Sunday, December 11, 2016

সাম্প্ৰতিক প্ৰসংগ

ক’লাধন: দ্বায়িত্ব কেৱল চৰকাৰৰ নহয়
দীপাংকৰ মল্ল বৰুৱা
যিকোনো এখন দেশৰ প্ৰগতি আৰু বিকাশৰ চালিকা শক্তি হ’ল দেশখনৰ অৰ্থনীতি। আজি উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিস্থা লাভ কৰা প্ৰতিখন দেশৰে আছে মজবুত অৰ্থনৈতিক সৌধ। আনহাতে সুসংহত অৰ্থনীতিৰ অভাৱ আৰু দুৰ্নীতিৰ প্ৰকোপত একোখন শক্তিশালী ৰাষ্ট্ৰও সময়ৰ সোঁতত নিশকতীয়া হৈ পৰে।

যিসময়ত বিশ্বৰ সৰহসংখ্যক দেশ অজ্ঞান অন্ধকাৰত ডুব গৈ আছিল, সেই সময়তে ভাৰত সভ্যতা, সংস্কৃতি আৰু অৰ্থনৈতিক বিকাশত এখন আগৰণুৱা দেশ আছিল। সেই সময়ত ভাৰতৰ এই বিকাশৰ অন্যতম কাৰণ আছিল দেশৰ বিকাশ আৰু প্ৰগতিত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা। জনসাধাৰণে পৰষ্পৰৰ লগত ধন আৰু সম্পত্তি আহৰণৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা নাছিল আৰু দেশৰ বিকাশৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ প্ৰস্তুত আছিল। মানুহে এজনে আনজনৰ উপাৰ্জনৰ উত্সৰ বিষয়ে জানিছিল আৰু দুৰ্নীতি বা অসৎ উপায়েৰে ধন উপাৰ্জন কৰাটো সমাজত ঘৃণনীয় আছিল। এইবোৰ কাৰণতে হয়তো সেই সময়ত ভাৰতীয় অৰ্থনীতিয়ে সমৃদ্ধিৰ শিখৰত আৰোহণ কৰিছিল।

আজিৰ সময়ত ভাৰত বিশ্বৰ বহু কেইখন দেশতকৈ পিছ পৰি থকাৰ এটা মূল কাৰণ হ’ল ভাৰতৰ অৰ্থনীতিৰ সোলোক ঢোলোক অৱস্থা তথা পৰ্বত সমান দুৰ্নীতি। দেশৰ ১৩০ কোটি জনতাৰ দেশখনৰ মাত্ৰ ১ কোটি মানুহেহে বৈধভাৱে কৰ জমা দিয়ে। দেশৰ সৰহভাগ অৰ্থনৈতিক কাৰ্যকলাপত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে। দেশৰ নাগৰিকে বিভিন্ন উপায়েৰে কৰ ফাঁকি দিয়াটো ভাৰতীয় অৰ্থনীতিৰ এক বৈশিষ্ট। দেশৰ একাংশ নাগৰিকে অবাধ দুৰ্নীতিৰে ধন উপাৰ্জন কৰি ঘৰৰ চন্দুকত নগদ ধন হিচাপে সাঁচি ৰখাটো স্বাভাৱিক কথা হৈ পৰিছে। দেশৰ মাটি সম্পত্তি, গাড়ী আদি বহুমূলীয়া বেচা কিনাবোৰো নগদ ধনৰ জৰিয়তে চলি আহিছে। নগদ ধনৰ অবাৰিত ব্যৱহাৰৰ সুবিধাই আমাৰ দেশত ‘নগদ ধন’ কেন্দ্ৰিক আৰু দুৰ্নীতি সৰ্বস্ব এক সমান্তৰাল অৰ্থনীতিৰ সৃষ্টি কৰিছে।

