Wednesday, February 15, 2017

মুকলি চিন্তা

আধুনিকতা, অতিমানৱীয় প্ৰযুক্তি আৰু মানৱতাবাদ
ইন্দ্ৰজিৎ বৰা

“সৰ্ব্বধৰ্ম্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ।
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ।।”

মোৰ এজন সমন্ধীয় মাৰ্ক্সবাদী খুৰায়ে জীয়েকৰ বিয়াখন এক অগতানুগতিক ৰীতিৰে আয়োজন কৰিলে । তেওঁ কোনো ধৰণৰ ধৰ্মীয় পৰম্পৰা পালন কৰিবলৈ অমান্তি হল; আনকি সকলোকে আচৰিত কৰি তেওঁ নিজৰ এজন বিশেষ সতীৰ্থক এই আনুষ্ঠানিক পৌৰাহিত্যৰ কামফেৰা অৰ্পণ কৰে । তেওঁৰ বন্ধুজন এই দায়িত্বভাৰত কিছু হলেও অপাৰগ হৈ বিবাহৰ অভ্যৰ্থনা মণ্ডপত উপস্থিত সকলক সম্বোধন কৰিলে । তেওঁ এনেদৰে ক'লে, পৃথিৱীৰ বিভিন্ন সংস্কৃতি আৰু লোকবিশ্বাসৰ আধাৰত বৈবাহিক অনুষ্ঠানক ন্যায্যতা প্ৰদানৰ বাবে পৃথক পৃথক পৰম্পৰাগত ৰীতি আছে আৰু সেইবোৰ কোনোটোৱেই ইটো-সিটোৰ লগত নিমিলে । তেনেস্থলত তেওঁৰ নাস্তিক বন্ধুজনৰ এই অপৰম্পৰাগত ৰীতিও গ্ৰহনযোগ্য হব পাৰে । এনে পদক্ষেপক হয়তো খুৰাই - ৰীতিজনিত Ritualistic) গোষ্ঠীচেতনা প্ৰগতিশীল চিন্তাৰ পৰিপন্থী - বুলি কৈ প্ৰতিপন্ন কৰিব বিচাৰিলেও ই অৱধাৰণাহে হ’ব । অৱশ্যে বিবৰ্তিত ৰীতিবিলাকৰ প্ৰভাৱে মানুহৰ ব্যক্তি চেতনাৰ স্তৰবোৰ খহাই এক গোষ্ঠীগত অস্তিত্বলৈ পূৰ্বাসিত কৰিব পাৰে । আকৌ, কোনো প্ৰগতিশীল সমাজ-বৈজ্ঞানিক মতবাদৰ প্ৰযুক্তিত গঢ়া ৰাষ্ট্ৰ ব্যৱস্থাইয়ো বহু নব্য বিকল্প সামাজিক ৰীতিৰ জন্ম দিব পাৰে । গতিকে, এটা কথা ঠিক যে নাস্তিকতাবাদৰ এনে অতিমানৱীয় প্ৰাবল্যই পৰম্পৰাগত সমাজক সংস্কাৰৰ বাট দেখুৱালেও কিন্তু নৈতিক মুল্যবোধৰ ওপৰত প্ৰশ্ন উত্থাপিত হ’ব পাৰে । 


