সেয়াই শ্রেষ্ঠ আছিল ঠিক সেইদৰে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানত 'গোৰ-লাঠ-ঘোচা' যদিওঁ অতি অশোভণীয় তথাপিওঁ পৰমাৰ বাবে অৱশেষত এই ভাষাই যেন শ্রেষ্ঠ আছিল।

এতিয়া কথা হ’ল পৰমানন্দ ৰাজবংশীক দোষ দি বা গণ নিগ্রহ কৰিলে সাহিত্য সভা আপোনা আপোনি নিষ্কলুষ হ’ব নেকি? পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ যি দূৰবস্থা কৰিলে তাৰ মুল কাৰণ এচাম অসমীয়া মানুহৰ অকৰ্মণ্যতা আৰু আন এচামৰ সুবিধাবাদ। যি হ’ল সেয়া আগেয়ে সাহিত্য সভা আৰু পৰমানন্দ ৰাজবংশীৰ মইমতালী দেখিওঁ নেদেখা কৰা বাবে হ’ল।যি সকলৰ প্রতিবাদ কৰাৰ সৱল ক্ষমতা আৰু স্থান আছিল তেওঁলোক পৰমাই পাৰি দিয়া সুবিধাবাদৰ ৰঙা দলিচাত ভৰি থৈ নিশ্চুপ হৈ ৰ’ল অথবা পৰমাৰ ৰঙা চকু দেখি বশ মানিলে আৰু যেতিয়া বুদ্ধিজীৱিসকল আৰু তেওঁলোকৰ পিছে পিছে সাধাৰণ ৰাইজে এক দীৰ্ঘ মৌনতাৰ অন্তত (বিশেষকৈ আত্মহত্যাৰ ঘটনাৰ পিছত) পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিলে তেতিয়া ইতিমধ্যেই সাহিত্যসভৰ ভিতৰছোৱা টেটুলৈকে গেলিছিল। 

যোৱা বহু বছৰৰ পৰা আজি (৯/২/২০১৭) আমাৰ অসম কাকতত প্রকাশিত ডঃ হীৰেন গোহাঁই (ছাৰ)ৰ কলমলৈকে বহু কেইজন চিন্তশীল আৰু সচেতন ব্যক্তিয়ে সাহিত্য সভাৰ উত্তৰণৰ বাবে বহু পৰমাশৰ্ দিলে কিন্তু দাম্ভিকতাত লোটপোট পৰমাবাহিনীয়ে এইবোৰৰ অমুল্য পৰামৰ্শ একেকোবে আদৰি কাৰ্যকৰী কৰাৰ বীপৰিতে সাহিত্য সভাৰ বাচি লৈছিলে দোকানে দোকানে গৈ ফলকবোৰত থকা ইংৰাজী নামবোৰত ক’লা চূণ- তেল সনাতহে।সাহিত্যসভাৰ সাংগঠনক পৰিবৰ্তন আৰু সময়সাপেক্ষ কৰ্মসূচী এতিয়া সমৰ তাগিদা।কেৱল সাংগঠনি পদবীৰ বাবে কেৱল বাহু বলেৰে যুঁজ- বাগৰ কৰি, সেই পদবী লাভৰ পিছত সাহিত্যলৈ পিঠি দি সমাজত দপদপাই ফুৰা এচাম গৰিষ্ঠ সংখ্যক মদগৰ্বী সাহিত্য সভাৰ সভ্যৰ বাবে সাহিত্য সভাৰ এই দুৰ্দশা সেই কথাত আৰু এতিয়া দ্বিমত নাই।সাহিত্য সভাত যেতিয়ালৈকে ৰাজনীতি থাকিব, সাহিত্য সভায়ে যেতিয়ালৈকে যোগ্যজনৰ মুল্য নুবুজিব, সাহিত্য সভায়ে যেতিয়ালৈকে নিজৰ প্রকৃত কৰ্তব্যক অনুধাৱন কৰিব নোৱৰিব আৰু সাহিত্য সভায়ে যেতিয়ালৈকে অসমীয়া সমাজ জীৱনৰ অংশ হ’বলৈ চেষ্টা নকৰিব তেতিয়লৈকে অসম সাহিত্য সভাত আৰু শত- সহস্রজন পৰমানন্দ ৰাজবংশীৰ আৰ্বিভাৱ হ’ব আৰু লগতে আৰ্বিভাৱ হ’ব এডল নিৰ্বাক,নিশ্চুপ, অন্ধ আৰু সুবিধাবাদী সাহিত্যসভাৰ সভ্যৰ।

No comments:

Post a Comment