আজি কিছু বছৰৰ পৰা ক’লা ধনৰ প্ৰসংগই যথেষ্ট চৰ্চা লাভ কৰিছে। মূলসুঁতিৰ অৰ্থনৈতিক কাৰ্যকলাপৰ অন্তৰ্গত নোহোৱাকৈ আদান প্ৰদান হোৱা ধনেই হ’ল ক’লাধন। National Institute of Public Finance and Policy (NIPFP) ৰ মতে “Black Money is the aggregate of incomes which are taxable but not reported to authorities.” অৰ্থাৎ কৰযোগ্য যিবোৰ উপাৰ্জনৰ বিষয়ে চৰকাৰক জনোৱা নহয়, সেয়েই ক’লা ধন। এই সংজ্ঞাৰ পৰা সহজেই বুজিব পাৰিযে অবৈধ উপায়েৰে কৰা সকলো উপাৰ্জন, যিবোৰ সাধাৰণতে লুকুৱাই ৰখা হয়, সেইবোৰেই হ’ল ক’লাধন। চোৰাং বজাৰত মাৰণাস্ত্ৰ, ড্ৰাগছ, জাল নোট, সন্ত্ৰাসবাদ আদিৰ সকলো বেহা ক’লাধনৰ জৰিয়তে হয়। ঘোঁচ, উপঢৌকন আদিৰ দৰে লেন দেনৰ জৰিয়তে ক’লা ধনৰ সৃষ্টি হয়। চৰকাৰক কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে লুকুৱাই ৰখা নিজৰ বৈধ উপাৰ্জনো ক’লা ধনৰ শাৰীত পৰে। বজাৰত যিবোৰ বেচা কিনা নগদ ধনৰ জৰিয়তে কৰা হয় আৰু যিবোৰ লেনদেনৰ কোনো লিখিত হিচাপ নাথাকে সেইবোৰো ক’লা ধন সৃষ্টিৰ অন্যতম কাৰণ।

ভাৰতত ক’লা ধনৰ ব্যাপক প্ৰচলনৰ মূল কাৰণ হ’ল দুৰ্নীতিগ্ৰস্থ ৰাজনৈতিক ব্যৱস্থা। নিৰ্বাচনত জয়লাভ কৰাৰ বাবে প্ৰতিজন প্ৰাৰ্থী আৰু প্ৰতিটো ৰাজনৈতিক দলে বিপুল পৰিমাণৰ ধন ব্যয় কৰে। সেয়েহে ক্ষমতালৈ অহাৰ পিছত সোঁৱে বাৱে ধন আহৰণ কৰাটো তেওঁলোকৰ মূল উদ্দেশ্য হৈ পৰে। সেয়েহে উন্নয়নমূলক কামৰ বাবে আৱণ্টিত পুঁজিৰ সৰহভাগ ধন সোমায়গৈ কোনো ৰাজনৈতিক নেতা বা কোনো ৰাজনৈতিক দলৰ চন্দুকত। নেতাসকলে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ তথা পৰিয়ালৰ অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত সৰু সৰু কামৰ বাবেও উপঢৌকন বিচৰাটো প্ৰায় নিয়মত পৰিণত হৈছে। দুৰ্নীতিগ্ৰস্থ ৰাজনৈতিক ব্যৱস্থাটোৱে দেশৰ আন নাগৰিককো দুৰ্নীতিৰ বাবে উত্সাহিত কৰে। ধনৰ বিনিময়ত চাকৰি লাভ কৰাটো সাধাৰণ কথা হৈ পৰিছে। অসম লোকসভা আয়োগৰ বিয়াগোম কেলেংকাৰীয়ে লাখ লাখ টকাৰ বিনিময়ত কিদৰে চৰকাৰী চাকৰি বিক্ৰী হয়, সেই কথা উদঙাই দেখুৱাইছে। ব্যক্তিগত খণ্ডত গঢ়ি উঠা বহুতো অনুস্থান প্ৰতিস্থানত ক’লা ধনৰ ব্যাপক লেন দেন সংঘটিত হৈ আহিছে। ল’ৰা ছোৱালীক ব্যক্তিগত খণ্ডৰ ভাল স্কুল কলেজত নাম ভৰ্তি কৰিবলৈকো অভিভাৱকে দিবলগীয়া হয় ‘ড’নেশ্যন মানি’। সেইদৰে চিকিত্সালয়ত চিকিত্সা কৰাবলৈকো সাধাৰণ মানুহে বিপুল পৰিমাণৰ চিকিত্সা ব্যয়ৰ উপৰিও চিকিত্সকক উপঢৌকন যাঁচিবলগীয়া হয়। চৰকাৰী কাৰ্যালয়ত প্ৰায় প্ৰতিটো কামৰ বাবে ‘অতিৰিক্ত মাচুল’ বা ঘোঁচৰ পৰিমাণ নিৰ্দিষ্ট কৰা থাকে। এই মাচুল আদায় নিদিলে কোনো কাম আগনাবাঢ়ে।