মানৱ সভ্যতাৰ আৰম্ভনিতেই চিন্তা আৰু মগজুৰ অভৌতিক সম্পৰ্কৰ অৱধাৰণাত বিশ্ব-ব্ৰহ্মাণ্ডৰ পৰিচিত জগতখনৰ বাহিৰত অলৌকিক শক্তিৰ সৃষ্টি হয় । মানৱ মনৰ অদম্য হেঁপাহে কিন্তু এনে অলৌকিক শক্তিৰ অধিনায়কত্বৰ ওচৰত বেছিদিন বশ্যতা স্বীকাৰ নকৰিলে । আজিৰ মানৱ অন্বেষণ - সমাজ আৰু ভৌতিক বিজ্ঞান – এই দুয়োটা পৰিমণ্ডলৰ মাজত যোগসূত্ৰ ৰক্ষা কৰাৰ দিশত আগবাঢ়িছে । এনেদৰেই মানৱ ইতিহাসৰ বিভিন্ন স্তৰত মানুহৰ অনুসন্ধিৎসু মনত বিভিন্ন মতবাদৰ উদ্ভৱ হৈছে। সময়ানুক্ৰমে, প্ৰতিটো মতবাদেই এক ঐতিহাসিক পৰিসৰৰ ভিতৰত ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতা - এই দুয়োটা দৃষ্টিকোণৰ শীৰ্ষসীমাৰ মাজত গতিশীল সমাজ জীৱনৰ সম্পৰ্কবিলাক বিশ্লেষণৰ চেষ্টা কৰে । এই পটভূমিত প্ৰতিটো মতবাদৰ বিশ্লেষনাত্মক সীমাবদ্ধতা থাকিলেও, ঐতিহাসিক গুৰুত্ব আছে । কাৰণ, মানৱ জীৱনৰ বুদ্ধিমত্তা আৰু চিৰন্তন সামাজিক গতিশীলতাৰ মাজত সংঘাত অনিবাৰ্য । সীমাবদ্ধতাৰ প্ৰবল প্ৰত্যাহ্বান নেওচি মানুহৰ বুদ্ধিমত্তাৰ নিৰন্তৰ বিকাশে এই গতিশীলতাক অনুধাৱন আৰু পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো স্বাভাৱিক । ফলস্বৰুপে, বিশ্লেষণ আৰু নিৰূপণ - এই দুয়োটা স্তৰতে ঐতিহাসিক বিতৰ্কবোৰ সন্নিৱিষ্ট হৈ আছে । নিঃসন্দেহে মানৱ কুশলতাও এই অৱধাৰিত আৰু সন্মিলিত প্ৰক্ৰিয়াৰ অন্তৰ্ভূক্ত। প্ৰতিটো মতবাদেই মানৱতাৰ এক নৈতিক আৰু বাস্তৱিক সংজ্ঞাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে ।


অপৰিসীম ব্যক্তিগত মহত্বৰ বিপৰীতে বস্তুগত সামগ্ৰিক জীৱনৰ পোষকতাই সম আধিকাৰ ভিত্তিক মুল্যবোধৰ সুচনা কৰে । ধৰ্মও ব্যক্তিগত ভক্তিতে সীমাবদ্ধ নাথাকি বিবৰ্তিত সমাজৰ গাঁঠনি আৰু তাৰ মান্যতাৰ ধাৰক আৰু বাঢ়ক হৈ সামাজিক মতবাদলৈ উত্তৰণ হয় । সম্ভৱতঃ নাস্তিকতবাদৰো আৰম্ভনি ইয়াতেই, ধৰ্মৰ সাংগঠনিক ৰূপ নাস্তিকতাবাদৰো ভেঁটি । নাস্তিকতাবাদ চিৰন্তন পৃথিৱীৰ বুকুত মানৱ অধিপত্যৰ পটভুমি আৰু অধিপত্য বিস্তাৰৰ মানৱীয় প্ৰযুক্তি । নাস্তিকতাবাদৰ সৈতে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সৰ্বাধিকাৰবাদৰ সম্পৰ্ক তাতেই নিহিত হৈ আছে । ধৰ্মক ভক্তিৰ পৰা আদৰ্শবাদলৈ ৰূপান্তৰ, ধৰ্মীয় পৰম্পৰাৰ বান্ধোনৰ সংস্কাৰ আৰু আধুনিকতাৰ আগমন নাস্তিকতাবাদৰ সমসাময়িক পৰিঘটনা ।তেনেদৰেই ধৰ্মৰো এক চহৰকেন্দ্ৰিক ব্যৱহাৰ্য বিধি-বিধানসমৃদ্ধ আধুনিক সংস্কৰণৰ উদ্ভৱ হৈছে ।এই বিধি-বিধানবোৰে যেন প্ৰতিজনৰ মাজত লুকাই থকা নাস্তিকজন সুৰক্ষিত কৰি ৰখাৰ আপ্ৰাণ চেষ্টা কৰিছে ।