ভাৰতীয় সামাজিক ব্যৱস্থাতো বেহিচাপী ধনৰ প্ৰকোপ চিন্তনীয় ভাৱে বৃদ্ধি পাইছে। ভাৰতীয় সকলৰ বিয়া বাৰু, উত্সৱ পাৰ্বণ আদিত বহু পৰিমাণৰ ধন ব্যয় হয়। এই সামাজিক অনুস্থান সমূহত কোনে কিমান ব্যয় কৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে। কেৱল সামাজিক প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবেই হয়তো বহুতো ভাৰতীয়ই দুৰ্নীতিত নিমজ্জিত হয়। মানুহৰ হাতত অতিৰিক্ত ধনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে শিক্ষা, স্বাস্থ্য আদি খণ্ডৰ বাবে হোৱা খৰছৰ পৰিমাণো বৃদ্ধি পাই আহিছে। আনৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ মানুহে বৈধ উপৰ্জনৰ উপৰিও অবৈধ ভাৱে ধন আহৰণৰ পথ বিচাৰিবলগীয়া হৈছে। আনহাতে দুৰ্নীতিত নিমজ্জিত হ’লেও সমাজত চহকী লোকসকলৰ সন্মান আৰু প্ৰতিপত্তি কোনো ক্ষেত্ৰতে ম্লান নহয়। আনকি বাহিৰা পইছাৰ সুবিধা থকা চাকৰি ভাল চাকৰি বুলি বিবেচিত হ’বলৈ লৈছে। তেনে অতিৰিক্ত আয়ৰ বাট থকা চাকৰি কৰা ল’ৰালৈ ছোৱালী বিয়া দিবলৈকো মানুহৰ হেতা ওপৰা লাগে। এনে পৰিৱেশত বৈধ আৰু অবৈধ ধন, বগা আৰু ক’লা ধনৰ পাৰ্থক্য প্ৰায় নাইকীয়া হৈ পৰিছে। ক’লা ধনেৰে চহকী হোৱাৰ প্ৰৱণতাই সমাজক লাহে লাহে গ্ৰাস কৰিবলৈ লৈছে।

এই কথা সহজেই বুজিব পাৰিযে, ভাৰতত চৰকাৰী কৰ ব্যৱস্থাৰ আওটাৰ বাহিৰত সৰহভাগ লেন দেন চলি আহিছে। সেয়েহে দেশৰ নাগৰিকৰ বৈধ বগা ধনতকৈ ক’লা ধনৰ পৰিমাণ কেইবাগুণো বেছি বুলি ঠাৱৰ কৰা হৈছে। বহুতো প্ৰভাৱশালী ভাৰতীয়ই কৰ দিয়াৰ পৰা বাচিবলৈ ক’লা ধন জমা ৰাখিছে বিশ্বৰ বিভিন্ন দেশৰ বেংকত। বিশেষকৈ উপাৰ্জনৰ উত্সৰ কোনো ঘোষণা কৰিব নলগাৰ বাবে আৰু আয়কৰ শিথিল হোৱাৰ বাবে ছুইজাৰলেণ্ডৰ ছুইছ বেংক সমূহ ক’লাধন জমা ৰখাৰ বাবে অতি আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে। ২০১২ চনৰ SWISS NATIONAL BANKৰ প্ৰতিবেদন অনুসৰি ছুইছ বেংকত সেইসময়লৈ জমা ৰখা ভাৰতীয় লোকৰ ধনৰ পৰিমাণ হ’ল প্ৰায় ১৪৫ লাখ কোটি ডলাৰ আৰু আনবোৰ দেশৰ নাগৰিকৰ জমাধনতকৈ কেইবাগুণো বেছি। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোদীয়ে কৈছিলযে বিদেশৰ পৰা সমুদায় ক’লা ধন ওভতাই আনিব পাৰিলে প্ৰতিজন ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখ মানকৈ টকা জমা কৰিব পৰা যাব। বিদেশৰ পৰা ক’লা ধন উভতাই অনাৰ বাবে মোদী চৰকাৰে শাসনভাৰ লোৱাৰ দিনাই Special Investigation Team গঠন কৰিছিল আৰু এই দলটোৱে বিশ্বৰ বিভিন্ন দেশৰ পৰা ক’লাধন ওভতাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু ইতিমধ্যে ক’লা ধনৰ ভূ স্বৰ্গত পৰিণত হোৱা আৰু ক’লা ধনৰ ব্যৱহাৰৰ জৰিয়তে সমৃদ্ধিৰ শিখৰলৈ ধাৱমান হোৱা দেশবোৰৰ পৰা ক’লা ধন ওভতাই অনাটো সহজতে সম্ভৱ নহয়।

বিদেশৰ পৰা ক’লাধন সোনকালে ওভতাই অনাটো সম্ভৱ নহ’লেও দেশৰ অৰ্থনীতি দুৰ্বল কৰি তোলা দেশৰ ক’লাধনৰ ওপৰত ব্যৱস্থা লোৱাটো অতি আৱশ্যকীয় হৈ পৰিছে। ভাৰতত ক’লাধনৰ ব্যাপক প্ৰচলনে এহাতে দুৰ্নীতিপৰায়ণ লোকসকলক ধনী কৰি গৈ আছে আৰু আনহাতে দুখীয়া লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰিছে। ক’লা ধনে ভাৰতীয় সমাজৰ সামাজিক মূল্যবোধতো আঘাট হানিবলৈ লৈছে আৰু লাহে লাহে ভাৰতীয় সমাজ ব্যৱস্থা ভাঙোণমুখী হ’বলৈ ধৰিছে। সেয়েহে ক’লাধনৰ ওপৰত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাটো আৱশ্যকীয় হৈ পৰিছে। মনকৰিবলগীয়া কথাযে ক’লাধনৰ প্ৰায় সকলো লেন দেন নগদ ধনৰ জৰিয়তে হয় আৰু অধিক মূল্য সংযোজিত পাঁচশ বা এহেজাৰ টকীয়া নগদ ধনৰ ব্যাপক ব্যৱহাৰ হয়। সন্ত্ৰাসবাদী সকলেও হেনো সকলো প্ৰকাৰৰ লেনে দেনত পাঁচশ আৰু এহেজাৰ টকীয়া নোট ব্যৱহাৰ কৰে।

যোৱা ৮ নৱেম্বৰৰ ৰাতি আঠ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আচৰিত কৰি সেইনিশাই ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত প্ৰচলিত পাঁচ শ আৰু এহেজাৰটকীয়া নোটসমূহৰ প্ৰচলন বন্ধ কৰাৰ ঘোষণা কৰিলে। মানুহৰ হাতত জমা থকা পাঁচশ আৰু এহেজাৰ টকীয়া নোট সমূহ ৩০ ডিছেম্বৰৰ ভিতৰত বেংক আৰু ডাকঘৰত ঘূৰাই দিবলৈ আহ্বান জনালে। দেশৰ নাগৰিকৰ হাতত জমা থকা ক’লা ধন মুকলিলৈ উলিয়াই আনিবলৈ চৰকাৰে লোৱা এই সাহসী পদক্ষেপে দেশত আলোড়নৰ সৃষ্টি কৰিলে। বেংক আৰু ডাকঘৰত সলাই নল’লে আগৰ পাঁচশ টকীয়া আৰু এহেজাৰ টকীয়া নোটসমূহ অচল টকাত পৰিণত হোৱাটো সুনিশ্চিত হৈ পৰিল। দুদিনলৈ সমগ্ৰ দেশৰ ATM আৰু বেংক সমূহ অকামিলা হৈ থাকিল। খোলাৰ পিছতো আগৰ জমা ধন ঘূৰাই দিবলৈ আৰু নতুনকৈ পইছা উলিয়াবলৈ জনতাই যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। কিন্তু তথাপিও কোনো আন্দোলন, বিক্ষোভ হোৱা নাই। বৰং দেশৰ সৰহসংখ্যক জনতাই ক’লাধন সংগ্ৰহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে। জনতাৰ এই মনোভাৱে দেশত চলি থকা অবাধ দুৰ্নীতি আৰু ক’লাধনৰ প্ৰতি জনতা যে বীতশ্ৰদ্ধ হৈ পৰিছে তাকেই প্ৰদৰ্শন কৰিছে।

দেশত মানুহে ঘৰৰ চৌহদত গাঁত খান্দি, বস্তাৰ ভিতৰত বা চন্দুকত ভৰাই লুকুৱাই থোৱা টকাবোৰ মূলসুঁতিৰ বেংক ব্যৱস্থালৈ আহিলে আমাৰ দেশৰ অৰ্থনীতিয়েই সলনি হৈ যাব পাৰে। অতিৰিক্ত ভাৱে অহা এই ধনে দেশৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত কৰিব আৰু মুঠ ঘৰুৱা উত্পাদন বহু পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ক’লাধন মূলসুঁতিলৈ উলিয়াই নিদিলে ৩০ ডিছেম্বৰৰ পিছত এক বৃহৎ পৰিমাণৰ ক’লাধন কাগজৰ টুকুৰাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। আনহাতে ক’লা ধনেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ, চোৰাং ব্যৱসায়, জাল নোটৰ কাৰবাৰ চলাই থকা লোকসকল চৰম বিপদত পৰিব।

এইখিনিতে প্ৰশ্ন হয়, কেৱল ক’লাধন সাঁচি থোৱা মানুহবোৰক শাস্তি দিলেই আমাৰ দেশখনত ক’লাধনৰ ব্যৱহাৰ নোহোৱাকৈ থাকিবনে? দেশত ক’লাধনৰ প্ৰকোপ নাইকীয়া কৰিবলৈ হ’লে আমাৰ দৰে সাধাৰণ মানুহৰো কিছু কৰিবলগীয়া নাইনে? দেশত ক’লাধনৰ প্ৰসাৰৰ বাবে সাধাৰণ মানুহো বহু পৰিমাণে জগৰীয়া নহয়নে?