একান্ত ব্যক্তিগত ঈশ্বৰ ভক্তিত ধৰ্ম বিশ্বজনীন আৰু ভতৃত্ববোধৰ ই নিভাঁজ প্ৰকাশ । কিন্ত সংগঠিত ৰূপত ধৰ্মীয় আদৰ্শবাদৰ পোষকতা ব্যক্তিগত ভক্তিৰ উৰ্ধত । এইটো নিৰ্ঘাত সত্য যে, ব্যক্তিগত জীৱনত ঈশ্বৰ ভক্তিক প্ৰাধান্য দি সামগ্ৰিক জীৱনত ভাতৃত্ববোধৰ পোষকতা কৰাৰ যুগান্তকাৰীউদাহৰণ হ'ল মহাত্মা গান্ধী । তাৰ বিপৰীতে, এতিয়া স্বঘোষিত নাস্তিকসকল সমাজৰ অবিছেদ্য অংগ হৈ থকা বিভিন্ন ধৰ্মীয় পৰম্পৰাত নিহিত থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্পৰ সন্ধানত দুদোল্যমান । এক কথাত এই প্ৰযুক্তিবাদী নাস্তিকসকল আধুনিকতাবাদৰ আপেক্ষিক সীমাবদ্ধতাত দিশহাৰা । ফলস্বৰূপে আধুনিক মানৱতাবাদী ৰাষ্ট্ৰব্যৱস্থাৰ যান্ত্ৰিক প্ৰযুক্তিয়ে কিছুমান প্ৰতিক্ৰিয়াশীল মতবাদৰ জন্ম দিছে, যদিও পুনৰ সংস্কাৰৰ বাটো মুকলি কৰিছে । সমাজৰ নৈতিক-মূল্যবোধৰ স্খলনও নিঃসন্দেহে আধুনিকতাবাদ বা বাস্তৱতাবাদৰ অতিমানৱীয় পৰিণতি । তেনেকৈ, ধৰ্মীয় আদৰ্শবাদৰ নামত সহজলভ্যভাৱে বিশেষত্ববাদী নতুবা বিচিন্নতাবাদী নিচাৰ বিষবাষ্প বিয়পোৱা ছদ্মবেশী নাস্তিকতাও আধুনিকতাৰে অন্য এক কদৰ্য ৰূপ ।

ভাৰতবৰ্ষত আধুনিকতাৰ আগমন, ইতিহাস চৰ্চাৰ সমসাময়িক হোৱাৰ পৰিনাম উলাই কৰিব নোৱাৰি । আকৌ, ই মুক্তিকামী গনতান্ত্ৰিক ভাৰতৰ ঐতিহাসিক ভেটি নিৰ্মাণৰ কিছুমান গুৰুত্বপূৰ্ণ দিশও মুকলি কৰে । ভাৰতীয় প্ৰশাসনিক ধৰ্মনিৰপেক্ষতাও আচলতে ঔপনিৱেশিক শাসনত বিবৰ্তিত হোৱা ধৰ্মান্ধতা, কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰুধী প্ৰাক-ঔপনিৱেশিক পৰম্পৰাৰে সৃষ্টি । স্বাধীনতাৰ আগতেও ঔপনিবেশিক ৰাষ্ট্ৰৰ পোনপতীয়া হস্তক্ষেপত প্ৰশাসনিক পৰিধিৰ ভিতৰত সামাজিক সংস্কাৰ কৰা হৈছিল । জাতীয়তাবাদী মধ্যবিত্তৰ সেই মুক্তিকামী আকংক্ষাই স্বাধীনতাৰ পাছত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ বাবে নতুন প্ৰশাসনিক ব্যৱস্থাৰ সূচনা কৰে । তেনেদৰে আধুনিক ৰাষ্ট্ৰৰ নৈতিক মূল্যবোধৰ লগত খাপ খাই পৰাকৈ ধৰ্মৰো সংস্কাৰ আৰু আধুনিকীকৰণৰ চেষ্টা কৰা হ’ল । এতিয়া, আধুনিক বাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত বিভিন্ন ধৰ্মীয় ভক্তিৰ মাজত সন্নিৱিষ্ট সহনশীলতাৰ দৰ্শন, প্ৰতিকধৰ্মীতা আৰু আধ্যাত্মিকতা অন্তঃকৰণ সম্পূৰ্ণ সম্ভৱ হ’বনে ? মহাত্মা গান্ধীৰ সৰ্বধৰ্ম সম্ভৱৰ ভেটিত হ’ব পৰা নৈতিক পৰিপক্কতা (Moral Maturation)সমন্বয়ৰ এক সংগঠিত প্ৰক্ৰিয়া যি পৰম্পৰা, ধৰ্ম আৰু আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত এক যোগসূত্ৰ ৰক্ষা কৰিব পাৰে ।


আধুনিকতাই সৃষ্টি কৰা বাস্তৱ প্ৰয়োজনীয়তাৰ সৈতে সামাজিক বিবৰ্তন প্ৰক্ৰিয়াই স্বাভাৱিকভাৱেই সংঘাতত লিপ্ত হয় । তেনেকৈয়ে, আধুনিকতাই অনা প্ৰশাসনিক প্ৰযুক্তিৰ বিকাশৰো নিজস্ব যান্ত্ৰিক সীমাবদ্ধতা আছে । সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত হ’বলৈ যাওতে বাধা আহি পৰে । নৈতিকতাৰ উৎস হিচাবে অৱস্থিত পৰম্পৰাগত ধাৰ্মিকতাক বিশ্বজনীন ধৰ্মীয় সহিষ্ণুতাৰ কেৱল প্ৰশাসনিক সংজ্ঞাৰ আওতাত উলাই কৰিব নোৱাৰি । সাংস্কৃতিক আৰু বিশ্বজনীন মানৱ অধিকাৰৰ মাজৰ চিৰন্তন সংঘাতৰ মকামিলা কৰোতে ভুৱা নিৰপেক্ষতাৰ বশৱৰ্তী হ’লে বিচিন্নতাবাদী প্ৰৱণতাৰ জন্ম হ’ব পাৰে । এটা কথা ঠিক যে সংস্কৃতিক ভিন্নতা তথা অধিকাৰ সাৰ্বজনীন প্ৰমূল্য আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডিৰ ভিতৰতহে প্ৰযোজ্য হ'ব লাগিব । সেয়েহে বহু বিতৰ্কিত সহিষ্ণুতাৰ প্ৰশ্নও কোনো ব্যক্তি বা গোষ্ঠী বিশেষৰ নহয়, বৰঞ্চ সামাজিক স্তৰৰ সামগ্ৰিক সহিষ্ণুতাৰহে । আকৌ, মানুহৰ এই বাস্তৱিক প্ৰয়োজনীয়তা হ'ল এক বিশ্বজনিন সত্ত্বা আৰু তাৰ দ্বাৰাই নিৰ্ণিত হয় মৌলিক অধিকাৰৰ আধাৰ । এই বাস্তৱিক প্ৰয়োজনীয়তা সামগ্ৰিকতাৰো মাপকাঠি । সমগ্ৰিকতাই গনতন্ত্ৰ, সমাধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ মাধ্যমেৰে এক সৰ্বস্ব প্ৰণালীৰ পোষকতা কৰে । ঐতিহাসিক প্ৰক্ৰিয়াত অধিনায়কত্ববাদী শক্তিৰ ছত্ৰছায়াত সৃষ্টি হোৱা সংস্কৃতিৰ বিভাজন আৰু স্বতঃফূৰ্ত আদান-প্ৰদানেৰে সামাজিক স্তৰত সমন্বয় প্ৰক্ৰিয়াই সংস্কৃতিৰ গতিশীলতাক প্ৰতিফলিত কৰে । মানৱ-নিৰ্মিত ৰাষ্ট্ৰব্যৱস্থাবোৰক সংস্কৃতিৰ গতিশীলতাৰ ধাৰাবাহিকতাৰে বিশ্বস্তৰীয় মানৱীয় মূল্যক আকোঁৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া।