আমাৰ দৰে সাধাৰণ মানুহে -
১) বজাৰত যিকোনো বস্তু কিনোতে দোকানীৰ পৰা কেছ মেম’ দাবী নকৰোঁ। কেছ মেম’নিদিয়াকৈ কম দামত বস্তু পালেই আমি সন্তুষ্ট হওঁ।

২) চৰকাৰী কাৰ্যালয়ত কাম থাকিলে আমি ধৰিয়েই লওঁ যে পইছা নিদিয়াকৈ একো কাম নহয়।সেয়েহে ঘোচ দি সোনকালে কামটো কৰাই আনিবলৈ সুৰুঙা বিচাৰি ফুৰোঁ।

৩) কিবা কাৰণত পুলিছে ধৰিলে প্ৰথমতে পুলিছক হাতৰ টিপতে নোট এখন ধৰাই দি মেনেজ কৰাৰ চেষ্টা কৰোঁ। আমি ধৰিয়েই লওঁ যে কিবা অপৰাধ কৰি ধৰা পৰিলেও কোনো চিন্তা নাই,পুলিছক মেনেজ কৰিব পাৰি।

৪) ল’ৰা ছোৱালীক ভাল স্কুলত পঢ়ুৱাবলৈ শকত ধনৰ অনুদান (ড’নেশ্যন) দিবলৈ কুণ্ঠাবোধ নকৰোঁ। সেই অনুদানৰ কোনো ৰচিদ আমি বিচাৰিবলৈ নাযাওঁ।

৫) কৰ ফাঁকি দিবলৈ সংকোচ নকৰোঁ। প্ৰয়োজন হ’লে কৰ ফাঁকি দিবলৈ বা অতিৰিক্ত সুবিধা আদায় কৰিবলৈ ভুৱা নথি পত্ৰৰ ব্যৱহাৰ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ।

৬) নিৰ্বাচনৰ সময়ত টকা, সূতা, কম্বল বিনামূলীয়াকৈ পালেই ভোল যাওঁ। ৰাজনৈতিকৰ ওচৰত আমি সহজতে বিক্ৰী হৈ যাওঁ। ৰাজনৈতিক নেতাই দুৰ্নীতি কৰিবই ভাৱত আমি চকু মুদি থাকোঁ।

৭) দুৰ্নীতি কৰি চহকী হোৱা মানুহকো আমি সমাজত সন্মান দিওঁ। তেনে মানুহে দিয়া দান বৰঙণিৰে আমি উত্সৱ সবাহ পাতি ধন্য হওঁ।

৮) ড্ৰাইভিং লাইচেন্স, পাচপোৰ্ট, পেন কাৰ্ড আদি লাগতিয়াল নথি পত্ৰ যোগাৰ কৰিবলৈও আমি দালাল বিচাৰি ফুৰোঁ। দালালৰ হাতত ধন দি কাম কৰোৱাই আমি বৰ সন্তোষ পাওঁ।

৯) বাহিৰা পইছা থকা চাকৰি আমি ভাল চাকৰি বুলি গণ্য কৰোঁ। তেনে চাকৰি কৰা ডেকাৰ লগত ছোৱালী বিয়া দিবলৈ হেতা ওপৰা লাগে।

১০) বেংকলৈ যোৱাতকৈ আমি টকা পইছা ঘৰতে সাঁচি থবলৈ ভাল পাওঁ। বেংকত পইছা জমা দিয়া, এ টি এম কাৰ্ডৰ জৰিয়তে পইছা উলিওৱা আদি কাম বহুতৰে বাবে জঞ্জাল স্বৰূপ।

দেশত দুৰ্নীতি আৰু ক’লাধন নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আমি সাধাৰণ মানুহো সচেতন হ’ব লাগিব।আমি দুৰ্নীতিক প্ৰশ্ৰয় দি থাকিলে কেৱল ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি ক’লা ধনৰ ব্যৱসায় বন্ধ কৰাটো হয়তো কেতিয়াও সম্ভৱপৰ নহ’ব। আমি সাধাৰণ মানুহেও ক’লাধন নিৰ্মূলৰ দায়িত্ব ল’লেহে দেশৰ দুৰ্নীতি নিয়ন্ত্ৰণলৈ আহিব।

No comments:

Post a Comment