আধুনিকতাৰ অপৰিসীম যুক্তিবাদলৈ উত্তৰণৰ ফলত হোৱা নৈতিক মূল্যবোধৰ অৱক্ষয়ও এক বিতৰ্কিত অধ্যায় । কোৱা হয় যে বাস্তৱতা নৈতিকভাৱে নিৰপেক্ষ । এতিয়ালৈকে হোৱা বিভিন্ন ধৰ্মীয় সংস্কাৰ আন্দোলনবিলাক আচলতে আধুনিকতা, ৰাষ্ট্ৰযন্ত্ৰ আৰু উদ্যোগিক পুঁজিবাদৰ লগত সুসংগত অনুৰূপৰ সন্ধান । প্ৰফেচৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্বীপ্ত প্ৰমূল্যৰ (Enlightenment Value) সৰ্বাধিক প্ৰয়োগ আৰু মানৱ যুক্তিবাদৰ অফুৰন্ত দক্ষতাই অনিছে এক আধ্যাত্মিকতা ৰহিত জীৱন । তেনেকৈয়ে প্ৰযুক্তিগতভাৱে ধৰ্মৰ সৰ্বসম্মত সংস্কৰণ গ্ৰাহ্য হৈ সময়ানুক্ৰমে ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ ন্যায্যতা লাভ কৰে । জ্ঞানোদ্বীপ্ত প্ৰমূল্যেৰে সূষম আৰু সৰলীকৰণ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম যি ধৰ্মীয় পৰম্পৰাৰ মাজতেই থকা সমন্বয়ৰ সাঁকোবোৰকো উলাই কৰিব পাৰে । তথাপিও এনে ব্যক্তিগত বা গোষ্ঠীগত প্ৰচেষ্টাবোৰ নৈতিকতাৰ অন্তৰ্নিহিত উৎসও হব পাৰে, লাগে ই পৰম্পৰাসমৃদ্ধ সামাজিক আচৰণেই হওক, কোনোবা আদৰ্শগত ব্যৱস্থাই হওক বা সমাজৰ আৰ্থ-সামাজিক স্তৰৰ লগত সামঞ্জস্য থকা সংস্কাৰমুখী সমিধানেই হওক ।


এইখিনিতে ৰক্ষনশীলতাও (Conservatism) গঠনমুলক হ'ব পাৰে । কাৰণ কেৱল ৰাষ্ট্ৰ আৰু বজাৰৰ অদৃশ্য শক্তিয়ে সমাজ গঠন কৰিব নোৱাৰে । স্ক্ৰটনৰ ৰক্ষনশীলতা অপ্ৰাসঙ্গিক নহয়, “Good things are easily destroyed, but not easily created....” । আমি পৰম্পৰাক বাস্তৱিকতা,নতুনত্ব আৰু গনতান্ত্ৰিক সত্বাৰ প্ৰতি সংবেদনহীন হিচাবে আধুনিকতাৰ বিপৰিতাৰ্থত ব্যৱহাৰ কৰিলেও আচলতে পৰম্পৰা আধুনিকতাৰে এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ অংশ । তেনেদৰে পৰম্পৰাৰ পৰা আধুনিকীকৰণ হ'ল সাংস্কৃতিক যসশ্যা আৰু জাতীয়তাবাদৰ উৎস । ৰক্ষণশীলতাই মানৱ নিৰূপিত ব্যৱস্থাবোৰক প্ৰশ্ন কৰাৰ থল আছে । এনে অতিমানৱীয় প্ৰক্ৰিয়াই কিছুমান মৌলিক সামাজিক মূল্যবোধ উলাই কৰাটোও অস্বাভাৱিক নহয় । মানৱ বুদ্ধিমত্তাৰ পৰিধিৰ ভিতৰত সম্ভৱ মানৱীয় কাৰকবোৰক বিকল্প ৰূপ দিয়াৰ হাবিয়াসও স্বতঃস্ফূৰ্ত পৰিঘটনা । ৰক্ষনশীলতাই সামাজিক দন্দ্বৰ মাজত ইতিবাচক ভূমিকাও লব পাৰে নতুবা এক স্থিতিশীল সামাজিক সম্পৰ্কৰ পোষকতাও কৰিব পাৰে ।ভাৰতবৰ্ষৰ সাংবিধানিক জাতীয়তাবাদ সংজ্ঞাবদ্ধ কৰিবলৈ যাওঁতে ভাৰতীয় পৰম্পৰাগত মূল্যবোধবোৰ অৱজ্ঞা কৰা হ’ল নেকি? আমাৰ স্বতঃস্ফূৰ্ত জাতীয়তাবোধৰ বাবে উপযুক্ত ঐতিহাসিক পদ্ধতি কি হ'ব লাগে? নৈতিকতা আৰু বাস্তৱতাৰ মাজৰ সংঘাতেই আমাৰ আনুষ্ঠানিক বিপৰ্যয়ৰ কাৰণ নেকি? আধুনিক সমাজ ব্যৱস্থাক পৰম্পৰাগত মানবীয় মূল্যবোধৰ লগত এক পৰিপূৰক যোগসূত্ৰ ৰক্ষা কৰাৰ বাবে সমৰ্থবান কৰি তোলাটোৱেই হ'ল মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।


হাৰ্বাৰ্ট স্পেনচৰৰ সামাজিক ডাৰউইনবাদে ৰক্ষণশীলতা, সামাজ্যবাদ আৰু বৰ্ণবাদৰ চিৰন্তনীয়তা প্ৰতিপন্ন কৰি সামগ্ৰিকতা আৰু সামাজিক সংস্কাৰৰ অপৰিপক্কতাক আঙুলিয়াই দিলেও, বাস্তৱিক প্ৰয়োজনীয়তাৰ সংকট অতিক্ৰম কৰাই হ'ল মানৱতা । অন্যথা মানৱ সমাজ কেৱল চিৰন্তনীয় অনৈক্যৰে ব্যাখ্যা কৰা এক গতিধাৰাৰ কেৱল নিৰৱ দৰ্শক হৈ ৰ'ব । সনাতন তত্বৰ একান্ত বিচাৰ মতেও ঐক্য দৰ্শন আৰু সাধনৰ চেষ্টাই ধৰ্ম, কাৰণ অনৈক্যই সৃষ্টি কৰা বৈষম্য অধৰ্ম । তেনেদৰে, যুগ তত্ত্বৰ বিশ্লেষন মতে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ নিয়মিত কৰা আচাৰ-নীতিবোৰ গৌণ আৰু সাৰ্বজনীন নোহোৱাটো স্বাভাৱিক। সেয়ে, সংস্কৃতিৰ ঐতিহাসিক বিভাজনবোৰ বিশ্বজনীন মানৱাধিকাৰৰে স্থান আৰু কাল সাপেক্ষ মূল্যায়ন আৰু প্ৰকাশহে মাথো ।

No comments:

Post a Comment